ফটাঢোল

ফটাকবিতা – কাকলি ভৰদ্বাজ মিশ্ৰা

তুমি কি বুজিবা
ফাগুনী প্ৰেমৰ মলয়া ;
নাকেৰে বেলুন উলিয়াই
পাইছা জানোঁ কোনোবা দিনা!

তুমি কি বুজিবা
ফাগুনীয়া কবিৰ বেথা
ধূলি বতাহে আউলি বাউলি কৰা
প্ৰেমিকাৰ জঁটা ধৰা চুলি কোঁচা ।

তুমি কি বুজিবাহে
ওৰেটো নিশা শুকান কাহত উজাগৰে থাকি
পাছদিনা তেজপাতৰ বিড়ি বনাই
খোৱাৰ মজা।

এইবোৰেই নুবুজা যদি
কিহৰ আকৌ ফেচবুকত মিছাই
ফাগুনী কবিতা লিখা??

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.