ফটাঢোল

ফটাঢোল এডভেঞ্চাৰ (ষষ্ঠ খণ্ড)—হেমন্ত কাকতি/বিজয় মহন্ত

তাবিজৰ মায়াজালত চিণ্টু লাহে লাহে আকৌ মনিকাৰ বশীভূত হৈছিল৷ তাত থকা দিনকেইটাৰ প্ৰতিদিন গধূলি চিণ্টু মনিকাৰ লগত প্ৰায়ে ওলাই গৈছিল আপাৰ মানহাটানৰ পৰা অলপ পূৱত,৮১০ ইয়ঙ্কাৰ এভিনিউত থকা এম্পায়াৰ চিটি কেচিনোলৈ৷ সুৰা, সুন্দৰী আৰু জুৱাৰ নিচাত আকণ্ঠ ডুবি থকাটো আছিল চিণ্টুৰ নিত্য-নৈমিত্তিক ঘটনা৷ বাকী সময়খিনিও বিভিন্ন মানুহৰ লগত ফোন নহ’লে কিবা মিটিঙতে ব্যস্ত থকা দেখিছিলোঁ৷
চিণ্টুৰ ব্যস্ততাৰ আঁৰ লৈ ইতিমধ্যে আমি নিউইয়ৰ্ক চহৰৰ অলি-গলি ঘূৰিবলৈ আৰম্ভ কৰিছিলোঁ৷ আমি মানে বিজয়, মই আৰু পেট্ৰিচিয়া৷ ক’বলৈ পাহৰিছিলোঁৱেই যে সেইকেইদিন পেট্ৰিচিয়াই আমাক নিউইয়ৰ্কৰ আলি-পদূলি দেখুৱাই চহৰখনৰ বাট-পথ চিনাকী কৰাই দিছিল৷ এদিন দুপৰীয়া বিজয়ৰ মূৰত আইডিয়া এটা খেলাইছিল-যেতিয়া আমি ৱাল ষ্ট্ৰীটত নিউ ইয়ৰ্কৰ বাণিজ্যৰ প্ৰাণকেন্দ্ৰ স্বৰূপ নিউইয়ৰ্ক ষ্টক একছেঞ্জ বিল্ডিংৰ সম্মুখত থকা NASDAQ সুচঙাঙ্কৰ লাইভ ডিচপ্লে চাই চাই আগবাঢ়িছিলোঁ৷ বেলকনিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পতাকা উৰি থকা কেবামহলীয়া প্ৰকাণ্ড অট্টালিকাটো দেখুৱাই পেট্ৰিচিয়াই আমাক কৈছিল –
“চোৱা বিজয়, সেইটো ষ্টক একচেঞ্জ বিল্ডিং৷ ইয়াতেই সমগ্ৰ বিশ্বৰ ডাঙৰ ডাঙৰ কোম্পানীবোৰৰ বজাৰ মূল্য নিৰ্ধাৰণ হয়৷ দিনটোৰ ভিতৰতে কিছুমান দেৱলীয়া হৈ যায় আৰু কিছু বিলিয়নেয়াৰৰ সৃষ্টি হয়৷ বিশ্বায়নৰ যুগত সমগ্ৰ বিশ্বৰ অৰ্থনীতিৰ ভঙা-পতাৰ খেলখন ইয়াতেই চলে৷ তোমালোকৰ ভাৰতবৰ্ষৰ দৰে বিশাল দেশৰ অৰ্থনীতিৰ ভাগ্যচক্ৰও ইয়াৰে বচা-বচা কেইজনমান মানুহৰ আঙুলিৰ মূৰতেই নিৰ্ভৰ কৰে৷”
বিজয়ে কি বুজিলে নেজানো,মোৰ কিন্তু আমাৰ ভাস্কৰজ্যোতি বৰুৱালৈ মনত পৰিল৷ মনতে ভাবিলোঁ-এৰা সি যে কিবা মিউচুৱেল ফাণ্ডত নিবেশ কৰাৰ কথা কৈ থাকে আৰু কিবা কিউবা নে ভেনিজুৱেলা বোলা দেশ এখনৰ অৰ্থনীতিৰ হিচাব-নিকাচ দিয়ে,সেইবোৰেই কিবা হ’ব৷ এবাৰ মোৰো আলু-পিয়াজ বিকি জমা কৰা পাঁচহেজাৰ টকা সি ফুচুলাই নি কিবা মিউচুৱেল ফাণ্ডত সুমুৱাইছিল,দুবছৰত ‘ডাবোল’ হ’ব বুলি কৈ৷ সেই টকাৰ বা কি হ’ল আজিলৈকে গম নাপালোঁ৷ প্ৰতিবাৰেই টকা বিচাৰিলে সি কৈছিল কিবা NAV ডাউন হৈ থকা বুলি৷ মাৰ্কেট উঠিলেই পইচা ডাবোল হ’ব,কালি পৰহিও হ’ব পাৰে,নহ’লে দুই-চাৰিমাহত বোলে হব্বই;সি ন দি কৈছিল৷ মই সেই টকা পানীত পৰা বুলিয়েই ধৰি লৈছোঁ৷
“কাকতি দা, পইচা নহ’লে সব মিছা বুইছে?” হঠাৎ বিজয়ে কৈ উঠিল৷
“এৰা, ঠিকেই কৈছা৷ পিছে এই জনমত আমাৰ নহ’ব বুজিছা৷ চিণ্টুৰ জহতে আমেৰিকা দেখা পালা, ঘৰত গৈ আকৌ আলু-পিয়াজ বেচোতেই জীৱন শেষ হ’ব৷” মই ক’লোঁ৷
পেট্ৰিচিয়া অলপ আঁতৰ হওতেই বিজয়ে মোক ফুচফুচাই ক’লে-
“নাই নহয়৷ মোৰ মূৰত তামাম আইডিয়া এটা খেলাইছে৷ একদম মালামাল হৈ যাম৷ চাই থাকক,চিণ্টুৱেও আমাৰ লগত পাট্টা নাপাব৷”
“কি কোৱাহে! কি নো?”
“অ, ঠিকেই কৈছোঁ৷ কামটো আপুনি কৰিব লাগিব৷ একেবাৰে সহজ৷ খালি অলপ এক্টিং কৰিব লাগে৷ প্ৰেমৰ অভিনয়৷”
“ধেই কি কোৱাহে৷ এই চাৰি ধাম যাত্ৰা কৰা বয়সত আকৌ কি প্ৰেমৰ অভিনয় কৰিম হে? আৰু যেনিবা কৰিলোঁৱেই, মোক এই বুঢ়া মানুহটোক কোনোবাই পাট্টা দিব জানো?এনেই মাৰ্কেটত মই বদনাম হৈ থৈছোঁ, আমাৰ ফটাঢোলৰ চকুচৰহা মহিলাকেইজনীয়ে গম পালে মোক নেৰিব বুজিছা৷ তুমিয়ে নকৰা কিয়?”
“নাই, মই নোৱাৰিম৷মোৰ বাইদেউ হয়৷আপুনিয়েই পাৰিব, আপুনি বুঢ়া হ’লেও দেখাত ইমানো বুঢ়া যেন নালাগে, অলপ কাপোৰ-কানি ঠিক-ঠাক কৰি চুলি-টুলি ৰং কৰি ল’লে হৈ যাব৷”
“তুমি কাৰ কথা কৈছা বিজয়?”
“হয় আপুনি ধৰিব পাৰিছেই ছাগে৷ মনিকা বাইদেউৰ লগত আপুনি প্ৰেমৰ অভিনয় কৰিব লাগে৷ উদ্দেশ্য প্ৰথমতে সেই তাবিজটো সৰকাব লাগে৷ আৰু অসমৰ মায়ঙৰ সেই বেজজনৰ নাম এড্ৰেছটো বাহিৰ কৰিব লাগে৷ কথা ওলোৱাৰ পিছত আপুনি ফ্ৰী৷ বাকী মোৰ তেৰবছৰ অভিজ্ঞতাৰ পৰা আপোনাক সময়ে সময়ে ‘এডভাইচ’ দি থাকিম কি কৰিব লাগিব৷”
“কৃষ্ণ! তুমি মাৰিবাহে মোক৷ নাই মই নোৱাৰিম৷”
“চাওঁক, আমেৰিকাত সেই তাবিজটোৰ ডিমাণ্ড ইতিমধ্যে কিমান আপুনি গম পাইছেই৷ মানুহ পাগল হৈ গৈছে দেখা নাই? এবাৰ যদি হাতত লাগে সেই বস্তুটো,তাৰ পিছত গড়ৰ খৰ্গৰ বিজনেছতকৈও ডাঙৰ বিজনেছ হ’ব৷ মালামাল হৈ যাম আমি৷ দুয়ো ফিফটি-ফিফটি পাৰ্টনাৰচিপ কৰিম৷ একবাৰ “মিচন চাকচেচফুল” হ’লে আৰু কোনে পায় ! চাওক ভাবি-চিন্তি৷ চইচ আপোনাৰ, নহ’লে মই বেলেগ মুৰ্গা বিচাৰিম৷” বিজয়ে অলপ ধমকিৰ সুৰতেই ক’লে৷
পেট্ৰিচিয়া ওচৰ পাওঁতেই বিজয়ৰ সুৰ মোলায়েম হ’ল৷
“চিন্তা কৰক কাকতি দা৷” লাহেকৈ সি ক’লে৷
বহুত দেৰি তাৰ “নহলে মই বেলেগ মুৰ্গা বিচাৰিম”বোলা কথাষাৰ মোৰ কাণত প্ৰতিধ্বনিৰ দৰে বাজি থাকিল৷ এৰা বিজয় একাচেকা লোক, কৰোঁ বোলোঁতেই সি গৈ এন.ডি.এফ.বিৰ পৰাও পইচা সৰকাই গাইপ হৈ গৈছিল৷ একোডাল কৰিব নোৱাৰিলে তাক৷ সি কৰোঁ বুলিছে যেতিয়া কৰিবই৷ গতিকে এইবোৰ চিন্তা কৰি কৰি ওভতিলোঁ৷
নিউইয়ৰ্ক যাত্ৰাৰ দুদিন বাকী আছিল৷ এদিন নিউজাৰ্চিৰ মালবিকা বৰাৰ ঘৰলৈ যোৱাৰ প্লেনো আছিল ৷ হাতত মাত্ৰ এদিন সময়৷ তাৰ পিচত পুলিচে আমাক তাবিজ হস্তগত নকৰাকৈ নিউ ইয়ৰ্ক এৰিবলৈ দিব নে নাই সন্দেহ আছে৷ গতিকে সকলো কথা কাটি কৰি মিছন আৰম্ভ কৰাটোৱেই বুধিয়কৰ কাম হ’ব বুলি থিৰাং কৰিলোঁ৷
হাতত তেতিয়া চিণ্টুয়ে পকেট-খৰছৰ বাবে দিয়া দুটা ডলাৰৰ বাণ্ডিল আছিল৷ গনি চালোঁ৷ প্ৰায় ছয়হাজাৰ ডলাৰ৷
পেট্ৰিচিয়াক এৰি বিজয় আৰু মই মিডটাউন মানহাটানৰ পৰা টেক্সী ল’লোঁ ৷ মাৰ্টিন লুথাৰ কিং জুনিয়ৰ বুলভাৰ্ড হৈ ইষ্ট ৰিভাৰ৷ গন্তব্যস্থান বিখ্যাত চপিং মল ইষ্ট ৰিভাৰ প্লাজা৷ তাতে পাৰ্লাৰ এখনত আমি দুয়ো নিজকে অলপ সজাই পৰাই দুই-এটা বিদেশী চেইণ্ট আৰু দুযোৰমান কাপোৰ কিনি ওভতিলোঁ বেটেৰী পাৰ্ক স্থিত আমাৰ হোটেল ৰিটজ্ কাৰ্লটনলৈ৷ ৰাতি তেতিয়া দহ বাজিবলৈ দহ মিনিট বাকী৷ নিউ ইয়ৰ্কত তেতিয়া সন্ধ্যাৰ আগমন ঘটিছিল হে৷ ৰূমত গৈ ৰেডী হৈ চিণ্টুক ফোন কৰিলোঁ-
“চিণ্টু কত আছা?”
“দাদা, আমি হোটেলতে আছোঁ৷ ৫৭ নং ফ্ল’ৰৰ ডেন্স বাৰত৷ মনিকাও আছে৷ আহিব নেকি?”
“গৈ আছোঁ৷” বুলি কৈ বিজয়ক টান মাৰি লৈ লিফ্টৰ ফালে আগুৱালোঁ৷
ডেন্স ফ্ল’ৰত তেতিয়া মাত্ৰ বিশজনমান লোকৰহে সমাগম৷ অনুজ্জ্বল ৰঙা-নীলা পোহৰত দেখিলোঁ-সেয়া স্বল্পাৱস্ত্ৰ কিছু গাভৰুৰ লগত চিণ্টু৷ অলপ দূৰত মনিকা আমন-জিমনকৈ বহি ম’বাইলতে কিবা চাই আছে৷ হয়তো তাই চিণ্টুক এনেদৰে গাভৰুৰ সান্নিধ্যত ৰাখি অলপ কষ্ট পাইছে৷ বিজয়ে তাৰ পকেটত থকা বিদেশী চেইন্টটো দুবাৰ স্প্ৰে মাৰি দিলে মোৰ গালৈ৷ মোক ইংগিতেৰে বহিবলৈ দি বিজয়ে ড্ৰিংকচৰ অৰ্ডাৰ দিলে৷ বহুদিন আগতে অভিজিতে দেখুওৱা এখন ইংৰাজী চিনেমা “ডা স্পাই হো লাভচ মি” চিনেমাৰ হিৰো হেন লাগি গৈছিল মোৰ নিজকে৷ প্ৰথম ড্ৰিংকচটো একে শোহাতে খটম কৰি বিজয়ক দ্বিতীয়টোৰ বাবে ইংগিত দি মনিকালৈ চালোঁ৷
“গুড ইভিনিং মনিকা৷ বৰ ধুনীয়া লাগিছে তোমাক আজি৷” ডিঙিত ওলমি থকা হীৰাৰ নেকলেচডালৰ ওপৰত চকু স্থিৰ ৰাখি ক’লোঁ৷
“সঁচা!!! ও, চিণ্টুদাই দিছে আজি৷” এটা সতেজ হাঁহিৰে তাই ক’লে৷
“আচলতে কি জানা, হীৰা সকলোকে ভাল নালাগে৷ কিন্তু তোমাক সুউব চুউট কৰিছে৷”
“কি যে কয় দা-দা!”
“ও, ময়ো এডাল দিলোঁহেঁতেন তোমাক৷ চিণ্টুৰদৰে পইচা থকা হ’লে৷ ভাল লগা মানুহবোৰক কিবা দিবলে মন যায় দিয়াচোন৷ তাতে তুমিতো একেবাৰেই নিজৰ দৰেই!”
মোৰ চকু তাইৰ চকুৰ ওপৰত৷ ড্ৰিংকচটোৱে কামত দিছিল৷ বিজয়ে ইতিমধ্যে দ্বিতীয় এটা মোৰ কাৰণে আৰু মনিকাৰ বাবে বিখ্যাত চান-জ’-ভেই-জী (Sangiovese) ৰেড ৱাইন দুটা পঠাই দিছিল৷ তাই ‘না’ বুলি কৈছিল যদিও অলপ জোৰ কৰাত লাহে লাহে দুটা,তাৰ পিচত তিনিটা ৱাইন শেষ কৰি পেলালে৷ দূৰৰ পৰা লক্ষ্য কৰিছিলোঁ বিজয়ে কুটিল হাহিটোৰে সমগ্ৰ ঘটনাটো ভিদিঅ’ ৰেকৰ্ডিং কৰি আছিল৷ লাহে লাহে মনিকাৰ কথাবোৰ অসংলগ্ন হৈ পৰিছিল৷………..
সিদিনা বহু কথাই পতা হ’ল৷ এপাকত তাই মুখ খুলি মায়ঙৰ বেজৰ চৌধ্য গোষ্ঠী গাই দিলে৷ ম’বাইলত তাইৰ কথাখিনি ৰেকৰ্ড কৰিলোঁ৷ অলপ বেছি নিচাগ্ৰস্থ যেন পাই মনিকাক বিজয়ৰ লগত ৰূমলৈ পঠিয়াই দিলোঁ৷ তাবিজটো সৰকোৱাৰ দায়িত্বভাগো বিজয়কে দিলোঁ৷
পিছদিনা ৰাতিপুৱা বিজয়ৰ মুখত গৌৰৱৰ হাঁহিটো দেখি মোৰ বুজিবলৈ বাকী নাছিল যে তাবিজ ইতিমধ্যে বিজয়ৰ কবলত৷
জিমনিয়ে কেতিয়াও জনা নাছিল যে এফ বি আই আৰু চি আই এৰ এগালমান লোকৰ তীক্ষ্ণ চকুবোৰে অহৰহ মনিকা আৰু আনকি আমাৰো গতিবিধি লক্ষ্য কৰি আছে৷ আমি অলপ আভাস পালেও নিশ্চিত নাছিলোঁ৷ সময় থাকোঁতেই আমাৰ হাতত থকা ‘মাল’ৰ সঠিক মূল্যায়ণ কৰি বজাৰত এৰি নিদিলে সকলো খোলাকতিৰ তাল হৈ যাব পাৰে৷ পৰীক্ষামূলকভাৱে তাবিজটো হোটেলৰ ৰিচিপচনিষ্টগৰাকীৰ লগত ট্ৰাই কৰিবলৈ ল’লোঁ৷ কালিলৈকে বিজয়ৰ ফালে মূৰ তুলি কেৰাহীকৈও নোচোৱাজনীয়ে গৈ পাওঁতেই বিজয়লৈ চাই ঠিয় দি “হাই” বুলি ক’লে৷ যোৱাকালি হৈ যোৱা ঘটনাৰাজীৰ বিষয়ে মনিকাৰ কোনো প্ৰতিক্ৰিয়া নেদেখি আস্বস্ত হৈছিলোঁ যে নিচাগ্ৰস্থ অৱস্থাত হোৱা কথাবোৰ তাইৰ মনত নাই৷
ৰাতিপুৱা কাকো নজনোৱাকে বিজয় আৰু মই ওলাই গ’লোঁ মালবিকাৰ ঘৰ৷ কাৰণ হয়তো মালবিকাই আমাক দিব পাৰিব এখন বিশাল বজাৰৰ সন্ধান৷ তাই আমেৰিকাৰ স্থায়ী বাসিন্দা-গতিকে বিপদত এনে প্ৰবাসী অসমীয়া আপোন মানুহৰ তাত উপকাৰ পোৱাৰ সম্ভাৱনাই অধিক৷ দৰ্কাৰ হলে তাইকো বিজনেচ পাৰ্চনাৰ বনাই ল’ম৷ টকাৰ কাৰণে আমাক এতিয়া হয়তো চিণ্টুৰো বিশেষ দৰ্কাৰ নহ’ব৷ হয়তো দুদিনৰ ভিতৰত আমি আমাৰ তাবিজৰ “মুহ মাংগে কীমত” পাম৷ হয়তো মায়ঙৰ ফৰ্মূলাৰ এক্সপৰ্ট বিজনেচে আমাক কৰি দিব মিলিয়নেয়াৰ অথবা বিলিয়নেয়াৰ৷ হয়তো মানহাটান স্কাই লাইনতে কোনো সুউচ্চ অট্টালিকাতে হ’ব আমাৰ আমেৰিকাস্থিত অ’ফিচ৷
বেটেৰী পাৰ্কৰ পৰা হাডচন নদীৰ পাৰে পাৰে ৱেস্ট স্ট্ৰীট হৈ হ’লেণ্ড টানেলেৰে আগুৱাই গ’ল আমাৰ গাড়ী পেনচিলভেনীয়া-নিউ জাৰ্চী অভিমুখে৷ লক্ষ্যস্থান বাৰ্লিংটন নামৰ সৰু চহৰ এখন৷ বিজয় আৰু মোৰ অসমীয়া কথোপকথন শুনি ড্ৰাইভাৰে হঠাৎ কৈ উঠিল-“আপোনালোক অসমৰ পৰা আহিছে নেকি?” আমি আচৰিত নহৈ নোৱাৰিলোঁ৷ সুদূৰ বিদেশলৈ আহি অসমীয়া মাত এষাৰ শুনি কি এটা ভাব জাগি উঠে বুজিব পাৰিছেই নিশ্চয়৷ আমি সুধিলোঁ, “আপুনি ইয়ালৈ কেনেকে আহিল?” তেওঁ আৰম্ভ কৰিলে-
“নক’ব আৰু৷ মই আগতে ইয়াত ভাল চাকৰি এটাই কৰি আছিলোঁ৷ আছিলো চেনফ্ৰান্সিচক’ চহৰত৷ এইখন আমেৰিকা সিটো মূৰত৷ আপোনালোকৰ গুৱাহাটী আৰু মুম্বাইহেন৷ এই জহনীত যোৱা প্ৰেচিডেন্ট ডোনাল্ড ট্ৰাম্প আহি চব খেলি মেলি লগাই দিলে ৷ কিবা বোলে “Make America Great Again” নামে আৰম্ভ কৰি সকলো বিদেশী মানুহক চাকৰিৰ পৰা খেদিলে৷ এতিয়া উপায় নাপাই ড্ৰাইভাৰীয়ে কৰি আছোঁ৷ চেনফ্ৰান্সিচকোত গাডী চলাবলৈ লাজ লাগে৷ প্ৰায়ে চিনাকী মানুহ ওলায়৷ সেয়ে লুকাই মেলি নিউ ইয়ৰ্ক আহি পালোঁ৷”
“ৱাইফে কি কৰে?”
“থাকোঁতে ইঞ্জিনীয়েৰিঙৰ ডিগ্ৰী এটা আছিল তেওঁৰো, পিছে চাকৰি-বাকৰি তেনেকে নাই৷ টিউচন কৰি কোনোমতে চলি আছে!”
“নামটো কি নো?”
“নীলঞ্জনা মহন্ত”
“কৃষ্ণ!” বুলি বিজয়লৈ চালোঁ৷ বিজয়ে সেমেকা হাঁহি এটা মাৰি মোলৈ চাই ক’লে৷
“ ‘বেলি আৰু ফুলৰ দেশত’, আৰু ‘অনুভৱৰ আলাপ’ কিতাপ দুখন যে আনিছিলে এখেতকে দি দিয়ক৷ পইচা, খোৱা লোৱা, চেনফ্ৰান্সিচকো যোৱা এইবোৰ আশা বাদ দিয়ক আৰু৷”
বিশেষ বেছি কথা নাপাতি আমি আগুৱালোঁ বাৰ্লিংটন অভিমুখে৷
(আগলৈ)

☆★☆★☆

Leave a Reply

Your email address will not be published.