ফটাঢোল

ফটাঢোল এডভেন্সাৰ (অন্তিম খণ্ড)—হেমন্ত কাকতি/বিজয় মহন্ত

অৱশেষত আমেৰিকা ভ্ৰমন আধাতে সাং কৰি উভতি অহটোৱেই সিদ্ধান্ত হ’ল৷ বহুত বুজোৱাৰ অন্তত চিণ্টু আৰু মনিকাও সন্মত হ’ল৷ চিণ্টুয়ে ৰিটাৰ্ন টিকেট কৰাৰ দায়িত্ব ললে৷ চান্স পাই চিণ্টুৰ লগতে মনিকাও টিকেটৰ খৱৰ লবলৈ ওলাই গ’ল৷

আমি বিজয় আৰু মই আহি ৰুমত বিচনাত বাগৰি আছোঁ৷

“কাকতী দা, মনিকাবায়ে যে সিদিনা মায়ঙৰ বেজৰ এডৰেচটো কোৱা কথাখিনি আপুনি মোবাইলত ৰেকৰ্ড কৰিছিল মনত আছেনে?”

বিজয়ে শেষ আশা যে এতিয়াও এৰা নাই গম পাই হাঁহি উঠিল৷ এটা ম্লান হাঁহি মাৰি কলোঁ-

“বিজয়, মনত আছে৷ পিচে অসম ঘুৰি গৈ বেচিবানো কাক?  কোনে ইমান দাম দি এইবোৰ কিনিব?  তাত হয়তো বহু মানুহ ওলাব যি ইতিমধ্যে এইবোৰ কৰি খাই আছে৷ এইবোৰ ধান্দা বাদ দি তাতকে মোৰ লগত আলু পিয়াজৰ ধান্দাতে লাগা, তাতো ফিফটি পাৰ্চেন্টলৈকে লাভ আছে৷”

“আটচা, এটা কথা কওক৷ ঘুৰি গৈ মানুহ বোৰক অলপ গিফ্ট নিদিলে বেয়া কথা হব বুজিছে৷ মতা মানুহ আৰু লৰাবোৰ যেন তেন, কিন্তু তিৰিমখা আৰু আপীবোৰক নিদিলে মোক চবে মিলি ধুৱ৷ কিবা সৰু সৰু বস্তু হলেও কিনি লওঁ বলক, গৈ পেলাই গিফ্ট দিয়াৰ চান্সতে খানা অলপৰো যোগাৰ হৈ যাব৷ দচ বিচ টকাৰ গিফ্ট লৈ এশ দেৰশ টকাৰ খানা উলিয়াই লম৷ বুজিছে৷”

“বাহ বিজয় বাহ! মানি গলো তোমাক৷ হেৰৌ গাধ, চাৰি পাচ ডলাৰৰ তলত কি-ৰিং এটাও নাপায় ইয়াত৷ আৰু চাৰি ডলাৰ মানে আঢৈশ টকা৷ ভাত মাছে মাংসই খুৱালেও এশ টকাৰ ওপৰত নাযায়৷ গতিকে সব লোকচানৰ ধান্দাত তুমি ওস্তাদ!”

“তেতিয়া হলে কি কৰো?”

“লোকৰ আপী তিৰিৰ চিন্তা বাদ দিয়া৷ নিজৰ নিজৰ মানুহ দুজনীৰ বাবে কিবা লৈ লও ব’লা৷ বাকী দুই তিনিজনীৰ বাবে কিবা লওঁ৷ এজনীয়ে আপাৰ আচাম আৰু অন্যজনীয়ে লৱাৰ আচামৰ বোৰৰ বাবে তাতেই কিনক, তাহাতৰ পৰা লৈ বাকী বোৰক বিলাম৷ কোনে জানিবনো ক’ৰ পৰা আনিছোঁ৷ বাকী এই দুজনীক ফিটিং কৰি ৰাখিলে বাকী সিহতেই মেনেজ কৰি লব৷ মনীষাক মেনেজ কৰিব নোৱাৰিম, মই ঘৰত গলে গম পাই যাব৷ গতিকে ইয়াৰ পৰাই কিবাকিবি লৈ গলেই হৈ যাব৷ এনেও তাইক সৰু সুৰা লিপস্টিক বা নেইল পলিচ এটা দিলেই মুখ বন্ধ হৈ যাব৷”

“কিন্তু তাহাত কিজনীৰ বাবে কি লব?  সৰু সুৰা দিলে যদি ভাল নাপাই ব্লেক মেইলিং কৰে, ইফালে কংকনাও কম নহয়৷ তাইৰ আকৌ যিহে ডিমাণ্ড, পাচ দহ হাজাৰৰ তলত চকুয়ে নপৰে৷ বন্দিতা বা জনী তো আছেই৷ গম পালে চেচেই আৰু৷ প্ৰনীতাবা, মৌচুমীবাই আৰু নাজমাহতৰ গেংটো আছেই!”

“বিজয়, ইমান ভাবিলে তুমি নোৱাৰিবাই, কম পক্ষেও পঞ্চাচ জনীক দিব লাগিব৷ আৰু ইহতক জীৱনত সন্তুষ্ট কৰিব নোৱাৰিবা৷ গতিকে দুই তিনিজনীকে ফাইনেল কৰা৷ বেলতলা আৰু যোৰহাটৰ বজাৰৰ পৰা মনীষা আৰু পৰীক কনট্ৰেক্ট দিয়া৷ আমি সিহত কিজনীৰ বাবে ইয়াৰ পৰা কিবা কিবি লৈ যাম৷ তাতে গৈ বিলাবা”

সেইখিনিকে ফাইনেল কৰি মনীষাৰ বাবে নেইল পলিচ, পৰীৰ লিপস্টিক আৰু এজনীৰ বাবে সৰু ইয়েৰিং এযোৰ কিনি আমাৰ পেকিং ৰেডী কৰিলোঁ৷ বিজয়ে ডায়লগ মাৰিলেই-

“আপুনি কিনিছে হয়, চাব আকৌ ইহতৰ কালাৰ পচন্দ হোৱা দিগদাৰ আছে৷ কোনোবাই ডাৰ্ক চেদ বিচাৰে কাৰোবাৰ আকৌ লাইট৷ ইহতৰ নখাৰামী বহুত আছে৷ আজি তেৰ বছৰে মোৰ জনীয়ে কম জলা কলা খুওৱা নাই!”

“বাদ দিয়াহে৷ ফ্ৰী মালত ইমান চইচ নাপায় আৰু!”

অলপ পিচত চিন্টুৰ ফোন আহিল-

“দাদা, কোনো ৰকম দুটা টিকেটহে অহা কালিৰ বাবে মেনেজ হ’ল৷ ইণ্ডিয়াত আই পি এল চলি আছে বাবে ইণ্ডিয়া যোৱা টিকেট নাই, গতিকে আপুনি আৰু বিজয় গুছি যাওক৷ নিউ ইয়ৰ্ক-দিল্লী আৰু দিল্লী-গুৱাহাটী ৰ বাবে পুৰা ব্যৱস্থা কৰি দিছোঁ৷ চিধা দিল্লীত নামি এয়াৰ পৰ্টতে মোৰ মানুহে আপোনালোকক গুৱাহাটীৰ জাহাজত উঠাই দিব, গতিকে একো সমস্যা নাই৷ গুছি যাওঁক৷ আমি দুদিন মান পিচত টিকেট পালে যাম৷”

চিন্টুৰ আমাৰ প্ৰতি থকা ভালপোৱা আৰু দায়িত্ববোধ দেখি সঁচাকে মুৰ দো খাই গ’ল৷ বিজয়ক কলোঁ “দেখিছা বিজয়, ইমান ধনী মানী হৈও তাৰ কিমান মৰম আমালৈ! বেচি টকা পইচা হোৱা হলে তুমিও এনে হব পাৰিলা হেতেননে? এইবোৰ মানুহ নহয়, দেৱতা বুজিছা৷”

বিজয়ে একো নকৈ লাহে লাহে তাৰ ৰুমৰ ফালে গ’ল৷ ময়ো বাৰান্দাতে অলপ পায়চাৰী কৰি হোটেলখনকে অলপ চোৱাত লাগিলোঁ৷ এনেকুৱা সময়তে বিড়ি এটাৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰোঁ৷ দুদিন পিচত ঘৰ গৈ পাম৷ মানুহজনীৰ বা কি খৱৰ! আহোতে পইচা এটাও দি থৈ নাহিলোঁ৷ কি কৰি বা চলি আছে? নানানটা চিন্তাই জুমুৰী দি ধৰিলেহি৷ বাৰান্দাতে থকা আৰামী চকী খনতেই বহি বহি কেতিয়া টোপনি আহিলে গমেই নাপালোঁ৷

খট-খট-খট!!

মানুহ কেইজন মান লিফ্টেৰে নামি বাৰান্দাৰে খোজ কঢ়াৰ শব্দ শুনি টোপনী ভাগিল৷ বাৰান্দাখনৰ আন্ধাৰ পোহৰৰ মাজে মাজে দেখিলোঁ আগত অভাৰকোট আৰু টুপী পিন্ধা দুজন ভদ্ৰলোক আৰু লগত দুজনী ভদ্ৰমহিলা৷ সৰ্বশৰীৰ ক’লা অভাৰ কোটেৰে আবৃত আৰু মুখত টুপীৰ ছায়া পৰা বাবে কাকো চিনিব পৰা নাই৷ গোটেই কেইজন লাহে লাহে অলপ সন্তৰ্পনে চিন্টুৰ ৰুমত সোমাই পৰিল৷ আন্ধাৰ চুক এটাত বহি থকা বাবে মোৰ অৱস্থিতি কোনেও লক্ষ্য কৰা নাছিল৷ ময়ো চুকটোত বহি আৰুনো কোন আহে চাই থাকিলোঁ৷

প্ৰায় দহ মিনিট মুৰত বগা কাপোৰ পৰিহিত আৰু মুৰত গামোছাৰ দৰে বস্ত্ৰ পৰিধান কৰা শ্বেখ কেইজন মান সোমাল৷ ভাবিলোঁ, তেল ক’ম্পেনীৰ কিবা হয়তো মিটিং আছে৷ চিন্টুৰ বিজনেজ য’তে ত’তে, গতিকে এনে মিটিং হোৱাটো অস্বাভাবিক নহয়৷ বহুত দেৰি আৰু কোনো নহাত ময়ো লাহে লাহে বিজয়ৰ কোঠাত সোমাই ভাত পানী খোৱাৰ আগতে অলপ আড্ডা মাৰি যাওঁ বুলি সোমালোঁ৷ বিজয়ক কথা খিনি কলোঁ যে চিন্টুৰ ৰুমত কিবা মিটিং চলি আছে৷ মোৰ কথা শুনি বিজয় জাঁপ মাৰি উঠিল৷

“কি কয় আপুনি? চিন্টু দাই মোক কৈছে হোটেলত আজি ঘুৰি নাহে বুলি৷ তাৰ ৰুমত মিটিং কেনেকে হব?”

“মই মিছা কোৱা নাই, বিশ্বাস নহয় যদি চাই আহা৷”

বিজয় উঠি গল ৷ ময়ো পিচে পিচে গলো৷ বিজয়ে চালে দুৱাৰ খন ভিতৰৰ পৰা লক কৰা আছে৷ বিজয়ে দৰজাৰ চাবি সুমুৱা ফুটা টোৰে জুমি চাই হোৱাইট হাউচত অভিজিতক দেখি দিয়া চাৱনিটো দিলে!

“আকৌ অভিজিতদা আহিছে!! লগত মনিকা, চিন্টু আৰু শ্বেখ কেইজন! আৰু টেবুলত সেই একেধৰনৰ তাবিজ এটা!” প্ৰায় জোৰেৰে বিজয়ে কৈ উঠিল৷ তাৰ মুখখনত সোপা মাৰি ধৰি মই মুখ বন্ধ কৰি দুৱাৰত কান লগাই দুয়োজনে কথোপকথন শুনা আৰম্ভ কৰিলোঁ –

★——★

চিন্টু: চাওক,অভিদা, খেলটো আপুনি ভালকে সিদিনা নেখেলা হলে তাবিজ বিজয়ৰ হাতত গৈছিলেই৷ মনিকাই সঠিক সময়ত মোক নোকোৱা হলে পুৰা চেটেপেই হৈ গল হেতেন৷ আপুনি ডুপ্লিকেট মালটো বিজয়ক নিদিলে আজি আমি চাকচেচফুল নহলো হেতেন৷ সিদিনা শ্বেখৰ ঘৈনীয়েকে বিজয়ক চৰটো মাৰোতেও সিহত দুটা বুৰ্বকে আন্দাজ কৰিব পৰা হলে দিগদাৰেই আছিলে৷”

অভিজিত: আৰে ভাই কিমান খেলিলোঁ এনে খেল৷ চিয়েৰ্চ জেন্টলমেন! আমি পাচ মিলিয়নত অকচন ষ্টাৰ্ট কৰিম! পাচ মিলিয়ন এক…

শ্বেখ১: ছয় মিলিয়ন!……সাত মিলিয়ন!

শ্বেখ২: আঠ মিলিয়ন!

ৰিন্তু: ওকে আঠ মিলিয়ন এক! এনি টেকাৰ?

শ্বেখ৩: দচ মিলিয়ন… !ফাইনেল!

মনিকাইও খিলখিলাই হাঁহি কৈ উঠিল “মোৰ এক্টিং কেনে পালে সিদিনা, মদ খাই নিচা লাগি বকি দিয়া এক্টিং? মুৰ্খ কিজনে ছাগে মায়ং গৈ ওলাব এড্ৰেচ বিচাৰি!”

সকলোৱে সমস্বৰে আকৌ এবাৰ গিৰ্জনি মাৰি হাঁহি দিলে৷ এইবাৰ আকৌ শেষ চাৰপ্ৰাইজটোৱেই বাট চাই আছিল যেন আমাৰ বাবে৷ পেট্ৰিচিয়াৰ মাত শুনা গ’ল এইবাৰ –

“চিয়েৰ্চ এগেইন!”

★—–★

আমি তাত ৰখি থকাৰ ধৈৰ্য্য নাছিল৷ বিজয়ক ঈংগীত দি মাতি আনিলোঁ –

“বিজয় জাহাজৰ টিকেট ক’ত?”

“মোক কালিহে দিব বুলি কৈছে!”

“তৎক্ষনাৎ ব’লা, ইয়াৰ পৰা৷ আমি ইয়াত থকাতো একদম নিৰাপদ নহয়৷ ইমান গাড্ডাৰী কৰা মানুহ, কি ঠিক! টকাৰ কাৰনে কি কৰি দিব পাৰে ঠিক নাই! তোমাৰ তাত পইচা কিমান আছে উলিওৱা!”

বিজয়ে ইফালে সিফালে পকেট আৰু বাকচৰ পৰা মিলাই মেলি প্ৰায় চাৰি হাজাৰ ডলাৰ উলিয়ালে৷

“আকৌ বোলেচোন তোমাৰ পইচা নাই? কৰ পৰা ওলালে ইমান?” মই অলপ টানকৈয়ে সুধিলোঁ৷ সিয়ো সেমেনা সেমেনিকৈ কলে-

-এয়া চিন্টুদাৰ পৰা মৰায়ে টকা৷ সিদিনা সি চুইমিং পুলত থাকোতে খুলি থোৱা পেন্টৰ পাৰ্চৰ পৰা তিনি হাজাৰ ডলাৰ উলিয়াইছিলো ঘৰলৈ বুলি৷

-আও, তুমিও স্মাৰ্ট আছে তাৰমানে? ময়ো মনিকাৰ পাৰ্চৰ পৰা অলপ নমৰা নহয়৷ লগতে চিন্টুৱে দিয়া মিলাই চাৰি পাচ হেজাৰ হৈ যাব লাগে৷

-কিন্তু কৰিব কি খুজিছে? (বিজয়ৰ চকুত সন্দেহৰ চাৱনি)

-পলাম! আমি আজি৷ কালি ৰাতিপুৱাৰ ফ্লাইট ধৰিব লাগিব৷ বেচি দেৰি হলে হয়তো কি হব পাৰে ঠিক নাই!

লক্ষ্যস্থান নিউইয়ৰ্ক এয়াৰপৰ্ট!

**********

পেন এমেৰিকান এয়াৰলাইন্সৰ এয়াৰবাচ ৩৮০ তেতিয়া মধ্য আকাশত! প্ৰশান্ত মহাসাগৰৰ ওপৰেদি হয়তো উৰিছে৷ হয়তো বা এন্টাৰ্কটিকা৷ জনাৰ কোনো উপায় নাছিল ৷ কেইচপৰা মান মেঘত বাহিৰে একো দেখা নাছিলোঁ৷ জাহাজসুন্দৰী এজনী আহি মদৰ গিলাচ এটা আগবঢাই দিলে৷ একে সোহাতে শেষ কৰি অন্য এটা বিচাৰিলোঁ৷ বিজয়লৈ চালো -গভীৰ টোপনিত লালকাল৷ সি হয়তো সপোন দেখিছে৷ হয়তো বৰেন্যৰ কথা ভাবি আছে৷ পকেটখন খেপিয়াই চালোঁ৷ হয়তো দিল্লীৰ পৰা গুৱাহাটী ৰেলত উঠি হলেও পামগৈ! হয়তো অন্ত পৰিব বহু অভিজ্ঞতাৰে পৰিপুষ্ট এক সুমধুৰ যাত্ৰাৰ৷ আকৌ হয়তো ওলাম এক অন্য যাত্ৰালৈ এদিন৷ সময় সলনি হব৷ মানুহো সলনি হব!

(সমাপ্ত)

6 Comments

  • Manash Saikia

    এইটো চিৰিজৰ প্ৰতিটো খণ্ডই উপভোগ্য৷ আকৌ পঢ়িলোঁ৷

    Reply
    • হেমন্ত কাকতি

      ধন্যবাদ মানস

      Reply
  • অনুৰূপ মহন্ত

    বৰ ঠগণ দিলে দেই। কম নহয় কিন্তু। ভাল লাগিল।

    Reply
    • হেমন্ত কাকতি

      হাঃ হাঃ চেষ্টা কৰিছিলো৷ ধন্যবাদ৷

      Reply
  • ৰাজশ্ৰী শৰ্মা

    পঢ়িলো। দ্বিতীয় ভাগ এটা লিখিব চোন দাদা।

    Reply
    • হেমন্ত কাকতি

      চেষ্টা কৰিম ৰাজশ্ৰী

      Reply

Leave a Reply

Your email address will not be published.