ফটাঢোল

ফটাঢোল এডভেন্সাৰ (চতুৰ্থ খণ্ড)- হেমন্ত কাকতি/ বিজয় মহন্ত

ইন্দিৰা গান্ধী আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত নামিয়েই বিজয় আৰু মই প্ৰায় উৱাদিহ হেৰুৱালোঁ৷ চাৰিওফালে চায়েই জলক-তবক দেখিলোঁ৷ মই বোলো বিজয়, এই জাহাজ পৰা জেগাখনেই চোন ফ’ৰেনতকৈ কম নহয়! চিণ্টু আৰু মণিকাই এনেভাৱে গৈ আছে যেন একো হোৱা নাই৷ বিজয়ে কৈ উঠিল “কাকতি দা ইণ্ডিয়াই যদি ইমান ধুনীয়া, তেতিয়া হলে ফ’ৰেন কি হব?”

মই একো নকৈ চিন্টুৰ ফালে চালোঁ৷ চিন্টুয়ে কলে –“দাদা আমি টাৰ্মিনেল-১ত আছোঁ৷ আন্তৰাষ্ট্ৰীয় ফ্লাইটৰ বাবে এতিয়া সোনকালে টাৰ্মিনেল-৩লৈ আহক, মোৰ পিছে পিছে৷”

আমি একো নকৈ লাউঞ্জৰ ভিতৰে ভিতৰে চিন্টুৰ পিচে পিচে আগুৱালোঁ৷ বিজয়ক কলোঁ- মোৰ পেন্টৰ পিচফালে বেল্ট ডালত ধৰি থাকিবা৷ হেৰালে শেষ কিন্তু! গৈ গৈ এজেগাত “চান গড” মুৰ্তিটো দেখি বিজয় তভক মাৰিলে৷ দেখিলোঁ হাতেদি চুই আছে৷ হাতখন টান মাৰি লৈ আহিলোঁ৷ অলপ পিচত চিন্টু গৈ উঠিলগৈ কিবা বোলে “হৰাইজন্টেল এচকেলেটৰ” এখনত৷ দেখিলোঁ সিহত দুটা গৈ বহুদুৰ পালৈগৈ৷ আমি দুয়ো সেইখন ৰ’ব ৰ’ব বুলি চান্স বিচাৰি থাকোতেই চিন্টুহঁত নেদেখা হল৷ বিজয়ক কলোঁ – জাঁপ মাৰি উঠা৷ চিটিবাচত জাঁপ মাৰি উঠানমা কৰা প্ৰেকটিচ আছিলেই৷ এপাকত মৰণত শৰণ কৰি দিলো জাঁপ মাৰি৷ এচকেলেটৰ গৈ আছে আমিও আগুৱাই গৈ আছোঁ৷ এইবাৰ বিজয়ৰ সাহস অলপ বাঢিল, আগৰ মানুহবোৰক খুন্দিয়াই মেলি সি দৌৰা আৰম্ভ কৰি দিলে৷ মই বোলো বিজয় অভাৰ ইস্মাৰ্ট নহবা৷ ক’ত পাবাগৈ ঠিকনা নোহোৱা হ’ব৷ চিন্টুক বিচাৰা৷ শেষত যেনিবা চিন্টু আৰু মণিকাক আবিষ্কাৰ কৰিলোঁ টাৰ্মিনেল তিনিৰ দুৱাৰ মুখত৷ চলন্ত বাচৰ পৰা জাঁপ মৰাৰ দৰে জাঁপ মাৰি নামিলোঁ৷

টাৰ্মিনেল তিনিৰ লাউঞ্জ দেখি মাথা ঘুৰাই গ’ল৷ যেন সাইলাখ স্বৰ্গ হে৷ তাতে গৈ “হেপিলী আনমেৰিড” বুলি লিখি থোৱা দোকানখনৰ মুখতে আমি দুয়ো ৰ’লো৷ চিন্টু আৰু মণিকা ব্যস্ত হল নতুন জাহাজৰ টিকেট লোৱা কামত৷ অলপ পাচত চিন্টু আহি ক’লে, এইবাৰ আকৌ চেক হব, তাৰ পিচতহে জাহাজত বহিম গৈ৷ মই বোলোঁ কিডাল চেক কৰিব আছে? সকলোতো ঠিকেই আছে৷ বিজয়ক ক’লো ৰজনীৰ পেকেট কেইটা পেলাই দিবলৈ৷ পিচে দুৰ দেশত গৈ কি খাম তাকে ভাবি মনটো মৰ’হি গ’ল৷

অৱশেষত সকলো ঠিকে ঠাকে হৈ গ’ল কোনো গণ্ডগোল নোহোৱাকৈ৷ ব’ৰ্ডিং পাছ বোৰ হাতত লৈ এজন এজনকৈ ধাৱমান হ’লো লুফটহান্সাৰ এয়াৰবাছ অভিমুখে৷ সুন্দৰ জাহাজ৷ ছিটবোৰ আগৰ খনতকৈ বেলেগ৷ আহল বহল৷ চিন্টুয়ে ক’লে-

“দাদা, জাৰ্নিটো দীঘলীয়া হব, গতিকে আমি এইবাৰ বিজনেচ ক্লাচত যাম৷ ভাল পাব৷ শুবও পাৰিব৷ খালি বিজয় আৰু আপুনি অলপ বেলেগ বেলেগ চিটত পৰিব৷ মণিকা আৰু মোৰটো কোনোমতে একেলগে মেনেজ হৈ গ’ল৷”

এই বুলি সিহত দুটা আগফালে গ’ল৷ মোৰ বুঢ়া চৰ্দাৰজী এজনৰ ওচৰত বহাৰ পাল পৰিল৷ বিজয়ক দেখি মোৰ হুমুনিয়াহ এটা ওলাই গ’ল৷ দেখিলোঁ মোৰ সন্মুখতে ধুনীয়া ৰঙা গুলপীয়া ৰঙৰ ফ’ৰেনাৰ আপী এটাৰ লগতে বিজয়ৰ চিট৷ বিজয়ক দেখিলোঁ আপীটোৰ ওচৰত বহি মিহিকৈ হাঁহি এটা মাৰি কিবা ক’লেই৷ ছোৱালী জনীও হাঁহি এটা মাৰি তাকো কিবা উত্তৰ দিলে৷ জ্বলন পোৰণত থাকিব নোৱাৰি বিজয়ক মাতিলোঁ বোলো, ঐ কটা নিধক, তই এইটো ছিটলৈ আহ৷ মই দুআষাৰ ভগা চিগাকৈ হ’লেও ইংৰাজীত কথা পাতিম৷ অলপ জানিবুজি লও আপীটোৰ বিষয়ে৷ লণ্ডন খনৰ কথাও অলপ শুনোঁ৷ তইতো ইংৰাজী নাজানিলে কি কথা পাতিবি?

বিজয়ে ভেঁকাহি মাৰি যিটোহে উত্তৰ দিলে মোৰ মুখৰ মাত হৰিল৷

“ড’ন্ট আণ্ডাৰ-এষ্টিমেট ডা পাৱাৰ অফ এ কমন মেন, কাকতিদা!”

মই অলপ দেৰি তাতেই শিল পৰা কপৌহেনকৈ বহি ৰ’লোঁ৷ যাহক, নিজৰে কপালক ধিয়াই চৰ্দাৰজী জনৰ ফালে চাই শেঁতা হাঁহি এটা মাৰি পঠিয়ালোঁ৷ হাঁহিৰ প্ৰত্যুত্তৰ নিদি তেখেত বাহিৰৰ ফালে চাই ৰ’ল৷ ময়ো কথাবতৰাৰ আশা বাদ দি মুখ ঘুৰাই ভৰিদুখন মেলি লৈ নিজৰ বেগটোৰ ভিতৰত অনা আলোচনী এখন পঢোঁ বুলি জাহাজৰ ওপৰৰ কেবিনেটত হাতখন ভৰালোঁ৷ ভিতৰত মোটা কিতাপ এখনতহে হাত লাগিল৷ কি বুলি উলিয়াই দেখোঁ অন্য কিবা এখনহে! চাই দেখিলোঁ সেইটো বিজয়ৰ বেগ৷ এনেই কিতাপখন চাওঁ বুলি উলিয়ালোঁ, নামটো আছিল- “ৰেপিডেক্স ইংলিচ স্পীকিং ক’ৰ্চ ইন চেভেন ডেইজ”!

বিজয়ৰ ফালে ঘুৰি চালোঁ৷ ইতিমধ্যে সি কিবাকিবি কথা পতাত ব্যস্ত৷ কিতাপখন মেলিয়েই দেখিলোঁ কিছু কিছু লাইনত কলমেৰে দাগ দিয়া আছে৷ বুজিলোঁ চিন্টুৰ পৰা আমেৰিকা টুৰৰ কথা গম পায়েই সি এইখন কিনি ছাগে দিনে ৰাতিয়ে এইখন মুখস্থ কৰি লৈছে৷ যাহক কিতাপখন মোৰো কামত আহিব বুলি ভাবি মেলি ললোঁ৷ সঁচাকে বিজয়ৰ বুদ্ধিক আণ্ডাৰ এষ্টিমেট আৰু নকৰো বুলি ঠিৰাং কৰিলোঁ৷

জাহাজ ইতিমধ্যে মধ্য আকাশত! চৰ্দাৰজী গভীৰ টোপনিত লালকাল৷ মানুহ বোৰেও কোনোবাই মবাইল, কোনোবাই লেপটপ লৈ ব্যস্ত৷ মণিকা আৰু চিন্টুও টোপনিত লাল কাল৷ সাৰে আছোঁ মাথো মই, বিজয় আৰু ফ’ৰেনাৰজনী৷ কি কথা পাতিছেনো কাণ উনাই থাকিলোঁ৷

বিজয়-“হোৱেৰ টয়লেট?”

ফৰেনাৰ আপী- “আৰ ইউ এ ফাৰ্ষ্ট টাইমাৰ? গ’ ষ্ট্ৰেইট ডেয়াৰ!অন ডা লেফ্ট হেণ্ড চাইড, ইট ইজ ডেয়াৰ৷”

বিজয় “এক্সকিউজ মি” বুলি কৈ উঠি গ’ল৷ ময়ো সুবিধাবুজি এপাকত চাই আহোঁ বুলি তাৰ পিচে পিচে উঠি গ’লোঁ৷ জাহাজখনৰ আপীবোৰ সকলো ফ’ৰেনাৰেই৷ দেখিলোঁ সিহত খানা ৰেডি কৰাত ব্যস্ত৷ বিজয় ঘপাঘপ গৈ সোঁহাতৰ পায়খানাটোত সোমাই গ’ল৷ মই বাওহাতে থকাটোত সোমালোঁ৷ কাম সম্পুৰ্ণ কৰি দৰজাটো খুলিয়েই দেখিলো বিজয় সোমোৱা ৰুমটোৰ সন্মুখতে মস্ত ছয়ফুটীয়া ফৰেনাৰ মহিলা এজনী ৰৈ আছে৷ গম পালোঁ সেইটো মহিলাৰ বাবে! বিজয় ওলাই আহোতে যে খণ্ডযুদ্ধ এখন হ’ব তাৰ আশঙ্কা কৰি তাতেই ঠিয় দি ৰলোঁ৷ প্ৰায় পাঁচ মিনিট পিচত বিজয় ওলাল৷ মহিলা জনীয়ে আশ্বৰ্য্যচকিত ভাবে বিজয়লৈ চাই সুধিলে-“হেই ইউ! হোৱাট ইজ ডিচ ম্যান? ইটচ ফ’ লেইডিজ!”

বিজয়ে অলপ দেৰি ৰৈ কনফিডেন্টলি ক’লে –

“আই ড’ন্ট কনৌ!” তাই কি বুজিলে নেজানোঁ, বেঁকাকে চাৱনি এটা দি ভিতৰত সোমাই গ’ল৷ ৰেপিডেক্স ইংলিচ স্পীকিঙৰ কামাল গম পাই গলোঁ৷

ঘুৰি আহোতে দেখিলোঁ মণিকাৰ মুৰটো চিন্টুৰ কান্ধত৷ ডিচটাৰ্ব নকৰি দুয়ো আহি নিজৰ নিজৰ চিটত বহিলোঁ৷

যিমানে দেৰি হৈছিল ভোকটোৱে আমনি কৰিব ধৰিছিল৷ কিবা খোৱাৰ আশাত জাহাজৰ আপী কিজনীলৈ চাই মাতিলোঁ৷ এজনী আহি ওচৰতে ঠিয় হ’ল৷ কি ক’ম নক’ম কে থেৰো গেৰো কৰোতেই চিন্টুৱে আহি সুধিলে- ‘কি হল দাদা?’ মই বোলো কিবা খাব লাগিছিল৷ চিন্টুয়ে ক’লে ভাল বস্তু এটা খুৱাম দাদা, আপুনি গড় মাৰ্কাটো পাহৰি যাব! খাই চাওঁক আৰু পিচত ক’ব৷

চিন্টুৱে কি অৰ্ডাৰ দিলে নেজানোঁ, অলপ পিচত এনে অমৃতসম জিনিচ এবটল দিলে ঐ! দেহা মন শাঁত পৰি যোৱাকৈ গিলিলোঁ৷ তাৰ পিচত পেকেটৰ খানা কি মুখত ভৰালোঁ কি নভৰালোঁ একো মনত নাই৷ শেষত পানী এবটল পুনৰ গিলি দীঘলকৈ উগাৰ এটা মাৰি শুবলৈ যোজা হ’ল৷

ৰাতিপুৱা জাহাজৰ ব্ৰেকমৰা হেন ঝটকা এটা লাগোতেহে টোপনি ভাগিল৷ জাহাজৰ মাইকত এনাউন্সমেন্ট হল বোলে হিথ্ৰ’ এয়াৰপৰ্ট পালোঁ৷

এইবাৰ মণিকা আহিল ওচৰলৈ৷ আহি কবলৈ ধৰিলে –“দাদা, আমি লণ্ডন পালোঁ৷ এইটো হিথ্ৰ’ এয়াৰপৰ্ট৷ পৃথিবীৰ ভিতৰত তৃতীয় ব্যস্ত এয়াৰপৰ্ট৷ ইয়াতে মিনিটে মিনিটে কেবাখনো জাহাজ পৰেও উৰেও৷ এইবোৰ সকলো আজিকালি কমপিউটাৰাইজড কন্ট্ৰোলেৰে হয়, সেইবাবে জাহাজবোৰৰ খুন্দাখুন্দি নেলাগে জানেনে? ইয়াতে এঘন্টাৰ ‘ষ্টপ-অভাৰ’৷ জাহাজ একেখনেই, মাথো কিছু কাৰ্গো আনলোড হ’ব৷ গতিকে নামিব নোৱাৰিব৷ আগফালে বা পিচফালে টয়লেটত গৈ অলপ ফ্ৰেচ হৈ লওক৷”

মণিকাৰ ফালে কিছুসময় অবাক দৃষ্টিৰে চাই মই মাঁথো কিবাকিবি ভাৱত বিভোৰ হৈ ৰলোঁ৷ বুজিলোঁ তায়ো ইস্মাৰ্ট হৈ গ’ল৷ অহাৰ সময়ত মানুহজনীয়ে বান্ধি দিয়া তামোল পানৰ টোপোলাটোলৈ মনত পৰিল৷ পাৰিলে মানুহজনীকো যদি লগত আনি এই আচহুৱা ঠাইবোৰ দেখাব পাৰিলো হেতেন! কিমান যে ভাল পালেহেতেন! পাকঘৰ আৰু ল’ৰা ছোৱালীক ডাঙৰ কৰোতে বেচেৰীক গুৱাহাটী খনেই ভালকৈ দেখাব পৰা নাই৷ জুহালত খৰিৰ ধোঁৱা ফুৱাই ফুৱাই ৰাতিপুৱাই ছাগে লৰাছোৱালীৰ গা ধোৱা পানী গৰম কৰি আছে৷ মুখখন ভাঁহি আহিল৷

“হাই আঙ্ক’ল, গুদ মৰ্ণিঙ!” বুলি চিনাকী মাত এষাৰ ভাঁহি আহিল৷ লগতে ঢকঢকীয়া বগা হাত এখন৷ বিজয় জহনীত যোৱা ৰাতিৰ ভিতৰতে পকিল৷ গোটেই ৰাতিটো দুয়োৰে পটৰ পটৰ লেকচাৰ শুনিহে আছিলোঁ৷ দেখিলোঁ মেমনীৰ পাল্লাত পৰি তাৰ কথা কোৱাৰ অংগী ভংগীয়ে বদলি গৈছে৷ প্ৰতি আষাৰ কথাকৈ কিবা সেই কান্ধখন জোকাৰি দিয়ে৷ মণিকাৰো কথাবতৰাত এই পৰিবৰ্তন লক্ষ্য কৰিছিলোঁ ৷এৰাতিতে মোক আংক’ল কব পৰা হ’ল৷ স্থান কাল পাত্ৰ চাই বিজয় মণিকাহঁতে নিজকে প্ৰস্তুত কৰিব ধৰিছে৷ মইহে পৰা নাই৷ অলপ ধিক্কাৰ লাগিল৷ একো উত্তৰ নিদি চকু দুটা মুজি বহি ৰলোঁ আগলৈ যাত্ৰাৰ কথা ভাবি! “ৰেপিডেক্স” খনেই উলিয়াই বহিলোঁ৷

(আগলৈ)

5 Comments

Leave a Reply

Your email address will not be published.