ফটাঢোল

ফটাঢোল এডভেন্সাৰ (তৃতীয় খণ্ড) – হেমন্ত কাকতি

প্ৰায় তিনি দিন চাইকেল চলাই ভাগৰি পৰিছিলোঁ৷ বিজয়ৰো অৱস্থা বেয়া৷ ৰাস্তাই ঘাটে হোৱা নগুৰ নাকতিৰ কথা বাদেই দিলো৷ বিজয়ে এপাকত হুমনিয়াহ এটা কাঢ়ি ক’লে – “কাকতি দা, বাদ দিয়ক, ঘৰলৈয়ে যাওঁ!আৰু নোৱাৰিছোঁ৷ মোৰো মানুহজনী কান্দি কাটি অস্থিৰ৷ যি হ’ল হ’ল, ঘৰতে খাওঁ বলক শুদাই-নিকাই হ’লেও৷ পিচে এতিয়া ঘৰত কেনেকে ঘুৰি যাওঁ? মোক নেৰিব তাই!”

মই বোলো ৰবা, তোমাক আলৈ-আথানি নকৰোঁ৷ মই তাইক বুজাই-বঢ়াই ঘৰত থৈ আহিম গৈ৷ চিন্তা নকৰিবা৷ মোকো আমুৱালে৷ ইফালে চাইকেলৰ চিটটোৱে কাটি কাটি মোৰ অৱস্থা গুৰুতৰ৷ ময়ো চাইকেল তোমাৰ তাতে এৰি বাছতে ঘুৰি যামগৈ৷

এই বুলি বিজয়ৰ ঘৰ পালোঁ৷ বিজয়ে ভয়তে ঘৰত নোসোমাই মোক আগলৈ দি পিচফালে লাহে লাহে লুকাই লুকাই আহি আছে৷ মই চাইকেল খন বাহিৰতে ৰাখি বন্দিতাৰ মতি গতি বাহিৰৰ পৰাই অলপ নিৰীক্ষণ কৰি চাওঁ বুলি বিড়ি এডাল জ্বলাই বাহিৰতে অলপ পৰ ৰখি ঠিয় হ’লোঁ৷ দেখিলোঁ বৰেন্যক ঝুলনা এখনত বহাই থৈ তাই আগফালৰ বাৰান্দাখন ঝাৰু মাৰি আছে! মোক দেখাৰ লগে লগে বন্দিতাই এক তীক্ষ্ণ দৃষ্টিৰে চাই এপাত বাক্যবাণ নিক্ষেপ কৰিলে- “অহ! আহিলে? মোৰ মানুহজনক ফুচুলাই নি এতিয়া ক’ত এৰি আহিল গৈ?” – দেখিলোঁ, তাইৰ চকু-মুখ ফুলি আছে৷ হয়তো বেচেৰী দুই তিনি ৰাতি ভালকৈ শোৱাই নাই৷ পৰিস্থিতি বিষম দেখি তাইক অলপ বুজোৱা-বঢ়োৱাত লাগিলো৷ মই বোলো বিজয়ৰ গাত অকনো দোষ নাই৷ সকলো দোষ ময়েই মূৰ পাতি ল’লোঁ৷ ময়ো অভিজ্ঞ মানুহ, বিয়াৰ পিচত এনে বহুত জটিল পৰিস্থিতি চম্ভালাৰ সমস্ত মন্ত্ৰণা একগোট কৰি পৰিস্থিতি শান্ত কৰিলোঁ৷ বিজয়ক চকু টিপ মাৰি ইঙ্গিত দিয়াত সিয়ো সুৰসুৰ কৈ ভিজা মেকুৰী হেন কে ভিতৰ সোমালে৷

লাহে ধীৰে এবাৰ গৈ বৰেন্যক বিজয়ে কোলাত ল’লে৷ বন্দিতাই উচাট মাৰি তাক হাতৰ পৰা টান মাৰি লৈ গ’ল৷

“হব এতিয়া লেৰেলা সাদৰ দেখুৱাব আহিছে এনেই”! বিজয়ে কন্দনামুৱাকে মোৰ পিনে চাই ৰ’ল৷

“হব বিজয়, মুখ নুখুলিবা৷ এনে সময়ত মুখৰ পৰা টু কে শব্দ এটা ওলালেও কুৰুক্ষেত্ৰ হৈ যাব পাৰে৷ ভুল তোমাৰেই৷ সকলো ঠিক হ’ব,  ক্ষন্তেক সময় অপেক্ষা কৰা৷ এতিয়া গৈ পাকঘৰত অলপ নজৰ দিয়া৷ খাব ল’ব কিবা আছেনে নাই! নহ’লে মই যোৱাৰ কথাই চিন্তা কৰিম৷”

প্ৰায় আধা ঘন্টা পিচত বন্দিতাৰ মুড সলনি হ’ল৷ পানী দুগিলাচ আনি আমাক ক’লে –“কাকতি দা বহক, মই ভাতৰ ব্যৱস্থা কৰোঁ৷”

মই এনেই কৈ চালোঁ-“এহ কি আৰু৷ ভাত বনাবা জানো?  তোমাক কষ্টহে দিয়া হ’ব৷ আজি নাখাওঁ দিয়া৷” কথাষাৰ কৈ তাইৰ ৰিয়েকচন চালোঁ৷ মোক কথা বন্ধ কৰি বন্দিতাই মাত দিলে -ৰ’ব হে, পটাপট হৈ যাব৷ ভাত খাওক৷ দ্বিতীয় বাৰ চান্স নল’লোঁ৷ বিজয়ক আকাৰে-ইংগিতেৰে বুজাই দিলোঁ যে সিও গৈ পাকঘৰত লাগক বুলি৷ নহ’লে মই যোৱাৰ পিচত পৰিস্থিতিৰ অৱনতি ঘটিব পাৰে৷

হথাৎ ফোনটো বাজিব ধৰিলে, দেখিলো চিন্টুৰ ফোন!

“কোৱা”

“হিমু দা, এমাহৰ ছুটি চেংচন হল, বলক এডভেন্সাৰ ট্ৰিপ এটা ময়ো মাৰো **”! বেছি ফুৰ্তিত থাকিলে চিন্টুৰ মুখত সেই “বিশেষ” শব্দটো ওলাই বুলি জানোঁ৷ আৰু অলপ জনাৰ হেপাহেৰে সুধিলোঁ-

“আও! কি কোৱাহে? এইটো ট্ৰিপেই আমুৱাইছে৷ না-জল, না-স্থল অৱস্থা৷ আৰু কি ট্ৰিপ মাৰিবা?”

“আৰে বলক, ফৰেন ঘুৰি আহোঁ এইবাৰ৷ ক’ত যাব কওক! মোৰ মিয়ামিৰ ‘চি-ফেচিং’ বাংল’টো বিকিলো তো৷ প্ৰায় আঠ মিলিয়ন ডলাৰত৷ এগাল মান পইচা আছে৷ জীৱনত কৰিবলৈ নো কিডাল আছেহে? অলপ ঘুৰি ফুৰি পৃথিবীখন চাওক৷ কোন দিনা ওপৰৰ টিকেট কাটিব লাগিব কি ঠিক? বাকী ট্ৰিপটো মই স্পনচ’ৰ কৰিম৷ বচ্ আপুনি লগত থাকক৷ বাজেট এক মিলিয়ন ডলাৰ!”

অবিশ্বাস্য হেন অফাৰ টো শুনি অলপ দেৰি মনে মনে থাকিলোঁ৷ এপ্ৰিল ফুল বনোৱা নাই তো? কেলেণ্ডাৰ খন চালোঁ৷ এপ্ৰিলৰ সাত তাৰিখ৷ নাহ৷ চিন্টু দিলদাৰ মানুহ বুলি মনত ভাৱ এটা আছিলেই৷ তথাপি সুধিলোঁ –

“কেতিয়াকে আৰু ক’ত যাম বুলি ভাবিছা?”

“আপুনি কওক৷ আমেৰিকা ট্ৰিপ টো কেনে হ’ব? খালি ভিছাৰ বাবে অলপ আগতীয়াকে জনাব লাগিব৷ বাকী এনজয়মেন্টৰ দায়িত্ব মোৰ৷ নিউ ইয়ৰ্ক যাম,  তাৰ পিচত চিকাগো’ হৈ ফ্ল’ৰিডা-মিয়ামি হৈ চিধা লাচভেগাচ আৰু কেলিফৰ্নিয়া এল এ৷ বচ হা বুলি কওক,  ঘুৰি আহোতে ইউৰোপ!”

কথা শুনি মুৰ ঘুৰাই গ’ল৷ পানী এগিলাচ কোনোমতে ঢোক মাৰি বিজয়ক মাতিলোঁ৷

“বিজয়, ভাত হ’ল নে নাই কোৱা৷ মোৰ নেক্স্ট ট্ৰিপৰ বন্দোবস্ত হৈ গ’ল৷ ইউ এচ গৈ আছোঁ৷”

“কিন্তু কেনেকৈ আৰু কাৰ লগত?”

“বুজিছা, চিন্টুৱে নিব৷ তুমি বৰেন্যক এৰি নোৱাৰিবা যাব,  মোৰ লেঠা জোঁট নোহোৱা মানুহ, মই যাম৷ তাকো ফ্ৰী তে৷ লাচভেগাছত কেচিনোত যাম আৰু বহুত কিবাকিবি আছে৷ মৰাৰ আগতে আমেৰিকা খনেই চাই আহোঁ৷ তাতে তুমি আকৌ ইংৰাজীও ক’ব নোৱাৰিবা নহয়! মই তো চেভেন এইটলৈ ইংৰাজী পঢা মানুহ,  ইয়েচ, ন’ প্লিজ, থেংক ইউ, আইলা ভিউ এইবোৰ চব জানোঁ৷ গতিকে চিন্তা নাই৷”

“ঠিক আছে, যাওক৷”

বিজয়ৰ ঘৰত ভাত পানী খাই বিদায় ল’লোঁ৷ বন্দিতাক আহোতে আকৌ অলপ বুজাই বঢ়াই বৰেন্যক চুমা এটা খাই ঘৰ মুৱা হ’লোঁ৷ বাটতে চিন্টুক ফোন লগালোঁ-

“ঠিক আছে৷ হা কলোঁ৷ একেবাৰে চিনাকী কেইঘৰমান মানুহো আছে, সোমায়ো আহিম৷ খালি বৌয়েৰাক কৈ ল’ব লাগিব৷ নহ’লে ঘুৰি আহি বিজয়ৰ দৰে ঘৰ সোমাব নোৱাৰিম৷ পিচে এটা কথা,  জাহাজত উঠি পোৱা নাই,  মুৰ চুৰ ঘুৰাই যদি কি হ’ব? তাতে চাধা, তামোল, বিড়ি আৰু মোৰ গড় মাৰ্কা ঔষধ; এইবোৰ নহ’লেতো নচলিব মোৰ!”

“ধেইত, চিন্তাই নকৰিব, তাতে জাহাজতে ধুনু-ধুনু আপীয়ে কিবা কিবি খুৱাই দিব, গড় মাৰ্কা নাপাই বেলেগ কিবা কিবি দিব, বচ পুৰা খাব টোপনিয়াই টোপনিয়াই গৈ থাকিলে হ’ল৷ বাকী আপোনাৰ পুৰা মনোৰঞ্জনৰ দায়িত্ব মোৰ! আপোনাক এনে জেগাত লৈ যাম যে আপুনি ঘুৰি আহিবলৈ মনেই নকৰিব৷ পিচে চিনাকী মানুহৰ কথা ক’লে যে কোন দাদা?”

“আছে আছে, মালৱিকা বৰা  আৰু নিলঞ্জনা  বোলা দুজনী৷ মোক মাতিয়েই থাকে৷ খালি পইচাৰ অভাৱ বাবেই হে নাযাওঁ! পিচে এতিয়াতো মালদাৰ মিলিয়নেয়ৰ মানুহ আমি৷ ইহতক পাট্টা দিম জানো?”

“চাও দিয়ক, এনেই “হাই” কৈ অলপ জ্বলাই থৈ আহিম আৰু1”

“তেতিয়া হলে ভিছাৰ বস্তু তোমাক দি আছোঁ৷ বচ্ ৰেডী হলে মোক খবৰ দিবা৷ ময়ো ৰেডী হওঁগৈ৷”

“ওকে৷ বাই! চি ইউ ইন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইনটাৰনেচনেল এয়াৰ পৰ্ট!”

==========================

কিছুদিন পিচত মোৰ ভিছা গ্ৰান্ট হ’ল বুলি খবৰ পালোঁ৷ নহ’বই বা কিয়? আজিলৈকে কাৰো এক পইচাৰো অন্যায় কৰা নাই৷ জীৱনত পৰুৱা এটাও মাৰি নোপোৱা মানুহ৷ টালি-টোপোলা বান্ধি ৰেডী হৈ এল জি বি আই জাহাজ আড্ডা পালোঁগৈ৷ যোৱাৰ আগতে শেষবাৰৰ বাবে বিড়ি এটা খাওঁ বুলি টয়লেটতে দুটা বিড়ি একেলগে হুপি খটম কৰিলোঁ৷চিন্টু আহি পোৱালৈ বাট চালোঁ৷ প্ৰায় আধা ঘন্টা পিচত চিন্টু আহি হাজিৰ! কিন্তু ই কি! লগত আহিছে বিজয় আৰু মণিকাও!

মই কিবা কোৱাৰ আগতেই মণিকায়ে আৰম্ভ কৰিলে -চিন্টুক অকলে কেনেকে পঠিয়াওঁ কাকতি দা,  তাকো আমেৰিকা হেন জেগাত? আৰু পইচা পাই উঠি ডাঙৰ মানুহ হৈ গ’ল না? আপুনি বিজয় মহন্তক পাহৰি গ’ল৷ ময়ে চিন্টুক জোৰ কৰাত বিজয়কো লৈ আহিলোঁ ৷ মণিকাৰ মুখত চিন্টুদাৰ পৰা চিন্টুলৈ পৰিবৰ্তনটো অলপ অস্বাভাবিক লাগিল যদিও বুজিবলৈ দেৰি নালাগিল যে চিন্টু ইতিমধ্যে এক পিঞ্জৰাবদ্ধ বশীভুত পক্ষী৷ বিজয়ক এৰি মোৰ বেয়া লাগি আছিল সেয়ে তাক দেখি সাৱতি ধৰিলোঁ৷ সেই দুৰ্গতিময় দিনতো মুৰৰ ঘাম মাটিত পেলাই মোৰ কাৰণে ৰাতি দুপৰ বেলা গড়মাৰ্কা ঔষধ বিচাৰি আনি দিয়া কাহিনীটো মনত পৰি গ’ল৷

“ভালেই হ’ল দিয়া বিজয়৷ তোমালোকো আহিলা, ভালেই হ’ল! এতিয়া যাত্ৰা আৰম্ভ কৰোঁ৷”

চিন্টুয়ে কৈ গ’ল –“আমাৰ যাত্ৰাপথ হ’ব গুৱাহাটীৰ পৰা দিল্লী,  দিল্লীৰ পৰা লণ্ডনৰ হিথ্ৰ’, তাৰ পিচত চিধাই নিউ ইয়ৰ্কৰ জন এফ কেনেডি আন্তৰাষ্ট্ৰীয় এয়াৰপৰ্ট! প্ৰায় দুদিনৰ যাত্ৰা হ’ব৷ খোৱা-লোৱা,  হগা-মুতা, টোপনি সকলো প্ৰায় ওপৰতে হ’ব৷ মাজতে লণ্ডনৰ হিথ্ৰ’ত দুঘন্টা জাহাজ ৰখিব কিন্তু বাহিৰলৈ ওলাব নোৱাৰিব৷ দিল্লীত ইমিগ্ৰেচন চেক হ’ব যদিও পাৰ হোৱাত দিগদাৰ নাই, কিন্তু নিউইয়ৰ্কত আমেৰিকান পুলিচে অলপ জেং কৰিব পাৰে৷ যি সোধে ইয়েচ বা ন’ বুলি ক’ব৷ বিজয় তুমি এটাও কথা ইফাল সিফাল নক’বা৷ অভাৰ স্মাৰ্ট দেখুৱাবলৈ যত্ন নকৰিবা৷ কিবাকে তোমাৰ বাংলাদেশ ব’ৰ্ডাৰত চোৰাংকে গৰু বেচা কাহিনীটো ওলাই গ’লে চেটেপেই হৈ যাব পাৰে৷ বাকী মেনেজ হৈ যাব৷ এতিয়া সকলোৱে পাচপ’ৰ্ট ভিছা নিজৰ লগত ৰাখক৷ কাকো নিদিব আৰু নেহেৰুৱাব৷ হেৰালে ঘুৰি আহিব নোৱাৰিম৷”

“বাদ দিয়কহে চিন্টু দা, এন ডি এফ বিৰ ৰঞ্জন দৈমাৰীক গাড়ী বেচিম বুলি এডভান্স লৈ পলাই আহিছোঁ হে! কি কয়?”- বিজয়ে টপককে কৈ উঠিল৷

“এন ডি এফ বিক গাডী বেচা কথাটো ঘুণাক্ষৰেও যাতে গম নাপায়৷ কিবা ওলালে তুমিটো ফচিবাই আমিও উল্লুৰ লগত বগৰী পোৰা যাম” চিন্টুৱে গহীনাই কলে৷ মণিকাইও হয়ভৰ দিলে৷

কথা শুনিয়েই বিজয় আৰু মই লৈ যোৱা গামোছা দুখনেৰে ভিছা আৰু পাচপ’ৰ্ট ককালতে মেৰমেৰিয়া কে বান্ধি ল’লোঁ ৷ মণিকাই ভিছা পাচপৰ্ট নিজৰ জিনচৰ পকেটত সুমুৱাই লৈ চিন্টুৰ ফালে এনে এক চাঁৱনিৰে চাই থাকিল যেন “তুম মিলে, দিল খিলে আঔৰ জিনে কো ক্যা চাহিয়ে” গানটোত হিৰোইনে হিৰোৰ ফালে চাই আছে৷ ব’ৰ্ডিং পাচ বোলা ডাঠ ডাঠ কাগজ কিখন হাতত লৈ চিকিৰিউতি চেকৰ ফালে আগুৱাই গ’লোঁ৷

চিকিউৰিটি চেকতে প্ৰথম গণ্ডগোলটো আৰম্ভ হ’ল৷ সিহতৰ টিভি হেন বস্তুটোত মোৰ বাকচত থকা টোপোলা এটা দেখি উলিয়াব ল’লে৷ সেইটোত একপোণ তামোল, পান, চূন আৰু সৰু ক’টাৰী এখন আছিল৷ বহুত খুচৰি খুচৰি উলিয়াই দিলে গণ্ডগোল লগায়। কোনো পধ্যেই নেৰে৷ বহুত তৰ্ক-বিতৰ্ক কৰি শেষত উপায়ন্তৰ হৈ এৰিব লগা হ’ল৷ দুখমনে চিকিউৰিটি চেক পাৰ হ’লোঁ৷ তামোল-পানৰ বেগৰ লগতে নীলাঞ্জনালৈ নিয়া ঢেকীয়া শাক আৰু তেতেলী টেঙাখিনিও গ’ল৷

জাহাজত উঠাৰ আগতে বিজয়ে ক’লে –

“কাকতি দা, ৰজনীগন্ধা পাঁচ পেকেট পাৰ কৰিলোঁ৷ এপেকেট লওক!”

মই বোলো কেনেকে পাৰ কৰিলা? সি ক’লে জোতাৰ ভিতৰত সুমুৱাই আনিলোঁ৷ মই শুনিয়েই বোলো তুমিয়েই ৰাখা মোক নেলাগে আৰু৷ পেটে পেটে ভাবিলোঁ ইয়াক কোনোবাই এই প্ৰতিভাৰ কথা গম পালে ইখন দেশৰ পৰা অন্য দেশলৈ ড্ৰাগচ ডেলিভাৰী কৰা কামত লগাই দিয়ে যদি?

জাহাজৰ ভিতৰত সোমাই দেখোঁ প্ৰায় পাঁচশ মানুহ বহিছে৷ টিকেট চাই সকলোকে বহিবলৈ দিলে৷ মই আৰু বিজয় পিচৰ চিটত, লগত এজন বয়স্ক অনা-অসমীয়া ভদ্ৰলোক৷ চিন্টু আৰু মণিকা আশা কৰা মতেই আগৰ চিটত বহিল৷ জাহাজৰ আপী কেইজনী মানে নমস্কাৰ দি আকাৰে-ইঙ্গিতে কিবা কিবি কৈ গ’ল৷ একো বুজি নেপালেও এইটো বুজিলো যে আমাক শুভেচ্ছা দিছে৷ জাহাজৰ আপী কিজনীক চাই মাজে মাজে বিজয়ে মোক খালি কিলাগুটিৰে খুচি থাকিল৷ মই ঘোপাকে চাওঁতেহে তাৰ খোচ বন্ধ হ’ল৷ জাহাজ এৰাৰ সময় হ’ল,  ময়ো ভগবানৰ নাম ললোঁ৷ জাহাজৰ আপী এজনী আহি এডাল বেল্ট মাৰিবলৈ নিৰ্দেশ দিলে৷ বেল্ট মৰাৰ পিচতেই জাহাজ লাহে লাহে চলা আৰম্ভ হ’ল৷ এবাৰ ওপৰলৈ গ’লে তেওৰ ওপৰতে ভৰষা৷ এপাকত ঘপককে ঝটকা এটা দি জাহাজখন ওপঙি যোৱা হেন পালোঁ৷

মুৰটো গধুৰ গধুৰ লাগিল৷ কান দুখন এনেকে সোঁপা মাৰি ধৰিলে যেন ভিতৰৰ কনা মাকৰিবোৰ মগজুলৈ থেচি থেচি সোমাই গৈ আছে৷ জীৱনত নোপোৱা অভিজ্ঞতা এটা হ’ব বুলি ভাবি চকু মুদি দিলোঁ৷ কিমান দেৰি চকু মুদি আছিলোঁ নেজানোঁ৷ আগফালে চিন্টু আৰু মণিকাৰ হাঁহি-খিকিন্দালি শুনি সিহতলৈ চালোঁ৷ দৃশ্যটো চাই চকু ঘুৰাই আনিলোঁ বিজয়ৰ ফালে৷ দেখিলোঁ বিজয় টোপনিত লালকালঁ৷ মুখখন বেকা হৈ আছে মোৰ কান্ধৰ ফালে আৰু কোৱাৰিৰে অলপ লেলাউতি বৈ আহিছে৷

ঠেলা এটা মাৰি ডিঙিটো চিধা কৰি ময়ো শুবলৈ যত্ন কৰিলোঁ৷ কিন্তু ভয়ে-শঙ্কাতে টোপনি নাহে হে নাহে৷ জাহাজখনৰ মানুহবোৰ এফালৰ পৰা নিৰীক্ষণ কৰিলোঁ৷ হথাৎ চিনাকী হেন লগা মুখ এখন দেখা যেন লাগিল৷ মিতা৷ হয় ঠিকেই ধৰিছোঁ, আমাৰ মৰমৰ মিতা৷ বিজয়ক মাতিলো, চিন্টুকো মাতিলোঁ৷ নাই বিজয় উঠিবই নোখোজে৷ চিন্টুই শুনাই নেপালে৷ মণিকাই পিচফালে ঘুৰি চালে – “কি হ’ল কাকতি দা?”

“আগত সেইজনী মিতা নহয় নে? লগত কোননো?”

মণিকাই চিনি নাপালে৷ মিতাৰ কথা ওলাওঁতে বিজয়ে ঘুৰি চালে৷

“সেইটো সেই অসমীয়া সাহিত্যৰ জগতত আলোডন সৃষ্টিকাৰী ব্যক্তিজন চোন! ক’ত যায় ইহঁত?”-বিজয়ে এক অবিশ্বাস্য চাৱনিৰে কৈ উঠিল৷

“হ’ব দিয়া, কৰবাত যায় আৰু, নাচাবা৷ আকৌ আমাৰ লগত লটকিলে বেয়া কথা হ’ব৷ পুৰা খৰচ দি আমেৰিকা পোৱাবগৈ লাগিব৷ তাতে চিন্টুৰ ইমান খৰচ হৈছেই৷ আৰু এসোপা কৰিবলৈ নাই আৰু!”- মণিকাই অলপ টানকৈয়ে কৈ উঠিল৷ ময়ো শুনি মনে মনে ৰলোঁ৷

অলপ পিচত জাহাজৰ আপী কিজনি লাহে লাহে কিবা কিবি খোৱা বস্তুৰ ট্ৰে এখন লৈ আমাৰ ফালে আগবাঢি আহিল৷

———-

প্ৰায় তিনিঘন্টাৰ মুৰত দিল্লীৰ পৰা আমি লুফথান্সা এয়াৰ লাইন্সৰ দ্বিতীয়খন বিমান এয়াৰবাছ ৩৫০-১০০০ অভিমুখে ৰাওঁনা হ’ম ইমিগ্ৰেচন চেকৰ পিচতে৷ গন্তব্যস্থান নিউইয়ৰ্ক ভায়া হিথ্ৰ’ এয়াৰপ’ৰ্ট, লণ্ডন!

(আগলৈ)

3 Comments

Leave a Reply

Your email address will not be published.