ফটাঢোল

ফটাঢোল এডভেন্সাৰ পাৰ্ট (দুই)– বিজয় মহন্ত / হেমন্ত কাকতি

(যোৱা সংখ্যাত:- দুই বন্ধু বিজয় মহন্ত আৰু হেমন্ত কাকতি দুয়ো দুখন চাইকেল লৈ ওলাইছিল ফেচবুকৰ বন্ধু বৰ্গৰ ঘৰলৈ ফুৰিবলৈ, পিচে যাত্ৰাকালত তেওলোক সন্মুখীন হয় বিভিন্ন আহুকালৰ৷ ইতিমধ্যে তেওঁলোক দুয়োয়ে আশা কৰা ধৰনে বন্ধু বান্ধৱীৰ পৰা সহাৰিও নাপায়,আপ্যায়নো নাপায়৷ ফেচবুকৰ পৃথিৱী আৰু বাস্তৱ জগত খন যে বহুত বেলেগ তাৰেই কিছু সৰস আৰু ধেমেলীয়া বৰ্ননা কৰা হৈছে এই ধাৰাবাহিক খনত৷ ইয়াৰে চৰিত্ৰ সমূহ সম্পুৰ্ণ কাল্পনিক৷ বাস্তৱত কিবা মিল দেখিলে সেয়া কাকতালীয় হে হব৷)

চিণ্টুদালৈ লগোৱা ফোনত হে’ল্ল হে’ল্ল চিঞৰি চিঞৰি সিফালৰ পৰা একো মাতবোল নুশুনি কেৱল ঘন ঘন উশাহহে লোৱা শুনি চঞ্চল হৈ পৰা কাকতিদাৰ ধমকি শুনি কিবা বুজাৰ আগতেই জাপ মাৰি চাইকেলত উঠিলো।ঘটং মটং শব্দৰে চাইকেল চলাই দুয়োজন আহি হাইৱেত উঠিলো। ইতিমধ্যে পেটৰ কেচু কুমতিয়ে ভোকত জংগী আন্দোলন আৰম্ভ কৰিব আৰম্ভ কৰিছিল। হাইৱেত উঠি দুয়োজনে আলোচনা কৰিলো ক’ত যাওঁ। হওঁতে ওচৰতে দুঘৰ মানুহ আছে। বন্ধু চেখৰ আৰু হিমাশ্ৰীৰ ঘৰলৈ গ’লেও চাহ ভাত কিবা এটা দিব কিন্তু বন্ধ দিন সিহঁতো চাগৈ গান গোৱাত ব্যস্ত থাকিব৷ বাকী থাকিল দিগন্তদাৰ ঘৰ। কাকতিদাই কৈ উঠিল ব’লা দিগন্তৰ ঘৰলৈকে যাওঁ। মানুহটো ভাল। কথা বতৰাৰ লেকাম নাই যদিও মানুহৰ লগত সহজে মিলিব পাৰে। গ’লে কিবা এটা খুৱাব ফেচবুকৰ বন্ধু বুলি। কাকতিদাৰ প্ৰস্তাৱ একে কোবে না কৰি দিলো দিগন্তদাৰ বৌৰ কথা ভাবি। যি হে দাংকাটি মানুহ। গতিকে প্লেন কেনচেল কৰি আগবাঢ়িলো বাইপাছৰ কাষতে থকা জিৰণি ধাবালৈ।

ধাবাৰ মুখ পাইছোহে মোৰ ফোনটো বাজি উঠিল। চিণ্টুদাৰ ফোন।

“বিজয় তোমালোক আহোতে মই কপাল-ভাটি কৰি আছিলো। ভাগৰত মুখেৰে মাত নোলাল। তোমালোকতো যোৰহাটতে আছা, ঘুৰি আহা। কাকতিদাক কথা কেইটা ক’বলৈ নাপাওতেই চাইকেল ঘুৰাই কাকতিদায়ে চিণ্টুদাৰ ঘৰৰ ফালে গতি কৰিলে।

চিণ্টুদাৰ ঘৰ পাই দেখিলো চিণ্টুদাই ডাইনিং টেবুলখনত বইল আলু দুটামান থৈ তাৰ ওপৰত শুই লৈ বাগৰি আছে। মই বোলো চিণ্টুদা কি কৰিছে?

“চোৱা তোমালোক যে দিনটো ভোকত আছা জানো। ইফালে বৌয়েৰা নাই ঘৰত। গতিকে ভাততে আলু দুটামান দি দিলো। মোৰ চেহেৰাটো দেখিছাই। শক্তিও নাই। গতিকে এনেদৰেই আলু কেইটা পিটিকি তোমালোকক ভাত কেইটা খুৱাই লওঁ”

চিণ্টুদাৰ কষ্ট দেখি মনটো বেয়া লাগি গল। মুখ হাত ধুই আহি দুয়োজনে চিণ্টুদাই বাঢ়ি দিয়া ভাত খোৱাত লাগিলো। কাকতিদালৈ চালো।তেও যেন আলুপিটিকাৰ পৰা কিবা এটা বাছিবলৈ চেষ্টা কৰি আছে। ভালদৰে চালো। কাকতিদাই পিটিকি পিটিকি উলিয়াই আনিছে এডাল নোম। আলু পিটিকা তেনেদৰেই এৰি ভাতত পানী ঢালি বাকী ভাত খিনি শেষ কৰিলো।

সন্ধিয়া হোৱাৰ লগে লগে কাকতিদা আৰু চিণ্টুদা,চিণ্টুদাৰ সেই ‘বিশেষ’ কোঠাটোত সোমাল।মই টিভি চোৱাত লাগিলো। ৰাতিলৈ চাৰিদিনমান আগতে বৌয়ে বনাই ফ্ৰীজত ভৰাই থোৱা মাংসৰে চিণ্টুদাই ভাত খুৱাই আমাক গেষ্ট ৰূমত শুবলৈ দেখুৱাই তেওঁ শুবলৈ গ’ল।

মাজৰাতি কাকতিদাৰ কাৰোবাৰ লগত কথোপকথন শুনি সাৰ পাই গ’লো। কাকতিদাই সপোনতে বিৰবিৰাই আছে “চোৱা মনিকা বয়স হ’ল যদিও মোৰোতো অলপ চখ কৰিবলৈ মন যায়।” গম পালো, আজি আকৌ কাকতিদাই মনিকা লিয়’নেস্কিৰ সপোন দেখিছে৷ কাকতিদাক মাতি মাতি হেচুকি দিলো। “ওঁহ” বুলি মুখেৰে গেঙেৰি এটা মাৰি কাকতিদাই মুৰটো ঘুৰাই শুই থাকিল।

ঘটং। তলৰ পৰা কাহি বাতি দলিওৱাৰ লগতে উহ আহ শব্দত সাৰ পাই গ’লো। গম পালো বৌ ঘৰলৈ আহিল। কাকতিদালৈ চালো। গাৰু এটা সাৱটি শুই আছে। আগদিনা ৰাতি পিন্ধি শোৱা টাৱেলখন দেহাৰ পৰা এমাইল দুৰৈত।কোনোবা কাহানিতে কিনা জকী আণ্ডাৰৱেৰটোৰ ইলাষ্টিক দাল নষ্ট হ’বলৈ নিদি মাৰ্কিন কাপোৰত লগাই বৌয়ে চিলাই দিয়া আণ্ডাৰৱেৰটো পিন্ধি নিচিন্তে শুই আছে।

যি নহক, ৰাতিপুৱা কাটাবিস্কুট আৰু চাহ খাই আমি লৰালৰিকৈ ওলাই আহিলো।আমাৰ লক্ষ্য মনিকা বাৰ ঘৰ। হাইৱেত উঠাৰ লগে লগে মোৰ চাইকেলৰ স্পীড বাঢ়িল।নাবাঢ়িব কিয়? ডেকা ল’ৰাৰ তেজ। ইফালে আগদিনা ৰাতি টাৱেলখন আতৰি থাকোতেই লক্ষ্য কৰিছিলো চাইকেল চলাই চলাই বেচেৰা কাকতিদাৰ অৱস্থা বেয়া হৈছে।

ঘটং

ইমান সময়ে নিজৰ ভাৱত বিভোৰ হৈ চাইকেল চলাই থকা মোৰ ভাৱনাৰ অন্ত পেলালে শব্দটোৱে। পিছলৈ ঘুৰি চালো। কাষৰ গলিৰ পৰা ওলাই অহা সুন্দৰী যুৱতীৰ খুন্দাত কাকতিদা পৰি গৈছে আৰু বেলেঞ্চ ৰাখিব নোৱাৰি যুৱতী গৈ কাকতিদাৰ গাত তললৈ মুৰ দি লাং খাই পৰি আছে। চাইকেলখন ষ্টেণ্ড কৰি দৌৰি গ’লো৷ গৈ দেখো ওপৰমুৱাকৈ পৰি থকা কাকতিদাই মিলিক মালাক কৈ হাঁহি দুচকো মুদি দুইহাতে সাৱটি ধৰি আছে যুৱতী গৰাকীক। যুৱতী গৰাকী উঠিবলৈ চেষ্টা কৰিও সৱল হাতৰ বান্ধোনত উঠিব পৰা নাই আৰু কাকতিদাৰ উঠাৰ কোনো লক্ষন নাই। দুই হাতেৰে বল প্ৰয়োগ কৰি কাকতিদাৰ বন্ধনৰ পৰা যুৱতী গৰাকীক মুক্ত কৰি যুৱতী গৰাকীৰ স্কুটি খনো তুলি দিলো। ইতিমধ্যে কাকতিদাও উঠি ধুলি জাৰি জোকাৰি মোলৈ পোন্দোৱাকৈ চাই চাইকেল উঠালে।

“ভন্টি দুখ পালা নেকি?”

-কাকতিদাৰ চকুয়ে অলপ আশাৰ হাঁহিৰ জিলিঙনিৰে যুৱতী গৰাকীক সুধিলে।

“অই বুঢ়া চাইকেল চলাব নাজান যদি চলাৱ কিয়?”

“এহ নাজানো বুলি নো কেনেকৈ কওঁ? ইমান দিনটো চলায়েই আছো পিছে জীৱনত গাভৰু ছোৱালীৰ খুন্দা আজিহে খালো৷

কাকতিদালৈ খঙেৰে চাই মুখেৰে দক্ষিণা নোপোৱা বামুনে ভোৰভোৰাই যোৱাদি ছোৱালী জনী স্কুটি ষ্টাৰ্ট দি এগালমান ধুলি উৰুৱাই
গুচি গ’ল৷
“কি কৰে এতিয়া কাকতি দা?”-ছোৱালীজনী যোৱালৈ দুখমনেৰে একেথৰে চাই থকা কাকতিদাক সুধিলো।

“দিগন্তৰ ঘৰলৈ যাওঁ। দুপৰীয়াৰ ভাত সাজ তাতে খাই মনিকাৰ ঘৰলৈ যাম”

যাবলৈ মন নাছিল যদিও কাকতিদাৰ আগ্ৰহ দেখি আগবাঢ়িলো দিগন্তদাৰ ঘৰলৈ।

“আৰু কেতিয়াওঁ নকৰো।আৰু কেতিয়াওঁ নকৰো”।দিগন্ত দাৰ ভাড়াঘৰৰ ভিতৰৰ পৰা মহিলাৰ কান্দি থকা মাত এটা আমাৰ কাণত পৰিল। কাকতিদাৰ মুখলৈ চালো।

“এই মানুহজন বৰ বেয়া। ফেচবুকতো যাকে তাকে যি সি কয়। এতিয়া চাগৈ পৰিবাৰক মাৰধৰ কৰি আছে। বলা যাওগৈ” কাকতিদাই ফুচফুচাই কলে।

“নাই নাযাও। মহিলাক বেয়া ব্যৱহাৰ কৰা মানুহক মই দেখিব নোৱাৰো। গতিকে কাজিয়া ভাঙি হে যাম”-কাকতিদালৈ ৰৈ নাথাকি ভিতৰলৈ সোমাই গ’লো। বেডৰূমৰ বিছনাখনৰ কাষত বৌয়ে আঠুকাঢ়ি কান্দি কান্দি তেতিয়াও কৈ আছে আৰু নকৰো আৰু নকৰো বুলি।

“এই মানুহটো বুঢ়া হ’ল। তথাপিও মানুহজনীক শান্তি নিদিলে আৰু। এতিয়াও নো মানুহজনীক আঠুকঢ়াই থব লাগেনে। ঠিকছে গালি দিম ৰ”

“বৌ কি হৈছে?” মোৰ মাতত বৌয়ে মোলৈ ঘুৰি চালে।

“চোৱাচোন কালি ৰাতি বাচন ধোওঁতে মানুহটোৱে কাপ এটা ভাঙিলে। মোৰো খঙ উঠি সদায় সদায় কিয় ভাঙ বুলি দম এটা দিলো। ভয় খাই তেতিয়াৰ পৰাই বিছনাখনৰ তলত যে সোমাল ভয়তে নোলাৱাই হ’ল এতিয়া”।

বুজিলো ফেচবুকত সিংহৰ দৰে গৰজি থকা মানুহটোৰ ঘৰত এই অৱস্থা৷ আমাৰ মাত শুনি অলপ সাহস পাই দিগন্তদা মুৰে গায়ে এগালমান মকৰাজালৰ সৈতে বিছনা তলৰ পৰা ওলাই আহিল ৷
ইয়াৰ পিছৰ খিনি কাকতিদাৰ মুখেৰেই শুনক-

————

দিগন্তৰ ঘৰত মেকুৰী কাণৰ সমান দুখন লেকেটিয়া শুকান ৰুটি আৰু এক কাপ সা-সোৱাদ নোহোৱা লাল চাহ খাই আমি আকৌ আমাৰ চাইকেল যাত্ৰা আৰম্ভ কৰিলো৷ দিগন্তই যেন আমি কেতিয়া যাও কেতিয়া যাও তেনে এটা ভাৱধাৰা মুখ খনত প্ৰথমৰে পৰাই বিৰিঙাই ৰাখিছিল৷ দিগন্তই ঘৰত কাম কৰি থাকোতে প্ৰায়ভাগ সময় ঘৈনীয়েকে হাতত কিবা এটা লৈ ওচৰত ঠিয় হৈ থকা দেখিছিলো৷ ইয়াৰ কাৰন ভাবি ভাবি মই হতবম্ব হৈছিলো যদিও বিজয়ে বিচক্ষন বুদ্ধিজীৱিৰ দৰেই বিচাৰি উলিয়াইছিল তাৰ অন্তৰ্নিহিত উদ্দেশ্য৷

“কাকতি দা, আচলতে তেওঁ আমাৰ আগত অলপ অপ্ৰস্তুত হৈছিল৷ যি কোনো মুহুৰ্ততে বতৰৰ পৰিবৰ্তন হোৱাদি, বৌৰ মুডৰ পৰিবৰ্তন হয়৷ সেই সময়ত হ’ব পৰা অপ্ৰীতিকৰ দৃশ্য মানে দাদাৰ গাত ঔ কিল পৰ্যন্ত পৰি যাব পৰা দৃশ্যপট তেওঁ আমি প্ৰত্যক্ষ কৰাতো নিবিচাৰিবই দিয়কচোন, কাৰন আগে পিছে ধেমেৰ ধুমুৰ দি ঘৰৰ বাহিৰত উলিয়াই ৰখা ৰেকৰ্ড আছে৷ এদিন ৰাতি উচুপি উচুপি মোক নিজেই কৈছিল৷ গতিকে আমি সোনকালে ইয়াৰ পৰা ওলাই যোৱাই মংগল হ’ব!”

“আৰু এটা কথা জানে নে নাই? বৌয়ে দাদাক মায়ঙৰ বেজৰ হতুৱাই মাদুলী দি বশ কৰাই থৈছে”

বিজয়ৰ কথাত হাঁহিম নে কান্দিম ধৰিব নোৱাৰি কলো-

“তুমিও ভাল জমালা দেই! আজিৰ যুগতে এইবোৰ মানুহে বিশ্বাস কৰেনে? ধুৰ!”

দিগন্তহঁতৰ ঘৰৰ পৰা বিদায় লৈ তেওঁৰ অকনমানি মৰম লগা ছোৱালী জনীক ফ্লাইং কিচ আৰু বাই কৰি আমি আৰম্ভ কৰিলো আমাৰ গন্তব্য স্থল মনিকাৰ ঘৰলৈ৷ বাটত বিজয়ে মোক সোঁৱৰাই দিবলৈ নাপাহৰিলে-

“দাদা, জানেই নহয় মনিকা বাৰ ঘৰত আমি দুপৰীয়াৰ সাজ হে খাম কিন্তু আপুনি আকৌ যি হে মানুহ, কথাত ধৰিলে নেৰেই নহয়! জোক লগাদি লাগি নধৰিব৷ গতিকে খাই লৈ তিনিটা বজাত ঘুৰিম৷ ৰাতিৰ সাজ মৌচুমী বাৰ তাত৷”

“হ’ব দিয়া, তুমি টেনচন ল’ব নেলাগে৷ মোৰ নো কি আৰু খোৱা বোৱা ভাল হ’লেই হ’ল!”

প্ৰায় আধা ঘন্টা বাটকুৰি বাই সৰু হাবিতলীয়া ৰাস্তা এটা পাওতেই বিজয় ৰ’ল৷ কি হ’ল বুলি সুধিব নাপালোৱেই, সি চাইকেল দলিয়াই জংগলৰ ফালে দৌৰ দিলে৷ গোটেই ৰাস্তাটো তাৰ পিচত চাইকেল দৌৰাওতেই যি উৎকট পচা দুৰ্গন্ধটো পাই আছিলো, তাৰ কাৰনটো তেতিয়াহে বুজি পাইছিলো৷
বেচেৰাৰ চাৰিবেৰৰ মাজত কৰাৰ অভ্যাস নাই৷ মুকলি মনৰ মানুহ, মুকলিতেই মুকলিমুৰিয়াকৈ কামফেৰা কৰে৷ এবাৰ কোনোবাই কোৱা মনত আছে যে জংগল বা পথাৰৰ ঘাঁহৰ স্পৰ্শ নহ’লে তাৰ বোলে খোলোচা নহয়৷ যি কি নহওঁক, সি আহে মানে বিড়ি এডালকে হোপো বুলি মইও জুইশলা বাঁহটো আৰু বিড়ি এটা উলিয়াই ল’লো৷

প্ৰায় এঘন্টামানৰ পিচত বিজয় মহন্তই মুখত এক নিৰ্মল প্ৰশান্তিৰ হাঁহি লৈ ওচৰ চাপিল৷ চাইকেল চলাওতে তাক এক নিৰ্দিষ্ট দুৰত্বৰ ব্যৱধান ৰাখিবলৈ কৈ আমি মনিকাৰ ঘৰৰ ফালে আগবাঢ়িলো ৷

আগতে কৰা ভুলৰ দৰে এইবাৰ তাইক ফোন নকৰাৰ ভুলটো নকৰিবলৈ বিজয়ক কোৱাৰ আগতেই মনিকাৰ ফোন আহিল৷ পাঁচ মিনিটত আহি পাম বুলি কৈ বিজয়ে ফোন কাটি দি টিকা ডাঙি চাইকেল চলাব ধৰিলে৷ মইও হেফাই ফোফাঁই আগবাঢ়িলো৷

মনিকাৰ ঘৰ পোৱাৰ অলপ আগে আগে মই চেলুন এখনত গৈ দাৰি চুলি খিনি চেটিং কৰি ভাল আফটাৰ চেভ লোচন অকমান মুখত লগাই ল’লো৷ বিজয়ৰ গাৰ পৰা ভাঁহি অহা উৎকট গোন্ধটোত ৰ’ব নোৱাৰি নাপিত জনে নিজেই বডি স্প্ৰে টো তাৰ গাত মাৰি দিলে৷ পুনৰ চাইকেলত উঠি প্ৰায় দুই মিনিট পিচত সিহঁতৰ গেটৰ সন্মুখত উপস্থিত হ’লোগৈ৷ আমাক দেখি মনিকাই এটা মিচিকীয়া হাঁহিৰে আশা কৰা ধৰনেৰে আদৰ সম্ভাষন জনাই বহিবলৈ দিলে৷ আৰু সুধিলে গৰম খাম নে ঠাণ্ডা৷

“অতিথিক যিহেৰে শুশ্ৰূষা কৰা তোমাৰ ইচ্ছা” বুলি বেকা কৈ হাঁহি চকু টিপ এটা মাৰি অলপ ফ্লাৰ্ট কৰাৰ দৰে ক’লো৷ তাইও দুষ্টালী ভৰা এটা হাঁহিৰে চকুৰ ভাষাৰে যেন কিবা বুজাই ভিতৰলৈ গ’ল৷ অলপ পিচত নেমু চৰৱত দুগিলাছ লৈ চুটি চাপৰ ক্ষীন আধা বয়সীয়া ৰামু কাকা হেন মানুহ এজনৰ আবিৰ্ভাৱ হ’ল৷ পিচে পিচে মনিকা৷ তেওঁ আহি কলে- “এয়া মোৰ মিষ্টাৰ দেই!”

বিজয়ে চৰবত গিলাচ একে হোপাতে ইতিমধ্যে শেষ কৰি পেলাইছিল৷ ময়ো লাহে লাহে চৰবতত সোহা মাৰিলো৷ সৌজন্যতামুলক দুই এষাৰ বাৰ্তালাপৰ অন্তত তেওঁলোক দুজন ভিতৰলৈ গ’ল৷ চৰবত খিনি খাই ভালেই লাগিছিল যদিও গিলাচৰ তলৰ ভাগৰ ফালে কিবা কেঁহা সোৱাদ এটাই অলপ অসুবিধা দিয়া হেন পোৱাত মই গোটেই খিনি শেষ নকৰিলো৷

বহুদেৰি কাৰো মাতবোল নোহোৱাত অলপ অস্বষ্টি অনুভৱ কৰিছিলো যদিও চাইকেল চলাই লগা ভাগৰ মৰিবলৈ ফেনৰ তলত কিছুদেৰি অকলে বহি বেয়া লগা নাছিল৷ নিতাল মাৰি বহি থকা বিজয় এপাকত উঠি লাহে লাহে ভিতৰৰ ফালে খোজ দিলে৷ টয়লেট গ’ল বুলি ভাবি মই অকলে ড্ৰয়িং ৰুমৰ টেবুলত থকা মেগাজিন এখনৰ পাত লুটিয়ালো৷ আগ নিশা ভালকৈ নোশোৱাৰ কাৰনেই অলপ টোপনি টোপনি ভাৱ এটাই আক্ৰমন কৰিছিল৷ চকু কেতিয়া মুদ খাইছিল মনত নাই, ভিতৰৰ পৰা ঘিটিং ঘাটাং কিবা শব্দত চকা মকাকে সাৰ পালো৷ ঘড়িটোলৈ চাই দেখিলো প্ৰায় এঘন্টা টোপনিয়ালো৷ বিজয়ক কোনোফালে নেদেখি ভিতৰলৈ ভুমুকিয়ালো৷

ই কি? কান্ধত গামোছা পৰিহিত বিজয় কাপোৰ কানি খুলি গেঞ্জী আৰু হাফ পেন্ট এটা পিন্ধি হাতত ঝাৰু এপাত লৈ বাথৰুম লেট্ৰিন এফালৰ পৰা চাফাই কৰাত লাগিছে! অলপ দুৰত মনিকাৰ মিষ্টাৰে হাতত কিবা এটা লৈ বিজয়ৰ সন্মুখতে ঠিয় হৈ আছে!

আছলতে হল কি তত ধৰিব নোৱাৰি মই মনিকাক মাতিলো ৷

“মনিকা, কত তুমি?”

একেই দুষ্টালী ভৰা হাঁহিটোৰে হাতত কিবা এটা লৈ মনিকা মোৰ সন্মুখত৷ মই মন্ত্ৰমুগ্ধ হৈ ৰ’লো কিছু পৰ! তাৰ পিচত কিয় নাজানো মনিকাহঁতৰ পাকঘৰৰ কাষত থকা চৌবাচ্চা আৰু তাৰ কাষত নোধোৱাকৈ পৰি থকা বাচন বোৰৰ ফালে দুৰ্বাৰ আকৰ্ষন এটা অনুভৱ কৰিব ধৰিলো৷ এপাকত নিজকে নিজে ৰখাব নোৱাৰি চাৰ্ট টো খুলি ডাইনীং চকীত ওলোমাই থোৱা ৰামুকাকা জনৰ গামোছা খন কান্ধত ওলোমাই ল’লো৷ এক চৌম্বকীয় শক্তিয়ে মোক টানি লৈ গ’ল আৰু প্ৰায় দহ মিনিটত বাচন খিনি ধুই চাফা কৰি মই দৌৰিলো বাল্টি এটা বিচাৰি৷

ঘৰটো মছাৰ এটা প্ৰবল ইচ্ছা হ’ল৷ মোৰ চাইডত ঠিয় হৈ থাকিল মনিকা আৰু ৰামু ককা৷ দুইজনৰে হাতত কিবা দুটা ওলমি আছে৷ হয়তু মায়ঙৰ বেজৰ মাদুলি দুটা৷

মনিকাৰ ঘৰত ৰাতিটো কটাই পুৱা ৰাতি সাৰ পালো৷ মাদুলিৰ জাৰ কমাত লাহে লাহে হুচ আহিল৷ বিজয়ক দেখিলো বাৰাণ্ডাত ভৰি মুচিবলৈ পাৰি থোৱা বস্তাটোতে প্ৰায় বেহুচ হৈ পৰি আছে৷ গাত বস্ত্ৰ বুলিবলৈ ফটা গেঞ্জী আৰু আণ্ডাৰৱেৰ টো৷ সি ৰাতি পিন্ধা গামোছাখনত বিলাটি কুকুৰ পোৱালীটোৱে টানি টুনি খেলি আছে৷ গম পালো, বিজয়ে পিন্ধি থকা গামোছাখনত মালিকৰ গোন্ধ পাই ৰাতি কুকুৰটোৱেই সেইখন টানি আজুৰি খুলি পেলালে৷ গেঞ্জী আৰু আণ্ডাৰৱেৰত থকা অসংখ্য ফুটাবোৰ দেখি জালিৱনাৱলাবাগৰ সেই কুখ্যাত হত্যাকাণ্ডলৈ মনত পৰি গ’ল৷ এনে লাগিছিল যেন জেনেৰেল ডায়াৰৰ বন্দুকৰ সমস্ত গুলীবোৰ যেন বিজয়ৰ গেঞ্জীৰ মাজেৰেহে পাৰ হৈ গৈছিল৷ পানী এচলকা চকুত মাৰি দিয়াত সিও চকমক কে সাৰ পালে৷ বিজয়ক হাত খনত টানি ক’লো “বিজয়, সোনকালে উঠা আৰু পলাও”

চকু মোহাৰি মোহাৰি বিজয়ে কৈ উঠিল

“কাকতি দা, তামাম ভোক লাগিছে”

পাকঘৰত সোমাই চাৰিও ফালে বিচাৰি বিচাৰি ব্ৰেড অলপ পালো৷ তাকে পানীৰ লগত খাই দুয়ো তাৰ পৰা পলায়ন কৰিলো৷ ৰাতি পুৱাবলৈ আৰু দুঘন্টা বাকী আছিল৷ পোহৰ হোৱালৈ বাহিৰৰ বাচ স্টেণ্ড এটাতে বিজয়ৰ তেৰ বছৰীয়া ফটা প্ৰেম কাহিনী শুনি শুনি হামিয়াই হিকতিয়াই পাৰ কৰিলো৷

পুৱাৰ পৰা পুনৰ আৰম্ভ হ’ল চাইকেল যাত্ৰা৷

ৰাস্তাত অলপ প্ৰয়োজনীয় সামগ্ৰী (মোৰ গড় মাৰ্কা বস্তুটো আৰু বিড়ি এমুঠা) কিনি লৈ মৌচুমীৰ ঘৰলৈ পোনালো৷ মোৰ মনত ধাৰনা এটাই মনত বাঁহ লবলৈ আৰম্ভ কৰিছিল যে মৌচুমীয়ে আমাক ভাল কিবা এটা খুৱাব ৷ সেইদিনা যিহেতু দেওবাৰ আছিল গতিকে সকলোবোৰ ঘৰতে থাকিব বুলি ধৰিয়েই লৈছিলো৷ তথাপিও প্ৰিকচ’নাৰী ব্যৱস্থা হিচাবে বিজয়ক ফোনটো কৰি জনাবলৈ ক’লো৷ অলপ পিচত বিজয়ৰ মুখত হাঁহি বিৰিঙা দেখি গম পাইছিলো, ৰিজাল্ট ভাল৷ হয়, মৌচুমীয়ে খোৱাৰ যোগাৰ কৰিছিল৷ বহুদিনৰ মুৰত ভাত এসাজ ভালকে খাম বুলি অলপ আনন্দিতও হ’ল৷ যিয়েই নহওক প্ৰায় বাৰ বজাত গৈ মৌচুমীৰ ঘৰৰ বাৰাণ্ডাত চাইকেল ৰখালো৷

আমাক সন্মুখত দেখি আথে বেথে পানী দুগিলাচ দি বহিবলৈ দিলে আৰু পাকঘৰত খোৱাৰ যোগাৰ কৰাত ব্যস্ত হৈ পৰিল৷ বহুত দেৰি মৌচুমীৰ মিষ্টাৰ আৰু ল’ৰাক নেদেখি সুধিয়েই পেলালো তেওঁলোক ক’ত বুলি৷ মৌচুমীয়ে ক’লে তেওঁ হেনো কিবা আৰ্জেন্ট কামত বাহিৰলৈ গৈছে লগত ল’ৰাকো লৈ গৈছে চুলি কটাবলৈ৷ আলহী ঘৰত আহিব বুলি জানিও এনেদৰে বাহিৰলৈ ওলাই যোৱা কামটো ভাল নালাগিল যদিও মনে মনে ৰ’লো৷

প্ৰায় দুই মান বজাত মৌচুমীয়ে ডাইনিং টেবুললৈ আমন্ত্ৰন জনালে৷ ডাইনিং টেবুলত ভাত, ডাইল,তৰকাৰী বা মাছ মাংস জাতীয় ‘নৰ্মেল’ কোনো খাদ্য চকুত নপৰিল৷ তাৰ পৰিবৰ্তে থালত অচিনাকী ব্যঞ্জন কেইবিধ মান হে দেখিলো৷

“খাওক,খাওক! লাজ নকৰিব নিজৰ বুলি৷ আজি অলপ নতুন কন্টিনেন্টেল ৰেচিপি বনালো৷ এইটো চিলি উইথ মাছৰুম চালাড, এইটো ঔক টচড্ এচপাৰাগাছ নডিউলচ, এয়া গাৰ্লিক টচড্ চপচুৱেই, আগতে চিকেন বোন চুপ টো খাই চাওক”- মৌয়ে এফালৰ পৰা উৎসাহেৰে কৈ গ’ল৷ মই বিজয়ৰ ফালে চালো৷ সি বেচেৰা অসহায় অথচ ভোকাতুৰ এক চাৱনিৰে মোৰ ফালে চাই আছিল৷ পৰিবেশটো সহজ কৰিবলৈ তাক ইষৎ হাঁহিৰে কলো “আৰম্ভ কৰা বিজয়! তাই ইমান হেঁপাহৰে বনাইছে”

সমস্ত খাদ্যৰ ওপৰত চকু ফুৰাই কেবাটাও জলকীয়া জাতীয় বস্তু ওপঙি থকা পানীয় বিধেই“চুপ” হ’ব বুলি ধাৰনা কৰিলো৷ মুখত দিওতেই চৰচৰনি খাই উঠিলো৷ প্ৰচণ্ড জলাৰ প্ৰতাপত কোনোমতে এক চামুচ মান গিলিলো৷ বিজয়ৰো একে অৱস্থা, পানী বুলি ডাইনিং টেবুলৰ মাজতে থকা ভিনেগাৰৰ বটলটো মুখত ঢালিবলৈ লওতে হাতখনত ঠাপ মাৰি ধৰি কোনোমতে তাৰ প্ৰান ৰক্ষা কৰিলো৷ অৱশেষত ভোকৰ প্ৰকোপত কিবা কিবি গিলিলো যদিও পেট পাক দি ওলাই আহো ওলাই আহো যেন হওতেই পানী ধালি খোৱা পৰ্ব শেষ কৰিলো৷ খোৱাৰ টাৰগেট পুৰন হোৱাত অলপো বিলম্ব নকৰি মৌচুমীক ধন্যবাদ দি তাৰ পৰা ওলালো৷

“দাদা, আকৌ আহিব এদিন, ইটালিয়ান ৰিচিপি এটা শিকি থৈছো, নেক্সট টাইম আহিলে বনাম”

মৌয়ে আগ্ৰহেৰে কৈ আমাক বিদায় দিলে৷ মনতে ভাবিলো -ভাত ডাইল আলুপিটিকাৰে বেচি সুখ পালোহেতেন ঐ৷

অলপ দুৰ আগুৱাই আহি ৰোড চাইড ধাবা খনৰ সন্মুখতে মৌৰ ল’ৰাক দেখি কৌতুহল ৰখাব নোৱাৰি চাইকেল ৰখালো৷

“বিজয়, সৌটো মৌচুমিৰ ল’ৰা নহয় নে? তাক সুধি আহা চোন, ইয়াত অকলে অকলে কি কৰি আছে সি?”

অলপ পিচত বিজয় ঘুৰি আহি যি ক’লে তাৰ সাৰাংশ টো এনেধৰনৰ৷ যেতিয়াই মাকে কিবা “স্পেচিয়েল ডিচ” বনাব বুলি খবৰ পাই সেইদিনাই বাপেক আৰু পুতেকে কিবা বাহানা উলিয়াই হোটেলত খাই যায়হি!কাৰণটো বুজিলো৷

যি কি নহওঁক, আমাৰ দীঘলীয়া যাত্ৰা আকৌ আৰম্ভ কৰিলো৷ কলৈ যাম কি কৰো ঠিক কৰিব পৰা নাই,তথাপিও পকী ৰাস্তা বুলি চাইকেল আগুৱালো৷

(আগলৈ)

4 Comments

Leave a Reply

Your email address will not be published.