ফটাঢোল

ফটাঢোল এডভেন্সাৰ (সপ্তম খণ্ড) – হেমন্ত কাকতি/বিজয় মহন্ত

নিউইয়ৰ্কৰ পৰা আমাৰ গাড়ী চলিছিল বাৰ্লিংটন অভিমুখে৷ বিজয় আৰু মোৰ ভিতৰুৱা কথাবোৰ অসমীয়াত পাতিবলৈ অসুবিধা পাইছিলো যদিও মহন্ত ড্ৰাইভাৰক পাই মনটো অলপ মুকলি মুকলিও লাগিছিল৷ তেওঁ কৈ গ’ল,

“চাৰ, প্ৰায় দুঘণ্টা মূৰত বাৰ্লিংটন পামগৈ৷ সাধাৰণতে ইয়াৰ লোকেল টেক্সীবোৰে হ’লে ঘূৰাই পকাই নিলেহেঁতেন৷ এটা ৰাস্তা আছে, New Jersey Turnpike বুলি কয় বা নিউ জাৰ্চিয়ানবোৰে চমুকৈ টাৰ্ন পাইক বুলিয়ে কয়৷ এই জাৰ্চি চিটিখন পাৰ হৈ নেৱাৰ্ক বুলি আৰু এখন মহানগৰী আছে, তাৰ পৰা দক্ষিণলৈ বেয়ন ব্ৰিজ পাৰ হৈয়েই টাৰ্ন-পাইক এক্সিট পাম৷ আপোনালোকক এই ধুনীয়া ৰাস্তাইদি লৈ যাম৷ খালি চাই যাব৷

“ভাৰাৰ বন্দৱস্তটো কৰি লব লাগিছিল নেকি কাকতী দা?”, বিজয়ে মোক লাহেকৈ ফুচফুচাই ক’লে৷

“ধেই, হ’ব দিয়াহে, চিনাকি হলোৱেই যেতিয়া ইমান নলয়৷”, মই কৈ থলো৷
আটচা, মালবিকা বাইদেউক আপুনি ফোন কৰিছিল নে? যদি গৈ লগ নাপায়? ঘৰ বিচাৰি পাবগৈ নে?”
“তাইক মেচেজ এটা দি থৈছো, ৰিপ্লাই আহিলে নেকি চাওঁ ৰবা”, এই বুলি মেচেজটো খুলি চালো৷ নাই কোনো ৰিপ্লাই নাই৷

“হ’ব বলা, সুধি সুধি উলিয়ামগৈ৷ হেৰৌ কত মানুহৰ ঘৰ বিচাৰি উলিয়াইছো, সৰু ঠাই, উলিয়াব পাৰিম ব’লা৷ তাতে অসমীয়া মানুহ, ক’তনো কিমান থাকিব? ব’লা গৈ থাকা টেনচন নলবা৷”,
মহন্ত ড্ৰাইভাৰক ক’লো গাডী আগুৱাবলৈ৷ গাডীখন অলপ ডাঙৰ দীঘল (আমাৰ ইয়াৰে টাটা চুমো হেন) দেখি বিজয়ে তপককৈ সুধিলে, “মাইলেজ কিমান দিয়ে” (যেন সি সেইখন কিনিবহে! )
নেৱাৰ্ক উপসাগৰৰ বেয়ন ব্ৰিজ পাৰ হৈয়ে সিটো মূৰৰ পৰা আৰম্ভ হ’ল নিউ জাৰ্চী টাৰ্নপাইকৰ ৰাস্তা৷ ৰাস্তা নহয় যেন জাহাজ অৱতৰণ কৰা এখন অনাদি অনন্ত বিশাল পথাৰহে৷ ক’লা ক’লা কয়লাহেন পথাৰৰ মাজে মাজে বগা বগা আলি৷ চকুৰে মনিব পৰা দূৰলৈকে ১২ লেনযুক্ত মসৃণ ৰাজপথ৷ দুয়োকাষে পৰুৱাৰ লানি হেন শাৰী শাৰী গাড়ীবোৰ৷ কোনোবাটো হাই স্পীড লেন, তাৰে কোনোবাটো কম গতিবেগৰ৷ জনপ্ৰাণীহীন দীঘলীয়া ৰাজপথ৷ যাবলৈ ছয়টা বাট, ঘূৰি আহিবলৈ ছয়টা বাট! মাজে মাজে দুই এজন বাইকাৰে আমাক অতিক্ৰম কৰি হাত বাউলি দি গৈছে৷ এই মনোমোহা ৰূপ চাই চাই গৈ আছো৷

“এই একেটা ৰাস্তাৰে বাৰ্লিংটন ওলামগৈ৷ কিছু দূৰ আগুৱালে ফিলাডেলফিয়া চহৰে পামগৈ৷”, মহন্তই হাঁহি হাঁহি কলে৷ সেইটোত কিনো হাঁহিবলগীয়া কথা হ’ল ধৰিব নোৱাৰিলো৷
মই বোলো, “হাঁহিলে যে?”
সি বোলে, “নহয় হে কিবা কথা এটা মনত পৰি হাঁহি আছিলো৷”
মই বোলো, “কওকচোন আমাৰো বৰ টেনচন, কিবা আমেৰিকান জোক এটাকে কওক!”

“কিনো ক’ম চাৰ, আমাৰ ড্ৰাইভাৰৰ লাইফটোৱেই এটা মস্ত জোক৷ এবাৰ এনেকে অসমীয়া মানুহ এজনী বাৰ্লিংটন যাম বুলি নি নি প্ৰায় ফিলাডেলফিয়া পোৱালেগৈ৷ তাৰ পিচত ভাৰা সোধোতে বৈদ্য ৰামঠগন দিলে৷ মহিলা বুলি একো নকলো আৰু৷ দুই এখন অন্য টেক্সীকো এনে কৰিছে৷ ঘৰ গৈ পালে গিৰিয়েকে মাৰিবলৈ খেদি আহে, তেওঁ বোলে অসমৰ কোকৰাঝাৰৰ লোকেল দাদা আছিল!”
“নামটো জানে নেকি?”
“নামটো পাহৰিছো, কিবা ব্ৰহ্ম৷”
“মালবিকা নেকি?”, মই ঘপকৈ সুধিলো৷

“নাই পাহৰিছোঁ৷ বহুদিনৰ আগৰ কথা যে”,
বিজয়ে মোলৈ চালে৷ ময়ো তালৈ চালো৷
প্ৰায় ডেৰ ঘণ্টা মূৰত বাৰ্লিংটন পালো৷ মহন্ত ড্ৰাইভাৰক পঞ্চাচ ডলাৰ দি বিদায় দিলো৷ মালবিকাৰ ঘৰ বেচি বিচাৰিব লগীয়া নহ’ল৷ চহৰৰ মাজ মজিয়াতে প্ৰায় ঘৰ৷ “মালবিকা বৰা ফ্ৰম ইণ্ডিয়া” বুলি কওঁতেই চিনি পালে৷ খালী তেওঁ কলে যে তেওঁলোক হেনো ইয়ালৈ অহা বেছি দিন হোৱা নাই৷ এটা কেঁকুৰী পাৰ হৈয়েই তাইৰ ঘৰ৷ ঘৰটোৰ সন্মুখতে এটা প্ৰকাণ্ড চুইমিং পুল৷ এজন অৰবাজ খান হেন ধুনীয়া মানুহে ড্ৰয়িং ৰুমত বহিবলৈ দি কিয়, কৰ পৰা আহিছোঁ সুধিলে৷ আমি বিশেষ নকৈ “পিলিজ কল মেডাম” বুলি ক’লো৷ বিজয়ে কলে, মালবিকা বাৰ গিৰিয়েকে হ’ব চাগৈ৷
মেডাম বহুত দেৰি ওলাই নাহিল৷ ভিতৰৰ ফালে কাণ পাতিলো৷ এটা হিন্দীগীত বাজি আছিল
-মুন্নী বদনাম হুই, ডা-ৰ-লিং তেৰে লিয়ে……
বহুদিনৰ মূৰত হিন্দীগান এটা শুনি নিজকে ভাৰতীয় হোৱাৰ গৌৰৱবোধ যেন অলপ বেছি হৈ গৈছিল৷ অলপ দেৰি পিচত মেডাম লয়লাস ভংগীমাৰে ওলাই আহিল! মেডামক দেখি আমাৰ চকু কপালত উঠিল৷ আৰে এয়া চোন বলীউদৰ অভিনেত্ৰী মালাইকা অৰোৰা খান! ! !
তাৰমানে মালাইকা-মালবিকা-বৰা-অৰোৰা! ! !

“হেৰা বিজয়, তোমাক কৈছিলোনে, ইংলিছটো ইমান পাকলগা এমেৰিকান ষ্টাইলত নক’বা বুলি?”

“ধেত তেৰি কি হ’ব এতিয়া?”
“বলা ঘূৰি যাওঁ!”

“মালাইকা অৰোৰাৰ এটা কথা লক্ষ্য কৰিছিলো৷ বিজয়ৰ লগত তাই খুৱ আত্মীয় ভাবেই কথা পাতিছিল, আনকি অৰবাজ খানেও বিজয়ক যেনেকৈহে ঘূৰি ঘূৰি চাই আছিল যেন সি বলীউডৰ ববি ডাৰলিং হে৷ অথচ, মোৰ লগত দুয়ো কিবা এটা দূৰত্ব যেন ৰাখিছিল৷ পিচত বুজিছিলো, তাবিজটো বিজয়ে ডিঙিত আৰি ৰাখিছিল৷

“বিজয়, তাবিজটো ডিঙিৰ পৰা গুচাই ৰাখা, আমেৰিকাখন বৰ এটা সুবিধাজনক জেগা নহয়”, লাহেকৈ কাণত ফুচফুচাই বিজয়ক ক’লো৷
হঠাৎ বিজয়ৰ মবাইলত চিনাকি ৰিংটোন টো বাজি উঠিল -……হে টেক্সী গাডী লৈ যাম চিলঙত, আইঐ দেহি তয়ো যাবি মোৰেই লগত… ৰিপিট… হে টেক্সী গাডী লৈ যাম চিলঙত, আইঐ দেহি তয়ো যাবি মোৰেই লগত…ৰিপিট…

“বিজয়, ফোনডাল উঠোৱা হে %&**!” ৰিংটোনত অতিষ্ঠ হৈ উঠি ক’লো! সি উঠালে আৰু কথা পাতি পাতি বাহিৰলৈ ওলাই গ’ল৷
কথা পাতি থাকোতে লক্ষ্য কৰিছিলো বিজয়ৰ মুখত চিন্তাৰ ৰেখা স্পষ্ট৷

“কি হল বিজয়! কাৰ ফোন?”

“ৰব, পিচত কৈ আছো, চিণ্টু দাৰ ফোন৷”

মই বাহিৰলৈ ইফালে সিফালে চাই ৰৈ থাকিলো তাৰ কথা শেষ হোৱালৈকে৷ অৱশেষত বিজয়ে কলে, চিণ্টু দা কিবা আৰ্জেণ্ট কামত ফ্লৰিডালৈ যাব ওলাইছে, আৰবৰ শ্বেখ কেইজন মানৰ লগত অইল কোম্পেনীৰ মিটিং আছে বোলে মিয়ামীত৷ লগতে মিয়ামীৰ বাংল’ৰ কিবা ডকুনেণ্টচ হেণ্ড অভাৰো কৰিব আছে৷ মণিকাক লৈ নাযায়৷ আমাৰ বাবে ফুৰিবলৈ দুহেজাৰ ডলাৰ মণিকাৰ হাতত দি গৈছে, তাইকো আমাৰ লগত ৰাখিব কৈছে৷
মই বোলো, “বিজয় এটা কাম কৰা, চিণ্টু নথকা এই দুদিনেই আমাৰ কাৰণে সুৱৰ্ণ সুযোগ আমাৰ বিজনেচৰ আশা বাস্তৱত ৰূপায়িত কৰিবলৈ৷ মণিকা লগত থাকিলে সৱ তেল হব৷ তুমি পেট্ৰিচিয়াক ফোন কৰি কোৱা মণিকাক ফুৰাবলৈ লৈ যাবলৈ৷ আমি অলপ আমাৰ ‘ধান্দা’ত লাগো৷”
“কিন্তু দুহেজাৰ ডলাৰ মণিকাৰ হাতত যে৷”
“মণিকা ইমানো বুধিয়ক নহয় বুজিছা, হোটেলত গৈ কিবাকে ফুচুলাই সৰকাই নিম বলা৷ মই আমাৰ এওঁৰ পৰা হাঁহৰ কণী বেচি সাঁচি থোৱা টকা কিমান সৰকাই নি গড় মাৰ্কা মাল খাই শেষ কৰিলো৷ আমাৰ ধান্দাত সহায় কৰা মানুহ এই ষ্টক একচেঞ্জ বিল্ডিংৰ ওচৰে পাজৰে ক’ৰবাত পাই যাম ব’লা৷ তাতে দুনীয়াৰ ব্যৱসায়ী, দালাল সোপা থাকে বুলি কোনোবাই কৈছিল৷ বলানা, একো নাপালেও হেৰাবলৈ কিডাল আছেনো? পকেটৰ পৰাতো আমাৰ একো নাযায়৷ ডাঙৰ বিজনেচ কৰিবলৈ অলপ ডাঙৰকৈ ভাবিব লাগিব আৰু ৰিস্ক লবই লাগিব বুজিছা৷”

মোৰ অভাৰ কনফিডেন্স দেখি বিজয় মান্তি হল৷ আৰু বাৰ্লিংটনৰ পৰা ঘূৰি হোটেল পালোহি৷ আশাকৰা মতেই সকলো সমাধা হল৷ দুশ ডলাৰত মণিকাক মান্তি কৰোৱাই পেট্ৰিচিয়াৰ লগত মণিকাক দুদিনৰ বাবে তাইৰ ঘৰলৈ পঠালো বুজাই বঢ়াই৷ চিণ্টুকো ফোন কৰি সি নহালৈ দুদিন নিউইয়ৰ্কতে থাকিম বুলি ক’লো৷
আকৌ ৱাল ষ্ট্ৰীট, NYSE (New York Stock Exchange) বিল্ডিং৷ আমি দুয়োজনে চুট টাই পৰিহিত হৈ একদম ভদ্ৰলোক হেন হৈ ললো৷ দুয়োৰে দুযোৰ মেটেল ব্লেক গুচ্চি চানগ্লাচ! তাবিজ বিজয়ৰ পকেটত, মোৰ পকেটত প্ৰায় চাৰে সাত হাজাৰ ডলাৰ৷ বিজয়ক কলো-
“ৱাল ষ্ট্ৰীটত ফকটীয়া হৈ নাথাকিবা, সকলো সময়তে ফোনটো কাণতে লগাই ফুৰিবা৷ এনে দেখাব লাগে যেন মিনিটে মিনিটে তোমাৰ আৰু মোৰ ফোন আহিয়েই আছে৷”
এজন আণ্ডাৰৱাৰ্ল্ডৰ ’ভাই’ যেন লগা ভাৰতীয় মূলৰ মানুহক লক্ষ্য কৰি তাৰ ওচৰত গৈ ফোনটো কাণত লগাই সি শুনাকে ভঙা ভঙা হিন্দীতে কথা পতা আৰম্ভ কৰিলো –
“দেখ ভাই, হমকো আজকে ভিতৰ দো মিলিয়ন চাহিয়ে, নহী তো মাল দুচৰা আদমী কো বেচ দেগা৷ কাষ্টমাৰ কী কই কমী নেহি হেই৷ লাষ্ট টাইম ফ্ৰান্স কা প্ৰেচিডেণ্ট চাৰকজি কো ভী দিয়া থা৷ ভেগাছ মে কাফী ডিমাণ্ড হেই৷ লোগ ফোন পে ফোন কৰ ৰহা হেই৷ দেৰ মত কৰনা, দেৰি হুই তো সমঝো মাল বিক গয়া”।
মোৰ অভিনয়ে কামত দিলে৷ মানুহজনে যেন মোৰ কথা শেষ হোৱালৈহে বাট চাই আছিল৷ তাৰ চকুত তীব্ৰ জিলিকনি৷ এটা উচপিচনি দেখিছিলো৷ একদম ওচৰলৈ আহি ফুচফুচাই সুধিলে-
“ভাই ক্যা মাল হেই?”
অলপ নাপাট্টা কৰা যেন দেখুৱাই ক’লো, “আৰে আপ নেহী সমজোগে ভাই, বহুত বৰা চিজ হেই, য়ে চোটা মোটা আদমী কী বস কী বাট নেহী হেই!”
“আৰে বতাও না ভাই, আপকা বাতো সে সমঝ গয়া কি আপলোগ বৰা কাৰোবাৰী হেই, লেকিন হম ভী কই কম নেহী৷ হোৱাইট হাউচ কে সাথ লেনা দেনা হেই৷ ক্লিনটন সে লেকে মেলানিয়া ট্ৰাম্প মেডাম টক হমাৰা সম্পৰ্ক হেই ভাই৷ কই ধান্দা হেই তো বতাও!”
মূৰ্গা ফচা যেন দেখি বিজয়ক চকু টিপ দি ওচৰৰ ৰেণ্টুৰেণ্ট এখনলৈ মাতি লৈ গ’লো৷ প্ৰায় আধা ঘণ্টা আলোচনাৰ মূৰত সি ক’লে,
“মই ভাৰতৰ গুজৰাটি মানুহ, মোৰ নাম দাবাং পেটেল৷ আপোনালোকে বিশ্বাস কৰিব পাৰে৷ এইটো ‘বস্তু’ৰ খালী প্ৰমাণ কৰি দিয়ক, বাকী মোৰ ওপৰত এৰক৷ কীমত কী চিন্তা মত কৰো ভাই, য়ে লো হমাৰা কাৰ্ড!”
“আপকা সামনে প্ৰুফ কৰ দেতা হু” বুলি কৈ বিজয়ৰ পৰা হাতৰ টিপতে তাবিজ টো লৈ ডিঙিত পিন্ধি ল’লো৷”মেৰে সাথ আও!”
পেটেল আৰু বিজয় পিচে পিচে মোৰ লগত৷ ৱাল ষ্ট্ৰীটত তেতিয়া মানুহৰ ভীৰ! এজনী বিদেশী মহিলাক দেখি “হাই” বুলি ক’বহে পালো তায়ো “হাই হেণ্ডচাম! ! !” বুলি মন্ত্ৰমুগ্ধৰ দৰে এটা মিচিকিয়া হাঁহি মাৰি মোৰ ওচৰ পালে৷ ‘কথা’ বেচি আগবঢাৰ আগতে ফটাফট তাবিজটো খুলি বিজয়ৰ পকেটত দিলো৷ সেইজনীয়ে বাই কৰি গুছি গল৷ পেটেল ভবাতকৈ বেছিয়েই ইমপ্ৰেচড হ’ল৷
“ভাই, আপকো দো মিলিয়ন দে দুংগা, লেকিন উচসে উপৰ মিলেগা তো বাকী মেৰা৷ আপকো মেৰা কাষ্টমাৰ কে পাচ লে যাউংগা৷ বাকী আপকা মৰ্জী৷ অব বতাও!”
“কাষ্টমাৰ কোন হেই?”
“বৰা বৰা আদমী হেই, আপকো পেৰ সে ক্যা মতলব, ফল খাৱ”
“বাত সহী হেই, ফিৰভী বতাও না, য়ে মত বোলনা কি চালা ডোনাল্ড ট্ৰাম্প হেই! উচকা লেন ডেন ঠিক নহী হেই, লাষ্ট ইয়েৰ কা পৈচা অভী তক পেইমেণ্ট নহী হুৱা হেই!”,
অলপ লেভেল দিলো৷ বিজয়ে ভৰিখনত গছক এটা মাৰি বেছি নাগুৱাব লৈ ইংগিত দিলে৷ মই চকুৰ ঠাৰেৰে তাক বুজাবলৈ চেষ্টা কৰিলো যে এনে লেভেলেও বিজনেচত কামত দিয়ে৷
পেটেলে কলে-
“পুৰানা বাত ছোৰো, নয়া ৰিস্তা জোৰো, য়ে মাল কা কীমত উসচে জ্যাদা কই নেহী দে সকতা৷ হোৱাইট হাউচ মে হী বিকেংগে৷ আপ মেৰে ওপৰ ছোৰ দো”

ডীল হৈ গ’ল৷ পেটেল মই আৰু বিজয়৷ লক্ষ্যস্থান -হোৱাইট হাউচ৷ ৱাচিংটন ডি চি৷

(আগলৈ)

☆★☆★☆

Leave a Reply

Your email address will not be published.