ফটাঢোল

ফটাপদ্য – কাজল প্ৰিয়া

গোলোকৰ পুতেকৰ নামটো থুলুক,
পেন্ট এটা পিন্ধি থাকে সোলোক ধোলোক।
এদিন থুলুক আছিল হাঁহ গিলি পুলুক পুলুক
পেটে কৰিলে ঘুলুক ঘুলুক,
থুলুক গৈ পালেগৈ কোনোবা মুলুক।।

দিম্পল টুইংকল আৰু ফেভিকল,
দেৱু দাই খাই গোটা ভীমকল।
বিজয় দাই পুহে হাঁহ কম্বল,
জিমলৈ গৈ মাৰি থাকে ডামবেল।

খকুৱাৰ ৰাণী বাই মিতালী,
খাবলৈ পালে দুয়োহাতে বজাই তালি।
চাবলৈ গৈ ডুব যোৱা বেলি,
লাং খাই পৰি আছিল হেনো আজি আবেলি।।

গ্রুপৰ হেনচু এভাৰগ্ৰীণ হেকা,
হ’বলৈ নিদিয়ে হেনো কঁকালটো বেঁকা।
খিয়ালত মৰে ফটাঢোলৰ ডেকা,
বুঢ়াৰ কথা নুশুন ডেকা টানত পৰি কিয় কেঁকা?

কলিকতাৰ কালাকান্দ চকীয়া বিকাশ,
অনবৰত কৰি থাকে হিচাব নিকাচ।
মিল মিলকৈ দি মুখৰ ভাঁজ,
ছোৱালী বিচাৰি নাচে বিহু নাচ।।

ফটাঢোলৰ মাষ্টৰ দিপৰ অংক,
বিয়াখন নাপাতিলে জীৱনটো ধ্বংস।
কোনজনী বৰলীক পাম,
গৰু গাড়ীত হানিমুন যাম।

পৰমাণুৰ ককায়েক দাদা অনুৰূপ,
ক’তনো ৰূপ আছে গোটেই কুৰূপ।
ছোৱালীক নিদিয়ে লাই,
চশমাৰ পাৱাৰ হাই।
তিনিদিন তিনি ৰাতি এটা নিগনি,
চশমাৰ অবিহনে নাপাই হেনো চিনি।

☆★☆★☆

5 Comments

Leave a Reply

Your email address will not be published.