ফটাঢোল

ফটাপদ্য – নীলাঞ্জনা মহন্ত

লগালোঁ‌ আপেল, লাগিল লাও, খালো মাছৰ ভাজি
বিচাৰিলো চাৰ্জাৰ, পালো চাবিপাত, ফূৰ্তি লাগিল আজি৷

পুৱাল ৰাতি, গালোঁ‌ বৰগীত, বাজিল পিছে ফটাঢোল
ঘৰৰ সোপাই যোগ-প্ৰাণায়মত, লাগি গ’ল হুলস্থূল৷

গুঠিলোঁ‌ মোজা, ওলাল টুপী, পিন্ধিলোঁ‌ একাণ ঢাকি,
আহিল বিহু, আহিল আলহী, পিন্ধাই দিলো টুপী৷

আছে মধুমেহ, কলেজীয়া কালৰ, নামেই আছিল চেনী
চাহৰ কাপত লাগি ধৰে চামুচ, তলত এগাল চেনী৷

বগালোঁ‌ কলেজ, কৰিলোঁ‌ চাকৰি, থাকিলোঁ‌ বৰলা হৈ
কৰালোঁ‌ গহনা, আনিলোঁ‌ পাটেসাঁজ, কাকেনো পিন্ধাম ঐ!

লোকে ঘূৰে গাড়ীত এফালে ঘৈণী, এপাল পিলিপালা লৈ
মিতিৰ খাই আহিলোঁ‌ গাড়ী ৰখাই কয় ফিচিঙাফিচিং কৈ৷

‘বৰলাৰ বিয়া’ চিৰিয়েল চোৱা মাই ঘনাই ঘনাই কয়
কঁ‌কাল পৰিলে মাৰৰ ঐ জধলা দেখিছনে নাই তই৷

সাত-পাঁচ গুণি পেপাৰত এদিন দি দিলোঁ‌ এজাহাৰ
কোন চেনীমাই নিমখীয়ামাই আছ কৰহি বৰলাক উদ্ধাৰ৷

☆★☆★☆

3 Comments

  • কাবেৰী মহন্ত

    ৱাউ ! সুন্দৰ শব্দৰ সমাহাৰ ৷ তোৰ লিখা বহু উচ্চ ৷ এলাহ এৰি ঘনাই লিখা কৰ ৷

    Reply
  • Nilakshi Devi Deka

    ইমান ভাল লাগিল পঢ়ি। শব্দ, ছন্দৰ অপূৰ্ব সমাহাৰ।

    Reply
  • Anonymous

    লাইক বুটাম টো নাই নহলে টিপি দিলো হেতেন।

    Reply

Leave a Reply

Your email address will not be published.