ফটাঢোল

ফটাপ্ৰেম – চবিনা ইয়াচমিন

তেতিয়া মই চাগে তৃতীয়মান শ্ৰেণীত৷ মিথুন আৰু অমিতাভৰ চিনেমা খুব চাওঁ যদিও মোৰ আটাইতকৈ প্ৰিয় অভিনেতা আছিল গোবিন্দ৷ সেইকণ বয়সতেই কত যে সপোন! দেউতাৰ সেই সময়ত কিবা এটা ডাঙৰ অসুখ হৈছিল৷ কি হৈছিল তেতিয়াও নাজানিছিলো আৰু আজিও ভালকৈ গম নাপালো৷ কিন্তু প্ৰায় এশ দিন মান ডিব্ৰুগড় মেডিকেলত থাকি চিকিৎসা কৰাওঁতেহে আৰোগ্য হৈ উলটিছিল৷ দেউতা উলটি অহা পোন্ধৰ, বিশ দিন হৈছেহে, মা টিউবেলৰ পাৰত পৰিল৷ থাকিল ভৰিখন ভাঙি৷ যোৰহাটত চিকিৎসা কৰাই ভাল নহ’ল৷ পুনৰ ডিব্ৰুগড় মেডিকেল যাব লগা হ’ল৷ সেইবোৰ বহুত কাহিনী৷ আমি বাই ভণী তিনিওজনীয়ে মুঠতে সৰু কালচোৱা আইতাহঁতৰ ঘৰতে কটাব লগা হৈছিল৷ ভাইটিৰ জন্ম হোৱাই নাছিল৷ মামাই চাকৰি মৰিয়ণিৰ নাগাধুলি নামৰ চাহবাগিছা এখনত কৰিছিল৷ বাগানত প্ৰায়ে গাৰ্ডেন শ্ব’ দিয়ে আৰু আমি প্ৰথম শাৰীৰ চকীত বহি চিনেমা চোৱাৰ সুবিধা পাওঁ৷ এইদৰেই চিনেমাৰ প্ৰভাৱ বাৰুকৈ মোৰ বাস্তৱ জীৱনত পৰিল৷ প্ৰেম কি তেতিয়াৰ পৰাই মই বুজা হ’লো৷ এইবোৰত মই এনেয়ো সৰুৰে পৰাই পাকৈত৷ বাইদেউৰ খবৰেই নাই৷ চিনেমা চালে আৰু বাদ দিলে৷ মোৰ পিচে বহুত জল্পনা কল্পনা৷

ভণ্টীৰ বয়স তেতিয়া নমাহ মাত্ৰ৷ কাষৰ মানুহ এঘৰত আইতাই গাখীৰৰ বটল দি ভণ্টীক মানুহ ঘৰত থৈ আমাক যোৰহাটৰ হেমলতা স্কুলত থ’বলৈ আহে৷ তেতিয়া মৰিয়ণি-যোৰহাট ৰাস্তা অতি বেয়া৷ অহা- যোৱা কৰিবলৈ ডেৰঘণ্টা মান লাগে৷ বাছবোৰত বৰ বেছিকৈ মানুহৰ ভীৰ হয়৷ যেনে-তেনে “সদৰ” নামৰ ঠাই এটুকুৰাৰ মানুহ এঘৰত মোক আৰু বাইদেউক থৈ আইতা পুনৰ উলটি গৈ ভণ্টীক লৈ ঘৰলৈ যায়৷ সদৰৰ সেই মানুহঘৰৰ ল’ৰা ছোৱালীকেইটা আমাৰ একে স্কুলতে পঢ়ে৷ গতিকে সিহঁতৰ লগত আমি একেলগে স্কুললৈ যোৱাৰ সুবিধাকণ পাইছিলোঁ৷ স্কুল চুটি হোৱাৰ পিছত সেই মানুহঘৰত আহি আমি ৰৈ থাকোঁ৷ আইতা আহি পুনৰ লৈ যায়হি৷ ঘৰ পাওঁগৈ মানে আন্ধাৰ হয়৷ মুঠতে অলপ দিন আমি বৰ কষ্টত অহা যোৱা কৰি পঢ়িব ল’গা হৈছিল৷

মই আকৌ এইবোৰ কষ্টৰ মাজতো প্ৰেমৰ সপোন দেখিবলৈ এৰা নাছিলো৷ মা-দেউতাৰ অসুখ, স্কুল অহা-যোৱাৰ অসুবিধা, আইতাৰ কষ্ট এইবোৰৰ প্ৰতি মোৰ কোনো ধান্দাই নাই৷ মই প্ৰেমতহে পৰিলো তেতিয়া৷ সেই সদৰৰ মানুহঘৰৰ এজন ল’ৰা আমাতকৈ অলপ ডাঙৰ আছিল৷ মোক বৰ মৰম কৰিছিল৷ মই তাৰ গাত গোবিন্দৰ লক্ষণবোৰ দেখিবলৈ পালো৷ দিনে- নিশাই , সপোনে- শয়নে তাৰেই কল্পনা৷ সিহঁতৰ ঘৰৰ পৰা স্কুললৈ খোজেৰে যাওঁ৷ বাইদেৱে তাৰ হাতত ধৰাৰ আগতেই মই দৌৰি গৈ তাৰ হাতত ধৰি টিপটপ খোজ কাঢ়ি গৈ থাকোঁ৷ বাইদেউ আৰু সিহঁতৰ বাকী ল’ৰা ছোৱালী কেইটাই বৰদেউতা, মানে সিহঁতৰ বাপেকৰ হাতত ধৰি যায়৷ দিনবোৰ গৈ আছে৷ মোৰ প্ৰেমো গভীৰ হৈ গৈ আছে৷ পিচে ল’ৰাজনৰ পৰা কোনো সংকেতেই নাপাওঁ৷ ভাবোঁ আজিয়ে কিবা ক’ব নেকি!! নাই, পাৰ হৈ যায় দিনটো৷ ক’তনো তাৰ মনলৈ কিবা আহিব৷ তেনেই সৰু তাতকৈ মই৷ কেতিয়াবা বৰষুণ দিলে বোকা পানী বেছি থকা ঠাইবোৰ সি মোক কোচত লৈ পাৰ কৰি দিয়ে৷ সি মোক কোচত তুলি পাৰ কৰোঁতে মই একদম চিনেমাত গোবিন্দই জুহিক কোচত তুলিলে জুহিয়ে ডিঙিত ধৰাৰ দৰে ধৰি লওঁ৷ একচেকেণ্ডৰ বাবে নিজে জুহি বুলিয়েই ভাবি লওঁ৷ আকৌ নমাই দিওঁতে ভাবোঁ, “ছেঃ এইডাল বৰ ঠৰঙা মানুহ দেই!” স্কুলৰ টিফিনৰ সময়ত প্ৰায়ে গৈ তাৰ শ্ৰেণীৰ কাষ পাওঁগৈ৷ নিজৰ টিফিনৰ পৰা অকণ তাক দিওঁ৷ সি আহিবলৈ সদায় মানা কৰে৷ বোলে,’মই কেনটিনত খাঁৱেই৷ তই দিবলৈ আহিব কিয় লাগে?” মই নামানো৷ যামেই মুঠতে৷ যেনিবা তাৰ খোৱাৰ খবৰ মই নল’লে আন কোনে ল’ব! এনেতে আমাৰ মাহঁত এদিন হস্পিতালৰ পৰা ঘৰলৈ আহিল৷ আমিও আইতাহঁতৰ ঘৰৰ পৰা যোৰহাটৰ নিজৰ ঘৰলৈ গুছি আহিলো৷ তাৰ লগত মোৰ স্কুল যোৱা বন্ধ হ’ল৷ ভাবিলো দেউতাহঁতনো ইমান সোনকালে কিয় আহিল হস্পিতালৰ পৰা? তেনেতে মোৰ এবাৰ সৌভাগ্যই দেখা দিলে৷ আমাৰ ঘৰৰ কাষৰ ঘৰটোৱেই আছিল সিহঁতৰ পেহীয়েকৰ ঘৰ৷ সি পেহীয়েকৰ ওচৰত মেট্ৰিক দিব বুলি সদায় সন্ধিয়া পঢ়িবলৈ আহে৷ মোৰ আৰু ফূৰ্তিত তত নাই৷ স্কুলত লগ পোৱাৰ ওপৰিও সদায় সন্ধিয়া দেখোঁ তাক৷ এনেকৈ দিন বাগৰি এদিন সি কলেজ পালেগৈ৷ মই তাক স্কুলত লগ নোপোৱা হ’লো৷ পিচে প্ৰতি সন্ধিয়া সি পেহীয়েকৰ ঘৰলৈ পঢ়িবলৈ আহিলে তাক দেখোঁ, সিমানেই৷

এদিনৰ কথা৷ মায়ে মোক সিহঁতৰ পেহীয়েকৰ ঘৰলৈ কেঁচা আম দিবলৈ পঠিয়ালে৷ মই আকৌ সি অহাৰ সময়টো মিলাই আম দিবলৈ বুলি সিহঁতৰ পেহীয়েকৰ ঘৰলৈ গ’লো৷ গৈ দেখিলো বাহিৰৰ কোঠাটোতে সি তাৰ কলেজৰ এজনী ছোৱালীৰ সতে পঢ়া টেবুলত বহি আছে৷ পেহীয়েক হয়তো ভিতৰত আছে৷ মই যোৱা দুয়োটাই গমেই নাপায়৷ ইটোৱে সিটোৰ চকুৰ ভাষাত কথা পতাত ব্যস্ত৷ মোক দেখি থতমত খাই সি সুধিলে, “কি হ’ল পেহীৰ ওচৰলৈ আহিছিলি নেকি? যা ভিতৰত আছে৷” মই দুখ মনেৰে ভিতৰলৈ গৈ পেহীক আম দি ওলটি আহিলো৷ ঘূৰি আহোঁতে চকুপানীৰে চকুকেইটা তুলতুলীয়া হৈ পৰাত বাট নেদেখি দুৱাৰডলিত উজুটি খাই ঠাঁচকৈ সিহঁত দুটাৰ সমুখতে পৰিলো নহয় বাগৰি৷ মই পৰি যোৱা দেখি সিহঁত হাঁহিত ফাটি পৰিল৷ পেহী আহি ডাঙি ল’লে কোচত৷ মই খঙতে জ্বলি তাৰ ফালে পোন্দোৱাকৈ চাই ঘৰলৈ বুলি লৰ দিলো৷ ঘৰ পাই কান্দি কান্দি শুই থাকিলো৷ একেদিনাই অত দিনৰ প্ৰেম গৈ ফটাপ্ৰেম হ’ল৷ গতিকে সেইদিনাৰ পৰা গোবিন্দৰ চিনেমাও বৰকৈ নোচোৱা হ’লো৷ নিজকে সান্তনা দিলো মনে মনে, “এতিয়া সৰু হৈ আছো৷ মোৰ প্ৰেম কৰাৰ বয়স হোৱা নাই৷ ডাঙৰ হ’লে তাতকৈ ভাল মানুহ মোৰ জীৱনলৈ আহিব”৷ দেহী ঐ তাক এতিয়া ক’ৰবাত দেখিলেও কথাবোৰ মনলৈ আহে আৰু লাজতে মূৰ্চা যাওঁ৷ পিচে কোনোদিনাই সি একো গমেই নাপালে৷

☆★☆★☆

Leave a Reply

Your email address will not be published.