ফটাঢোল

ফটাপ্ৰেম – দেৱজিত নাথ

বহুদিন আগৰ কথা। গুৱাহাটী বিশ্ববিদ্যালয়ত এণ্ট্ৰী কৰিছোঁ তেতিয়া৷ আগষ্ট মাহ৷ মাষ্টাৰ ডিগ্ৰীৰ ক্লাছবোৰ আৰম্ভ হ’ব ধৰিছিল লাহে লাহে। জালুকবাৰীৰ মায়ালগা পৰিবেশৰ লগত মিলিব ধৰিছিলোঁ। লগৰ দুই এজন পুটুক পাটাককৈ হোষ্টেলত সোমাবলৈ ধৰিছে। প্ৰায় পোন্ধৰ/ বিশ দিন মান হৈ গৈছে ক্লাছ আৰম্ভ হোৱা। মই কামাখ্যা গেটৰ মেচৰ পৰা অহা যোৱা কৰি আছিলোঁ৷ ক্লাছৰ পিছত মাৰ্কেটত আদ্দা দিয়া আৰম্ভ হৈছিল আমাৰ। মৰ্কেটত বাইৰ দোকানত চাহ পকৰি খাই খাই হোষ্টেলৰ “মাইনা”বোৰ চোৱা আৰম্ভ কৰিছিলোঁ। মেঘালী, চুইটী, আৰ্টছ কেণ্টীন আদিত ঘণ্টাৰ পিছত ঘণ্টা আদ্দা দিয়া আৰম্ভ হৈছিল।

ডিপাৰ্টমেণ্টৰ গোটেইখিনিৰ লগত ভালকে মিলামিছা হৈ গৈছে অলৰেদী। দুজনমানে টো ব্ৰেকত আৰ্টছৰ ডিপাৰ্টমেণ্টবোৰত “মাইনা” চাই অহা আৰম্ভ কৰি দিছেই!

তেতিয়ালৈকে চ’ কল্ড ‘বৰলা’ আছিলোঁ। ডিগ্ৰী পঢ়ি থাকোঁতেও নপতিল কোনো। গতিকে মাষ্টাৰ ডিগ্ৰীত কলেজৰ প্ৰেম কাহিনীক আৰু আগুৱাই লৈ যাব পৰা কেটেগৰীত আমিবোৰ নাছিলোঁ। বহুত দিন আগতে বিশ্ববিদ্যালয়ত পঢ়ি থকা চিনিয়ৰ দাদা এজনে কৈছিল, “কৃষ্ণচুড়াৰ দেশত যদি প্ৰেম কৰিব নোৱাৰা তেন্তে তাৰ নিছিনা দুৰ্ভগীয়া আৰু কোনো নাই!” মাজে মাজে আপুনা আপুনি কেতিয়াবা হুমুনিয়াহ ওলাই আহিছিল! লগৰ দুই এজন চেনিৰামে যেতিয়া গাৰ্লছ হলৰ ধুনীয়া ছোৱালীবিলাকৰ লগত ডেটিংত যোৱা দেখিছিলোঁ মনে মনে মনলৈ ভাব আহিছিল “চাল্লা সচাঁকৈ আমিবোৰেই দুৰ্ভগীয়া নেকি বে?”

: এটা কথা কি জান’?

মাৰ্কেটত চিগাৰেটৰ ধোৱা উৰুৱাই বিশ্বই ক’লে।

: কি?

: জি.ইউত মুঠ ল’ৰা ছোৱালীৰ ৮৫ শতাংশ ছোৱালী আৰু মাত্ৰ ১৫ শতাংশহে ল’ৰা!

: তাতে কি হ’ল? সাধাৰণ কথা! আৰ্টছৰ চাবজেক্টবিলাকত ছোৱালীৰ সংখ্যা বেছি থাকেই৷

: তাকেই! আমি আৰ্টছ পঢ়িলেই ভাল আছিল!

: কিয়?

: চাল্লা ডিপাৰ্টমেণ্টত এজনী ধুনীয়া ছোৱালী নাই! বেলেগ ডিপাৰ্টমেণ্টৰ ছোৱালীয়ে পাট্টাই নিদিয়ে! এনেকৈনো জীৱন কটাব পাৰিনে?

: আৰে ভাই! বেছি টেনচন নল’বি! ১৫ জন ল’ৰাৰ বিপৰিতে ৮৫ জনী ছোৱালী। ৰেচিঅ’ ১৫:৮৫! আমাৰ কাৰণেও আছেতো? হয়তো এতিয়া কোনোবা ডিপাৰ্টমেণ্টত ক্লাছ কৰি আছে, নহ’লে আৰ চিচি বা এটিৰ গাৰ্লচ হলত আদ্দা দি আছে!

বিশেষ ভংগীমা এটা কৰি ৰুপমে কৈ উঠিল।

: কথাটো অৱশ্যে নোহোৱা নহয়! তেনেকে ভাবিও সান্তনা লভিব পাৰি!

আমাৰ বৰলা প্ৰাণীবোৰৰ ভিতৰত মোৰ লগতে বিশ্ব আৰু ৰূপম অন্যতম। জি ইউত প্ৰথম দিনাৰ পৰাই আমাৰ মাজত দোষ্টী আৰম্ভ হৈ গৈছিল। গোটেইকেইটা অলপ বেলেগ কেৰেক্টাৰৰ আছিলোঁ যদিও আমাৰ মাজত বন্ধুত্ব বৰ জোৰদাৰ আছিল। ক্লাছৰ বাকীবোৰৰ লগতো বন্ধুত্ব হৈছিল যদিও আমি তিনিটা য’তে ত’তে আদ্দা মাৰি ঘূৰি ফুৰিছিলোঁ। বিশ্বই ফৰেষ্ট স্কুলত মেচত আছিল আৰু ৰূপমে জি.ইউৰ হোষ্টেলত সোমাইছিল। মোক সি প্ৰায়েই জোৰ কৰিছিল তাৰ হোষ্টলত সোমাবলৈ!

দিন বিলাক পাখি লগা কাড়ৰ দৰে গুচি যাব ধৰিছিল। ক্লাছ, এচাইনমেণ্ট, ই্টাৰনেল একজাম আদিৰ উৎপাতত উশাহ নোপোৱা অৱস্থা হবলৈ ধৰিছিল। তাৰ মাজে মাজে ফ্ৰেচাৰ্ছ, পিজিএচইউ ইলেকচন আদিয়ে ভূমুকি মাৰি গুচি গৈছিল! এনেকৈয়ে দিনবিলাক গতানুগতিক ভাবে গৈ আছিল..

এদিন ৰাতিপুৱা ক্লাছলৈ ওলাইছোঁ। অকনমান দেৰি হৈছিলেই। লৰালৰিকৈ ৬ নং বাছত উঠি দিলোঁ। খালী আছিল, ধুনীয়াকৈ আৰাম কৰি সন্মুখৰ চিট এটাত বহি দিলোঁ। বাছখন চলিব ধৰিছিল। মালিগাঁঁৱত প্ৰায় পোন্ধৰজনী মান ছোৱালীৰ এটা গ্ৰুপ উঠিল। যিয়ে য’ত চিট পালে বহি ল’লে। কিছুমান থিয় দি থাকিল। মোৰ চিটটোৰ সন্মুখত ছোৱালী এজনী থিয় হ’ল! মূৰ তুলি চালোঁ। প্ৰথম দৃষ্টিতেই ক’ব পাৰি খুবেই ধুনীয়া। মনে মনে ভালো লাগিল! লগে লগে কল্পনা কিছুমানো আৰম্ভ হৈ গ’ল! সিহঁতৰ মাজত হোৱা কথা বতৰাৰ পৰা গম পালোঁ জি ইউৰে ষ্টুডেণ্ট হয়। মনটো আৰু বেছি ভাল লাগিল! হাজাৰ হওক জি.ইউৰ ছোৱালীৰ কথাই বলেগ, তুলনা নহয় বেলগৰ লগত! জালুকবাৰীৰ হাৱা পানী খাই তেনে মনোভাৱ আহি যোৱা হৈছে অলৰেদী!

বাছখন চলিবলৈ ধৰিছিল। এনে লাগিছিল,

“চাল্লা আজি বাছখন ইমান স্পিডত চলিব ধৰিছে! ক’তো নৰখেই দেখোন!”

মনে মনে ঠিৰাং কৰিলোঁ, ছোৱালীজনীৰ লগত চিনাকি হোৱা যাওক। একে জি ইউৰে ষ্টুডেণ্ট যিহেতু চিন্তা কৰিব ল’গা কি আছে! বিন্দাছ মাতি দিলেই হ’ল। মনত অলপ সাহস গোটাই মাতিম বুলি অলপ ঠিক কৰি ল’লোঁ। ধুৰ চাল্লা! মাতেই ওলাই আহিব নুখুজে দেখোন! অলপ সময় গুণাগথা কৰি থাকিলোঁ মনতে। কি কৰোঁ কি কৰোঁ ভাবি থাকিলোঁ। অৱশেষত মনটো পুৰা ডাঠ কৰি ইফালে সিফালে এনে এবাৰ চাই ল’লোঁ! মাত দিবলৈ মুখ মেলিছোঁহে মাত্ৰ! এই মাতিম আৰু …

“ক্ৰেকককক..!!”

কিবা এটা শব্দ হ’ল! মনটো খেলিমেলি হৈ গ’ল! “কি হ’ল বে?” মনে মনে ভাবিলোঁ! বাছখনে ব্ৰেক মাৰি দিলে৷ হুৰমূৰকৈ গোটেই ছোৱালীৰ জাকটো নামি গ’ল।তায়ো। বেঙাৰ দৰে মুখখন মেলি ইফালে সিফালে চালোঁঁ৷ সম্বিত ঘূৰি আহিল! আৰে!! জি.ইউ. মেইন গেটেই পালোহি দেখোন!! মোৰ কম্পিউটাৰ ছাইন্স ডিপাৰ্টমেণ্ট ক’ৰবাতে এৰি থৈ আহিলোঁ! চেহ! ফাৰ্ষ্ট ক্লাছটো গ’ল আজি! ফুট পাথেৰে ডিপাৰ্টমেণ্টলৈ ওভতনি যাত্ৰা এটা দি দিলোঁঁ৷ ডিপাৰ্টমেণ্টত সোমায়েই বিতুপনক লগ পালোঁ। সিও ক্লাছ কৰা নাই! সুধিলোঁ,

: কি হ’ল?

: শুই উঠোঁতেই দেৰি হ’ল। ফাৰ্ষ্ট ক্লাছটো নাপালোঁ আহি!

: আহোঁতে লগত আজি বৰ ধুনীয়া ছোৱালী এজনী উঠিছিল বে!

: কি কৱ বে! ক’ত?

: মালিগাঁঁৱৰ পৰা। মেইন গেটত নামি দিলে। কোন ডিপাৰ্টমেণ্ট গম নাপালোঁ। কথা বতৰা শুনি গম পাইছোঁ তাই আৰ চি চি ফ’ৰত সোমাইছে!

: ওখ, বগা। ষ্ট্ৰেইট হেয়াৰ। চুলিখিনি অলপ লাম্বা। হয়নে?

: অ অ!

: হাঁহিলে গালত ডিম্পল পৰে?

: অ অ!

: গালত অলপ ডাঙৰ তিল এটা আছেনে? চকুত পৰে?

: কেনেকে জানিলি বে!

সি হাঁহিলে৷

: ইংলিছ ডিপাৰ্টমেণ্টৰ। বি বৰুৱাৰ পৰা আহিছে। ঘৰ ডেৰগাঁৱত। বাপেক ডক্টৰ। ভনীয়েক এজনী আছে। কটনত কেমিষ্ট্ৰী পঢ়ি আছে!

: কেনেকে জানা?

: তোক যদি আৰু দিটেইলচ লাগে ক’ব পাৰোঁ! অৰকুটৰ ফ্ৰেণ্ডলিষ্টত আছে মোৰ। চাই ল’ব পাৰা। ইউনিভাৰ্চিতিৰ প্ৰথম দিনাৰ পৰাই তাইৰ পিছত ঘূৰি আছিলোঁ। পিচে লাভ নাই!

: কিয়?

: আমাৰ হোষ্টেলৰ চুপাৰ চিনিয়ৰ এজনৰ গাৰ্লফ্ৰেণ্ড। ভাই, এসপ্তাহ আগতে ৰাতি হোষ্টেলত সেই দাদাজনৰ দুটামান ভাল চৰ খালোঁ। কাৰোবাৰ চকুত পৰিল নেকি মই তাইক লাইন দি থকা কথাটো! ধোঁৱা বাহিৰ কৰি দিছে বে মোৰ! সিদিনাৰ পৰা তাইৰ পৰা দূৰতে অৱস্থান কৰিছোঁ!

: কি কৱ? আমাৰ বেটছৰ ছোৱালীবোৰ যদি এনেকে চুপাৰ চিনিয়ৰে থপিয়াই নিয়ে আমি কাক লাইন দিম বে?

: এটা কথা কি জান’?

: কি?

: জি.ইউত নিজৰ বেটছৰ বা চিনিয়ৰ বেটছৰ ল’ৰাবোৰতকৈ চুপাৰ চিনিয়ৰ দাদাবোৰেই প্ৰেমৰ বাটত ডাঙৰ বাধা!

: কি কৱ বে?

: সচাঁকে! জি ইউ হোষ্টেলত থাকি মোৰ পুৰা অভিজ্ঞতা হৈ গৈছে!

মনটো সেমেকি গ’ল! আৰম্ভ হোৱাৰ আগতেই প্ৰেম কাহিনী শেষ!

: এটা কাম কৰ!

: কি?

: ৰাতি ‘হাফ’ এটা লৈ মোৰ ৰুমলৈ আহি যা। ৰাতি দুই পেগ ধৰি অকনমান চেণ্টি ফালিব পাৰিম!

নেক্স ক্লাছটো আৰম্ভ হবলৈ হৈছিল। সোমাই গ’লোঁ দুয়োটাই!

☆★☆★☆

Leave a Reply

Your email address will not be published.