ফটাঢোল

ফটাপ্ৰেম – নীলাক্ষী দেবী ডেকা

সঁচা প্ৰেম ভূতৰ দৰে, সকলোৱে শুনিছে কিন্তু অতিশয় ভাগ্যবানজনেহে দেখা পায় আৰু যি নাপায় তেওঁ তাৰ অস্তিত্বত বিশ্বাস নকৰে। কিন্তু ফটাপ্ৰেম? সেইবিধ বস্তু সাধাৰণতে কোনেও নিবিচাৰে তথাপিও নিবিচৰাকৈয়ে এভেলভেল।

ময়ো বিচৰা নাছিলোঁ তাতে সেই কুমলীয়া বয়সত যি বয়সত হৃদয়ে গুণগুণাই, “মোৰ বুকুত এজোপা গোলাপ কোনে ৰুলে.. তেজত এটোপা আঁতৰ ঢালি হৃদয় কোনে চুলে..” আচলতে গোলাপ ৰুবলৈ বা দিবলৈ উপায় নাছিল আৰু তেজত আঁতৰ ঢালিবলৈ আৰু কঠিন আছিল। যৌথ পৰিয়ালত বসবাসৰ হেতু ছয় সাতযোৰা চিচিটিভি কেমেৰাই সততে সকলো কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছিল। তথাপিও প্ৰেম বস্তুটোৱেই এনেকুৱা যে বাধা পালেহে ভালকৈ বিকশিত হয়, মোৰো হ’ল। আমাৰ চুবুৰীৰে মোতকৈ দুবছৰমান ডাঙৰ দাদা এজনৰ প্ৰেমত পৰিলোঁ মই। মই দশমমানত পঢ়ি থকাৰ সময়ত তেওঁ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা দিব। পুৱা অঙ্কৰ টিউশ্যন কৰিবলৈ যাওঁতে বাটত সদায় দেখা পাওঁ। একেজন ছাৰৰ তাতেই আমি টিউশ্যন কৰোঁ। তেওঁৰ টিউশ্যন শেষ হোৱাৰ পাছত আমাৰ আৰম্ভ। তেনেকৈয়ে ছয়চকুৰ মিলন আৰু হৃদয়ত চুনামীৰ তোলপাৰ। ছয়চকু এইবাবেই যে তেওঁ চশমা পিন্ধে গতিকে তেওঁৰ চাৰিচকু আৰু মোৰ দুইচকু মিলি হিচাবত ছয়চকু হয়। চকুত চকু পৰিলে তেওঁ মোলৈ ৰ লাগি চায়। মই চাই থাকিব নোৱাৰি তলমূৰ কৰোঁ। অঙ্ক আৰু ত্ৰিকোণমিতিৰ ফৰ্মূলাৰ লগতে হীৰুদাৰ কবিতা মুখস্থ কৰাৰ কোব বাঢ়ি যায়। মুখামুখিকৈ কথা পতা তথাপিও নহয়গৈ। কথা ক’ব খুজিলেও শব্দবোৰ ডিঙিলৈকে উজাই আহি গলত সোপা মাৰি ধৰে। মুখ পাৰ হৈ বাহিৰ হ’ব মুঠেই নোখোজে। আনফালেও একেই অৱস্থা। মোক দেখিলে মূৰৰ কেঁকোৰা চুলিখিনি ঠিক কৰা যেন দেখুৱাই হিৰ’ চাইকেল লৈ ছাৰৰ কেম্পাচৰ পৰা দুপদুপাই লৰ মাৰে। তেনেকৈয়ে পৰীক্ষাৰ সময় আহি পালে। মোৰ মেট্ৰিক আৰু তেওঁৰ হায়াৰ চেকেণ্ডাৰীৰ ফাইনেল। আমাৰো টিউশ্যন শেষ হ’বৰ হ’ল। টিউশ্যন শেষ হ’বৰ দিনা আমাৰ ছাৰৰ ঘৰত সকলোলৈকে চাহ জলপানৰ নিমন্ত্ৰণ আহিল। সময়তকৈ আগতেই সেইদিনা ছাৰৰ ঘৰ পালোঁ। মোৰ লেডীবাৰ্ড চাইকেলখন ছাৰৰ চোতালত ষ্টেণ্ড কৰি বাৰাণ্ডাত উঠিবলৈ লৈ দেখিলোঁ যে তেওঁ বাৰাণ্ডাৰ বেঞ্চ এখনত বহি লগৰ দুজন ল’ৰাৰ লগত আড্ডাত ব্যস্ত। মোক দেখা পাই হাতত বহী এখন লৈ আগবাঢ়ি আহিল। মোলৈ বহীখন আগবঢ়াই দি ক’লে,

“নীলাক্ষি, এইখিনি তুমি বিচৰা ইংৰাজীৰ নোট। তুমি মোক বহীখন পৰীক্ষাৰ পাছত ঘূৰাই দিলেও হ’ব।”
এইবাৰ মোৰহে থতমত খোৱাৰ পাল। হে হৰি, মইনো তেওঁক ইংৰাজীৰ নোট বিচাৰিছিলোঁ কেতিয়া! কিন্তু সেইখিনি ক’বলৈ কথাখিনি ডিঙিৰ পাৰ হ’বওতো লাগিব! অ অ বুলি কোনোমতে কৈ বহীখন হাতৰ চেপত লৈ ভিতৰলৈ লৰ দিলোঁ। লাহে লাহে আমাৰ বেটছৰ সকলো বন্ধু বান্ধবী আহি পালে। সকলোৱে মহা উৎসাহেৰে চাহ জলপান খোৱাত লাগিল। মোৰ খোৱাত মুঠেই মন নবহিল। মাজতে এবাৰ দুবাৰ মূৰ তুলি চাওঁতে দেখা পালোঁ যে তেৰাই চশমাৰ ফাকেদি মোৰ ফালেই চাই আছে। ফেব্ৰুৱাৰী মাহৰ শীত শীত বতৰতো মোক জ্বৰে ঘামে আঁটি মাৰিলে। চাহমেল শেষ হোৱাৰ পাছত সকলোকে মাত লগাই কিবাকৈ আহি ঘৰ পালোঁ। আহিয়েই চিধা নিজৰ কোঠালৈ গৈ দুৰু দুৰু বুকুৰে বহীখন মেলি চালোঁ। ইংৰাজীৰ নোটছৰ বহীয়েই হয়। সুন্দৰ গোট গোট আখৰেৰে দুখনমান ৰচনা লিখা আছে। একেবাৰে শেষৰ পৃষ্ঠাত দীঘল চুলিৰ ছোৱালী এজনীৰ স্কেছ এটাৰ লগতে দুশাৰীমান। “নীলা, মই তোমাক ভাল পাই পেলাইছোঁ। তুমি মোক ভাল পোৱানে? মোক চিঠিৰ উত্তৰ নালাগে। যদি তুমিও মোক ভাল পোৱা তেন্তে কাইলৈ ৰাতিপুৱা টিউশ্যনৰ সময়ত তোমাৰ চোতালত ৰৈ থাকিবা। তেনেকৈ ৰৈ থকা দেখিলেই মই বুজি পাম।”

নক’লেও হ’ব যে ৰাতি মোৰ টোপনি নাহিল। পুৱা ফেহুজালি দিওঁতেই উঠি আহি বাঢ়নীটো লৈ চোতালখন চেৰেক চেৰেককৈ সাৰিবলৈ ধৰিলোঁ। চোতাল সাৰি শেষ হ’ল ইফালে দেখা সাক্ষাৎ নাই। এইবাৰ জপনাৰ বাহিৰৰ ৰাস্তাটোৱেই সাৰিবলৈ ধৰিলোঁ। মনত ভাব তেতিয়াও যদি আহি নাপায় তেন্তে এইবাৰ সাৰিম কি! এনেয়ে চোতালত ৰৈ থকাও এটা সমস্যা। তেনেতে তেওঁ চাইকেলখন লৈ সমুখৰ ৰাস্তাইদি মোলৈ চাই চাই পাৰ হৈ গ’ল। মুখত মিচিকিয়া হাঁহি লৈ। তাৰপাছত আৰু লগ পাবলৈ সময় নহ’ল। দুয়োৰে পৰীক্ষা আৰম্ভ হ’ল। সময়ত তেওঁ ডিচটিংশ্যনসহ পাছ কৰিলে আৰু ময়ো অঙ্কত লেটাৰ লৈ ফাৰ্ষ্ট ডিভিজন পালোঁ। পাছ কৰাৰ পাছত মই গুৱাহাটীৰ কলেজত আহি এডমিশ্বন ললোঁ আৰু তেওঁ আমাৰ তাৰেই ইঞ্জিনিয়াৰিং কলেজত মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগত নাম লগালে। সময়বোৰ আগবাঢ়ি গৈ থাকিল। মোৰ হোষ্টেলৰ ঠিকনাত গোট গোট আখৰেৰে মোৰ নাম লিখা চিঠি আহে পঢ়াশুনাৰ খবৰ সুধি। শেষৰ ফালে ইংৰাজী কবিতাৰ দুই তিনিশাৰী উদ্ধৃত থাকে। ময়ো উত্তৰ দিওঁ। কিন্তু তেওঁৰ ঘৰৰ ঠিকনাত নপঠিয়াই মোৰ প্ৰিয় বান্ধৱীজনীৰ কেয়াৰ অফত দিওঁ। তাই লগ কৰি চিঠিখন হাতে হাতে দিয়ে। তেওঁ সুখ্যাতিৰে পাছ কৰি ওলাই অএনজিচিৰ চাকৰিত যোগদান কৰিলে মোৰো স্নাতকৰ চূড়ান্ত পৰীক্ষা দিবৰ সময় হ’ল। পঢ়াৰ চাপৰ কাৰণে চিঠি পত্ৰৰ আদান প্ৰদানো কমি গৈ নতুন বছৰৰ আৰম্ভণিতে পঠোৱা গ্ৰীটিংছ কাৰ্ডত গৈ সীমাবদ্ধ হ’ল। মোৰ পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ সময়ত এটা ফুলাম খামত মোলৈ চিঠিএখন আহিল। আগ্ৰহেৰে খুলি চাই দেখিলোঁ যে মোৰেই প্ৰেমিকৰ বিয়াৰ নিমন্ত্ৰণী চিঠি। বিয়া মোৰ চিঠিৰ ডাকোৱাল মোৰ প্ৰিয় বান্ধৱীৰ লগত। বিয়ালৈ যোৱা নাছিলোঁ যদিও বিয়াৰ উপহাৰ কুৰিয়াৰ কৰি পঠিয়াই দিয়াৰ কথা মনত আছে।

☆★☆★☆

7 Comments

  • হাঃ হাঃ বান্ধবীয়ে কাঢ়ি লৈ গ’ল হিৰ’ক—

    Reply
  • ৰাজশ্ৰী

    লগ পালে বান্ধৱীৰ চুলিত ধৰি ঘটালি দিবচোন।

    Reply
  • আপোনাৰ বান্ধৱীজনীৰ ওপৰত মোৰ বহুত খং উঠিছে৷ভাল লাগিল৷

    Reply
  • Bagmita

    তোমাৰ বান্ধৱীক পালে ময়েই চুলি উঘালি দিম দেই,বিৰাট খং উঠিছে🙃

    Reply
  • হেমন্ত কাকতি

    ইচ ৰাম নাপায় দেই, বৰ দুখ পালো৷

    Reply
  • সৌৰভ শৰ্মা

    বহুত দুখ। চমবেদনা।😜😜😜ভাল লিখিছা।

    Reply
  • ৰিণ্টু

    ভালেই হ’ল, এতিয়াৰ বিয়ৈজন ঠাণ্ডা-মুণ্ডা মানুহ পালা।

    ভাল লাগিল পঢ়ি নীলাক্ষি

    Reply

Leave a Reply

Your email address will not be published.