ফটাঢোল

ফটাপ্ৰেম – পঞ্চী প্ৰিয়া দাস

১/ তেতিয়া ক্লাছ নাইনত মই। মামাৰ ল’ৰাটোৰ জন্ম হৈছে মে মাহত। তাৰ পিছতেই লগালে আমাৰ ঘৰত এয়াৰটেল ডিছ। কি ফূৰ্তি টিভি চাবলৈ পাম। কিন্তু বৰ্ডৰ পৰীক্ষাৰ কাৰণে টিভি চাবই নিদিয়ে। তথাপি স্কুলৰ পৰা আহিয়ে মামাহঁতক দেখাবলৈ ভাত পানী পটাপট খাই কিতাপ লৈ বহি যাওঁ। আন্ধাৰ হোৱালৈকে কিতাপ পঢ়ি লওঁ। হোমৱৰ্ক কৰি লওঁ। ৮ টা মানত টিভি চলে মামাহঁতৰ ৰুমত। আমিও ভণ্টিয়ে ময়ে এটি এটিকৈ যাওঁ মামীৰ কিনাৰতে বহি লওঁ। মামায়ে টেলেকাকৈ চাই, একো নকয় বাৰু। ফাইনেল পৰীক্ষাৰ আগৰ কেইদিন টিভি বন্ধ। কাকো চাব নিদিয়ে।

তেনেকুৱাতে আমাৰ পৰীক্ষা শেষ হ’ল ডিচেম্বৰ মাহত। আৰু মামী মই ফ্ৰী আছিলোঁ। পৰীক্ষাৰ পিছত একো কাম নাই, কাজিন কেইজনীও আহি পালে। তাৰ পিছত আৰু কোনে পাই আমাক। দিনটো টিভি চাওঁ। খাওঁ শুওঁ আৰু টিভি। তেতিয়াই দেখিলোঁ টিভিত এদিন ৰণবিৰ কাপোৰৰ গান(আজব প্ৰেম কি, গজব কাহিনী) “টেৰা হনে লগা হু” , “কেইছে বাটায়ে, কে তুঝক’ চাহে” , “প্ৰেম কি নৈয়া” । উফ ময়ো হৈ গ’লোঁ ৰণবিৰ কাপোৰৰ জাবৰা ফেন। সেই চিনেমাখন চোৱাৰ পিছৰ পৰা, মোৰো কাৰোবাক ভাল পাবলৈ মন যাবলৈ ধৰিলে। কিন্তু মোৰ নিচিনা টিকিৰি জনীক কোনে নো ভালপাব। তথাপি ভাবোঁ হ’ব “ভগবান কে ঘৰ মে ডেৰ হে, অন্ধেৰ নেহী”। ময়ো এদিন পাম মোৰ ৰাজকুমাৰ। ময়ো ফুৰিম মোৰ বয়ফ্ৰেইণ্ডৰ লগত বাইকত।(আমাৰ পিচে স্কুতি হে কিনিলে দেই) তাৰ পিছত আৰু মেট্ৰিক দিলোঁ। থাৰ্ড (অংকত পণ্ডিত) দিবিজন পোৱা কাৰণে তিনিচুকীয়া কলেজতে নাম লগাই দিলে।

তাৰ পিছত কলেজৰ কাহিনী শুনক।

২. তেতিয়া প্ৰথম প্ৰথম কলেজ গৈছোঁ। সৰুফুটীয়া আছিলোঁ কাৰণে কোনেও পাত্তা নিদিয়ে বৰকৈ। লগৰবিলাকো হাত্তা-কাট্টা। মই সেইকাৰণে আৰু কুছি-মুছি য’তে পাওঁ ত’তে বহু। যিয়ে মাতে মাতোঁ। কোনোবাই নেমাটিলেও আঁতৰি থাকোঁ। তেনেকুৱাতে এদিন দেখিলোঁ এজন সুদৰ্শন যুৱক। ধুনীয়া, ফিৰফিৰীয়া চুলি, কলা ছশমা, বগা টি-চাৰ্ট ব্লেক জিন্স, পিঠিত বেগ। মুঠতে নকৈছো আৰু, ইমানেই ধুনীয়া। বৰ বেছি ওখ ও নহয়। আমাৰ ৰাতিপুৱা ৮:৪০ পৰা এটা ক্লাছ হয়। কেতিয়াবা ভণ্টিক স্কুলত থৈ যাব লগা হয় কাৰণে সেইটো ক্লাছ নেপাওঁগৈ। ভাগ্য তেতিয়াই উদয় হয়। সেই সুদৰ্শন যুৱকও তেতিয়াই (কলা নে বগা আছিল ৰংটো মনত নাই) বলেৰ’ এখনত আহি কঁচুজান ফিল্ডৰ আগতে ৰখাই। মোৰো তেওঁক দেখি মন চন ভাল লাগি যায়। ইমান ধুনীয়া ল’ৰাটোক দেখিলে কাৰনো মন নাযাব ভালপাই চাবলৈ। সব ছোৱালী তেওঁক লৈ ফিডা। কোনোবাই কোনোবাই কিনাৰেদি তেওঁ পাৰহৈ গ’লেও ঘূৰি ঘূৰি চাই। তেনেকুৱাতে এদিন তেওঁ মোৰো কিনাৰেদি পাৰহৈ গ’ল মোৰো উশাহ বন্ধ হৈ যোৱা অৱস্থা। পাৰফিউমৰ মিঠা গোন্ধ এটা এৰি থৈ গ’ল যাওঁতে। আৰু আমাৰে লগৰ দুটামানে এদিন তেওঁক কান্ধত হাত থৈ সুধিলে –

: দোষ্ট এতিয়া কি ক্লাছ আছে?

তেওঁ তাহাঁতক হাঁহি মাৰি ক’লে,

: ময়ো নতুন নেজানো নহয় !!

তাৰ দুদিনমান পিছত কথাটো ওলালে। সেই কান্ধত হাত থোৱা কেইটাক প্ৰিন্সিপালে কেবিনত মাতি দিলে ঠিকছে গালি। আৰু সেই সুদৰ্শন যুৱকে যেতিয়া আমাৰ পলিটিকেল চাইন্সৰ ক্লাছ ল’বলৈ আহি ৰুমত সোমালে ফাৰ্ষ্ট বেঞ্চত বহা দুজনীমানৰ হুঁচ যাওঁ যাওঁ অৱস্থা।

অ’ এইজন আমাৰ ছাৰ হে। ইমানেই ভাল লাগিছিল এইজন ছাৰক। ক্লাছ কৰি থাকোঁতে বাৰে বাৰে সোধে-“ইজ ইট ক্লিয়েৰ বুলি” !! পিছত তেওঁ ছাৰ বুলি জনাৰ পিছতো কিন্তু আমি গ্রুপত ছাৰক লৈ কথা পাতোঁ। ছাৰৰ গাৰ্লফ্ৰেইণ্ড আছে যদি কিমান লাকী হ’ব, কিমান ধুনীয়া হ’ব, ছাৰেই ইমান ধুনীয়া। গাড়ী লৈ আহে। সবৰে ছাৰক লৈ অলীক কল্পনা। কিন্তু অলপদিন পিছত গম পালোঁ ছাৰৰ বিয়া। তাৰ পিছত আৰু সবেই বাদ দিলোঁ ছাৰৰ কথা। কিন্তু ক্লাছলৈ আহিলে সবেই ছাৰক খুব মুগ্ধ হৈ চাই। আজিও মনত পৰিলে হাঁহি উঠে ছাৰৰ কথা।

2 Comments

  • হেমন্ত কাকতি

    মানিছো আৰুু দেই পঞ্চি, চাৰকো নেৰিলা মানে

    Reply
  • হয় দেই ।
    (মিছা কলে কিডাল হব, আমিও এম.এছ.চি. পাছ কৰিয়েই কলেজত সোমোৱা বাইদেউজনীক হেপাব পলুৱাই চাইছিলো ।)

    Reply

Leave a Reply

Your email address will not be published.