ফটাঢোল

ফটাপ্ৰেম – পঞ্চী প্ৰিয়া দাস

কাহিনীটো ২০১০ চনৰ। মই তেতিয়া দশম শ্ৰেণীত পঢ়ি আছিলোঁ। সৰুফুটীয়া আছিলোঁ কাৰণে স্কুলত কোনেও ভালপাওঁ বুলি নক’লে। তাতে হেড ছাৰে আমাৰ ঘৰলৈ সঘনে অহা-যোৱা কৰিয়েই থাকে। কেনেবাকৈ ঘৰত গম পালে পিঠিৰ ছাল চিগিব বুলি নিজেও কুচি-মুচি থাকোঁ। সকলোৱে কেৱল, “তোমাক যে একেবাৰে ভণ্টীয়েই পাতিলোঁ আৰু” বুলিহে কয়। লগৰকেইজনীৰ আকৌ “ল’ৰাবন্ধু” সলনি হৈয়েই থাকে। কেতিয়াবা ভাবোঁ, মইনো বাৰু দেখিবলৈ ইমান বেয়ানে! ঘৰৰ মানুহে টিউশ্যনো একেবাৰে ওচৰতে দিছিল। আমাৰ ঘৰৰ পৰা এটা ঘৰ পাৰ হৈয়ে ছাৰৰ ঘৰ। দূৰৈত টিউশ্যনৰ কৰাৰ কথা কেতিয়াবা উলিয়ালেও মামা, মাহী বা মাৰ এটা চাৱনিতে তেনেই জই পৰি যাওঁ। সেইটো কথা দুনাই জিভাৰ আগলৈ নুলিয়াওঁ। তেনেকুৱাতে গৰম বন্ধত মামীয়ে মোক মাৰ্ঘেৰিটাৰ ঘৰলৈ লৈ গ’ল। তাতো সুবিধা নাই। দুজন বৰ্ত্তা, এজন খুড়া, বাকী সব দাদা। গতিকে তাত আশা নকৰিলোঁ। ফুৰিবলৈ গৈ কিন্তু এটা উপকাৰ হ’ল মোৰ। চুলিখিনি কাটি অকণমান ধুন পেচ মাৰিবলৈ শিকি আহিলোঁ। ঘূৰি অহাৰ পিছত আকৌ টিউশ্যন আৰম্ভ হ’ল। কিন্তু সেইবাৰ টিউশ্যনত নতুন ল’ৰা এটা দেখিলোঁ। এনেয়ে মই সহজে কাকো নামাতো। আচলতে মামাৰ ভয়তে নামাতো। ল’ৰাটো চিনাকি চিনাকি যেনো লাগিল। দেখিবলৈ বৰ বেয়া নহয়। ওখ, অকণমান মাগুৰ বৰণীয়া, চশমা পিন্ধে, হাতত এসোপামান আঙুঠি। আঙুঠি দেখি অনুমান কৰি ল’লো মাকৰ বৰ আদৰুৱা ল’ৰা বুলি। খবৰ-খাতি কৰি গম পালো ল’ৰাটো বেংগলী সম্প্ৰদায়ৰ। কেইদিনমান যোৱাৰ পাছত মই মন কৰিলোঁ সি মোক খুব চাই থাকে। সেইবুলি মই পিছে বৰ বিশেষ গুৰুত্ব নিদিওঁ। কোনেনো বাৰু নিজৰ পিঠি নিজে বহল কৰোৱাবলৈ বিচাৰিব! দুদিনমানৰ পিছত গম পালো সি আৰু মই সৰুতে একেলগে খেলিছিলোঁ। ল’ৰাটো ঘৰৰ ওচৰৰেই ওলালেগৈ শেষত। তথাপি সি চাবলৈ নেৰিলে। কেইদিনমানৰ পিছত টিউশ্যনৰ ছাৰৰ মাকে (আইতাই) মোৰ আগত তাৰ কথা কৈ কৈ জোকাবলৈ ধৰিলে। এদিন সোনকালে গৈ পালোগৈ মই। দেখিলো আন কোনো অহা নাই। কেৱল সিহে অকলে বহি আছে। মই ঘপহকৈ তাৰ মুখৰ আগতে ৰ’লোগৈ। সিও চালে মোৰ ফালে। এতিয়া কি কৰো উপায় নাই। হাঁহি দেখুৱালোঁ আৰু তাৰপিছত ছাৰৰ মাকৰ ওচৰ পালোগৈ। আইতাই জোকাবলৈ ধৰিলে মোক,

“ঐ পঞ্চী, যা তোৰ বন্ধু আহি বহি আছে, কথা পাতগৈ। তোৰ কথা সুধি আছিল মোক।”
আইতাৰ লগত একেবাৰে ফ্ৰী আছিলোঁ মই।

লাজত মোৰ কাণ-মূৰ গৰম হৈ ৰঙা পৰিবলৈ ধৰিলে। “ধেইত! কি যে কয়” – বুলি কৈ মই নিজৰ ঠাইত বহিলোঁগৈ।

তেতিয়াও কোনো আহি পোৱা নাছিল। সি লাহেকৈ সুধিলে – “তোমাৰ নাম পঞ্চী নহয়নে? মোৰ কথা মনত আছেনে তোমাৰ? আমি যে একেলগে খেলিছিলোঁ।, মই “অমুক”ৰ পুতেক।” (নামটো উল্লেখ কৰাৰপৰা বিৰত থাকিলো)

কথা পাতি গম পালোঁ ইমান দিনে সিঁহত কলিকতাত থকা বুলি। দেউতাক গাঁৱলীয়া বেংকৰ কৰ্মচাৰী। সেইদিনাহে ভালকৈ তাৰ মুখলৈ চালোঁ। জোৰা হৈ থকা চেলাউৰিযোৰ খুব ডাঠ। ধুনীয়াই ল’ৰাটো। লাহে লাহে কথা পাতি সহজ হ’লো। এদিন লগৰ এজনীৰ জৰিয়তে সি মোক প্ৰেমৰ প্ৰস্তাৱ দিলে। মই তেতিয়া অকণমান আজলী আছিলোঁ। ঘৰলৈ আহি ভণ্টীক কৈ দিলোঁ কথাটো। তাই বৰ বিশেষ একো নক’লে তেতিয়া। কিন্তু লাহে লাহে ঘৰত কৈ দিম বুলি ব্লেকমেইল কৰিবলৈ ধৰিলে। ভাইটি ভণ্টী দুয়োটা সৰু হৈ আছিল সেই সময়ত। পিছে বৰ দন্দুৰা দুয়োটা। সেই ল’ৰাটো আমাৰ ঘৰৰ সন্মুখেৰে গ’লে সি যদি মোক দেখি হাঁহি দেখুৱাই, দুয়োটাই খুব দম দিয়ে। সিও জানো কম! অকণমানি দুটাৰ আগতেই ফ্লাইং কিছ দেখুৱাই থৈ যায়। এদিন ভণ্টীয়ে দেখি ৰাস্তালৈ গেট খুলি ওলাই গৈ তাক “ঐ বেটেৰী, ঐ বেটেৰী” বুলি চিঞৰিলে। সি চাইকেল লৈ কোবাকুবিকৈ পলাল। সি বেচেৰাই যিজনী বান্ধৱীৰ আগত মোক ভালপোৱাৰ কথাটো কৈছিল, তাইৰ আগতে কান্দি দিলে। তাৰপিছৰ পৰা সি ৰাস্তাত একো নোকোৱা হ’ল। মাত্ৰ টিউশ্যনৰ পৰা যাওঁতে সদায় আমাৰ জেওৰাৰ কাষত গোলাপ ফুল দুপাহ পেলাই থৈ যায়। দুদিনমানৰ পিছত ভণ্টীয়ে এদিন তাক ফুল পেলাই থৈ যোৱা দেখিলে আৰু মোক বুটলি লোৱাও দেখিলে। ফুলকেইপাহ বুটলি লগে লগে মই নলাত দলিয়াই দিলোঁ। তাৰপিছত ভণ্টীয়ে সদায় মই টিউশ্যন যোৱাৰ সময়ত আৰু অহাৰ সময়ত গেটৰ মুখত ৰৈ থাকিবলৈ ল’লে। মই কথা বিষম দেখি ল’ৰাটোক এদিন টিউশ্যনতে ক’লো – “আমি অকল বন্ধুহে দেই। তাৰ বাদে আন কিবা হ’ব বুলি আশা নকৰিবা। ঘৰত এনেয়ে মাৰ খাবলৈ মন নাই মোৰ। এইটো কথা তুমি নিজ মুখেৰে মোৰ ভণ্টীক কৈ দিবা কাইলৈ স্কুললৈ যাওঁতে”।

সিও ঘৰত গম পাব বুলি বৰ ভয় খালে। “ওঁ, হ’ব ঠিক আছে” বুলি কৈ সি কথা সামৰিলে।

তাৰপিছৰ পৰা আকৌ আমি সেই তাহানিতে লগতে খেলা সৰুকালৰ বন্ধুৰ দৰে হৈ পৰিলো। তাক ভন্টীয়ে বেটেৰী বুলি জোকোৱাৰ প্ৰতিশোধ কিন্তু সি মোৰপৰা ল’লে, যেতিয়া প্ৰথমবাৰৰ বাবে মই চশমা লোৱা দেখিলে। ফেচবুকৰ আগৰ একাউণ্ট এটাত সি ৰিকুৱেষ্ট পঠিয়ালে আৰু পোনে পোনে মেছেজত মোক ক’লে – “দেখিলা, মোক জোকাইছিল নহয় তোমাৰ ভণ্টীয়ে! পালা মজাটো। তুমিও চচমিছ হৈ পৰিলা এতিয়া”।

সি তিনিচুকীয়ালৈ আহিলে এতিয়াও লগ পাওঁ তাক। মাত্ৰ আজিকালি মাতিবলৈ অকণমান অসহজবোধ কৰে। লগত মোৰ মানুহজন থাকে কাৰণে। এয়াই মোৰ মেট্ৰিকৰ আগে আগে হোৱা ফটাপ্ৰেম।

☆★☆★☆

3 Comments

  • সৌৰভ শৰ্মা

    ধেৎতেৰি এই ইণ্টাৰেচটিং কাহিনী পঢ়ায়েই নাছিলোঁ। গোলাপ থৈ যোৱা ফটা প্ৰেমীও কম নহয়।😜😜 👍🏽👌🏽

    Reply
  • Mousumi gogoi

    আকৌ এবাৰ হাহিঁলো।

    Reply
  • জয়ন্ত দাস

    দুবাৰেই পঢ়িলো৷ মজা ৷

    Reply

Leave a Reply

Your email address will not be published.