ফটাঢোল

ফটাপ্ৰেম – প্ৰিয়ংকা হাজৰিকা

কেচটো মানে 2009 চনৰে। তেতিয়া মই ডিগ্ৰী ছেকেণ্ড ইয়েৰত পঢ়ি আছোঁ, হোষ্টেলত থাকোঁ। হোষ্টেলত আমি দুজনীমানৰ বাহিৰে বেছিখিনিৰেই বয়ফ্ৰেণ্ড আছে। প্ৰাইভেট হোষ্টেল হোৱা বাবে মোবাইল ফোন ৰখাত আপত্তি নাছিল আৰু এই সুযোগটো বয়ফ্ৰেণ্ড থকাসকলে ভালদৰেই উঠাইছিল। মোৰ ৰূমমেটজনীৰ কাণতো কলেজৰ বাদে বাকী সকলো সময়তে ফোনটো ফিক্স হৈয়ে থাকিছিল। সেয়ে আবেলি সময়খিনিত প্ৰায়ে আমাৰ বয়ফ্ৰেণ্ড নথকা কেইজনীৰ হোষ্টেলৰ ছাদৰ ওপৰত আড্ডা চলিছিল।

আমাৰ হোষ্টেলৰ সন্মুখতে ৰাষ্টাৰ সিটো পাৰে আইন কলেজ, আইন কলেজৰ কাষতে ডাঙৰ ফিল্ড এখন আৰু তাৰ কাষেদিয়েই অলপমান গ’লেই ডেইলী বজাৰখন বহে। সেয়েহে হোষ্টেলৰ সন্মুখৰ ৰাষ্টাটো মানুহৰে ভৰি থাকে। এদিনাখন ছাদৰ ওপৰত আড্ডা দি থাকোঁতেই দেখিলো চাৰি-পাঁচটামান ল’ৰাই আমাৰ ফালেই চাই কথা পাতি আছে। প্ৰথমতে বৰ বিশেষ গুৰুত্ব নিদিলো। কিন্তু বহুত সময় ধৰি এনেদৰে চাই থকা দেখি গোটেইকেইজনী নিজৰ নিজৰ ৰূমলৈ নামি আহিলোঁ। পিছদিনাখন আকৌ ছাদৰ ওপৰলৈ যাওঁতেই দেখিলো সেই ল’ৰাকেইটাই ৰাস্তাটোৰ সিটো পাৰে ৰৈ আছে। আমি ছাদৰ ওপৰ পাওঁতেই হোষ্টেলৰ সন্মুখত থকা লাইটৰ পোষ্টটোত কাগজ এখন আঠা লগাই হাতেৰে ক’ল কৰাৰ ভংগীমা দেখুৱাই বাইকত উঠি গুচি গ’ল। আমি কিবা বুজি পোৱাৰ আগতেই সিহঁতকেইটা নেদেখা হ’ল।

কাগজখনত কি লিখিছিল চাবলৈ বিৰাট মন গৈছিল যদিও ৱাৰ্ডেনৰ মুখখন মনত পৰাৰ লগে লগে কোনেও যাবলৈ সাহ কৰা নাছিল। তাতে হোষ্টেল কেম্পাছৰ ভিতৰত ফিট কৰি থোৱা চিচি কেমেৰাৰ কথা মনত পৰাত ভয় দুগুণ হৈছিল। গতিকে গোটেইকেইজনীয়ে সিদ্ধান্ত ল’লোঁ যে সন্ধিয়া সময়ত যেতিয়া বেকাৰীৱালাটো আহিব, তেতিয়া হোষ্টেলৰ বেছিভাগ ছোৱালীয়েই গেটৰ সন্মুখলৈ যাব আৰু তেতিয়াই আমি কোনোবা এজনীয়ে গৈ কাগজখিলা ফালি আনিম।

কথামতেই কাম। এজনীয়ে মৰসাহ কৰি কাগজখন ফালি আনিলে। কাগজখিলাত লিখা কথাখিনি পঢ়ি গম পালোঁ যে ক’ল কৰিবলৈ ভংগীমা দিয়া ল’ৰাটো ফিল্ডখনৰ সিটো পাৰে থকা অফিচটোত কাম কৰে। বজাৰলৈ যাওঁতে ছোৱালী এজনী দেখিলে আৰু অলপমান অনুসন্ধান কৰি গম পালে যে ছোৱালীজনী এইখন হোষ্টেলতে থাকে। সেইকাৰণে তিনিদিনমান ধৰি হোষ্টেলৰ সন্মুখত পৰ দি আছে। গতিকে ব্লু কালাৰৰ টি-চাৰ্ট পিন্ধা ছোৱালীজনীয়ে কাগজত লিখি দি থৈ যোৱা নম্বৰটোত ফোন এটা কৰিব লাগে। সৌভাগ্যক্ৰমে নে দুৰ্ভাগ্য ক্ৰমে নাজানো সেই ব্লু কালাৰৰ টি-চাৰ্ট পিন্ধা ছোৱালীজনী ময়ে আছিলোঁ। লগৰমখাই হুলস্থূল আৰম্ভ কৰিয়েই দিছিল ফোন নম্বৰ দিবলৈ। কিন্তু মই দিয়া নাছিলোঁ। একো নজনাকৈ মই মিছা কৈ টাইম পাছ কৰাৰো পক্ষপাতী নাছিলোঁ। সেয়ে পিছদিনা কলেজৰ পৰা আহোতেই কাগজ এখিলাত ‘ছ’ৰী’ বুলি লিখি পোষ্টটোতে আঠা লগাই আহিছিলোঁ। ছাদৰ ওপৰত গৈ দেখিছিলো সি মোৰখন ফালি অন্য এখন লগাই থৈ গৈছিল। দুদিনমান ছাদৰ ওপৰলৈ যোৱা বাদ দিছিলোঁ। তথাপিও এই কাগজৰ ‘চিলচিলা’ বন্ধ হোৱা নাছিল। কোনোবা দিনা কবিতাৰ টুকুৰা এটা, কোনোবা দিনা গানৰ কলি আৰু ‘প্লিজ কল’ বুলি লিখা কাগজৰ টুকুৰা। আৰু মই প্ৰতিবাৰেই ‘ছ’ৰী’ লিখিছিলোঁ। ভাল পোৱা নাছিল যদিও আবেলিটো লৈ যেন অধীৰ আগ্ৰহেৰে বাট চাবলৈ ধৰিছিলোঁ লাহে লাহে। আজি বা কি লিখিছে জানিবলৈ উৎসুক হৈ পৰিছিলোঁ। কিছুদিন এনেদৰে যোৱাৰ পাছত দেখিলোঁ আমাৰ প্ৰিয় লাইটৰ পোষ্টটোত এদিন ছোৱালী এজনীয়ে কাগজ এখিলা আঠা লগাই গৈছে। আচৰিত হ’লোঁ দেখি। কি লিখিছে জানিবলৈ উৎসুকতা বাঢ়িল। ওচৰলৈ গৈ চাওঁতে দেখিলো তাত লিখা আছিল “আনৰ মাললৈ চকু নিদিবি”। সমীৰণৰ বন্ধুৰ পৰা সব গম পাইছো।

লগৰজনীয়ে খঙতে একো নাই হৈ তলত লিখি থৈ আহিল- “নিজৰ মাল চম্ভালি ৰাখিবি”|

সমীৰণৰ বন্ধুৱে ছোৱালীজনীক কি লগালে নাজানিলোঁ। সেইদিনাৰ পৰা ল’ৰাটোকো নেদেখা হ’লোঁ। মোৰো আবেলি আবেলি মনটো ভাল লগাই ৰখা ফটাপ্ৰেম ইমানতেই শেষ।

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published.