ফটাঢোল

ফটাপ্ৰেম – পৰীস্মিতা দাস

চতুৰ্থ শ্ৰেণীত পঢ়ি থকা সময়ৰ কথা৷ তেতিয়া আমাৰ চৰকাৰী বিদ্যালয়খনত ল’ৰা-ছোৱালীৰ মাজত কোনো ভেদভাৱ নাছিল৷ ৰোল নম্বৰ অনুযায়ী ল’ৰা-ছোৱালী সকলোৱে একেলগে বহে৷ সেয়েহে ল’ৰা-ছোৱালীৰ মাজত মিলাপ্ৰীতিও বহুত৷  কিন্তু এটা ক্ষেত্ৰত ল’ৰাবোৰ বৰ বদমাচ৷ সিহতে ওচৰৰ অমৃত খুৰাহঁ‌তৰ খেজুৰজোপাৰ পৰা বেগ ভৰ্তি কৰি কৰি খেজুৰ আনে, কৰুণাহঁ‌তৰ বেতবাৰীৰ পৰা বেতগুটি আনে, বিদ্যালয়ৰ চৌহদৰ ভিতৰৰ কদম গছজোপাৰ পৰা কদম ফুল পাৰি পাৰি আনি আমাক দেখুৱায়, কিন্তু আমি বিচাৰিলেই জিভা উলিয়াই সিয়াঁৰি দিয়ে৷ কিন্তু বদমাচ ল’ৰাবোৰৰ মাজত এজন ল’ৰা কিছু ব্যতিক্ৰম৷ সি পাৰি অনা খেজুৰ, বেতগুটিৰ পৰা আধাভাগ মোলৈ আচুতিয়াকৈ ৰাখে, মোৰ মন ভাললগাবৰ বাবেই গছত উঠি পাৰি লৈ আহে কদম ফুল৷ মই কাম কৰিলেও সি দুখ পায়; শ্ৰেণীকোঠাত ঝাৰু দিয়াৰ দায়িত্ব যিদিনা মোৰ ভাগত পৰে, সেইদিনা সি আগেভাগে গৈ ঝাৰুডাল হাতত লয়৷ মোৰ কথা ইমানকৈ ভবা ল’ৰাজনলৈ মোৰ মনত মৰম নোপজি জানো পাৰে! তাৰ লগত থাকি মোৰ ভাল লগা হ’ল, স্কুল ছুটীৰ পাছত ঘৰলৈ আহি ভণ্টীৰ আগতো তাৰ কথাকেই বেছিকৈ ক’বলৈ আৰম্ভ কৰিলোঁ৷ ইমান ধুনীয়া হিন্দী গান গাব পাৰে সি, মাতটো যে একেবাৰে উদিত নাৰায়ণ। এইবোৰ কথাকে পাতি থাকো ভণ্টীৰ স’তে৷ কিন্তু তেতিয়ালৈ প্ৰেম সম্পৰ্কে কোনো কথা মনলৈ অহা নাছিল৷
এটি সুন্দৰ ৰাতিপুৱাৰ কথা৷ বাৰাণ্ডাতে পাটীখন পাৰিলৈ পঢ়িবলৈ বহিছোঁ৷ বেগখন খোলোতেই ওলাই পৰিল এটুকুৰা ভাজ খাই থকা সৰু কাগজ৷ কাগজখন খুলি চালোঁ৷ কাগজখনত যি কথা লিখা আছিল তাৰ সাৰমৰ্ম আছিল এনেধৰণৰ- যিজন ল’ৰাই কাগজখন লিখিছে সি মোক বহুত ভালপায়, আৰু সি মোক বিয়া পাতিব বিচাৰে৷ কিন্তু কাগজখনত লিখোতাজনৰ অৰ্থাৎ কোনে মোক ভালপাই তেওঁৰ নাম উল্লেখ নাছিল৷ কথাখিনি পঢ়ি মোৰ দুয়োখন হাত থৰথৰকৈ কঁপিবলৈ ধৰিলে৷ কোনোমতে কাগজখন সামৰি মই বেগত ভৰাই থ’লোঁ৷
স্কুলত গৈ মই ক্লাছৰ সকলো ছোৱালীকে একলগ কৰি গোপন বৈঠক বহুৱালোঁ৷ মোৰ বেগত উদ্ধাৰ হোৱা কাগজখনৰ বিষয়ে জনালোঁ, লগতে ক’লো যে আমি বিচাৰি উলিয়াব লাগিব কোনে কাগজখন লিখিছিল আৰু কোনে মোৰ বেগত ভৰাই থৈছিল৷  কথামতেই কাম৷ আমি গোপনে অনুসন্ধানত লাগি গ’লোঁ৷ কিন্তু তেনেকুৱাতে আমাৰ ওচৰৰে ছোৱালী এজনী, যি মোতকৈ ডাঙৰ আছিল কিন্তু মোৰ লগত একেটা শ্ৰেণীতে পঢ়িছিল আৰু মই বা বুলি মাতিছিলোঁ, তাই ক’লে যে এইবোৰ ভাল কথা নহয়৷ এইবোৰ কথা ডাঙৰ কৰিব নালাগে৷ কাগজখন চিঙি পেলাই দিয়া৷ তাইৰ কথামতে কাগজখন চিঙি আমি ল’ৰাবোৰৰ মূৰৰ ওপৰত দলিয়াই দিলোঁ৷
কিন্তু ঘটনাটো সিমানতে শেষ নহ’ল৷ সেইদিনা মোৰ লগতে আৰু এজনী ছোৱালীয়ে তেনেকুৱা এখন কাগজ পাইছিল৷ আৰু তাই জানিছিল দুয়োখন কাগজ কোনে লিখিছে৷ মই আকৰীয়ে গোটেই কথাবোৰ সমনীয়াসকলক কৈ দিলোঁ, কিন্তু তাই সেইবোৰ একো নকৰি গোটেই কথাবোৰ ক’লে তাইৰ সম্পৰ্কীয় বায়েকক, যি আমাৰ বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী৷
পাছদিনা কোনো কাৰণত হেডচাৰ অনুপস্থিত আছিল৷ গতিকে সেই বাইদেউজনীয়ে আমাৰ শ্ৰেণীত সোমায়েই বিচাৰ আৰম্ভ কৰিলে৷ বিচাৰ হ’ব বুলি জানিয়েই চিঠি পোৱা আন ছোৱালীজনী স্কুললৈ অহা নাছিল৷ গতিকে বাইদেৱে মোক মাতি নি গোটেই কথাবোৰ সুধিলে৷ ময়ো বাইদেউক সকলো কথা কৈ দিলোঁ৷ তাৰ পাছত বাইদেৱে সেই ল’ৰা দুজনক মাতিলে৷ ল’ৰা দুজনক দেখি মই অবাক, কিয়নো এজন ল’ৰা আছিল মোক সদায়ে খেজুৰ আৰু কদমফুল আনি দিয়া ল’ৰাজন৷ মোৰ টিউবলাইটটো তেতিয়াহে জ্বলি উঠিল, ই কি মোক সঁচাকৈয়ে ভালপায় নেকি? মোক যে ই খেজুৰ কদম আনি দিয়ে, মোক যে ঘৰ সাৰিবলৈ নিদিয়ে ইয়াকেই প্ৰেম বুলি কয় নেকি? এনেকুৱা প্ৰশ্নবোৰ মনলৈ আহি থাকোতেই বাইদেৱে সিহঁ‌তক সুধিলে সিহঁ‌তে এইবোৰ কিয় কৰিলে৷ সিহঁ‌ত দুয়োৱে ইজনে সিজনৰ গাত দোষ জাপি দিয়াত ব্যস্ত৷ এনেতে হঠাৎ কি হ’ল জানো, এজনে আনজনক মাটিত বগৰাই লৈ ঘুচিয়াবলৈ ধৰিলে, দুয়োৰে মাজত দৱৰা-দৱৰি লাগিল৷ মই ভয়তে কান্দিবলৈ ধৰিলোঁ৷ বাইদেৱে মোক অভয় দি সিহত দুয়োকে অফিচ ৰূমলৈ লৈ গ’ল৷ অফিচ ৰূমত কি হ’ল নাজানো, কিছু সময় পাছত সিহঁ‌তে আহি মোক ক’লে আমি আৰু কেতিয়াও এনেকুৱা ভুল নকৰোঁ, আমাক মাফ কৰি দিবি৷
আমাৰ স্কুলত আন এজনী বাইদেউ আছিল, যিজনী আমাৰ সম্পৰ্কীয় মামাৰ ছোৱালী। দুয়োজনী বাইদেউ সেইদিনা আমাৰ ঘৰলৈ আহিল আৰু মাক সকলো কথা বিৱৰি ক’লে৷ মায়ে মোক মাতি কথাবোৰ সোধাত মই আকৌ কান্দিবলৈ ধৰিলোঁ৷ মায়ে ক’লে এইবোৰ বহুত বেয়া কথা৷ আৰু যেন কেতিয়াও এনেকুৱা কথা শুনিবলৈ নাপাওঁ৷ মই মনে মনে থাকিলোঁ,  যদিওবা মোৰ একো দোষ নাছিল৷
সেইদিনধৰি ল’ৰাজনক দেখিলেই মই মূখখন ঘুৰাই আনফালে যোৱা কৰিলোঁ৷
এনেকৈয়ে ক্লাচ চেভেন পালোঁ৷ তেতিয়া সদায় ভণ্টী আৰু মই একেলগে স্কুললৈ যাওঁ, কিন্তু সেইদিনা ভণ্টী নোযোৱাত মই অকলেই স্কুললৈ যাব লগা হ’ল৷ “য’তে বাঘৰ ভয় ত’তে ৰাতি হয়”ৰ দৰে সেইদিনা স্কুললৈ যোৱা বাটতে তাক লগ পালোঁ৷ তাক দেখি মূখখন ঘূৰাই দিব খোজোতেই সি ক’লে- “ৰ’চোন, তোক এটা কথা কওঁ৷” মোৰ ভৰি দুখন আপোনা-আপুনি ৰৈ গ’ল৷ সি ক’লে- “ভয় নকৰিবি, মাত্ৰ এটা কথা সুধিম তোক৷ মই তোক এতিয়াও ভালপাওঁ৷ তই মোক ভাল পাবিনে?”
ডিঙিৰ পৰা ওলাই আহিব নোখোজা মাতটো কোনোমতে উলিয়াই একে উশাহে “মই আন কোনোবাক ভালপাওঁ” বুলি কৈ মই সেই ঠাইৰ পৰা দৌৰ দিলোঁ৷
মই আন কোনোবাক ভালপাওঁ বুলি কোৱাতো আছিল তাক মোৰ পৰা আঁতৰাবলৈ মাৰি পঠিওৱা আমোঘ অস্ত্ৰ৷ অস্ত্ৰই কাম দিলে৷ সি আৰু মোক আমনি কৰিবলৈ নাহিল৷
একেখন গাঁৱতে ঘৰ হোৱা বাবে এতিয়াও কেতিয়াবা তাক দেখা পাওঁ৷ আৰু সৰুতে কৰাৰ দৰে এতিয়াও তাক দেখিলে মূখখন ঘূৰাই আঁতৰি যাওঁ৷
☆★☆★☆

2 Comments

  • parishmita

    মজ্জা লাগিল।

    Reply
  • অনুৰূপ মহন্ত

    আগতেও পঢ়িছিলোঁ গোটত। আকৌ পঢ়ি ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.