ফটাঢোল

ফটাপ্ৰেম – মিতালি চহৰীয়া

: তই কি তাৰ লগত বিয়া হ’ম বুলি ভাবিছ নেকি? ইয়েছ ক’ম নে নক’ম যে মোক সুধিছ!

: দৰকাৰ পৰিছে মোৰ। ডিল কি গম ভূলানে কে লিয়ে লাগে অ’ এজন। কটা ঘাত মলম লগোৱাৰ দৰে। তাতে সি যেতিয়া নিজেই আগ্ৰহ দেখুৱাইছে।

: অ’ হয়নে? আৎসা, তই কচোন এইজন লিষ্টৰ কিমান নম্বৰত পৰিব।

: এ, ৰাখ ফোন। তই নুবুজিবি এইবোৰ কথা।

: তই যি কৰ কৰ। মই ৰাখিলো।

ফোনটো কাটি দি ভাবিলোঁ, কি কৰা যায় এতিয়া! কি উত্তৰ দিওঁ। ল’ৰাজন ইমান বেয়া নহয়। তথাপি দুদিনমান মতি গতি চাই লওঁ। এই যে মই, এই মইজনীৰ অন্তৰখন খুব বহল, ঠিক সাগৰখনৰ দৰেই। অলপতে হৃদয়খন পাঁচটকীয়া বৰফৰ দৰে গলি যায়। ভাল বন্ধুত্ব গঢ়ি উঠিবলৈ দহ মিনিট সময়ো নালাগে। আৰু প্ৰেম….. অৱশ্যে প্ৰেম গঢ়ি উঠিবলৈ অলপ সময় লাগে। আকৌ প্ৰেমৰ কলি কিবাকৈ ফুটি ওলালেও ফুলিবলৈ নাপাওঁতেই ওপৰত প্ৰায়ে গৰম পানী পৰি প্ৰেমৰ পাহি মৰহি যায়।

এইবাৰো ঠিক আগৰবোৰৰ দৰেই আৰম্ভণি। “হাই, হেল্লো, কি কৰিছা, ইমান ফ্ৰি মাইণ্ডেড তুমি, তোমাক মোৰ কিবা এটা ভাল লাগে (হয়তো! মোক কিয় ভাল নালাগিব, এনেই মেছেজৰ ৰিপ্লাই দিয়া নাইতো) কেতিয়া লগ কৰিবা?” মই ক’লো এই আঠ কিঃমিঃ আঁতৰৰ দূৰতেই লগ কৰিব লাগে নেকি! আঁতৰৰ হ’লে নিশ্চয় লগ কৰিলোঁহেতেন। তথাপি কিছুদিন পিছত পূজা চাবলৈ যাওঁতে হঠাৎ এটি পূজা মণ্ডপত তাক দেখিলোঁ, সিয়ো দেখিলে, লগৰবোৰৰ মাজৰপৰা আগুৱাই আহি মাত লগালেহি। চিনাকিৰ দৰে দুয়ো কথা পাতিলোঁ, যিহেতু মোৰ লগত ভণ্টী আৰু ভাইটি আছিল। ঘৰৰ ডাঙৰ ছোৱালী সৰুৰ আগত গুৰু গম্ভীৰ হৈ থাকিব লাগে যে!

লগ পোৱাৰ পিছৰেপৰা ফোনত কথা পতা হ’লো। লাহে লাহে কথাবোৰত ভালপোৱাৰ ইংগিত পাবলৈ ধৰিলোঁ। তাৰপিছত এদিন কৈ পেলালে তোমাক ভাল লাগে, ভাল পাওঁ। মই ক’লো, আচলতে মই তোমাক তেনেকৈ ভবাই নাই। সি ক’লে, ভাবাচোন তেনেকৈ কিজানি তুমিয়েই মোৰ হ’বলগীয়া পত্নী। উফফফ… কৈছোঁ নহয় অন্তৰখন খুব বহল, গলি যায়। অলপ গলি গ’ল। তথাপি উত্তৰ কি দিম ভাবি লগৰ এজনলৈ ফোন কৰি সুধোতে এনেকৈ যি কৰ বুলি ক’লে।

মই ল’ৰাজনক উত্তৰ দিলোঁ, মই ভাবি চাম তোমাৰ পত্নী হ’ব পাৰো নে নোৱাৰোঁ। ঠিকে আছে ভাবি লোৱা বুলি ক’লে সি। তাৰ পাছত মাজতে দুদিনমান ফোনত কথা পতা কমি গ’ল। মইয়ো ব্যস্ত হৈ পৰিলোঁ মোৰ কামত। এদিন ডিউটিৰপৰা উভতি ঘৰলৈ আহি আছোঁ, ফ্ৰি ৰাস্তা পাই খুব স্পিডত আহিছোঁ। হঠাৎ আগত বাইকত এহাল ল’ৰা ছোৱালী দেখিলোঁ। খুব লাহে লাহে চলাই আহি আছিল। পিছফালপৰা দেখি ল’ৰাজন চিনাকি যেন লাগিল। ওচৰ পাই দেখোঁ, হয় চিনাকিয়েই হয়। মোক পত্নী বনাব খোজা ল’ৰাজন। মোক হঠাৎ তেনেকৈ দেখি সি অপ্ৰস্তুত হোৱাৰ দৰে হ’ল, গাল মুখ ৰঙা পৰিল। হয়তো ভবা নাছিল তেনেকৈ মোক লগ পাব বুলি। মই তাক মাত লগাই মোৰ ঘৰ অলপ আগত, যাওঁ বুলি কৈ গুচি আহিলোঁ। তাৰ অবস্থা দেখি হাঁহি উঠিল। বেচেৰা!

হায় মোৰ প্ৰেম! এনেকৈয়ে গৰম পানী পৰি গ’ল। গধুলি ল’ৰাজনে ফোন কৰিলে। ক’লে, আচলতে তুমি মোক হাঁ কোৱা নাছিলা আৰু তাইকো মই বহুত দিন আগৰপৰাই ট্ৰাই কৰি আছিলোঁ!

☆★☆★☆

9 Comments

Leave a Reply

Your email address will not be published.