ফটাঢোল

ফটাপ্ৰেম – মিৰাজুল ৰছিদ

‘প্ৰেম’ শব্দটো বৰ মিঠা। একেবাৰে চেনী টাইপ মিঠা। অ, চেনীৰ পৰা মনলৈ আহিছে মই কলেজৰ দিনত এতিয়াৰ দৰে চেনী নাছিলোঁ। ছোৱালীৰ ছাঁ দেখিলেই লাজতে  মৰিছিলোঁ। ছোৱালীৰ চকুত চকু থৈ কথা ক’ব পৰা সেই সাহস মোৰ তেতিয়া নাছিল। বন্ধুবোৰে যেতিয়া ছোৱালীৰ লগত কথা পাতে, ছোৱালী জোকাই ফুৰে মই মনতে ভাবোঁ‌ যে, আচলতে এইজনহে বীৰ। কি সুন্দৰ প্ৰতিভা এয়া। কাচ মোৰো এনে দিন অহাহেতেঁন।
অৱশ্যে মোৰ মনৰ ভিতৰত কিন্তু সেই তেতিয়াৰে পৰাই চলমান খান টাইপ হিৰো এটা লুকাই আছিল। যদিও দেখিবলৈ কাঠৰ ৩০ চেণ্টিমিটাৰৰ স্কেলপাতৰ দৰে আছিলোঁ তথাপি মনৰ ভিতৰত থকা হিৰোটোৱে মাত্ৰ সময়ৰ অপেক্ষাত ৰৈ আছিল। দিন বাগৰিল আৰু  মই উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকত নামভৰ্তি কৰিলোঁ।
প্ৰথম দিনাখনে ৰেগিং আৰম্ভ হ’ল। কেমেচট্ৰি ক্লাচৰ পিছতে থকা ব্ৰেক টাইমত এণ্ট্ৰি মাৰিলে দ্বিতীয় বাৰ্ষিকৰ চিনিয়ৰ ছোৱালীকেইজনীয়ে। এফালৰ পৰা ৰেগিং কৰি কৰি শেষত মোৰ ওচৰ পালে। ছজনী ছোৱালীয়ে মিলি যেতিয়া মোক গান গাবলৈ, কবিতা আবৃত্তি কৰিবলৈ আৰু শেষত ছজনীৰ মাজৰ এজনীক আই লাভ ইউ বুলি ক’বলৈ দিলে তেতিয়া মই পাঙচাৰ হোৱা চকাৰ দৰে ফুচ হৈ গ’লো। ক’লোৱেই নহয় মই এতিয়াৰ দৰে ইমান ফৰ্মত নাছিলোঁ তেতিয়া। আজিৰ দিনত হোৱাহেঁতেন এজনীক কিয় ছজনীকে একেলগে আই লাভ ইউ ক’লোহেঁতেন। যি কি নহওঁক মোৰ অৱস্থা দেখি চিনিয়ৰ কেইজনীয়ে হাঁহিবলৈ ধৰিলে। কিন্তু এজনীয়ে মোৰ গালখনত লাহেকৈ চিকুটি ক’লে, “বৰ মৰম লগা ল’ৰা দেই। অলপ ডাঙৰ হোৱাহেঁতেন মোৰ বয়ফ্ৰেণ্ড বনাই ল’লোহেঁতেন।”
উফ!  ছজনীকৈ ছোৱালীৰ সন্মুখত মুখেৰে একো ক’ব নোৱাৰিলোঁ যদিও মই দুখ নকৰিলোঁ। আচলতে মই ল’ৰাটো সৰুৰে পৰাই বৰ পজিটিভ। আফটাৰ অল মোৰ ব্লাড গ্ৰুপো বি পজিটিভ। মই মনটোক সান্তনা দিলোঁ যে,  “মিৰাজ তোৰো দিন আহিব চিন্তা নকৰিবি। এইজনীয়ে  তোৰ গাৰ্লফ্ৰেণ্ড হ’ব এদিন চাই থাক।”
সঁচাকৈয়ে তাই কোৱা সেই বয়ফ্ৰেণ্ড বনাই ল’লোহেঁতেন কথাষাৰেই মোৰ ভিতৰত শুই থকা হিৰোটোক জগাই দিলে। মই সদায় ক্লাচৰ ব্ৰেকত বাৰাণ্ডাত ওলাই সাহস অলপ গোটাই তাইৰ ফালে চোৱা কৰিলোঁ। পৰীক্ষাৰ শেষত যেতিয়া চিনিয়ৰ সকলক বিদায় দিয়াৰ সময় আহিল, সেইদিনাই ক’ৰ পানী ক’লৈ যাই চাওঁ বুলি ভাবি তাইক  কাগজ এখনত কাউৰীঠেঙীয়া আখৰেৰে “আই লাভ ইউ” বুলি লিখি সৰুকৈ চিঠি এখন দি দিলোঁ।  সেইদিনা তাই একো নক’লে যদিও তাইৰ ভাগৰ লালমোহন এটা মোক দি দিলে খাবলৈ। তেতিয়াই বুজিলোঁ ল’ৰাৰ লেৱেল আছে, চিনিয়ৰ ছোৱালী পতাব পাৰিছে ।
“গুড মিৰাজ গুড । প্ৰাউদ অফ ইউ …” নিজেই নিজকে ক’লো ।
প্ৰেক্টিকেল শেষ হোৱাৰ দিনাখন তাই মোৰ হাতত কাগজ এখন দি থৈ গ’ল। দৌৰি গৈ লাইব্ৰেৰীত সোমালোঁ আৰু কিতাপ এখনৰ মাজত সেই কাগজৰ টুকুৰাটো মেলি পঢ়িবলৈ ল’লোঁ ।
“মিৰাজ, তুমি মোতকৈ সৰু হ’বা। প্ৰথম দিনাখন ৰেগিঙৰ দিনা কিবা এটা ভাল লাগি তেনেকৈ কৈছিলোঁ। কিন্তু, হঠাৎ সেইদিনাখন তুমি ভাল পাওঁ বুলি কোৱাৰ পিছত মই মন দি একো কৰিব পৰা নাই জানা। মইয়ো ভাল পাওঁ নেকি বাৰু? শুনা মই কিন্তু তিনি বছৰমান ডাঙৰ হ’ম তোমাতকৈ। অৱশ্যে শচীন তেণ্ডুলকাৰ যে, তেওঁৰো পত্নী তেওঁতকৈ ডাঙৰ। গতিকে তোমাৰ হাততে এৰিলোঁ চব ভাবি চাবা, যি মন ক’বা। মই আছোঁ তোমাৰ বাবে সদায়। ইতি, ……”
এইখন পঢ়াৰ পিছত ক’ত আৰু বয়সৰ হিচাপ কৰি থাকিম। শুকান মৰুভূমিত কিবাকৈ দুটোপালমান বৰষুণ আহিব বিচাৰিছে আহক। ভাল বৰষুণ নে এচিড বৰষুণ সেয়া পৰীক্ষা কৰি থকাৰ বা ভাবি থকাৰ কি প্ৰয়োজন ন? ভাবি বেকাৰ কিয় মিছাতে সময় নষ্ট কৰোঁ?
আমাৰ প্ৰেম আৰম্ভ হ’ল। বদ্য প্ৰেম মানে একদম ফুল স্পিডত। মোবাইল নাছিল বাবে বহীৰ কাগজ চিঙি চিঙি দুদিনমান চিঠি লিখোতেই গ’ল। তাৰ পিছত সৌভাগ্যক্ৰমে ন’কিয়া ২৩০০ মোবাইল এটা দেউতাই লৈ দিলে। যেন তেখেতেও বুজি পাইছিলে, “ই বেটাই বহীৰ কাগজ চিঙি নোহোৱা কৰাতকৈ ফোন এটা কিনি দিয়াই ভাল হ’ব।” ফোনটো কিনাৰ দিনাখনৰ পৰাই দিনে ৰাতি চাঞ্চ উলিয়াই ফুচ ফুচকৈ দুয়ো কথা পতা আৰম্ভ কৰিলোঁ। তাৰউপৰিও কি কৰা নাই তাইৰ কাৰণে মই? তাইৰ প্ৰিয় গানটোকে মাহে ৩০ টকাকৈ ভৰি হেল্লো টিউনো বনাই ল’লোঁ। তাই ঘঁহা পিয়েৰচ চাবোনকে মইয়ো কিনি ঘঁহিবলৈ ধৰিলোঁ। জীৱনত ঘিৰ গোন্ধ নোলোৱা ল’ৰাটোৱে তাই ভাল পাই বাবে ঘিঁত ভজা ৰুটি খোৱা কৰিলোঁ। মুঠতে তাইয়েই মোৰ সকলো। টপ গিয়েৰত ফুল স্পীডত প্ৰেম চলিছে আমাৰ।
সময়বোৰ বাগৰিল। চাওঁতে চাওঁতে চাৰি মাহ অতিক্ৰম কৰিলে। আমাৰ প্ৰেমো পকা আমৰ দৰে ভালকৈ পকিল। তাইক ফোন কৰোঁ ৰাতি আৰু তাই মোৰ মোবাইলৰ বেলেঞ্চ শেষ নোহোৱালৈ তাই ভাল পোৱা গাড়ীৰ কথা, তাই ভালপোৱা কাপোৰৰ কথা, তাই ভাল পোৱা বান্ধৱীজনীৰ কথা কৈ কৈ মোক শুনায়। বেলেঞ্চ শেষ হ’লেই কথা শেষ। লাগিলে আধৰুৱায়েই হওঁক, কলবেক তাই কেতিয়াও নকৰে। তথাপি প্ৰেম চলি থাকিল। মাজে মাজে ব্ৰেক মাৰিলেও প্ৰেমে ছমাহ অতিক্ৰম কৰিলে।
 হঠাৎ তাই এদিন ক’লে,
“মোৰ ইঞ্জিনিয়াৰিঙৰ প্ৰৱেশ পৰীক্ষা আছে আমি দুদিনমান কথা নাপাতো মই ফোন নকৰালৈ তুমি নকৰিবা হা। “
মই ভাবিলোঁ,
“আৰে জানেমন মই কিয় ফোন কৰিম, তোমাৰ পৰীক্ষা পঢ়া পঢ়া। প্ৰয়োজন হ’লেই ক’বা, মই নকল দুখনমান লিখি দি আহিম লাগিলে।”
সেই যে, পৰীক্ষা আছিল তেতিয়াৰ পৰা ছমাহ তাইৰ ফোন নাই। মইয়ো মানে পকা বেল আছিলোঁ চাগে একদম ভবাই নাছিলোঁ‌ যে, ছমাহ পৰীক্ষায়ে চলি আছে নে? ৰৈয়ে আছো জানেমনৰ পৰীক্ষা শেষ হ’ব, আমি আকৌ আগৰ দৰে ফুচফুচাম। এদিন গেলামালৰ দোকানলৈ যাওঁতে দেখিলোঁ মোৰ জনীও আছে সেই দোকানখনতে। মই দেখি একপ্ৰকাৰ দৌৰিয়ে গ’লোঁ তাইৰ ওচৰলৈ। যেন চিনেমাৰ হিৰোৰ দৰে  শ্লো মোশ্বনত দৌৰিছোঁ মই তেনেকুৱা ফিলিংচ এটা আহিল মনলৈ। ওচৰ পাই মাত দিলোঁ, “হেই হেল্ল!”
“হেই মিৰাজ। ভাল হ’ল তোমাক লগ পালোঁ। শুনাচোন মই যে তোমাক ছমাহ ধৰি ফোন কৰা নাই তুমি মন কৰিছানে?”
“নাই, পৰীক্ষা আছে তোমাৰ ন?”
“মই যে তোমাক মেচেজো দিয়া নাই মন কৰিছানে তুমি?”
“ধেত তেৰি, মইতো এইটো কথা ভবাই নাছিলোঁ। হয় দেখোন মেচেজটো কৰিব পাৰা।”
” নাই, নোৱাৰো।”
“কিয়? কিয়? কিয়?”
(চকুদুটা একদম দমৰা গৰুৰ চকুৰ দৰে ডাঙৰ কৰি দি সুধিলোঁ।)
তাই সেমেনা-সেমেনিকৈ ক’লে,
“মোৰ বিয়া হৈ গ’ল অ। সৌ ফলৰ দোকানখনত কল কিনি থকাজন মোৰ পতি।”
মই মুখ মেলি চাই থাকিলোঁ মানুহজনৰ ফালে।
এইজনীয়ে দেখোন একেবাৰে মনৰ পুখুৰীটোত মস্ত শিল এটা মাৰি দিলে অ’। মই ভাবি আছোঁ ইঞ্জিয়াৰ হ’ব মোৰ জানেমনজনী, মই চাৰ্টৰ কলাৰ দাঙি বন্ধুবোৰৰ আগত লেৱেল দিম। ধুৰ চব শেষ। এইজনী বিয়া হৈ গ’ল আৰু মই গমেই নাপালোঁ।
কল কিনি মানুহজন যেতিয়া তাইৰ ওচৰলৈ আহিল তেতিয়া ভালদৰে তেওঁৰ মুখখন চালোঁ। ইমান ডাঙৰ বেল বনিলোঁ মই, অন্তৰখনো চুৰমাৰ হৈ গ’ল তথাপি তাৰ পিছতো নিজৰ পজিটিভ এটিটিউড এৰি নিদিলোঁ। মনতে ভাবিলোঁ, “যি হৈছে ভালে হৈছে। হেৰামী ঐ মোৰ দৰে আৰ.এক্স হাণ্ড্ৰেদ মটৰচাইকেলখনক ভাল পাবলৈ  এৰিছা ভাল কথা কিন্তু অন্তত পালচাৰ টু-হাণ্ড্ৰেদ বাইক টাইপ এটাক ভাল পাই বিয়া হ’। এই লেৰলেৰীয়া হিৰো চাইকেলখনৰ লগত কিয় বিয়া হ’লি বে?” শেষত তাইৰ তেখেতক ‘খুড়া’ বুলি মাত লগাই গুছি আহিলোঁ তাৰ পৰা বাপ্পেকে ।
সেইদিনৰ পৰা মোৰ প্ৰেমত ফুলষ্টপ  পৰিল। প্ৰেম কৰিবলৈ চটফটাই থকা মোৰ ভিতৰৰ হিৰোটোও সেইদিনাৰ পৰা চুপচাপ আছে। প্ৰেমৰ নামত এনেকৈ লাঠ খোৱাৰ পিছত “আল ইজ ৱেল, আল ইজ ৱেল” বুলি আজিলৈকে মনটোক সান্তনা দি আছোঁ‌।
☆★☆★☆

8 Comments

  • Rintumoni Dutta

    ফটাপ্ৰেম বিশাৰদ উপাধি দিব লাগে আপোনাক, যোৱা কেইবাটাও সংখ্যাত ফটাপ্ৰেমেৰে খলকনি লগাই আছে আপুনি।

    খুব ধুনীয়া হৈছে

    Reply
  • parishmita

    বৰ দুখ লাগিল পাই, তাইলৈ। আঙ্কলটোকহে পাবগৈ লাগেনে বাৰু। সুন্দৰ লিখনি।

    Reply
  • অৰ্চনাময়ী বড়া

    ভাল লাগিল.

    Reply
  • Papari Barman

    ইচ , দুখে লাগিল৷ হওক দেই সেইয়াও স্মৃতি ৷

    Reply

Leave a Reply

Your email address will not be published.