ফটাঢোল

ফটাপ্ৰেম – মৃদুলা গগৈ

‘প্ৰেম’ শব্দটোৱেই এটা অপূৰ্ব শব্দ। তাতে যদি প্ৰেমৰ কাহিনী হয়। আহ! ক্ষন্তেকৰ বাবে হ’লেও মনটো আলোড়িত নহয়নে? লাগিলে সেয়া ফটাপ্ৰেমেই নহওক কিয়। প্ৰেমৰপৰাইতো ফটাপ্ৰেম।

মই তেতিয়া H.S. পঢ়ি আছোঁ। তেতিয়ালৈকে স্কুলীয়া হৈ আছোঁ কাৰণ মই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িছিলোঁ। চাইকেল চলাই স্কুললৈ অহা যোৱা কৰোঁ। মোৰ ঘৰৰ ওচৰৰে কলেজত পঢ়া ল’ৰা এটাৰ লগতে মই প্ৰায়ে যাওঁ। দুয়োটাই সমানে সমানে চাইকেল চলাই কথা পাতি পাতি আহি থাকোঁ। সি কলেজত সোমাই আৰু মই কলেজৰপৰা ‍১ কি.মি.মান দূৰৈত থকা মোৰ স্কুললৈ যাওঁগৈ। কলেজৰ ওচৰতে জামুগুৰি অঞ্চলৰ এখন সৰু স্থায়ী বজাৰ। গতিকে ৰাস্তাই ঘাটে কলেজৰ ল’ৰা ছোৱালীবোৰ অনবৰতে থাকে। বৰ সাৱধানৰে সেইডোখৰ পাৰ হওঁ। জাক পাতি ৰৈ থকা ল’ৰাবোৰৰ মাজৰপৰা প্ৰায়ে কিছুমান কমেণ্ট আহেই, ভাল লাগিছে দেই, চাইকেলৰ চকাটো ঘূৰিছে ইত্যাদি ইত্যাদি। নুশুনাৰ ভাও ধৰি গুচি যাওঁ।

এদিন হঠাৎ এজাক ল’ৰাৰ মাজৰপৰা কোনোবাই ক’লে, “আহিলা”। মই একো মাত নিদিয়াকৈ চাইকেল চলাই গুচি গ’লোঁ। কেইদিনমান নিৰ্দিষ্ট ঠাই এডোখৰৰপৰা সদায় একেটা কমেণ্টকে আহিবলৈ ধৰিলে। সদায় একেটাকে শুনি মইও অলপ মন কৰিলোঁ। মোৰ লগত অহা কলেজত পঢ়া ল’ৰাটোৱেও মোক এৰি থৈ গুচি অহা হ’ল। অকলশৰীয়া হ’লে ল’ৰাবোৰে জোকাবলৈ সাহস পায়। ঘৰতে গৈ তাক সুধিলোগৈ, “তই যে মোক এৰি থৈ যোৱা হ’লি। কিয়?”
সি বোলে, “তোৰ লগত গৈ মোৰ ঘোচা খাবলৈ মন নাই। তোৰ লগত যদি মোক নেক্সট টাইম দেখে ঘুচিয়াই মুখ ভাঙিব বোলে জামুগুৰিৰ হিৰ’কেইটাই। মই সেইবোৰত সোমাবলৈ নাই।” এনেও সি বৰ শান্ত ল’ৰা।
স্কুললৈ গৈ কলেজৰ ওচৰৰে মোৰ বন্ধুজনক কথাটো কলোঁগৈ। সি খুব হাঁহিলে আৰু ক’লে, “সেইকেইটা জামুগুৰিৰে ল’ৰা। ভালেই ল’ৰাকেইটা। তোমাক জোকাইছে এনেয়ে। ভালকে মাতি দিবা নোজোকাই তেতিয়া।” মইও ভাবিলোঁ মাতিয়ে দিম।

পিছদিনা স্কুললৈ আহিছোঁ। আঁতৰৰপৰা ল’ৰাৰ জাকটো দেখিয়ে নিজকে সাজু কৰি আনিছোঁ। আজি মাতিম ইহঁতক, এই ভাবি। যিমানে ওচৰ পাইছোঁহি বুকুখন কঁপিবলৈ ধৰিছে। লগতে ভৰিকেইটাও। পেদেল মাৰিছোঁনে নাই গমেই পোৱা নাই। ওচৰ পোৱাৰ লগে লগে জাকৰ মাজৰ এজনে মাত দিলে, “অ’ মৃদুলা আহিলা”। আনকালে আহিলা বুলিহে কয় আজি আকৌ নাম ধৰিয়ে মাতি দিলে। আহিলোঁ বুলি ক’বলৈ লৈয়ো কোনোপধ্যে মোৰ মুখৰপৰা মাত নোলাল।
“ঐ ছোৱালী মাতিব নোৱাৰা। মুখৰ মাত নাই। ইমান ভালকে মাতিছোঁ।” পিছফালৰপৰা একেবাৰে খঙত কৈছে এটাই। শুনি মোৰ ভয়ো লাগিছে আৰু খঙো উঠিছে। একো নোকোৱাকৈ নিজৰ দিশত চাইকেল চলাই গৈ থাকিলোঁ।

পিছদিনাৰপৰা মোক মাতিবলৈ এৰি মই অহাৰ লগে লগে চিঞৰে, “অ’ মৃদুলা, প্ৰশান্তই তোমাক ভাল পায়।” প্ৰায় এসপ্তাহমান মই অহাৰ লগে লগে চিঞৰিয়ে থাকিল। জাকটোৰ মাজৰপৰা চিঞৰে বাবে চিঞৰা ল’ৰাটো কোন ধৰিব নোৱাৰো মই। কোনটোনো প্ৰশান্ত মোৰো জানিবৰ মন গ’ল। স্কুলত মই বন্ধুজনক সুধিলোঁগৈ, “কোনটোনো প্ৰশান্ত।” সি বোলে যিটো চানী দেওলৰ দৰে সেইটোৱেই।

সেই সময়ত মই চানী দেওল বুলিলে পাগল। পূজা চাবলৈ গৈ চানী দেওলৰ ফটো কিনি আনি পঢ়া ৰুমত লগাই লৈছিলোঁহি। মাৰ গালিৰ কোবত কিতাপৰ মাজতে ৰাখি থওঁ। তাতে আকৌ মোক ভাল পোৱা ল’ৰাটো চানী দেওলৰ দৰে। মনটো কিবা উগুল থুগুল লাগি গ’ল। চাবলৈও মনটোৱে উকমুকাবলৈ ধৰিলে। মোৰ বন্ধুজনক কৈ পঠালোঁ, “ভালকৈ মাতিবলৈ ক’বা তেতিয়াহে মাতিম।”
পিছদিনা নিৰ্দিষ্ট ঠাইডোখৰত মাত্ৰ দুজন ল’ৰাহে ৰৈ আছে। এজনে অলপ আগলৈ আহি গহীনকৈ মাত লগালে “অ’ মৃদুলা আহিলা।”

মইও সাহস কৰি চকুলৈ চাইয়ে “অঁ” বুলিয়ে শলাগটো ল’লোঁ। ল’ৰাটোলৈ মন কৰিলোঁ সঁচাই দেখাত চানী দেউলৰ দৰে লাগে। ওখই পাখই, শকতে আৱতে চানী দেওলেই। মুখৰ গঢ়টোও প্ৰায় মিলে। পিছদিনাৰপৰা আহোঁতে যাওঁতে তাক দেখি থকা হ’লোঁ। ধুনীয়াকৈ আহিলা বুলি মাতে মইও হাঁহি এটা মাৰি “অঁ” বুলি কৈ আহোঁ। কেতিয়াবা নেদেখিলেহে বেয়া লগা হ’ল।

স্কুলৰপৰা আহি কিতাপ এখন কিনিবলৈ চাইকেলখন ৰখাই কিতাপৰ দোকানত সোমালোঁ। কিতাপ কিনি ঘূৰি চাইছোঁ চাইকেলখন নাই। দোকানীজনেও যাকে তাকে সুধিছে কোনাবাই দেখিছিল নেকি চাইকেলখন। নাই কোনেও ক’ব নোৱাৰে চাইকেলখনৰ কি হ’ল। মোৰ কান্দো নে হাঁহো অৱস্থা। পাখি ভঙা চৰাইজনীৰ দৰে জঁপিয়াই ফুৰিছোঁ সেইখিনিতে। চাইকেলখনেই নহয় লগতে কেৰিয়াৰত কিতাপৰ বেগটোও আছিল। ঘৰলৈ কেনেকৈ যাওঁ এতিয়া! মনে মনে ভগৱানকে খাটিছোঁ, বোলো “হে প্ৰভু চাইকেলখন উলিয়াই দিয়া।” মোৰ অৱস্থা দেখি ওচৰৰ কেইবাজনো দোকানীও ওলাই আহিছে। প্ৰায় আধাঘণ্টামানৰ পিছত দেখিছোঁ চানী দেওলে চাইকেলখন চলাই আহি আগৰ ঠাইতে ৰখাইছেহি। গৈ যেন তাৰ গালত চিনেমাৰ হিৰ’ইনৰ দৰে ঠাঁচ ঠাঁচকৈ দি দিম। দিব নোৱাৰিলোঁ পিছে। তালৈ নোচোৱাকৈয়ে চাইকেলখনকে খুব খঙত লৈ ঘৰমুৱা হ’লোঁ। গোটেই ৰাস্তাটো মনৰ ভিতৰতে তাক গালি পাৰিয়ে আহি থাকিলোঁ। ঘৰ পাই চাইকেলখন ৰখোৱাৰ পিছতহে মন কৰিলো মোৰ পিছ চকাৰ চিঙি থকা স্পককেইডাল ভাল কৰি থোৱা আছে। ওফন্দি থকা মুখখনৰপৰা হাঁহি এটা ওলাই আহিল। মনে মনে তালৈ মৰম অকণ লাগি গ’ল।

এনেকৈয়ে দিনবোৰ পাৰ হ’ল। মই স্কুলৰপৰা অহা আৰু যোৱা সময়টোত মই দেখাকৈ কোনোবা এডোখৰ ঠাইত ৰৈ থাকে। মোৰ স্কুল নাথাকিলে আবেলি সময়ত আমাৰ ঘৰৰ আগেদি পাক এটা মাৰি আহেগৈ।

দিনবোৰ পাৰ হ’বলৈ ধৰিল। মই উচ্চতৰ মাধ্যমিকৰ চু্ড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ’লোঁ। স্কুলৰ ওচৰৰ কলেজখনত বিজ্ঞান শাখা নাই বাবে শিৱসাগৰ কলেজত নাম লগালোঁ। হোষ্টেলত থাকিবলৈ ল’লোঁ। আগৰদৰে আমাৰ চানী দেওলকো লগ নোপোৱা হ’লোঁ। তথাপিতো ঘৰলৈ আহিলেই তাৰ খবৰ লওঁ। চানী দেওল পঢ়া কলেজখনত আমাৰ ঘৰৰ ওচৰৰ সৰহ সংখ্যকে পঢ়ে গতিকে খবৰবোৰ পাই থাকোঁ। আজি বোলে কলেজৰ ইলেকচনত প্ৰশান্তহঁতে চাপৰ্ট কৰা ল’ৰাটো হৰাৰ কাৰণে সিহঁতৰ গ্ৰুপটোৱে অমুকক (জিকা পাৰ্টিৰ) মাৰিলে। কোনোবা এদিন বোলে মেজিকৰ ড্ৰাইভাৰে কলেজৰ ছোৱালী জোকোৱাৰ কাৰণে ড্ৰাইভাৰটোক মাৰিলে। লগৰ দুই এজনীয়ে মাজে মাজে কয়, “তইনো ইমান গুণ্ডা ল’ৰাটোক কি ভাল পালি?” “হ’ব দেচোন। ল’ৰা তেনেকুৱা হোৱাই ভাল” বুলি সিহঁতৰ মুখ বন্ধ কৰি থৈ দিওঁ।

লাহে লাহে আমাৰ লগ পোৱাটো কমি আহিল। বহুত দিনৰ মূৰে মূৰেহে দেখা হয় আমাৰ। চকুৰ আঁতৰ হ’লে মনৰো আঁতৰ হোৱাৰ দৰে হ’ল। কিন্তু সেইবুলি একেবাৰে আমাৰ চিনেমাখন শেষ হোৱা নাই। পুৰণা ভি. চি. ডি প্লেয়াৰত চলাৰ দৰে চলি আছে।

পিছৰ বছৰলৈ পঞ্চায়তৰ নিৰ্বাচন আহিল। মোৰ দেউতাই জিলা পৰিষদৰ সদস্য পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে। ইফালে আমাৰ “চানী দেওলে”ও কলেজৰ দেওনা পাৰ হৈ অসম গণ পৰিষদ দলত যোগদান কৰিলে। দেউতাৰ বিৰোধী পাৰ্টি। দেউতাৰ পোষ্টাৰ মাৰিবলৈ যোৱা ল’ৰাকেইটাৰ লগত অসম গণ পৰিষদ দলৰ ল’ৰাকেইটামানৰ কাজিয়া হ’ল। কাজিয়া মানে মাৰপিট। দেউতাৰপৰা গম পালোঁ মাৰপিট কৰা কেইটা চানী দেওল আৰু তাৰ লগৰকেইটা। কথাটো শুনি ইমানেই মোৰ খং উঠিল তাক দেখিলেও চকুলৈও নাচাওঁ বুলি সেইদিনাই শপত খালোঁ আৰু পুৰণা ভি. চি. ডি. প্লেয়াৰৰ দৰে চলি থকা মোৰ প্ৰেমো সিমানতে শেষ হ’ল।

☆★☆★☆

18 Comments

  • ৰাজশ্ৰী শৰ্মা

    ঢাই কিলো কি হাতৰ দম দেখাই ফুৰিছিল মানে ন।। ভাল লাগিল পঢ়ি।

    Reply
  • Anonymous

    বেচেৰি …..মাথো বেচেৰি বুলিহে কলো আৰু দেই..😆😆😆😆

    Reply
    • Mridula

      হি হি লাজেই লাগিছে ।
      পঢ়ি চোৱাৰ বাবে ধন্যবাদ

      Reply
  • ৰিণ্টু

    ডিজাইন ডিজাইন ফটাপ্ৰেম দেখোন আপোনাৰ, খুব ভাল লাগিল পঢ়ি

    Reply
  • Manash Saikia

    চানী দেউল হেন লৰাটোৱে বাৰু সেইখন কৰি প্ৰেমক ফটাপ্ৰেম কৰিব লাগেনে?
    সুন্দৰ লিখনি৷

    Reply
  • ছানি দেউলৰ মান ৰাখি চলিছে তেৰাই। চিনেমাৰ দৰে প্ৰেম দেখোন। বঢ়িয়া।

    Reply
  • সদানন্দ ভূঞা

    ইলেকচনতে প্ৰেমৰ ইতি । বিৰাট দুখ লগা ।

    Reply
  • Rajib Sarma

    আইঐ দেহি, চানী দেউলৰ দৰে অকল চেহেৰাটো হোৱা হ’লেই ফটাপ্ৰেম নহৈ যাউতিযুগীয়া প্ৰেম হ’লহেঁতেন।

    Reply
  • Mousumi gogoi

    বঢ়িয়া লাগিল ।

    Reply
  • বঢ়িয়া লাগিল।

    Reply
  • সদানন্দ ভূঞা

    ইলেকচনতেই সকলো শেষ, বহুত দুখ লাগিল দেই । সুন্দৰ ফটাপ্ৰেম ।

    Reply
  • মানসী

    মজ্জা লাগিল দেই।

    Reply
  • ৱাহ!আপোনাৰ চিলেকচন চানী দেউলহে আছিল ন!ভাল লাগিল পঢ়ি বাইদেউ

    Reply
  • Kamala das

    বহুত হাহিলো মৃদুলা ।ভাল লাগিল ।

    Reply
  • Kalyan Dihingia

    একেবাৰে স্কুলীয়া দিনবোৰলৈ মনত পেলাই দিলে দেই। ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.