ফটাঢোল

ফটাপ্ৰেম – সুপ্ৰিয়া সূত্ৰধাৰ

ফেচবুকত প্ৰশ্ন আৰু উত্তৰৰ আমোদজনক খেল এখন চলি থাকে৷ সকলোৱে কিবাকিবি প্ৰশ্নৰ উত্তৰ দি থকা প্ৰায়ে দেখোঁ৷ মই কোনোদিনে দি পোৱা নাছিলোঁ৷ কালি অলসভাবে ফেচবুক খুঁচৰি থাকোঁতে হঠাৎ এটি প্ৰশ্ন আহিল৷ প্ৰশ্নটো আছিল, “এনে কি উক্তি আছে, যি আপোনাৰ জীৱনৰ আদৰ্শ হিচাপে গঢ় লৈ উঠিছে?” মই ভাবিলোঁ ইয়াৰ উত্তৰটো আজি মই দিম৷ দিলোঁ উত্তৰটো৷ দিয়াৰ লগে লগে দেখোঁ মোৰ ফেচবুক বন্ধু-তালিকাৰ কেইজনমান ভব্য-গব্য ব্যক্তিয়ে সেই উত্তৰক খুব শলাগিছে৷ উত্তৰটো আছিল, “Don’t cry for anything… search, and you can get substitute…”

হয়, এই উক্তিয়ে মোৰ জীৱন সম্পৰ্কে সকলো ধ্যান-ধাৰণা সলনি কৰি দিছিল৷ উক্তিটো নিশ্চয়কৈ মোৰ নিজা নহয়, কিন্তু যিজন মানুহে মোক এইষাৰ কথাৰে বুজনি দিছিল, সেইজন মানুহেই আছিল মোৰ জীৱনৰ প্ৰথম পুৰুষ৷ মোৰ প্ৰথম ফটা(?)প্ৰেম৷
কলেজলৈ প্ৰথম গৈছোঁ তেতিয়া৷ কলা বিভাগৰ এজন ডেকা প্ৰফেছৰে গোটেই কলেজ ইতিমধ্যে তোলপাৰ লগাইছে৷ সমনীয়া অথবা চিনিয়ৰ দাদাবোৰে পাত্তাই পোৱা নাই তেওঁৰ বাবে৷ মুঠতে তেওঁ যেনিয়েই যায়, কলেজৰ আশী শতাংশ ছোৱালী তেনিয়েই যায়৷ ময়ো ’বেহতী গঙ্গা মে’ হাত ধুই লওঁ বুলি তেওঁক চাবলৈ ধৰিলোঁ৷ তেওঁ কি ক্লাছ কৰায় বুজি নাপাওঁ৷ নাপাওঁ মানে তেওঁক চাই থাকোতে সকলো পঢ়া মোৰ মূৰৰ ওপৰেৰে “বাউন্স“ হৈ যায়৷ হাঁহিলে ওলাই পৰা তেওঁৰ বেৰীয়া দাঁতটোৱে মোৰ হৃদয়ত খলকনি তোলে৷ এদিন ক্লাছত তেওঁক জীৱনত নেদেখা বস্তু চোৱাদি চাই আছিলোঁ৷ তাকো প্ৰথম বেঞ্চত বহি৷ ক্লাছত বুজাই থকা অৱস্থাৰেই হঠাতে তেওঁ এবাৰ মোৰ পিনে চালে৷ মই দুহাতৰ মাজত মুখ থৈ মন্ত্ৰমুগ্ধ দৃষ্টিৰে তেওঁৰ মাজতেই বিভোৰ৷ তেওঁ মোৰ চাৱনিত কিবা এটা অনুমান কৰিলে হ’বলা, বেৰীয়া দাঁতটো একেবাৰে ওলাই যোৱাকৈ হাঁহি এটা মাৰি তেওঁ মোক সুধি দিলে, ’কি চাই আছা এনেকৈ? ’

বিশ্বাস কৰক ৰাইজ, মই প্ৰথমে ধৰিবই পৰা নাছিলোঁ তেওঁ মোকেই প্ৰশ্নটো কৰিছে নে কাক কৰিছে৷ কাৰণ তেওঁ কি কয় নকয় সেইবোৰত মই সমূলি মাথা নামাৰো৷ কিন্তু দ্বিতীয়বাৰ যেতিয়া তেওঁ মোৰ একেবাৰে সমুখত আহি আকৌ একেটা প্ৰশ্নই কৰিলে, তেতিয়া মই ইমান থত-মত খালোঁ যে কি ক’ম? ক্লাছৰ ফালে চাই দেখোঁ সকলোৱে মোৰ পিনে ট-টকৈ চাই আছে৷ মানে Nation wants to know.মই তেওঁৰ পিনে কি ইমান চাই আছোঁ৷ মই বোলো ক’ত মৰ মৰ এতিয়া৷ মনে মনে নিজকে ধিক্কাৰ দিলোঁ৷ ইমানকৈ চাই থাকিবলৈ কিহে পাইছিল বোলো৷ সি যি নহওক, উত্তৰতো দিবই লাগিব, সুধিছে যেতিয়া৷ কোনোৰকমে নিজকে চম্ভালি লৈ মই ঢপ এটা মাৰিলোঁ,
“ছাৰ আপুনি কি পঢ়াই আছে তাকেই চাই আছোঁ৷”

এতিয়া ছাৰো কম বস্তু নহয়৷ মোৰ এনে সৰল উত্তৰত তেওঁ জানো সন্তুষ্ট হ’ব? ছাৰে বোলে, ’ কোৱাচোন মই কি পঢ়াই আছিলোঁ? ’
অ খা বাপ্পেকে ভীমকলটো! ! এতিয়াহে পৰিল ফৰিঙৰ মৰণৰ কাল৷ কি কওঁ মই এতিয়া? সেমেনা-সেমেনিকৈ উত্তৰৰ চিন্তা কৰি থাকোতেই ক্লাছত কিবা এটা জাননী লৈ চকীদাৰজন সোমাই আহিল৷ ছাৰৰ দৃষ্টি গ’ল সেইফালে ঘূৰি, সেই চেগতে মোৰ লগৰজনীয়ে মোক কিলকুটিৰে হেঁচুকি মোক ফুচফুচাই ক’লে, ’কোম্পানী আৰু ব্ৰেণ্ড৷ ’ স্বস্তিৰ নিশ্বাস এটা ল’লো৷ কেইদিনমান আগতেই মই সেইখিনি পাঠ ঘৰতে শেষ কৰি থৈছোঁ৷ ক্লাছত মোৰ পঢ়াৰ যিহে গতি, ঘৰত নপঢ়িলে কেনেকৈ হ’ব৷ এতিয়া পিছে সেইখিনি পঢ়াই মোৰ কামত লাগিব ভাবি বুকু ফিন্দাই ৰৈ আছোঁ৷ চকীদাৰৰ লগত কাম শেষ কৰি ছাৰ আকৌ মোৰ সমুখলৈ উভতি আহিল,
“ও, বাৰু কোৱা এতিয়া, আমি কি পঢ়ি আছিলোঁ? ’

মই টপৰাই উত্তৰ দিলোঁ, ’ছাৰ, কোম্পানী আৰু ব্ৰেণ্ডৰ বিষয়ে৷ ’
ছাৰে বোলে, ’কোম্পানী আৰু ব্ৰেণ্ড পাৰ্থক্য বুজাই কোৱা৷ ’

ধুনীয়াকৈ বুজাই দিলোঁ৷ ছাৰৰ মুখত সন্তুষ্টিৰ হাঁহি দেখা পালোঁ৷ লগে লগে মোৰ মনটোৱে একেবাৰে গাৰ্ডেন গাৰ্ডেন ফিলিং এটা পালে৷
পিছে ছাৰে আকৌ বোলে, ’কেইটামান কোম্পানী আৰু কেইটামান ব্ৰেণ্ডৰ উদাহৰণ দিয়াচোন৷ ’
আকৌ থত-মত খালোঁ৷ কাৰণ ছাৰৰ সন্তুষ্ট হাঁহিৰ সৌন্দৰ্যত মই ইতিমধ্যে ভোল গৈছিলোঁ৷ কিবা ক’ম বুলি ভাবোঁতে মুখেদি কি ওলাল নাজানো, ঘপকে কৈ পালোঁ নহয়, ’ছাৰ ব্ৰেণ্ড হ’ল যেনে ধৰক পুমা, লিৱাইছ, এডিডাছ এইবোৰ৷ আৰু কোম্পানী হ’ল যেনে ধৰক– কিঞ্জল বনিয়ন! ’
মোৰ উত্তৰ শুনি গোটেই ক্লাছত হাঁহিৰ ৰোল উঠিল৷ কিঞ্জল বনিয়ন কিতাপত পোৱা কোনো কোম্পানীৰ উদাহৰণ নাছিল, সেইসময়ত বিখ্যাত হোৱা এটি হিন্দী ধাৰাবাহিক “সাথ নিভানা সাথিয়া“ ৰ এটি কোম্পানী আছিল৷ মোৰ উত্তৰত ক্লাছৰ ছাত্ৰ-ছাত্ৰীৰ লগতে এইবাৰ ছাৰেও হাঁহি দিলে৷ মোৰ অৱস্থা তেতিয়া ’ফাঁট মেলা বসুমতী পাতালে লুকাও’৷
ছাৰে এইবাৰ ওচৰলৈ আহি মৰমেৰে মোৰ মূৰত লাহেকৈ থপৰিয়াই ক’লে, ’এনেকৈ মোৰ ফালে চাই নাথাকি অলপ ক্লাছত মন দিবা৷ আৰু চিৰিয়েল কমকৈ চাবা৷ তুমি ভাল ছোৱালী বুলি জানো৷ ’

বিদ্যা শপত, এনেকুৱা লাজ পাইছিলোঁ নহয়৷ ইয়াৰ পিছত আৰু কেতিয়াও ক্লাছত তেওঁক এনেকৈ ফেল-ফেলকৈ চোৱা নাছিলোঁ৷ কিয়নো ইয়াৰ পিছত ছাৰৰ ওচৰত টিউচন লৈছিলো৷
ছাৰৰ কথাত থতমত খাই খুব লাজ পাইছিলোঁ যদিও মনটো বতাহত কমোৱা তুলা উৰাদি উৰিছিল৷ মূৰত থপৰিয়াই তেওঁ যে কৈছিল, “ তুমি ভাল ছোৱালী বুলি জানো৷ “

ইচ…মই বোলো নহয়, এই কথাই কথা নহয়৷ ইমানখিনি শুনাৰ পিছত আমাৰ ’ছোৱালী গেং’ টোৱে যে মোক এতিয়া চকুপাৰি দেখিব নোৱাৰা হ’ব সেইটো খাটাং৷ মোৰ ওপৰত ছাৰৰ এইখিনি কৃপাদৃষ্টিৰ পোতক তুলিবলৈ সিহঁত আটাইকেইজনীয়ে ছাৰৰ ওচৰতে টিউচন ল’লে৷ বেটি চকুচৰহানিৰ দল! মোৰ এইকণ সুখ তহঁতৰ সহ্য নহয়৷ আৰে! ৰাজ্যৰ ডেকাল’ৰামখা তহঁতৰ নামত এৰি দিছোঁ৷ যা না…নাই..মোক ছাৰে অকণমান ভাল বুলি কওঁতে সিহঁতৰ ৰাতি ৰাতি টোপনি নহা হৈছে৷ বোলো ভাল কথা৷ তহঁত গোটেইসোপাই টিউচন লৈ ছাৰৰ হাঁহিটো ইমান কাষৰ পৰা চাবি আৰু মই বহি থাকিম? হ’বই নোৱাৰে৷ সিহঁতৰ লগতে ময়ো ল’লো টিউচন৷ প্ৰায় ছয়-সাতজনী ছোৱালীৰ মাজত ছাৰক লৈ এক শীতল যুদ্ধ চলিবলৈ ধৰিলে৷
আমি গোটেইকেজনী ইমান অঘাইটং আছিলোঁ যে টিউচনত ছাৰৰ একেবাৰে কাষৰ চিটটোত বহিবলৈ সকলোৱে হেতা-ওপৰা লগাইছিলোঁ৷ শেষত গোটেইকেইজনীয়ে মিলি ঠিক কৰিলোঁ যে যিজনী প্ৰথম আহিব তায়েই ছাৰৰ কাষত বহিবলৈ পাব৷ এনেকৈ সময় আৰু ভাগ্য যাৰ প্ৰতি যিদিনা সু-প্ৰসন্ন থাকে, সেইদিনা তায়েই ছাৰৰ কাষত বহিবলৈ পায়৷ এদিন এই অমুকীৰ ভাগ্যই চকু মেলি চালে৷ টিউচনলৈ গৈ দেখোঁ কোনো নাই অহা৷ য়া হু…… মোক আৰু কোনে পায়! গপছত গৈ প্ৰথম চিটটোত বহি ল’লো৷ ইয়াৰ পিছত এজনী এজনীকৈ ছোৱালীবোৰ আহিবলৈ ল’লে৷ বিশেষকৈ এজনী ছোৱালীক সদায়েই প্ৰথম চিটটোত বহিবলৈ লাগে৷ গতিকে আজি মোক আগৰে পৰা তাত বহি থকা দেখা পাই তাইৰ নাকৰ পাহি ফুলি উঠিল৷ ছাৰৰ কাষত বহিবলৈ নাপালে যদিও তাই একেবাৰে মোৰ কাষতেই বহি ল’লে গাতে গা লগাকৈ৷ অলপ পিছত ছাৰ আহিল৷ আমি সকলোৱে কিতাপ বহি মেলি ল’লো৷ ছাৰে খুব ধুনীয়াকৈ বুজাই আছে পঢ়াবোৰ৷ ময়ো মন দি পঢ়ি আছোঁ৷ এনেতে মোৰ গাত কোনোবাই খুব জোৰেৰে চিকুটি দিলে৷ মই দিলোঁ লগে লগে চিঞৰি৷ ভয়তে মই ইমান জোৰেৰে চিঞৰি দিছিলো যে ছাৰে মোক থাপ মাৰি ধৰি কি হ’ল বুলি সুধিলে৷ মই দুখ পাইছোঁ বুলি কোৱাত লগৰজনীয়ে ক’লে, কিবা পোকে কামুৰিছে চাগে৷ অকস্মাত হোৱা এই ঘটনাত মই খুব ভয় খাইছিলোঁ৷ আৰু গোটেই মানুহজনী কঁপি আছিলোঁ৷ ছাৰে মোৰ অৱস্থা দেখি ভিতৰলৈ উঠি গ’ল৷ সেই চেগতে মোৰ লগৰজনীয়ে মোৰ ফালে চাই বিজয়িনীৰ গৰ্ব লৈ হাঁহি এটা মাৰিলে৷ লগে লগে মই গোটেই ঘটনাটো বুজি পালোঁ৷ কিন্তু তাইক কিবা কোৱাৰ আগতেই ছাৰ পুনৰ সোমাই আহিল৷ ছাৰৰ হাতত এগিলাচ পানী, মোৰ বাবে৷ পানীগিলাছ দেখি লগৰজনীৰ মুখখন তেনেই ক’লা পৰি গ’ল৷ আৰু এইবাৰ তাইৰ ফালে চাই মই বিজয়িনীৰ হাঁহিটো মাৰিলোঁ৷ তাই বেটিয়ে মোক যেনিবা গোৰ মাৰি গঙ্গাতহে পেলালে৷ পিছে কথাতে কয় নহয়, “আদাক দেখি উঠিল গা, কেতুৰীয়ে বোলে মোকো খা৷ “ মোক পানী আনি দিয়া দেখি তাইৰো পিঁয়াহ লাগিল৷ তাই ভাবিছিল মোক দিয়াৰ দৰে ছাৰে তাইকো আথে-বেথে গিলাছত এগিলাচ পানী আনি দিব৷ পিছে ছাৰে হাতত মস্ত বটল এটা লৈ আহি বোলে, “কোনে কোনে খাবা, খাই লোৱা৷ “ তাই বেচেৰীৰ আশাত বন্দী মনটো পুনৰ আশাহত হ’ল৷ তথাপিও উপায় নাপাই তাই ছাৰৰ হাতৰ পৰা বটলটোকে ল’লে৷ আৰু ঢোক-ঢোককৈ পানী খাবলৈ ধৰিলে৷ মই এই সুযোগতে তাইক অকণমান জোকাওঁ বুলি ভাবি দিলোঁ বেঞ্চৰ তলত তাইক ভৰিৰে চিকুটি৷ পিছে তাই কোনো কেট-কুটেই নকৰিলে৷ তাৰ সলনি ছাৰহে উঠিল জাপ মাৰি! ! আচলতে মই বান্ধৱীজনী বুলি ভাবি ভুলতে ছাৰৰ ভৰিতেই চিকুটি দিলোঁ৷

বেচেৰা ছাৰ !’কি পোক ওলাইছে ঔ! ইমান কামুৰিছে’, বুলি ধৰফৰাই উঠি গ’ল৷
আৰু মই? ? ? মোৰ অৱস্থাটো ৰাইজে অনুমান কৰি লওক আৰু ৰাইজ৷

☆★☆★☆

One comment

  • চন্দ্ৰ গগৈ

    ধুনীয়া লাগিলে পঢ়ি ।

    Reply

Leave a Reply

Your email address will not be published.