ফটাঢোল

ফটাপ্ৰেম – হেমন্ত কুমাৰ বৰা

প্ৰথম প্ৰেম বুলি পাতনি মেলিছো যদিও, টেকনিকেলি সেয়া কিজানি এই অধমৰ দ্বিতীয় বা তৃতীয় প্ৰেমহে হ’ব৷ পাঠকে সেয়া পঢ়ি উঠি নিজেই সিদ্ধান্ত ল’ব৷ আমুকা এনেও অলপ অকালপক্ব, আবতৰতে পকা ফল, সকলো কামতে দৰকাৰতকৈ বেছি আগবঢ়া৷ চাৰিবছৰমান বয়সতে দাদাক ঘৰৰ ওচৰৰ এল. পি. স্কুললৈ অহা যোৱা কৰা দেখা পাই, ঘৰত কাকো নোকোৱাকৈ, মনে মনে হাতত ছিলেট এখন লৈ ময়ো স্কুল ওলাইছিলোগৈ৷ হেড মাষ্টৰকে ধৰি, অন্যান্য মাষ্টৰসকল, ঘৰৰ পৰা মাতি অনা ককা আৰু খুৰায়েও বুজাই বঢ়াই ঘৰলৈ ওভতাই নিব নোৱাৰিলে৷ বৰঞ্চ মোৰ টেটুফলা আটাহৰ ফলস্বৰূপে, বয়স কম হোৱা স্বত্তেও, প্ৰথম শ্ৰেণীত কেঁচাকৈ নাম লগাইহে দিলে৷ পঢ়া-শুনাত সেই সময়ত অলপমান তীখৰ হোৱাৰ বাবে, আনুষ্ঠানিক ভাবে প্ৰথম শ্ৰেণীৰ বছেৰেকীয়া পৰীক্ষা পাছ নকৰাকৈয়ো (সেয়াও এক বেলেগ কাহিনী), দ্বিতীয় শ্ৰেণীলৈ উত্তীৰ্ণও কৰি দিলে৷ ফলস্বৰুপে এই আশীষধন্যই চৈধ্য বছৰ বয়সতে (চাৰ্টিফিকেটত এবছৰ বঢ়াই পোন্ধৰ কৰি লব লগা হৈছিল) মেট্ৰিকত অৱতীৰ্ণ হৈছিলো৷

সেয়া পাছে আজিৰ প্ৰসংগ নহয়৷ আজিৰ প্ৰসংগ হৈছে হিয়া জ্বলাই পুৰাই, ভোক পিঁয়াহ পাহৰাই, মস্তক শুকানে শুকানে চোবোৱা কৈশোৰৰ প্ৰেম৷ যি প্ৰেমে আমুকাৰ খোৱা পানীত বিহ দিলে, দিনৰ ভোক আৰু ৰাতিৰ টোপনি হৰিলে, ৰবাব টেঙাৰ ফুটবল, মাৰ্বল গুটি খেলাৰ হাবিয়াস পাহৰালে ।

কৈশোৰ বুলি কৈছো যদিও, দাদাৰ লগত মনে মনে, “তোৰ কাক ভাল লাগে অ’, মোৰ পিছে আমুকনীক বৰ ভাল লাগে দেই“, ইত্যাদি আলচ চতুৰ্থ শ্ৰেণীতেই আৰম্ভ কৰিছিলো৷ বয়স তেতিয়া মোৰ আঠ-নবছৰ মান হ’ব৷ পিছে আগতে উল্লেখ কৰি আহিছোৱেই অকালপক্বতাৰ বিষয়ে৷ মামাহঁতৰ চিনেমাহলত বিনামুলীয়া আৰু সহজলভ্য হোৱা বাবে বিনাকষ্টে চাব পৰা শ শ হিন্দী চিনেমাই (একেখন চিনেমা সাত আঠ বাৰকৈ চোৱাৰো ৰেকৰ্ড আছিল, শ্ব’লেখন কিজানি মই তেত্ৰিছবাৰ মান চাইছিলো) ইতিমধ্যেই আমুকা আৰু আমুকাৰ ককাইদেউক, জীৱনতযে নায়ক হ’ব লাগিলে নায়িকাৰ প্ৰয়োজনীতা অপৰিহাৰ্য্য সেয়া দৃঢ় ভাবে ফ্ৰণ্টেল, পেৰিএটেল, অ’চিপিটেল, টেম্প’ৰেল ইত্যাদি মগজুৰ গোটেইকেইটা খণ্ডতে (lobe) ঠুঁচি ঠুঁচি সোমোৱাই দিছিল৷ পিছে খলনায়কসকলক ‘দে দনাদন’ দি থকাৰ মাজে মাজে, নায়িকাৰ সৈতে গছ, ফুল ইত্যাদিৰ চাৰিওফালে নাচি-বাগি গান গোৱাৰ বাহিৰেও যে অন্য কিবা পাপড়-ৰুটি বেলিব লাগে, সেই বিষয়ে, বিদ্যা শপত, সেইসময়ত একোৱেই ধাৰণা নাছিল৷

হেনজানি চতুৰ্থ শ্ৰেণী, মানে এল. পি. স্কুলৰ দেওনা পাৰ হৈ অলপ দূৰৰ হাইস্কুলত নামভৰ্তি কৰাওঁ মানে দুগৰাকীমানৰ লগত একপক্ষীয় (একপক্ষীয়টো মন কৰি থাকিব দেই ৰাইজ) তামাম পীৰিতিৰ তিতা-কেঁহা, ৰঙা-নীলা, গৰম-ঠাণ্ডা, বাৰ ঘাটৰ পানী খালোৱেই৷

আচল কাহিনী আৰম্ভ হয় হাইস্কুলৰ দুৱাৰদলিতহে৷ ক্লাছ ফাইভত নাম লগায়ে পৰিলো নহয় অন্য এক দূৰ্ঘোৰ একপক্ষীয় প্ৰেমত৷ পৰিলোঁ যে পৰিলোঁ, চাৰি-পাঁচবছৰমান তলি নোহোৱা গহ্বৰত পৰাৰ দৰে পৰিয়ে থাকিলো ৷ তেখেত আছিল আমাৰ শ্ৰেণীৰ প্ৰথমস্থানৰ ছাত্ৰী, মই সলনাসলনিকৈ দ্বিতীয় বা তৃতীয় স্থানৰ ছাত্ৰ৷ ক্লাছ ছেভেনমান পাওঁতে পাওঁতে, নাক-কাণ-চকু-মুখ, মুঠৰ ওপৰত শৰীৰত থকা সকলো সুৰুঙাৰে, প্ৰেমৰ ৰস অবিৰাম সোমাই, হাবু-ডুবু খাই অৱস্থা নাই৷ আগৰ কাহিনীবোৰত, মাহে মাহে নহলেও, ছমাহে সাতমাহে নায়িকাবোৰ সলনি হৈ থাকে৷ কেতিয়াবা যদি ৰীণা ৰয়, কেতিয়াবা পাৰবীন বাবী৷ পিছে এইবাৰ দেখোন শেনৰ এজাত! হিৰ’ইন বদলাৰ নামেই নলয়৷ ক্লাছত লুকাই চোৰকৈ বহল হৰিণীচকুযুৰিলৈ নিহাৰিও মন নভৰা হ’ল৷ সন্ধিয়া পঢ়িবলৈ বহি বহীৰ মাজৰ খেলি মেলি (random) পাতৰ বাওঁফালৰ অত্যন্ত চুকত (আনে যাতে সহজতে দেখা নেপাই), ঘঁহি ঘঁহি লিখা তেওঁৰ নামটোৱেও শান্তি নিদিয়া হ’ল৷ গছৰ চাৰিওফালে নাচি বাগি গান গোৱাৰ পৰা কল্পনাৰ ঘোঁৰা তীব্ৰগতিত আগবাঢ়ি গৈ বিয়া বাৰুৰ কথাও ভবা আৰম্ভ কৰিলো৷ বয়স তেতিয়া এঘাৰ-বাৰ মান হৈছিলেগৈ- বিয়া পাতি লৈ পত্নীক নাকত পিন্ধে নে কাণত পিন্ধে, সেয়া তেতিয়াও বুজিব পৰা হোৱা নাছিলো৷ তথাপিও কল্পনাৰ ঘোঁৰাত লেগাম লগোৱাত বৰকৈ ব্যৰ্থ হৈ কিবা কিবি আবোল-তাবোল ভাৱনাত প্ৰায়ে মগ্ন হৈ থকা হ’লো৷ মস্তিষ্কৰ ভিতৰৰ ধূসৰ পদাৰ্থখিনি (Grey matter) অলপ প্ৰখৰ নোহোৱাহলে, পঢ়া-শুনাৰ সান্দহত যে তেতিয়াই বালি পৰিলহেঁতেন, সেইটো খাটাং আছিল৷ পিছে তেৰাৰ কৃপাত কোনোমতে ঘৰৰ আৰু পৰৰ প্ৰত্যাশাৰ বিশেষ তল নপৰাকৈ, সুতৰাং ল’ৰা তেহেলে যোৱাৰ সন্দেহৰ উৰ্ধত থাকি, পঢ়া-শুনাৰ ঠেলাগাড়ী খনো কোনোৰকম টুক টুককৈ চলাই থাকিলো৷

ক্লাছ নাইনত উঠিহে লাগিল জট-পট৷ চাৰিটা নাযায় নুপুৱাই হেন বছৰৰ পৰা হিঁয়া, যকৃত, পাকস্থলী, বৃক্ক ইত্যাদিত অতি সাৱধানেৰে লুকাই ৰখা, এই একপক্ষীয় গোপন প্ৰেমৰ কলহী মুখলৈকে ভৰি ওপচি ওলাই পৰো পৰো অৱস্থা৷ এই বাগৰে এই বাগৰে৷ অৱশেষত পঢ়া-শুনাৰ পৰা খোৱা-শোৱালৈকে, সকলোতে বাৰুকৈয়ে নগুৰ-নাকতি হোৱাত, নৱম শ্ৰেণীৰ শেষৰ ফালে, মোৰ অমৰ্ত্য প্ৰেমৰ অকূল কাহিনী সেই সময়ৰ এজন নলে গলে লগা বন্ধুৰ কাণ চোৱালো৷ অৱশ্যে সি আন কাকো নকওঁ বুলি ‘বিদ্যা শপত’ আৰু ‘মা শপত’ খোৱাৰ পাছত আৰু মই যে সদ্যহতে এই ছিংগল লেনৰ প্ৰেমৰ গাড়ী ডাবল (double) লেনলৈ আগবঢ়োৱাত আগ্ৰহী নহয়, সেয়া সম্পূৰ্ণ বুজি উঠাৰ পাছতহে আমুকাৰ দীৰ্ঘদিনীয়া নায়িকাৰ নামটো বেকত কৰা হৈছিল৷

পিছে মোৰ সেই কুলাংগাৰ লংগোটিয়া দোষ্টিয়ে, মোৰ পিঠিত নচঁচা হুল হানি, ঠিক পিছৰ দিনাখনে, আমাৰ বেঞ্চত বহা প্ৰায় সকলো সহপাঠীৰ আগত মোক ছাল চেলোৱা মুৰ্গীৰ দৰে উদঙাই দিলে৷ তাৰ পাছত আৰু কি? বাকী থকা হাইস্কুলীয়া দিনকেইটা, বন্ধুৰ নামত কলংক, সেইকেইজন নিধকৰ ফিচিং ফাচাং, চকুৰ অশুভনীয় ইংগীত, আনে বুজি নোপোৱাকৈ মৰা ইয়াৰ্কি, অকলশৰে পালে কৰা ইতিকিং, আন কোনোবাই কথাটো গ’ম পোৱাৰ শংকা ইত্যাদিৰ অত্যাচাৰ সহ্য কৰি কটাব লগা হ’ল৷ তাতে কটা ঘাঁত চেঙা তেল সানিবলৈ, ক্লাছ টেনৰ আৰম্ভণিতে সৰুমাহীয়ে মোৰ বিভিন্ন বহীবোৰৰ সাপেও নুশুঙা কোণত লিখি ৰখা নায়িকাৰ নামবোৰ আবিষ্কাৰ কৰি পেলাই, মোৰ আত্মসন্মানক ঠেংগা দেখুৱাই, গোটেই পৰিয়ালতে মোক ‘চিচিমফাক’ কৰি দিলে৷ ইয়াতে কৈ ৰাখো যে সেই নামৰ লগতে, নামৰ অৰ্থৰ সৰু চিত্ৰ এখনো প্ৰায়েই অঁকা হৈছিল৷ আজিলৈকে ভাবি উলিয়াব নোৱাৰিলো যে মাহীয়েনো মোৰ বহী ঘুকটিছিল কিয়, আৰু ঘুকটিছিলেও যদি, সেই দুৰ্ভেদ্য কোণত লিখি ৰখা নামবোৰনো কিদৰে বিচাৰি উলিয়ালে৷ মই ধুৰুপকৈ জানিলো যে তেখেত আগৰ জনমত চাৰ্ল’ক হ’মচ বা ড: ৱাটছনৰ লেখিয়া কোনোবা ডাঙৰ ডিটেক্টিভ জৰুৰ আছিল৷ ফলাফল- মোৰ পিছ নেৰা স্কুলৰ দুৰৱস্থাবোৰ আহি ঘৰতো দেখা দি মোৰ জীৱনক সম্পূৰ্ণকৈ “ফাঁট মেলা আমোলাপট্টী, পাতালে লুকাওঁ“ অৱস্থাৰ লগত ভাৰসাম্যত (equilibrium) ৰাখি থোৱা হ’ল৷

‘পৰ ক্যা কৰে, জিন্দগী হেঁ, নিভানাতো পৰেগা’ ৷ গতিকেই বাকী থকা দিনকেইটা, চক্ষু কৰ্ণ মুদি, অনেকক নেদেখা ভাও জুৰি, যেনে তেনে মেট্ৰিকৰ টেষ্ট পৰীক্ষালৈকে পাৰ কৰিলো৷ টেষ্ট পৰীক্ষাৰ পিছত বেছিভাগ সহপাঠীকে লগ নোপোৱাত মূল পৰীক্ষালৈকে দিনবোৰ সহজভাবেই পাৰ হ’ল৷ ঘৰৰ মানুহেও পৰীক্ষাৰ বাবে সাজু হোৱা বুলি বেছি অত্যাচাৰ নকৰা হ’লত, মইয়ো শান্তিৰে “অনুৰাধাৰ দেশ“, “অন্তৰীপ“, “অসীমত যাৰ হেৰাল সীমা“ তথা অন্যান্য নিষিদ্ধ উপন্যাসবোৰৰ ৰস গোগ্ৰাসে পান কৰি কৰি, মেট্ৰিকৰ মূল পৰীক্ষাও প্ৰায় হাঁহি হাঁহিয়েই আদায় কৰিলো৷ কেণা লাগিল তাৰ পাছতহে৷

পৰীক্ষা শেষ হ’লনে নহ’ল, মোৰ সেই নিৰ্দিষ্ট অধম বন্ধুৱে এইবাৰ মই ভাবিব নোৱাৰা ধৰণৰ অপকৰ্ম এটা কৰি পেলালে৷ পৰীক্ষাৰ পাছত, মই সম্পৰ্কীয়ৰ ঘৰত আৰাম কৰি, শৰীৰৰ উচ্চতা বঢ়াৰ অপেক্ষাত (মনত আছে নহয় যে মই চৈধ্য বছৰ বয়সতে মেট্ৰিক দিছিলো, গতিকে স্বাভাৱিকতে মোৰ উচ্চতা সেই সময়ত আমাৰ সকলো সহপাঠীতকৈ কম আছিল) দিন কটোৱাৰ সময়তে, মোৰ সেই কুলাংগাৰ বন্ধুৱে, মোৰ সম্পূৰ্ণ অজ্ঞাতে, আমাৰ নায়িকাক লগ পায়, মোৰ প্ৰেম কাহিনীৰ ৰামায়ণ মহাভাৰততো বখানিলেই, আনকি তেখেতক মোৰ হৈ প্ৰেমৰ প্ৰস্তাৱো যাঁচি পেলালে৷

যাৱতীয় কালৰ পাছত, মেট্ৰিকৰ মাৰ্কচিট লবলৈ স্কুললৈ যোৱাত সেই বন্ধুকো লগ পালো৷ নিলাজ নৰাধমে তাৰ বত্ৰিশটা দন্ত বিকশিত কৰি মোক কৈ উঠিল “তোৰ হৈ গ’ল দোষ্ট, মই সৱ ঠিক কৰি দিলো বে, তাই হাঁ কৈ দিছে“৷ তাৰ পাছত সবিস্তাৰে যি ক’লে, মোৰ ভৰিৰ তলৰ পৰা বসুন্ধৰা খহি পৰিল৷ ভগৱান কচম, কি, ক’ত, কিয় হ’ল আজিলৈকে বুজিব নোৱাৰিলো, কিন্তু তাৰ কথা শুনাৰ লগে লগে মদনদেৱে নে cupid নে কোন দেৱতাৰ মহিমা নেজানো, মোৰ হৃদয়ৰ পৰা মোৰ ছবছৰীয়া, হিমালয়তকৈয়ো উচ্চ আৰু আটলাণ্টিকতকৈয়ো গভীৰ প্ৰেমে কোনফালে পলাই পত্ৰং দিলে ধৰিবকে নোৱাৰিলো৷ সেইদিনা মাৰ্কচিট লৈ যি পলালো, আজিলৈকে না নায়িকাৰ লগত কথা পাতিব পাৰিলো, না স্কুলৰ ফালে মুখ ঘূৰাব পাৰিলো৷

ইয়াকে কয় নেকি ফীয়েৰ অব কমিটমেণ্ট!

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.