ফটাঢোল

ফটাসপোন — দেবজিত শৰ্মা

বহু বছৰৰ আগৰ কথা৷ আমি তেতিয়া সৰু। বিজয়ে হাঁহৰ প্ৰেমত পৰিছে মাত্ৰ। আমাৰ ভাস্কৰ জ্যোতি দাসদায়ে শিক্ষা গ্ৰহণৰ উদ্দেশ্যে গুৱাহাটীত দুজনমান বন্ধুৰ লগত মেচ কৰি আছিল৷ সেয়া ফে’চবুক, হোৱাটচ এপ নথকা যুগৰ কথা। টিভি চেনেল বুলিলেও কেৱল দূৰদৰ্শনৰ বাতৰি বা চিত্ৰহাৰ আৰু বিতং খবৰৰ বাবে অসমীয়া বাতৰি কাকত দুই এখন৷ এই সময়ছোৱাতে ভাস্কৰদা সাংঘাটিক ভাবে ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হৈছিল৷ দিনে নিশাই কেৱল ৰাজনীতিৰ যোগেৰে দেশ উদ্ধাৰৰ চিন্তা। কথা এনে এটা পৰ্য্যায়ত আছিল যে সম্ভৱ হ’লে, ভাস্কৰদায়ে ৰাজনৈতিক দলত যোগ দি নিৰ্বাচন খেলাৰো প্লেন কৰি পেলাইছিল৷

ৰাজনীতিৰ কথাবোৰে ভাস্কৰদাক ইমান বেছি প্ৰভাৱিত কৰিছিল যে, এই সময়ছোৱাত প্ৰতি নিশাতে ৰাজনীতিক লৈ নানান সপোন দেখিবলৈ আৰম্ভ কৰিলে। আৰু সেই সপোনবোৰো বৰ বেলেগ, মানে ভাস্কৰদাৰ ভাষাত, ডিজাইনৰ আছিল। সপোনৰ লগে লগে চিঞৰ বাখৰ আৰু হাত ভৰি চালনাৰ প্ৰকোপত ৰুমমেটসকলৰ অৱস্থা শোচনীয় হোৱাৰ উপক্ৰম হৈছিল৷ এদিন যদি “ভোট দিয়ক, ভোট দিয়ক” চিঞৰে, অন্য এদিন ” আমাৰ দাবী মানিবই লাগিব” বুলি ৰুমমেটৰ ডিঙিত ধৰি শুৱাপাটিৰ পৰা গঁতা মাৰি দিয়ে।

উপায়ন্তৰ হৈ সকলোৱে ধৰি বান্ধি ভাস্কৰদাক চিকিৎসকৰ ওচৰলৈ লৈ গ’ল। বহু পৰীক্ষা নিৰীক্ষাৰ অন্তত চিকিৎসকে ঔষধ দুটামান দি সকলোৰে ফালে চাই ক’লে, “এই ঔষধবোৰ খোৱা আৰম্ভ কৰক৷ আজিৰ পৰা আৰু তেনেধৰণৰ সপোন নেদেখে।”

ইমান সময়ে চুপ হৈ থকা ভাস্কৰদা এইবাৰ গৰগৰাই উঠিল “নাই,নাই! হ’বই নোৱাৰে৷ এইবোৰ মেডিচিন খাব নোৱাৰো আজি৷”

সকলোৱে সমস্বৰে “কিয়?”

ভাস্কৰদা “কাৰণ আজি মোৰ শপতগ্ৰহণ আছে।”

(পুৰণা কৌতুক এটাৰ আলমত)”

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.