ফটাঢোল

ফটা কবিতা – পূৰ্ণময়ী মেধী

শুনা শুনা সৰ্বজন, চেকীয়াৰো মন,
চুঁচি-মাজি ওলাই যায়
কেউফালে ফাগুন৷
এক আছে বিহজুই,
নামটোহে সাৰ,
উইথ আউট তিয়নী
জীৱনটো অসাৰ৷
আৰু আছে মহাজন,
তাহানিৰ পণ্ডিত,
কবিতাৰ অপাৰেচন কৰে,
যেন ক্লাছ এনাটমীৰ৷
সোনামুৱা তাবিবৰ
মস্ত এটা বেল,
বিয়া নকৰোঁতেই
শুনে তিৰিৰ মেল৷
মিতালী আইৰ বৰ দুখ হছি,
সোনকালে আহঐ দৰা,
লাগিছে দেইলি
ইফালে সপোনৰ এঠা৷
চুলভ কাকাই আজিকালি
মিছনত আছে,
চলি পলিৰ কাউণ্টাৰ এটেকত
কঁকালৰ হাড় ভাগে৷
সুন্দৰী ডলী মাই
হালি জালি আছে
মিটত যাব বুলি
দাঁত কণ ফুটছাঁইৰে মাজে৷
এহি মতে মোৰ কবিতাটো এৰল্লু,
আপোনাসবক দেখি অপৰাধকণ কল্লু৷
ক্ষেমিবা ৰাইজ এই মুৰহ মতিক,
নিদিয়ে যদি লাইক, কমেন্ট
লগে দিম ৰহ মোডীক।

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.