ফটাঢোল

ফটা কবিতা – ৰাজু কুমাৰ নাথ

নিতৌ মোৰ চোতালত দিছেহি
নীলা শিয়ালে হোৱা,
“আমাৰ এওঁ”ক মাতি দেখুৱাইছো
এইসকললৈ চোৱা।

কাউৰীও আহিছে সুৰ তুলি
কুলিৰ দিছে ভাও,
মুখলৈ চালে বেয়াই লাগে
কি যে কাও বাও।

শগুনো আহিছে লগুণ লৈ
বেদৰ মন্ত্ৰ গায়,
মৰাশ বাদ দি জীয়ালৈ চকু
কিযে বিড়ম্বনা হাঁয়!

পেটত কপট মুখত হাঁহি
চব উৰহৰ জাত,
এইবোৰকেই দিম আগুৱাই
কাঢ়িব মুখৰ ভাত।

সপোন অযুত প্ৰলাপ নিযুত
এজাক শিখণ্ডী হ’ল,
“পহু মৰিলেও ভোজ চিকাৰী মৰিলেও ভোজ”
আমি খাবলৈ পালেই হ’ল।

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.