ফটাঢোল

ফটা পদ্য – পৰীস্মিতা দাস

(১)
ডকাইট যেনহে দাম্ভিকতা কৰিব অহা নাই ভিক্ষা
হাজাৰ টকীয়া ৰচিদ কাটি কৰে উদ্দেশ্য ব্যাখ্যা

সাংস্কৃতিক সন্ধিয়া পাতে
বিখ্যাত গায়ক মাতে

সিহঁতে নকৰিলে কৰিব কোনে আমাৰ সংস্কৃতি ৰক্ষা৷

(২)
সম্পদশালী ব্যক্তিৰ মতে বিহু কমিটিয়ে নাচে
দেখুৱাই দিয়ে বিশেষ অতিথিত তেওঁৰেই নাম আছে

নকল ভাষণ পঢ়ি যায়
মনে মনে থাকক চায়

সংস্কৃতি ৰক্ষক সমিতিয়ে ফুলাম গামোচা যাঁচে৷

(৩)
বিহুনামযে আউটডেটেদ ৰেপ গান চালিয়া লাগে
গানৰ তালত জিন্স পৰিহিতাৰ লাহি কঁকাল ভাগে

চিঞৰি ফালে টেটু
সাজে হেনো সংস্কৃতিৰ সেঁতু

একেৰাতিতে চেলিব্ৰিটি হোৱাৰ ৰঙীন সপোন জাগে৷

☆★☆★☆

Leave a Reply

Your email address will not be published.