ফটাঢোল

ফটা প্ৰেম – ঋতুপৰ্ণা মহন্ত

আমি হ’লো ডিডি ওৱানত ফাল্গুণী পাঠকৰ গানে তোলপাৰ লগোৱা দিনৰ মানুহ। “চাৱন মে মৌৰণী বনকে মে তো চম চম নাচো”, “য়াদ পিয়া কি আনে লগি…” এনেকুৱা গানৰ ভিডিঅ’বোৰ চাই চাই ইতিমধ্যে প্ৰেম মানে কি তাৰ মোটামোটি ধাৰণা এটা কৰি পেলাইছিলো। হাইস্কুলত পঢ়ি থাকোঁতে দুই একে মোৰ চাইকেলৰ বক্সটোত “আই লাভ ইউ” বুলি লিখা কাগজৰ টুকুৰা একোটাহঁত নেপেলোৱা নহয়। পিছে সেই বেনামী চিঠিবোৰৰ প্ৰেৰক কোন আছিল সেয়া নজনাকৈয়ে তেনেবোৰ প্ৰেম কাহিনীৰ অন্ত পৰিছিল। এজন বুলি নকৈ দুই একে বুলি এইকাৰণেই কৈছোঁ, কাৰণ প্ৰতিবাৰে পোৱা কাগজৰ টুকুৰাবোৰত আখৰবোৰ বেলেগ বেলেগ আছিল। গতিকে ধৰি লৈছিলো যে বেনামী চিঠিৰ প্ৰেৰক এজন নহয়, কেইবাজনো!

মেট্ৰিক (আচলতে হাইস্কুল শিক্ষান্ত পৰীক্ষা। কিন্তু মেট্রিক বুলিলেহে হিয়াখন শাত পৰে) পৰীক্ষা দি ঘৰতে শুই বহি থকা দিনৰে কথা সেয়া। তেতিয়ালৈকে বাস্তৱত কাৰোৰে সৈতে প্ৰেম হোৱা নাছিল যদিও কল্পনাতে ফাল্গুণী পাঠকৰ ভিডিঅ’ৰ হিৰোবোৰক প্ৰেমিকৰ শাৰীত থৈ দিনবোৰ ধুনীয়াকৈ পাৰ কৰি আছিলো। তেনেতে মোৰ কাণসমনীয়া পেহীৰ ছোৱালীজনী আমাৰ ঘৰলৈ ফুৰিবলৈ আহিল। কিছুদিন থকাৰ পাছত তাইক থ’বলৈ বুলি আমি পেহীৰ ঘৰলৈ ওলালো। আমি মানে, পেহীৰ ছোৱালীজনীৰে সৈতে মই, মা আৰু দেউতা। পেহীৰ ঘৰলৈ সাধাৰণতে আমি ট্ৰেইনত যাওঁ। ব্যতিক্রম সেইবাৰো নহ’ল।

নামনিমুৱা যাত্ৰীবাহী ট্ৰেইনখনত সেইদিনা প্ৰচণ্ড ভীৰ। ঠেলা হেঁচাৰ মাজতে কেইবাটাও ষ্টেচন থিয় দঙা দি পাৰ হোৱাৰ পাছত যেনে তেনে বহিবলৈ ঠাই এটুকুৰা উলিয়ালো। বহানো আৰু কি! খিৰীকিৰ কাষৰ এজনীয়া, মুখা মুখিকৈ থকা চিট দুটাত বহি অহা পাঞ্জাৱী সম্প্ৰদায়ৰ দম্পত্তি এহালৰ কাষতে আমি দুয়োজনীয়ে চেপেটা লাগি দেহাৰ পৃষ্ঠভাগ পেলাই আহিলো। তেতিয়ালৈ ডবাৰ ভীৰ সামান্য কমিছিল। ইফালে সিফালে চকু ফুৰাওঁতে দেখিলো আমাৰ কাষতে থকা দীঘলীয়া চিটকেইটা দুটামান পৰিয়ালে অধিকাৰ কৰি আছে। কথা বতৰা, ভাৱ ভংগী, পোচাক পাতি লক্ষ্য কৰি অনুমান কৰিলো যে তেওঁলোক একেটা পৰিয়ালৰ মানুহ আৰু ক’ৰবালৈ বিয়া খাবলৈ যায়। তেওঁলোকৰ মাজতে আছিল মোৰ এই কাহিনীৰ নায়কজন। সমনীয়া যেন লগা আন এটা ল’ৰাৰে সৈতে সি কথা পাতি গৈ আছিল। মৰমলগা চেহেৰাৰ ধকধকীয়া বগা ল’ৰাটো। নেচাওঁ নেচাওঁ বুলিও তালৈ বাৰে বাৰে চকু গ’ল। মই লক্ষ্য কৰিলো আলেঙে আলেঙে সিও মোক মন কৰি আছে। পেহীৰ ছোৱালীজনীক আকাৰে ইংগিতে কথাটো বুজালো। তাৰ পাছৰ যাত্ৰাকণ আমাৰ আৰু সিঁহতৰ মাজত হোৱা দৃষ্টি বিনিময়, ফিচিঙা ফিচিঙিৰ মাজেৰেই পাৰ হ’ল। যথাসময়ত আমি নামিবলগীয়া ষ্টেচনটো পালোহি আৰু বেদনাহত মন এটি লৈ ট্ৰেইনৰপৰা নামিলো। দুটা পলকৰ বাবে লগ পোৱা সহযাত্ৰী! জীৱনত কেতিয়াবা আকৌ যে লগ নাপাওঁ সেয়া ধুৰূপ, এই ধাৰণা লৈ।

গ’ল কথা গুচিল। দুদিনমানৰ পাছতে সেই দুই পলকৰ বাবে ভাল লগা ল’ৰাটোৰ কথা সাময়িকভাৱে পাহৰি থাকিলো। বছৰ ঘূৰিল। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত পঢ়ি থাকোঁতে দ্বিতীয় বৰ্ষৰ বাবে টিউচন আৰম্ভ কৰিলো। লগত নলে গলে লগা দুজনী বান্ধৱী। এদিন টিউচনৰপৰা ওলাই গাড়ীলৈ বুলি ৰৈ থাকোঁতে দেখিলো, সন্মুখৰ গলিটোৱেদি এখন স্কুটাৰ ওলাই আহিছে। চালকজন আৰু পাছত উঠি অহা ল’ৰাজনক চিনাকী যেন লাগিল। ভালদৰে মন কৰোঁতে দেখিলো এই দুয়োটা দেখোন সেই ট্ৰেইনত লগ পোৱা ল’ৰাকেইটা। উৱা, এইকেইটা আকৌ ক’ৰপৰা ওলালহি! মই যেন আকাশৰপৰাহে পৰিলো! সিহঁতেও আমাৰ তিনিওজনীলৈ চাই চাই পাৰ হৈ গুচি গ’ল।

তাৰ পাছৰ দিনবোৰত এই ঘটনাৰে পুনৰাবৃত্তি হ’বলৈ ধৰিলে। আমি গাড়ীলৈ বুলি ৰৈ থাকোঁ, সিহঁত দুয়োটা আহে আৰু আমালৈ চাই চাই গুচি যায়। এদিন ৰাতিপুৱা দুয়োটা আমাৰ পিছে পিছে আহি টিউচন কৰা চাৰৰ ঘৰটোও চাই থৈ গ’লহি। লাহে লাহে দুয়োটাৰে মাজৰ বগাকৈ ধুনীয়া ল’ৰাটোক নেদেখিলে মোৰ মনটো বেয়া লাগিবলৈ ধৰিলে। তাৰ কথা ভাবি মনে মনে পুলকিত হ’বলৈ ধৰিলো। নাম ধাম নাজানো। গতিকে তিনিওজনীয়ে মিলি তাৰ নাম দিলো “ট্ৰেইন”। ট্ৰেইনত প্ৰথম লগ পাইছিলো। সেয়েহে সেইটো নাম। লগৰ দুজনীয়ে মোক তাৰ সৈতে জোকাবলৈ ল’লে। আগে পিছে কোনোবা ল’ৰাৰ সৈতে জোৰা দিলে মই কালী গোঁসানীৰ ৰূপ লওঁ। এইবাৰ পিছে মিচিকিয়া হাঁহিৰে দুয়োজনীৰ ধেমালিবোৰ হজম কৰিলো। তাৰমানে মই প্ৰেমত পৰিলো!

এদিন টিউচন শেষ হ’ল। লগে লগে ফাল্গুণী পাঠকৰ গানৰ ভিডিঅ’বোৰৰ দৰে মিঠা মিঠা লগা মোৰ প্ৰেম কাহিনীটোতো যতি পৰিল। পঢ়াৰ মাজে মাজে তালৈ চেৰেং চেৰেংকৈ মনত পৰি থকা হ’ল। পঢ়া টেবুলত বহি আজে বাজে কবিতা লিখি কিমান যে বহীৰ পাত নষ্ট কৰিলো তাৰ হিচাপ নােহোৱা হ’ল।

এদিন স্কুল গৈ পাই দেখিলো, মোৰ লগত টিউচন কৰা বান্ধৱী এজনী উধাতু খাই লৱৰি আহিছে। কি হ’ল বুলি সোধোঁতে তাই যিখিনি বৰ্ণনা দিলে, তাৰ সাৰমৰ্ম হ’ব এনেকুৱা – আমি টিউচন কৰিবলৈ যাওঁতে লগ পোৱা ল’ৰাটো আগদিনা সিহঁতৰ ঘৰ ওলালগৈ। লগত তাইৰ চিনাকী দুটা ল’ৰা। আহিবৰ সময়ত তাৰে এটাই বান্ধৱীক ক’লে, সিহঁতৰ লগত অহা ল’ৰাটো বোলে তাইৰ প্ৰেমত পৰিছে। টিউচন শেষ হোৱাৰ বাবে বহুদিন ধৰি তাইক নেদেখি বিচাৰি খোচাৰি ঘৰ ওলাইছেহি। সি হেনো তাইক প্ৰেমৰ প্ৰস্তাৱ দিব খোজে।

মই অবাক! যিটো ল’ৰাৰ নামত পৃষ্ঠা ভৰাই ভৰাই কবিতা লিখিলো, সি আকৌ প্ৰেমত পৰিছে মোৰ বান্ধৱীৰ! হায় বিধি! এয়া তুমি কি খেলা দেখুৱালা! আশাহত মন এটি লৈ বান্ধৱীক সুধিলো বোলো তই কিবা ক’লিনে? তাই বোলে কথাটো শুনি ধেইত বুলি ক’লে। মোৰ মনটো খু দুৱালে। কেনেবাকৈ এইজনীয়ে হ’ব বোলা নাইতো! সুধিলো তাইক, বোলো “য়েচ” ক’লি নেকি আক’ তই! মিচিকিয়া হাঁহি এটা মাৰি তাই ক’লে “ধেইত”।

সেইদিন ধৰি সিঁহতে মোক “ট্ৰেইন”ৰ সৈতে নোজোকোৱা হ’ল। পিছে বেছ কিছুদিনলৈকে মোৰ বুকুখন জলকীয়াই পোৰাদি পুৰি থাকিল।

পাছত শুনিছিলো, গাড়ীলৈ ৰোৱাৰ চলেৰে “ট্ৰেইন”ক চাবলৈ আমি যিটো গলীৰ সন্মুখত ৰৈছিলো, তাতে থকা দোকান এখনৰ দোকানীজন বোলে মোৰ প্ৰেমত পৰিছিল!

☆★☆★☆

3 Comments

  • ৰিণ্টু

    তামাম দুখ দেখোন

    ভাল লাগিল পঢ়ি ঋতু

    Reply
  • ডলী

    ইচ্ দোকানী জনহে প্ৰেমত পৰিল।মানে ৰং নাম্বাৰ লাগিল।

    Reply
  • পূৰ্ণময়ী

    আইও ইমান দুখ লাগিছে পায়😁

    Reply

Leave a Reply

Your email address will not be published.