ফটাঢোল

ফটা প্ৰেম – কমলা দাস

মই তেতিয়া হাইস্কুলত পঢ়ো। সেই তেতিয়াৰ স্কুলীয়া দিনবোৰৰ কথা মনত পৰিলে এতিয়াও মনটো কিবা এটা ভাল লাগি যায়। সেই দিনত অকল হাঁহি-ধেমালিহে বুজিছিলোঁ কিজানি। পঢ়িব লাগে আৰু লগ সমনীয়াৰ লগত ফূৰ্তি-তামাচা কৰিব লাগে এয়াই আছিল দৈনন্দিন ৰুটিন। মাছ মৰা, ভুঁই ৰোৱা, চিলাই কৰা, তাঁত বোৱা, এই বিলাকো কৰিছিলোঁ বাৰু স্কুলৰ বন্ধৰ দিনত। ইয়াৰ উপৰিও আমি আৰু এটা বদমাচি কাম কৰিছিলোঁ। সেইটো আছিল কোনোবা ল’ৰাই যদি আমাৰ ক্লাছৰ কোনোবা ছোৱালীক চিঠি দিয়ে, গোটেইমখা লগৰ ছোৱালীয়ে চিঠিখন কাঢ়ি নি হ’লেও চিঞৰি চিঞৰি পঢ়ি ঠিকচে হাঁহিছিলোঁ। কোনোবাজনী যদি এই বিষয়ত চিৰিয়াচ আছিল, তেন্তে তাইৰ ভীষণ খং উঠিছিল। আৰু আমাক বহুত গালি পাৰিছিল। গালি পাৰিলে আমি বেছিকৈ হাঁহিছিলোঁ। তথাপিও আমি এই কামটো কৰিবলৈ এৰা নাছিলোঁ।

যি নহওঁক, এনেদৰে হাঁহি ধেমালিৰ মাজেদি আমি ক্লাছ টেন পালোঁ। সন্মুখত মেট্ৰিক পৰীক্ষা বাবে সকলোৱে পঢ়াত ধ্যান দিবলৈ ল’লোঁ। প্ৰয়োজনত নোটছৰ বহী অনা নিয়া কৰিও লেখি মেলি পঢ়াৰ ক্ষেত্ৰত বহুত চিৰিয়াচ হৈছিলোঁ। তেনেকুৱা দিনতেই এটা ঘটনা ঘটিল।

আমাৰ ওচৰৰ ল’ৰা এজনেও সেইবাৰ মেট্ৰিক পৰীক্ষাৰ্থী আছিল। ওচৰ চুবুৰীয়া হিচাবে সিহঁতৰ ঘৰখনৰ লগত আমাৰ ঘৰখনৰ ভাল সম্বন্ধ আছিল। তাৰ দেউতাকে আমাৰ ককাক বহুত সন্মান কৰিছিল আৰু আমাকো নিজৰ ছোৱালীৰ নিচিনাকৈ মৰম কৰিছিল। গতিকে তাৰ স্কুল বেলেগ আছিল যদিও আমি কিতাপ বহী অনা নিয়া কৰিছিলোঁ। ভাল বন্ধুৱেই আছিলোঁআমি। তাৰ মাজতে কি জানোঁ হ’ল, এদিনটো সি মোৰ কিতাপ এখন পঢ়িবলৈ নি ঘূৰাই দিওঁতে কিতাপৰ মাজত মোলৈ চিঠি এখন সুমোৱাই দিলে! চিঠি মানেই প্ৰেমৰ চিঠি! পিছে আমাৰ দিনত আকৌ প্ৰেম কৰাটো সাংঘাটিক ভয়ৰ আৰু লাজৰ কথা আছিল। বদমাচ ল’ৰা-ছোৱালীয়েহে প্ৰেম কৰে বুলি সমাজত এটা ধাৰণা আছিল। মোৰ কাৰণেটো প্ৰেম আৰু ভয়ানক আছিল। কাৰণ, মোৰ ককা আছিল স্কুলৰ হেড মাষ্টৰ আৰু মাহী ও শিক্ষয়িত্ৰী আছিল। ককাক আমাৰ অঞ্চলত নজনা বা সন্মান নকৰা মানুহ নাছিল। ককা আৰু মাহীৰ সুবাদতে যদিও মই স্কুলত দপ্ দপাই আছিলোঁ, তথাপিও তেওঁলোকৰ মান সন্মানৰ প্ৰতি মই অতি সচেতন আছিলোঁ। কাৰণ নকৰিবলগীয়া কিবা কাম কৰিলে পিঠিত ঔ পৰাৰ সম্ভাৱনা আছিল নহয়! গতিকে এতিয়া চিঠিখন পোৱাৰ পিছত মই কি কৰিম ভাবি পোৱা নাছিলোঁ। ইফালে ভয় ও লাগিছিল। ঘৰত যদি কোনোবাই গম পায়, পিঠিটো ফালিবই লগতে লাজ ও পাম আৰু পঢ়া শুনাও ৰসাতলে যাব! কি কৰো? ভাবি চিন্তি প্ৰচণ্ড খং উঠিছিল তালৈ। বেটাৰ ইমান সাহস! পঢ়া শুনা কৰিবলৈ এৰি সি চিঠি লিখিবলৈ ধৰিছে! নিজেটো মৰিবই লগতে মোকো মাৰিব। সি আমাৰ মান সন্মান সকলো শেষ কৰিব আৰু মই তাক সুদাই এৰিম! সেইটো কেনেকৈ হব! ভাবি ভাবি শেষত উপাই এটা পালোঁ যে, স্কুলত থকা মোৰ অঘাইটং নামটো সঠিক প্ৰয়োগ কৰিব লাগিব! উপায় ভাবি পোৱাৰ লগে লগেই পিছত যি হয় হ’ব এই বুলি অলপো দেৰি নকৰি এহাতত চিঠিখন আৰু এহাতে কটাৰিখন লৈ তুৰন্তে ওলাই গ’লো সিহঁতৰ ঘৰলৈ বুলি। ৰাষ্টাৰ পৰা সিহঁতৰ ঘৰলৈ দীঘল পদূলিমুখ। পদূলিৰ দুয়ো ফালে জাহাজী কলৰ গছ আছিল। এজোপা কলৰ দীঘল থোক এটা ওলমি আছিল। মই একো চিন্তা নকৰি কলথোক কটাৰিখনেৰে কেইবাবাৰো ঘঁপিয়াই ঘঁপিয়াই কাটি বগৰাই দিলোঁ। বগৰাই দি কলৰথোকটোতে চিঠিখন গুজি থৈ গুচি আহিলোঁ। ভিতৰ চোতালত ল’ৰাজনৰ দেউতাকহঁতে মৰণা মাৰি আছিল। মোৰ কাণ্ড দেখি সকলোৱে হুলস্থুল কৰি ওলাই আহিল। মই ইতিমধ্যে দৌৰি আহি ঘৰৰ ভিতৰত সোমাইছোঁহি। কি হ’ল, কি হ’ল কৈ দৌৰি আহি কলথোক চাওঁতে দেখিলে চিঠিখন। আমাৰ দিনত আকৌ ল’ৰা ছোৱালীৰ মাক দেউতাকে এনেকৈ প্ৰেমৰ কথা গম পালেও অপমানিত হৈছিল। এই বয়সতেই চিঠি লিখিব আহিছ বুলি লগে লগে ল’ৰাৰ পিঠিত হালোৱা লৰুৰ কোব পৰিছিল। গোটেই গাওঁখনৰ লগতে আমাৰ ককাই ও গম পালে কথাটো। ককাই কথাটো সিহঁতৰ স্কুল পোৱালেগৈ। পিছদিনা স্কুলত তাক আঁঠু কঢ়াইছিল।

এই ঘটনাটোৰ বাবে স্কুলত মোৰ লগৰ কিছুমানে ভাল পালে, কিছুমানে বেয়া পালে। কিন্তু তাৰ পিছৰ পৰা মোৰ নাম ডাকুনী হৈ পৰিল। ডাকুনীক আকৌ কোনোবাই প্ৰেম নিবেদন কৰিবলৈ সাহস কৰিবনে হালোৱা এচাৰিৰ কোব খাবলৈ! মোৰ প্ৰেমো সিমানতে অন্ত পৰিল।
পিছত গম পাইছিলোঁ সেইখন চিঠি মোক দিবৰ বাবে নাছিল। আমাৰ দিনত পৰীক্ষাত ৰচনা নাইবা চিঠি আহিছিল লিখিবলৈ। সি সেইখন মুখস্থ কৰি উঠি লিখি চাইছিল। ভুলতে মোৰ কিতাপৰ মাজত সোমাই আহিল। ময়ো ‘মৰমৰ ‘ শব্দটো দেখিয়েই পিছলৈ পঢ়ি চোৱা নাছিলোঁ।

আচলতে সেইখন মৰমৰ ‘দেউতা’লৈ লিখা চিঠি হে আছিল হেনো!

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.