ফটাঢোল

ফটা প্ৰেম – চবিনা ইয়াছমিন

“মনৰ কথা হৃদয়ৰ ভাষাৰে কিঞ্চিত হাঁহি বিৰিঙোৱাৰ এক প্ৰচেষ্টা…..”

মই সপ্তম শ্ৰেণীত পঢ়ি থকা দিনৰে কাহিনী৷ দেউতা আছিল ডিফেন্সৰ চাকৰিয়াল৷ অত্যন্ত খং আৰু নিয়মত চলা মানুহ৷ আমি মন গ’লেই পেংলাই কৰিব নোৱাৰিছিলোঁ৷ পিচে দেউতাৰ খং যিমান সোনকালে উঠে সিমান সোনকালে নোহোৱাও হয়৷ বাইদেউ তেতিয়া চতুৰ্থ শ্ৰেণীত পঢ়ি আছে আৰু মই তৃতীয়মানত৷ আমাৰ ঘৰৰ পৰা অলপ আঁতৰত থকা বাৰ বন্ধু এজন প্ৰায়ে আবেলি আমাৰ লগত খেলিবলৈ আহে৷ তেওঁৰ নাম আছিল প্ৰশান্ত৷  আমি তেতিয়া খুব বেছিকৈ খেলা খেলটো হৈছে “টিপি টিপি দাচ৷” আচলতে খেলটোৰ নামৰ অৰ্থটো হ’লে আজিও বুজি নাপালোঁ৷ মায়েও প্ৰশান্ত দাক বৰ মৰম কৰিছিল৷ আমাৰ লগতে সদায় কিবা কিবি খাবলৈ দিয়ে৷ দেউতা অফিচৰ পৰা আহি পোৱাৰ আগতেই আমাৰ খেলা শেষ হয়৷ প্ৰশান্ত দাও ঘৰলৈ গুছি যায়৷

মই এদিন স্কুলত খেলি থাকোতে বোকাত পিছলি পৰিলোঁ৷ স্কাৰ্টটো তেনেই লেতেৰা হ’ল৷ মই কান্দিবলৈ আৰম্ভ কৰিলোঁ৷ অলপ আঁতৰত খেলি থকা প্ৰশান্ত দাই দৌৰি আহি মোক তুলি দিলেহি৷ আৰু স্কুলত ব্যৱহাৰ কৰিবলৈ থোৱা পানীৰ ড্ৰামটোৰ কাষলৈ লৈ গ’ল৷ বা আকৌ খেলাত ব্যস্ত৷ মই পৰি যোৱা দেখিও তাই ওচৰ চাপি অহা নাই৷ পানীৰ ড্ৰামটোৰ ওচৰলৈ গৈ দেখিলোঁ তাত পানীয়েই নাই৷ অকণমান তলিতে আছে৷ মই ভেঁ ভেঁ কৈ আকৌ কন্দা আৰম্ভ কৰিলোঁ৷ প্ৰশান্ত দাই বোলে- “নাকান্দিবি ৰহ৷ মই কিবা এটা কৰিম৷ “ বেচেৰা সিও সৰুৱেই৷ তথাপিও যেনে তেনে ড্ৰামটো সি বেঁকা কৰি পানী অকণ যোগাৰ কৰিলে৷ মই স্কাৰ্টটো অলপ চাফা কৰিব পাৰিলোঁ৷ জিৰণিৰ পিছৰ ক্লাচ দুটা তেনেকৈয়ে কৰি ঘৰলৈ আহিলোঁ৷ বা আৰু মোৰ লগত সেইদিনা প্ৰশান্ত দাও আহিল আমাৰ ঘৰলৈ৷ আমাৰ ইউনিফ্ৰম লেতেৰা হ’লে দেউতাই খুব খং কৰে বুলি প্ৰশান্ত দায়ো জানিছিল৷ সি আহি মাক কথাবোৰ ক’লেহি কেনেকৈ মই পৰিলোঁ৷ আৰু পানী নথকাৰ বাবে যে মোৰ স্কাৰ্টটো চাফা কৰিব নোৱাৰিলোঁ তাকো বুজাই ক’লে৷ সেইদিনা গালি খোৱাৰ পৰা বাচিলোঁ৷ প্ৰশান্ত দা আৰু মোৰ ভাল বন্ধুত্ব গঢ়ি উঠিল৷ বাৰ বন্ধু যদিও “কুট্‌ কুট্‌“ খেলত মই গেজু কৰিলে সি মোৰ ফালেই মাত দিয়ে৷ মোৰ তামাম ফূৰ্তি লাগে আৰু বাৰ ভিষণ খং উঠে৷ স্কুল বাচখন আহোঁতে কেতিয়াবা দেৰি হয়৷ বায়ে মোক স্কুলৰ চাইকেল ষ্টেণ্ডটো বেৰি থোৱা পকী হাফৱালখনৰ ওপৰত বহুৱাই বা আৰু মোৰ বেগ দুটা চাবলৈ ৰখীয়া দি খেলিবলৈ দৌৰে৷ মই অকলে অকলে বহি কান্দি থাকো৷ ৱালখনৰ পৰা নামিবও নোৱাৰোঁ নিজে৷ তেনে সময়ত প্ৰশান্ত দা আহি দেখিলে মোক ৱালৰ পৰা নমাই চুপি খোৱা তেঁতেলী মৰ্টন খাবলৈ দিয়ে, মিঠা চ’ফৰ সৰু পেকেট আনি খাবলৈ দিয়ে, চিগাৰেট মৰ্টন খাবলৈ দিয়ে৷ তেনেকৈয়ে ফুচুলাই মোৰ কান্দোন বন্ধ কৰে৷ বাৰ যে মোলৈ চিন্তাই নাই৷

সময়বোৰ পাৰ হ’ল৷ মই সপ্তমমান পালোহি৷ প্ৰশান্ত দা অষ্টমমান৷ সম্পৰ্কবোৰ আগৰ দৰেই আছে৷ সদায় খেলিবলৈও আহে সি আমাৰ ঘৰলৈ৷ কিন্তু তেতিয়া আমাৰ স্কুল সলনি কৰিলে দেউতাহঁতে৷ আমি যোৰহাট চৰকাৰী বালিকা বিদ্যালয়লৈ আহিলোঁ৷ আৰু প্ৰশান্ত দা যোৰহাট শংকদেৱ চেমিনাৰীত পঢ়িবলৈ আহিলে৷ আমি অৱশ্যে তেতিয়া ঘৰ সলনিও কৰিলোঁ৷ বালিবাট বোলা ঠাইলৈ আহিলোঁ৷ কিন্তু সি তেতিয়াও ৰজাবাৰী নামৰ ঠাইটুকুৰাতে আছিল৷ বেচেৰাই তাৰ পৰা চাইকেল চলাই আমাৰ ঘৰলৈ আহে আৰু আমি একেলগে স্কুল যাওঁ৷ কিন্তু লাহে লাহে মা-দেউতাহঁতে তাৰ লগ আমাক এৰিবলৈ ক’লে৷ কি কাৰণ নাজানো৷ আমি সৰুৰে পৰা একেলগে ডাঙৰ হোৱা৷ কেনেকৈ নো হঠাতে তাৰ লগ এৰি দিওঁ৷ আৰু কমেই বা কি তাক! পোনপটীয়াকৈতো ঘৰলৈ আহিবলৈ মানা কৰিব নোৱাৰি৷ কিন্তু দেউতাহঁতৰ কথা শুনিবই যে লাগিব৷ আমি সি আহিলে পঢ়িবলৈ আছে আজি নেখেলোঁ বুলি কোৱা হ’লো৷ লাহে লাহে আমি আবেলি তাৰ লগত খেলা বন্ধ কৰি দিলোঁ৷ প্ৰশান্ত দা আবেলি অহা কমাই দিলে৷ যদিও আহে আমি ওলাই নাহো৷ মায়ে ওলাই আহি সিহঁতে আজি নেখেলে বুলি ঘূৰাই পঠিয়াই তাক৷ আমাৰ বেয়াও লাগে৷ বেচেৰাই বহু দূৰ চাইকেল চলাই আহে খেলিবলৈ৷ পিচে স্কুল একেলগে যোৱাটো তেতিয়াও চলিয়েই আছে৷ মায়ে সদায় আমাক খং কৰে৷ স্কুললৈ তাৰ লগত যোৱা বন্ধ কৰিবলৈ কয়৷ বা আৰু মই পৰোক্ষ ভাবে তাক আমাৰ লগত নাহিবলৈ কওঁ৷ পিচে সি নামানে৷ আমাৰ ঘৰৰ ওচৰৰ পৰা একেলগে যাবলৈ নাহে৷ কিন্তু ঘৰৰ অলপ আঁতৰত গৈ ৰৈ থাকে আৰু একেলগে যায়৷ আমিও একো অসুবিধা নোহোৱা দেখি একেলগেই গৈ থকা হ’লো স্কুল৷ ঘৰত মায়ে সোধে প্ৰশান্তৰ লগ এৰিছনে বুলি৷ আমি মিছা মাতিব লগা হয় গালি খোৱাৰ ভয়ত৷

এদিন মোৰ পৰীক্ষাৰ বহীত দেউতাক চহী কৰিবলৈ দিলোঁ৷ দেউতাই চহী কৰি বহীখন খঙেৰে দলিয়াই দিলে৷ মই বুজিবই নোৱাৰিলো৷ নম্বৰো ভালেই পাইছিলো৷ পঁচিশৰ ভিতৰত তেইশ৷ পিছত মাক সুধিলোঁ বোলো-

“দেউতাৰ খং কিয় উঠি আছে আজি?”

মায়ে বোলে-

“তোৰ পঢ়া টেবুলত যে আছে বিভিন্ন ডিজাইনৰ কলমবোৰ সেইবোৰ কোনে দিয়া? আৰু প্ৰশান্তৰ শ্লেম বুক(কোনো কোনোৱে মেমৰি বুক বুলিও কয়৷ ইজন সিজনৰ মাজৰ পচন্দ-অপচন্দবোৰ জানিবলৈ এখন সুকীয়া বহী বনাই লিখিবলৈ দিয়া হয়৷ ) কি কৰিবলৈ আনি থৈছ? কেতিয়া লগ পাইছিলি তাক? শেষবাৰ আমাৰ ঘৰলৈ আহোঁতেতো সি শ্লেম বুক তোক লিখিবলৈ দিয়া নাছিল? মানে তাক লগ পাই থাক তহঁতে?”

উশাহ সলনি নকৰাকৈয়ে মায়ে প্ৰশ্নৰ উপৰ্য্যুপৰি বাণ নিক্ষেপ কৰিবলৈ ধৰিলে৷ মই চেপা মাতেৰে ক’লো-

“কেতিয়াবা লগ পাওঁ৷ কলমবোৰ প্ৰশান্ত দাই উপহাৰ দিছে মোক৷”

মায়ে বোলে-

“সি বায়েৰাৰহে বন্ধু৷ তোৰ লগত কিহ’ৰ ধেমালী তাৰ?”

বায়ে একো নামাতিলে৷ কাৰণ প্ৰশান্ত দাই শ্লেম বুকত মোকহে লিখিবলৈ দিছিল৷ বাক লিখিবলৈ নক’লে৷ তাই খঙতে মই গালি শুনা দেখি ভালেই পালে পেটে পেটে৷ সেই দিনা ধৰি আমাৰ আৰু বেছি ভয় লগা হ’ল তাক বাটত লগ পালে দেউতাই দেখিলে মৰিলো আৰু৷

কিন্তু “য’তেই বাঘৰ ভয় ত’তেই ৰাতি৷ “ দুদিন বা স্কুল যাব পৰা নাই৷ সাংঘতিক জ্বৰ৷ মই অকলেই স্কুল গৈছোঁ৷ প্ৰথম দিনা প্ৰশান্ত দাক লগ পালোঁ৷ কথা বতৰা পাতিলোঁ৷ বা কিয় অহা নাই সুধিলে৷ মই ক’লো তাক বাৰ অসুখ হোৱা বুলি৷ মই স্কুল পালোগৈ, সিও গ’লগৈ৷ ঘূৰি আহোঁতে পুনৰ একেলগে আহিলোঁ৷ দ্বিতীয় দিনা পুনৰ স্কুল যাওঁতে তাক লগ পালোঁ৷ মই বোলো শ্লেম বুকখন লিখা হ’ল গতিকে তাক ঘূৰাই দিবলৈ বেগৰ পৰা উলিয়াব লৈছোহে, প্ৰশান্ত দাই বোলে-

“ঘূৰি আহোঁতে লৈ ল’ম৷ এতিয়া থৈ দে৷”

স্কুলৰ পৰা ঘূৰি আহোঁতে তাক পুনৰ লগ পালোঁ৷ মই বোলো-

“তোমাৰ শ্লেম বুকখন লোৱা৷”

সি মোৰ পৰা সেইখন ল’বলৈ হাত আগবঢ়াইছে আৰু লগতে নিজৰ পকেটৰ পৰা সোণালী সূতাৰে বন্ধা এখিলা কাগজ মোলৈ আগবঢ়াই দিছে৷ সেইখন কি বুলি হাতত লৈছোহে মাত্ৰ সন্মুখৰ পৰা দেউতাই আমাৰ ফালে চাই চাই আহি আছে৷ একেবাৰে কাষেই পালেহি৷ মোৰ বুকু দৰু দৰু কঁপিছে৷ অথন্তৰত পৰিলোঁ৷ কাগজখন কি কৰোঁ! ছেঃ! দেউতাই সেইখন দেখিলেই৷ তাতে লগত বা ও নাই৷ দেউতাই একো নকৈ কাষেৰে গোপাকৈ চাই গুছি গ’ল৷ মই বুজিলোঁ ঘৰত মোৰ পিঠিৰ ঘুগুলা উঠিব আজি৷ খং, ভয় আৰু লাজত মোৰ চকুলো ধাৰাসাৰে ব’বলৈ ধৰিলে৷ বেচেৰা প্ৰশান্ত দায়ো ভয় খাইছে৷ বাটৰ মানুহে মই কন্দা দেখি কি ভাবিছে নাজানো৷ সেই সময়ত ইমানেই খং উঠিল যে প্ৰশান্ত দাক সাংঘাতিক বেয়াকৈ গালি পাৰি শ্লেম বুকখন তাৰ গাৰ ফালে দলিয়াই দি আৰু কোনো দিনাই যাতে তাক দেখা নাপাওঁ বুলি সকীয়নি দি মই ঘৰমুৱা হ’লো৷ সিও মোৰ খং দেখি চাইকেল ঘূৰাই ভিৰাই লৰ মাৰিলে৷ হাতৰ কাগজখিলা হাততে থাকিল৷ ঘৰত আহি সেইখন কিতাপৰ মাজত থৈ দিলোঁ৷ পঢ়িও নাচালো তেতিয়া৷

সন্ধিয়ালৈ পিচে দেউতা ঘৰলৈ আহি এষাৰো একো নামাতিলে৷ মায়েও একো কোৱা নাই৷ মই আচৰিত হ’লো৷ সেইদিন ধৰি তাৰ নাম আমাৰ ঘৰত নুলোৱা হ’ল৷ তাকো আৰু স্কুললৈ যাওঁতে নেদেখা হ’লো৷ বায়ে দুই এদিন তাৰ কথা সুধিছিল৷ মোৰ পৰা একো উত্তৰ নাপাই নুসোধা হ’ল৷ কিন্তু দেউতাইনো সেইদিনা প্ৰশান্ত দাৰ স’তে মোক দেখিও একো নোকোৱাৰ ৰহস্যটো আজিও মোৰ ৰহস্য হৈয়ে থাকিল৷ এসপ্তাহমান পিছত সমাজবিদ্যা পঢ়িবলৈ কিতাপখন মেলোতে দেউতাৰ সন্মুখতে কিতাপখনৰ পৰা পৰিল নহয় চিঠিখন ওলায়৷ পিচে কিবাকৈ বাচিলোঁ৷ দেউতাই নেদেখিলে৷ মই ৰাতি শুৱা কোঠালৈ আহি সেইখন পঢ়ি চালো৷ উৱা! সেইখনচোন প্ৰেমপত্ৰ! এহালিছা লিখিছে প্ৰশান্ত দাই৷ লগতে লিখিছে সেই চিঠিখন বহুত দিনৰ পৰা সি মোক দিম বুলি ভাবি আছিল৷ বা লগত থকাৰ বাবে দিব পৰা নাছিল৷ বেচেৰাক উত্তৰ দিবলৈকো নহ’ল৷ মই সেইখন, আকৌ যাতে কোনোবাই নেদেখক তাৰ দিহা কৰি টুকুৰা টুকুৰকৈ ফালি খিৰিকিৰে পেলাই দিলোঁ৷ প্ৰশান্ত দাৰ প্ৰেম হৈ ৰ’ল ফটা প্ৰেম৷ প্ৰশান্ত দাক তাৰ পিছত আৰু কোনো দিনাই দেখা মনত নপৰে৷

(বিঃ দ্ৰঃ- শিৰোনাম নাই যদিও লেখাটোত শিৰোনাম হিচাপে সংযুক্ত কৰা কথাখিনি প্ৰশান্ত দাৰ চিঠিখনৰ মনত ৰৈ যোৱা এটি পংক্তি৷)

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published.