ফটাঢোল

ফটা প্ৰেম – জীতা ফুকন

ফটা বুলি নকৈনো কি বুলি ক’ম আৰু। যোৰা নালাগোতেই ফাটি থাকিল। তেতিয়া ক্লাচ চেভেনমানত পঢ়িছিলোঁ। দেখাই শুনাই অপেস্বৰী নহ’লেও বেয়াও নাছিলোঁ ইমান। তেনেকুৱাতে চকু পৰিল এজনৰ ওপৰত। আই ঐ, ইমান ধুনীয়া ল’ৰাটো। চকুৱেই চাবানে, মুখেই চাবা, হাঁহিটোৰ কথা নক’লোৱেইবা।

সি মোতকৈ দুবছৰ মানৰ ডাঙৰ আছিল, গীটাৰ বজাইছিল। আমি দেওবাৰে সদায় মইনা পাৰিজাতলৈ গৈছিলোঁ। তাতে সকলো লগ হওঁ। নাচ, গান, নাটক, তৰ্ক, আকস্মিক বক্তৃতা, কবিতা পাঠ সকলো হৈছিল। এইবোৰৰ মাজতে আমি ইটোৱে সিটোক পিৰিক্ পাৰাক্ চাই থাকোঁ সুবিধা মিলাই মিলাই। উহ্! সপ্তাহবোৰ বৰ দীঘলীয়া হৈ পৰিছিল। ইটো দেওবাৰৰ পৰা সিটো দেওবাৰলৈ বাট চাওঁতেই আমনি লাগি গৈছিল ।

অৱশ্যে সপ্তাহটোৰ বাকী দিনবোৰতো তেওঁক ক্ষন্তেক লগ পাইছিলোঁ। ৰাতিপুৱা টিউচনত আৰু সন্ধিয়া হাফ্ পেডেল মাৰি মাৰি আমাৰ পদূলিৰ আগেৰে এপাক মাৰি যায়হি। তেওঁ নহালৈকে মহৰ কামোৰ খাই খাই ৰাষ্টাত ৰৈ থাকিছিলোঁ। যিদিনা আবেলি বৰষুণ দিয়ে আই ঐ, নকৈছোঁনে কিবা,একদম মাথা বেয়া হৈ যায়। ইমান দুখ লাগে, পঢ়াতো মন নবহে। কাৰণ সেইদিনা তেওঁ নাহে।

কেতিয়াবা কৰবাত ফাংচন কৰিবলৈ গ’লেও লগ পাওঁ। জনাই নজনাই সকলো অনুষ্ঠানতে ভাগ লওঁ। এবাৰ এটা অনুষ্ঠানত মই ল’ৰাৰ ড্ৰেচত নৃত্য কৰিব লাগে, মোক এটা পাঞ্জাবী চোলা লাগে। ক্ষন্তেক সময়ৰ বাবে ক’ত পাম ভাবি থাকোঁতেই মোৰ প্ৰেমিকে নিজৰ চোলা এটাকে আনি মোৰ সমস্যাটোৰ সমাধান কৰি দিলেহি।

এবাৰ ডেৰাডুনত এটা প্ৰগেমৰ বাবে যাবলৈ সুযোগ পাইছিলোঁ। ছোৱালী মাত্ৰ আমি দুজনী আছিলোঁ। চাৰে আমাৰ ঘৰত কথাটো ক’বলৈ আহোঁতে লগত তেৱোঁ আহিছিল। দেউতাই সুধিলে আৰু ছোৱালী যাবনে বুলি। তেওঁ টেপেককৈ মাতিলে , “যাব যাব কেইবাজনীও যাব।”

দেউতাই কি ক’লে জানে? – “হ’ব সিহঁতিয়েই যাওক। মই এইক নপঠিয়াও ইমান দূৰ।” কথা শুনি মোৰতো দুখ লাগিছিলেই তেওঁৰ চকুৰেও গংগা যমুনা বৈ আহিছিল। বৰ আঘাত পালোঁ মনত।

এনেকৈয়েই দুয়ো দুয়োলৈ চাই থাকোঁতেই দুটা বছৰ পাৰ হৈ গ’ল। এদিন হঠাতে দেউতাৰ চাকৰিৰ বদলি হ’ল। মাত্ৰ পোন্ধৰ দিনৰ ভিতৰতে আমি সেই ঠাই এৰি নতুন ঠাইলৈ যাব লগা হ’ল। ভালকৈ কথাটো কাকো জনাবলৈকে নাপালোঁ। আমি সেই ঠাই এৰি যোৱাৰ দিনা আমাক আগবঢ়াবলৈ লগৰীয়াবিলাকৰ উপৰিও মইনা পাৰিজাতৰ সকলো আহিছিল কিন্তু তেওঁ নাহিল। নাজানিলোঁ মনৰ দুখতে নাহিল নে বেলেগ কাৰণত। নাকৰপানী চকুৰপানী একাকাৰ কৰি সেই ঠাইৰ লগতে মোৰ প্ৰথম প্ৰেমক তাতে এৰিথৈ গুচি আহিলোঁ নতুন ঠাইলৈ।

নতুন ঠাইত মন বহুৱাবলৈ এনেই টান, তাতে আকৌ সেইজনলৈ চেৰেং চেৰেংকৈ মনত পৰি থাকে। পিছত গম পালোঁ দুমাহমানৰ পিছত তেওঁলোকো বোলে গুৱাহাটীলৈ গুচি গ’ল একেবাৰে। না ফোন আছে, না ঠিকনা আছে। যোগাযোগৰ কোনো উপায়েই নাছিল।

তেৱোঁ মোক কোনোদিন বিচাৰি নাহিল। মনতে এবোজা দুখ আৰু অভিমান লৈ তেওঁৰ কথা ভাবিবলৈ এৰিলোঁ। এইদৰেই মোৰ জীৱনৰ প্ৰথম প্ৰেমৰ মৃত্যু ঘটিল।

মনত পৰিলে এতিয়াও, বুক তা ফাইটা যায় ৰে। ফটাপ্ৰেম হ’লে কি হ’ব, প্ৰেমটো সঁচা আছিল ন।

☆★☆★☆

Leave a Reply

Your email address will not be published.