ফটাঢোল

ফটা প্ৰেম – জ্ঞানদীপ খনিকৰ

বহু দিনৰ আগৰ কথা, খ্ৰীষ্টাব্দ ২০০৫। হাতীঘূলী নামৰ এখন গাঁৱত মোৰ নামেৰে এজন দশম শ্ৰেণীত পঢ়ি থকা ল’ৰা আছিল। তেতিয়া বৈপ্লৱিক মন, ব্যক্তি স্বাধীনতাৰ সংগ্ৰাম, সন্মুখত মেট্ৰিক আৰু ডেকা বয়সৰ আৰম্ভণিৰ গলগলীয়া হোৱা মাতটোৰ অকণমান মিহি হোৱাৰ সময় আছিল। তেনে এটা দিনতেই হৈ গৈছিল কাৰোবাৰ বাবে এক অদ্ভূত আকৰ্ষণ। পিছতহে গম পালোঁ সেইয়াই প্ৰেম, সেইবোৰেই ভালপোৱা…।

সেইদিনা আছিল…দিনটো পাহৰিলোঁ। স্কুলৰ বাৰ্ষিক খেল-ধেমালি সপ্তাহ হৈ আছিল। খেল বিভাগৰ সম্পাদক মই। আবেলি সেইদিনা স্কুলৰ ল’ৰা-ছোৱালী গৈ প্ৰায় শেষ। মইও হেড্ ছাৰৰ ৰূমৰ পৰা ওলাই চাইকেলনখন ল’বলৈ আহি আঁতৰৰ পৰা দেখোঁ- মোৰ চাইকেলখনৰ লগত আৰু এখন লেডী বাৰ্ড জোঁট-পোত খাই আছে, আৰু কাহিনীৰ নায়িকাই (নামটো নকওঁ) লগৰ এজনীৰ সৈতে দুইখন চাইকেল লৈ টনা আজোৰা কৰি আছে। মই আঁতৰৰ পৰা হেই হেই বুলি চিঞৰি দিয়াত লগৰজনী মোৰ চাইকেল এৰি দিলে দৌৰ, নায়িকাই ও সন্তোলন হেৰুৱাই তাইৰ খন দিলে এৰি……….. থেলেলেংখাংখ্ৰংখ্ৰিং..খ্ৰক…ঘূৰকো ঘূৰ ঘূ ঘুঘূ… মোৰ চাইকেলখন পৰি পিছ চকা ঘূৰিব লাগিল আৰু পথালিকৈ তাইৰ খন। দেউতাই ধান বেছি কিনি দিয়া হিৰ’ চাইকেল, ৰাতিপুৱা গধূলি গেঞ্জী এটাই দুবাৰ মোহাৰো । ওচৰ পাই দেখো মোৰ চাইকেলৰ পেডেল তাইখনৰ পিছচকাৰ স্পকত, ইতিমধ্যে তাইৰ এদাল স্পক ৰীমৰ বাহিৰত। এইজনীকে ভালকৈ দম এটা দিওঁ বুলি ভাৱি ওপৰলৈ চাই দেখো— নায়িকাৰ দুধাৰি চকুলো ৰঙা গাল দুখনেদি বৈ গৈছে। ভয়ত থৰ থৰ কৈ কঁপিছে। সঁচাকৈয়ে কৈছোঁ দুখ মৰম একেলগে লাগি গ’ল দেই। লাহেকৈ কলোঁ… হৈ যায় কেতিয়াবা। তাই অলপ সকাহ পালে নেকি.. ফোঁপাই ফোঁপাই, কান্দি-কান্দি, হেকতি পাৰি ক’লে….দাদা মই একোৱেই কৰা নাছিলোঁ.. এনেদৰেই আছিল, মই এৰুৱাবই নোৱাৰিলোঁ….। কলিজা ঐ, কি ডাইলগ মাৰিছিলি তই। এতিয়াও বুকুখন ৰমেৰমাই যায়। কি বুলি সান্তনা দিওঁ এতিয়া তাইক… হ’ব হ’ব একো হোৱা নাই নহয় নাকান্দিবাচোন, বুলি কৈ মই চাইকেল দুখন আঁতৰালোঁ। কিন্তু লাগিল লেঠা, লেডী বাৰ্ডৰ স্পক এডাল সৰলৰ পৰা বক্ৰলৈ গতি কৰিলে। অশেষ কষ্ট কৰি অলপ পোনালোঁ। কিন্তু চকাটো ঘূৰালেই খেটেং খেটেং মাত ওলায়। দুয়োৰে ঘৰ একেফালেই, একেলগে তেনেকৈয়ে স্কুলৰ পৰা ওলাই আহিলোঁ। বাটত আহোঁতে তাই কথা কৈ আহিল…. দাদা খেটেং, আপুনি ভাল খেটেং,..খেটেং… আপুনি খেটেং গালি পাৰিব খেটেং বুলি ভাৱিছিলোঁ খেটেং…বহুত খেটেং আজি ভয় খেটেং খালোঁ খেটেং…খেটেং…খেটেং…শেষত দাদা যাওঁ দেই বুলি খেটেং খেটেংকৈ গুছি গ’ল….। তাইৰ প্ৰতিটো কথাৰ মোৰ এটাই উত্তৰ– “নাই নাই”..সেইদিনাই আৰম্ভণি তেওঁৰ লগত কথা পতাৰ.. কিন্তু আপোনালোকে নাভাবিব দেই কিবা হৈছিল বুলি,.. কাৰণ তাই বহুত সৰু আছিল।

যি হ’ল হ’ল কিন্তু পিছদিনাৰ পৰা বৰ এটা ভাল ন’হল। লগৰ শেঙুনখাতীয়ে গোটেইখন ৰজনজনাই দিলে ছাগৈ..! সেইদিনাৰ পৰা সিহঁতৰ লগৰ জাকে কিবা ফিচিঙা ফিচিঙি কৰা হ’ল। মই কাষেদি গ’লে নায়িকাৰ নামটো মাতি তাইকে কিবা এটা কয়। প্ৰথমতে বৰ খং উঠিছিল …কিন্তু… লগৰবোৰে জোকাওঁতে তাইৰ ৰঙা পৰি যোৱা গাল দুখন.., জুমৰ মাজৰ পৰা মোলৈ কেৰাহিকৈ চোৱা চাৱনিটো.., তললৈ চাই মৰা হাঁহিটো.. উফ টেঙা মৰ্টণ পমা দি পমি যাওঁ ৰে… তেনেদৰেই স্কুলৰ পৰা বিদায়.. মেট্ৰিক..একো আগবঢ়াই নহ’লচোন.. মইটো অনভিজ্ঞয়েই… তাই বহুত সৰু আছিল…।

আমগুৰিত হায়াৰ চেকেণ্ডাৰী পঢ়ি আছোঁ। বন্ধৰ দিন মিলাই ঘৰলৈ যাওঁ। তাইৰ বাবেই এৰি অহা স্কুলখনলৈ যাঁও স্কুলৰ প্ৰতিটো অনুষ্ঠানতে..। সেই একেই চাৱনি, একেই হাঁহি.., ভৰি পৰে মন। স্কুলৰ বাৰ্ষিক ক্ৰিড়াত তাই গাই.. “নদী মাথোঁ বয়..”পিছদিনা মই ইটা গুটিৰে ৰাস্তাত লিখি থওঁ..”নদী মাথোঁ বয় কালৈকো নৰয়.”..সেই বাটেদিয়ে তাই ৰাতিপুৱা টিউচনলৈ যায়। সময়বোৰ পাৰ হয় এনেকৈয়ে.. হায়াৰ চেকেণ্ডাৰী শেষ … ইঞ্জিনীয়াৰিঙত নামভৰ্তি, আহিলোঁ গুৱাহাটী…, তাইও দশম শ্ৰেণী। তিনি পৃষ্ঠাযোৰা মনৰ কথা কৈ চিঠি এখন দি থৈ আহিলোঁ লগৰে এজনীৰ হাতত সিঁহতৰ ঘৰৰে ওচৰৰ। উত্তৰলৈ বাট চালোঁ… নাপালোঁ, নিদিলে…. সঁচাকৈ তাই বহুত সৰু আছিল…।

ইঞ্জিনীয়াৰিঙৰ বোন্দা চৰ কেইটাই ক্ষণিকৰ বাবে পাহৰাই পেলালে তাইক, সেইকেইটাত সৰিয়হ ফুল নেদেখি.. দেখি ৰাতিৰ আকাশৰ তৰাবোৰ..। তাইৰ বাবে কল্পনা কৰি থকা কথাবোৰ, সময়বোৰ সলনি হৈ আহি পৰিল.. চুটি চুলি, ইন্ট্ৰ ,পাব্লিকছ্, হোষ্টল ৰোলছ, চিনিয়ৰটি, ড্ৰয়িং , মেকানিকছ্, প্ৰেকটিকেল আৰু বহুতো..। মাজে মাজে তাইলৈ মনত পৰে.. নিশাৰ আকাশখনত বিচাৰি ফুৰোঁ তাইক.., অভ্যাস নথকা ল’ৰাটোৰ হাততো খালী হয় চিগাৰেটৰ পেকেট, নিসংগতাক খেদিবলৈ….। কেনে আছে বাৰু তাই…!! অৱশেষত চেমিষ্টাৰ শেষ। অযুত সপোন লৈ সম্পূৰ্ণ এটা বছৰৰ পিছত ঘৰলৈ, এইবাৰ কিবা এটা হেস্ত- নেস্ত হ’বই। ৰাতিপুৱাই মোৰ হিৰ’খন উলিয়াই তিনিপাক দিলোঁ সিহঁতৰ ঘৰৰ সন্মুখেদি.., নাইচোন এবাৰো নেদেখিলোঁ। বিশ্বস্ত সূত্ৰে গম পালোঁ নায়িকা টাউনৰ কলেজত। ৰৈ থকাৰটো কথাই নাহে.. মনে মনে বোলো ভালেই হ’ল, টাউনত চিনাকীও কম। সৌৱা সন্মুখত আহি আছে তেওঁ, হাঁহি হাঁহি আগবাঢ়ি গ’লোঁ.. পাৰ হৈ গ’ল.. অহ তেওঁ মোক নেদেখিলে.. চিনিও নাপাব পাৰে! আকৌ তেওঁ চাহ খাবলৈ বহা হোটেলখনৰ ঠিক সন্মুখে সন্মুখে বহিলোঁগৈ।.. তেওঁক একেবাৰে আচৰিত কৰি দিয়াৰ মন। কেৰাহীকৈ এবাৰ চালে নেকি! ঘপহকৈ উঠি গৈ কলেজত সোমালগৈ। স্পষ্ট হৈ পৰিল মোৰ প্ৰতি তেওঁৰ অনীহাৰ ভাব। ক’ত গ’ল সেই হাঁহি? ক’ত গ’ল সেই মৰমসনা চাৱনিটো??.. নাজানিলোঁ, নুবুজিলোঁ.. কি হ’ল? কোনে ক’ব? ঘৰমুৱা হ’লোঁ এবুজ সাঁথৰ লৈ..। তথাপিও তেওঁক বহুত দিনৰ মূৰত দেখিলোঁ….তাই ডাঙৰ হ’ল..।

কিছু ক্ষোভ আৰু হতাশা মিশ্ৰিত হাজাৰটা প্ৰশ্ন লৈ গুচি আহিলোঁ গুৱাহাটীলৈ। তাৰ মাজতো মনৰ কোনোবা এটা কোণত এটা আশা!– তেওঁ যেতিয়া বুজিব প্ৰশ্নবোৰ সুধিব, ক’ম আৰু উত্তৰবোৰও তেওঁয়েই দিব। লাহে লাহে সহজ হ’বলৈ চেষ্টা কৰিলোঁ আৰু সোমাই পৰিলোঁ ব্যস্ততাত..। দুবছৰ আগত গম পালোঁ তেওঁৰ বিয়া। ওলালোঁগৈ…তেওঁ হয়তো ভবা নাছিল। সৌভাগ্য মোৰ, ক্ষণিকৰ বাবে বিছাৰি পালোঁ মোৰ সেই নায়িকাজনীক… সেই একেই চাৱনি.., মাথো হাঁহি নাই..। নালাগে হাঁহিটো.. সেই হাঁহিটোৱেই পোহৰাবগৈ এখন নতুন ঘৰ। তেওঁ চকুৰ কোণত চকুপানী… নাজানিলোঁ, নুবুজিলোঁ… কিবা মৰমেই আছিল নে! মোক লগ নিদিয়াৰ অনুতাপেই নে! কাজলে চকুপানী উলিয়াইছিল..!!!
(ঘৰলৈ আহি কাজল অকন লগাই চাইছিলোঁ.. চকুপানী মোৰও ওলাই আহিলচোন..পোৰণিত!)

☆★☆★☆

Leave a Reply

Your email address will not be published.