ফটাঢোল

ফটা প্ৰেম – বিউটি হালৈ মেধি

ক্লাছ নাইনৰ ঘটনা। ৰাইজ মই কিন্তু নিমাখিত প্ৰাণী দেই। তেতিয়া এইবোৰৰ একো ভুৱে নাপাওঁ। ছোৱালী স্কুলত পঢ়িছিলোঁ বাবে ল’ৰাৰ পৰা সাত মাইল দূৰত অৱস্থান মোৰ।

ঘৰতো বৰ শান্ত আছিলোঁ অমিতাভ বচ্চনৰ দৰে নতুন চাবোনেৰে প্ৰথম গা ধুব পালে মোৰো নিজকে লিজেণ্ড ফিল হয় বাবে এদিন ৰাতিপুৱাই বাইদেউৰ লগত কাজিয়া। কথা হ’ল মই আগতে গা ধুম। কাজিয়া গৈ এনেকুৱা পৰ্যায় পালে বাইদেৱে ক’লে, “তই যদি এতিয়াই মৰ মই গোপাল থানত এক পোৱা চেনি দিম।”

মই জানো কম। মইও কলো,” তই মৰিলে মই এক পোৱা দহ গ্ৰাম দিম।” মুঠতে বাইদেৱে যিমান পৰিমান কয় মই তাতকৈ দহ গ্ৰাম বেছি কওঁ প্ৰতিবাৰতে। শেষত মাৰ ধুমপিটন মোৰ গাত পৰাত চাবোন দলিয়াই এনেয়ে গা ধুই স্কুল পালোঁ।

স্কুলত সৰস্বতী পূজাৰ মিটিং। ঘৰত মাৰ খাই গৈ স্কুলত চুপচাপ আছোঁ। গণিতৰ ছাৰে দায়িত্ব ভগাই দি আছে, মোৰ ভাগত পৰিছে ফুল নিয়াৰ দায়িত্ব। ছাৰে হেনো তিনিবাৰ মোৰ নাম লৈছে কাষত বহি থকা ক্লাছ টেনৰ বা এজনীয়ে মোক ঢকিয়াই কৈছে, “ঐ তোক মাতি আছে ছাৰে। কি হৈছে তোৰ? ছেঃ আজি আমাৰ কাকাইও ( ককাইদেউ) মাৰ গালি খাই গৈছে যাওঁতে।”

মই মনতে ভাবিলোঁ তাইৰ ককায়কে গালি খোৱাৰ লগত মোৰ কি সম্পৰ্ক।

চতুৰ্থ পিৰিয়দৰ পিছত স্কুল ছুটী হৈছিল সেইদিনা। হেড ছাৰে মোক অফিচলৈ মাতি নি নীলা ৰঙৰ খাম এটা দিলে। মোৰ বুকু ধপধপাই উঠিল। স্কুলৰ ঠিকনাত অহা চিঠি .. কোন হ’ব পাৰে? লুটিয়াই চালো, ফ্ৰম …শুভচিন্তক.. কটন কলেজ।

সমাজবিদ্যাৰ বাইদেৱে মোৰ অৱস্থা বুজি ক’লে ঘৰত পঢ়িবা লৈ যোৱা। ভূতৰ ওপৰত দানৱ। মোৰ অৱস্থা তথৈবচ সিদিনা। আকৌ সাংবাদিক ৰূপী বৰমাহঁতৰ বাইদেউ ঘৰত পূৰা নিউজ চেনেলৰ এংকৰিং কৰি আছে চিঠিখনক লৈ। ভাগ্য ভাল তেতিয়ালৈকে চিঠিখন মই খোলা নাই। সিহঁতৰ মতে মই বদমাচ , মই কৰবাত কিবা কৰিছোঁ নহলেনো ল’ৰাই চিঠি দিয়েনে? মোৰ উপায় নোহোৱা হ’ল। মই বাইদেউক চিঠিখন হেন্দ ওভাৰ কৰিলোঁ।

আজিলৈকে নাজানিলোঁ কিনো লিখা আছিল তাত। মাথো বাইদেৱে কৈছিল, “ভালদৰে পঢ়িবি , ৰাজকুমাৰৰ বৰ আশা তোক লৈ।”

কিছুদিন পিছত এদিন আবেলি মই বাট সাৰি আছো। লগৰ ছোৱালী এজনীৰ মোমায়েক আৰু এজন ল’ৰা আহি মোক সম্পৰ্কীয় খুড়া এজনৰ কথা সুধিছে। খুড়াজন ইত্তেফাক চে দেউতাৰ লগত কথা পাতি থকাত মই তেওঁলোকক আমাৰ তালৈ মাতি আনিলো। খুড়া আৰু তেওঁলোকৰ কথা শুনি গম পালো কটন কলেজৰ মোৰ শুভচিন্তকজন কোন! লগৰজনীৰ মোমায়েকৰ লগত অহাজনেই সেই মহাশয়।

স্কুলৰ ওচৰৰ ঘৰৰ ল’ৰাজন যিজনক হেডছাৰৰ লগত প্ৰায়ে দেখা পাওঁ। উইদআউট পাৰ্মিচন তাৰ ঘৰত আমাৰ আহ্ যাহ্, ভনীয়েকৰ লগত বগৰী খোৱা , ৰবাব টেঙা খোৱা। বগৰীৰ তলৰ ৰুমটোত ল’ৰা এজনক দেখো, কিন্তু তেওঁ বুলি জনা নাছিলোঁ।

মাকক আইতা বুলি সম্বোধন কৰাত এদিন ভিতৰৰ পৰাই কৈছিল, “মই বিয়া নাপাতোতেই কোনে মোৰ মাক আইতা বোলে ঐ।” আচলতে লগৰজনীয়ে আইতা বোলা বাবেহে আইতা বুলি মাতিছিলোঁ বুলি কৈ চ’ৰি কৈ আহিছিলোঁ।

গ’ল কথা পাহৰিলোঁ, পিছত লাহে লাহে পৰিস্থিতি অলপ বেয়া হ’ল মই গম নোপোৱাকৈয়ে। শনিবাৰে ঘৰলৈ আহি ৰবিবাৰে আবেলি যোৱা মহাশয়ে হেনো ক্লাছ ক্ষতি কৰিব ধৰিলে। সোমবাৰে আবেলিহে যোৱা কৰিলে হোষ্টেললৈ। ভনীয়েকজনীয়ে মোক সকলো কোৱাত মই সিফালে চোৱাই বাদ দিলোঁ। ভনীয়েকৰ পৰাই গম পালোঁ মাকে মোক বহুত গালি পৰা বুলি। মোৰো ইগ’ত লাগিল ভাই…।

শুভচিন্তকলৈ প্ৰেম পত্র লিখি ভনীয়েকৰ হাতত দি দিলোঁ। লিখিলোঁ আপুনি ভবাৰ দৰে মই কেতিয়াওঁ ভবাই নাই , আনকি আপুনি মোৰ স্কুলৰ ঠিকনাত দিয়া চিঠিখনো মই পঢ়া নাই।

কেতিয়াবা মুখামুখি হ’লে তেওঁ কিন্তু মোক কাট্ মাৰিব নেৰিছিল। মই কিন্তু একো উত্তৰ নিদিছিলোঁ। সঁচা কথা ক’বলৈ গ’লে মই তেওঁক বহুত সন্মান কৰিছিলোঁ বাবেই উত্তৰ নিদিয়াকৈ গুছি আহিছিলোঁ।

সময় বাগৰিল মেট্ৰিক পাছ কৰি যিখন হায়াৰ ছেকেন্দাৰীত গ’লো তাতো মহাশয়ৰ গুণৰ প্ৰশংসা। ভাল কবিতাও লিখে বোলে। হায়াৰ ছেকেন্দাৰী পাছ কৰি সন্দিকৈ কলেজত এডমিচন ল’লোঁ। মহাশয় এদিন হোষ্টেলত হাজিৰ মোক বিচাৰি। তেতিয়া তেওঁ ইউনিভাৰচিটিত। কৈ গ’ল তিনিদিন পিছত আহি মোক লৈ যাব ইউনিভাৰচিতি দেখুৱাবলৈ। গৈ চালোঁ কৃষ্ণচূড়াৰ নগৰী।

পঢ়ি থাকোতেই চাকৰি হোৱা বাবে মই ডিগ্ৰী থাৰ্ড ইয়েৰত থাকোতেই তেওঁৰ বিয়াৰ বাবে কইনা বিচাৰিব ধৰিলে। মোক সুধিছিল লগৰ এজনৰ দ্বাৰাই। ইফালে মই গম পাইছিলো মাকে বৰপেটাত ছোৱালী ঠিক কৰিছে। তেওঁ আছিল একমাত্র ল’ৰা, মাকৰ বহুত আশা তেওঁক লৈ। মাকৰো কিন্তু মোৰ ওপৰত সন্দেহ এটা আছিল। বিয়াৰ তাৰিখ ঠিক হোৱাত এদিন গৈ মই মাকক কথা দি আহিলোঁ। আৰু বিয়াৰ দিনাখন মূৰত তেল দিয়া নিয়মটোৰে মই মোৰ কথা ৰাখি আহিলোঁ।

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.