ফটাঢোল

ফটা প্ৰেম – মানসী হাজৰিকা

মফচলীয় চহৰখনলৈ নতুনকৈ আহিছোঁ আমি তেতিয়া।আমি অহাৰ কেইদিনমান পিছতে কাষৰ মানুহ ঘৰেও ছাদখন মৰা কাম সমাপ্ত কৰিয়েই ঘৰ ল’লে। বস্তু- বাহানি অনা দিনা মোৰ সমান বয়সৰ ল’ৰা এটাই ঘৰৰে কিবা বস্তু এপদ ডাঙি “মই শক্তিমান” বুলি চিঞৰি অহা মোৰ চকুত পৰিল। কালক্ৰমত সেইজনাই গৈ মোৰ দৰা কইনা, লুকা ভাকু, চোৱা চুই, অন্তাক্ষৰী খেলাৰ লগ হ’লগৈ। পাঁ‌চঁ বছৰৰ পৰা প্ৰায় এঘাৰ বছৰমান বয়সলৈকে আমাৰ খেলা ধূলা যতি নপৰাকৈ অব্যাহত থাকিল। তাৰ মাজতে আমাৰ খেলাৰ মাজে মাজে আমাৰ মাহঁ‌তৰ কথাৰ পৰা আমি বিশেষকৈ মই বহুত ভালদৰে গম পালোঁ‌ যে আমাৰ বহুত মিল আছে। যেনে: আমি দুয়োটাই দৈ খাই খুব বেয়া পাওঁ‌, অংকত আমি দুটাই পুতৌ জনক নম্বৰ পাওঁ‌, আমাৰ দুয়োটাৰে ব্লাদ খুব বেয়া আৰু আমাতকৈ আমাৰ ভন্তী-ভাইটিকেইটা (তাৰ ভন্তী আৰু মোৰ ভাইটি) পঢ়াত চোকা ইত্যাদি ইত্যাদি। ক্লাছ থ্ৰী পাওঁ‌তে মোক আৰু ভাইটিক আৰ্ট স্কুলত নাম লগাই দিলে। তাকে দেখি সিহঁত দুটাৰো উৎপাত, সিহঁতো যাবই। কথা হ’ল দেউতাই আমাৰ দুটাক বাইকত অনা নিয়া কৰিছিল।এতিয়া চাৰিটাকতো নিব নোৱাৰি। তাতে তলৰকেইটা খোজকাঢ়ি যাব পৰাকে ডাঙৰ নহয়।স্মাৰ্ট দেখুৱাই সিয়েই উপায়টো দিলে বোলে খুৰাই সিহঁত দুটাকে নিয়ক বাইকত। এই আৰু মই খোজকাঢ়িয়েই যাম। দেউতায়ো ভালেই পালে। আমি দুটা দেওবাৰে যা তা কথা পাতি আৰ্ট স্কুল যোৱা আৰম্ভ কৰিলোঁ। তেতিয়া সৰু আছিলো কাৰণে এইবোৰ কথাই স্পৰ্শ কৰা নাছিল। কিন্তু ডাঙৰ হৈ অহাৰ লগে লগে চিনেমাৰ ফ্লেছবেকৰ নিচিনাকৈ এইবোৰ কথা মনলৈ আহি থাকিবলৈ ল’লে। আৰু কোনো কাৰণ নোহোৱাকৈ আমাৰ মাজত ক্লাছ চেভেনমান পাঁ‌ওতে কথা বতৰা বন্ধ হৈ গ’ল। আমাৰ বনকৰা ছোৱালী আৰু মোৰ পৰম বান্ধৱী ভাৰতীয়েহে মোক গধুলি পঢ়া টেবুলত বহোতে ক’লে বোলে “আইজনী আজি সিজনাৰ মাকে খুৰীক (মানে মোৰ মাক) কৈছে ইঁ‌হত দুটাৰ কি হ’লহে। মুখা-মুখি হ’লেচোন দুইটাই দুফালে গুচি যায়!” তাৰ মানে ঘৰৰ মানুহেও মন কৰিছে আমি যে অদ্ভুত বিহেভ কৰিছোঁ। কিন্তু কৰিছোঁনো কিয় এনে? “ক্যা য়েহি প্যাৰ হে?” হা হা য়েহি প্যাৰ হে বুলি ভাৰতীয়ে গুনগুনাই মোক জোকাই যেন মই বিচাৰি থকা প্ৰশ্নৰ উত্তৰহে দিলে! ঠিক সেইদিনামানৰে পৰা মুঠতে মোৰ মন কমোৱা তুলাৰ দৰে হ’ল। ৰোমান্টিক চিনেমা বিশেষকৈ বাল্যকালৰ বন্ধুৰ পৰা সফল প্ৰেমিক প্ৰেমিকা হোৱাৰ যিমান চিনেমা আছিল খুব মন দি চাই মই নিজকে পতিয়ন নিয়ালো যে মোৰ মানে আমাৰ প্ৰেমো ঠিক এনেকুৱাই হ’ব! লেইলা মজনুৰ দৰে শ্ৰেষ্ঠ প্ৰেমৰ নিদৰ্শন হ’ব! অনুৰাধা শৰ্মা পূজাৰীৰ প্ৰেমৰ উপন্যাসবোৰৰ চৰিত্ৰত নিজকে বিচাৰি ফুৰিলোঁ। নোটবুকৰ পিছফালে তাৰ লগত মোৰ নামটো লিখি ভৰাই পেলালোঁ‌। প্ৰেমৰ কবিতাৰ দুই এটা শাৰীও ওলাল কলমেৰে।

লাহে লাহে স্কুলত মোৰ লগৰ কেইজনীয়ে গম পালে।তাৰ বাহিৰে আমাৰ মাজৰ সম্পৰ্ক একেই থাকিল।দেখিলে একেই নিৰ্লিপ্ততা, নেদেখা ভাও জুৰি আঁ‌তৰি যোৱা এইবোৰ। অ’ পাহৰিছিলোঁ, আমাৰ দুইটাৰে স্কুল বেলেগ। সি আহে মাজে মাজে মাৰ পৰা মোৰ পৰীক্ষাৰ পেপাৰবোৰ লৈ যায়। মোৰ বাৰ্থডেবোৰতো আহে। মই ভিতৰত সোমাই থাকোঁ। তাৰ বাৰ্থডেত গ’লেও ফটাফট খোৱা শেষ কৰি গুচি আহোঁ। মুঠতে কল্ড ৱাৰ চলি থকাৰ সময়খিনিত দেশবোৰৰ মাজত যি টেনচন আছিল তাতকৈ কোনো গুণে কম নহয় মোৰ মনৰ অৱস্থা। সি বা কি ভাৱে মোৰ কথা!

এনেকৈ দিন গৈ থাকিল। ক্লাছ নাইনমানৰ কথা চাগে, এদিন মোৰ ঘৰৰ ওচৰৰ বান্ধৱী এজনী ঘৰলৈ আহি ঠিক কাণে কাণে ক’লে, সি বোলে তাৰ স্কুলৰ ফ্ৰেইণ্ডখিনিক কৈছে মানসী নামৰ ছোৱালী এজনীক সি বোলে ইম্মান ভাল পায়! স্পেচিয়েলি তাইৰ চকুকেইটা ইমান ধুনীয়া দেখে যে সি শয়নে সপোনে সেয়াই দেখি থাকে!” “কি?” দেহত হাজাৰ হাজাৰ ভল্টৰ লাইট জ্বলি উঠা যেন লাগিল। “তই সঁচাকৈ কৈছনে?” তাইক জেৰা কৰাত লাগিলো মই। “আৰে সঁ‌চা। সি বোলে বৰ্ডটো তোৰ নামটো ডাঙৰকৈ লিখি দিছে!” তাই মোক পতিয়ন নিয়াবলৈ যত্ন কৰিলে। “কিন্তু এটা কনফিউজন আছে” মনটো ভাল লাগি আৱেশত চকুহাল মুদিবলৈ লওতেই তাই ক’লে “সি কিন্তু মানসী আমাৰ স্কুলত আমাৰ ক্লাছত পঢ়ে বুলিহে লগৰবোৰক কৈছে কিন্তু আমাৰ লগতটো তেনেকুৱা কোনোৱেই নাই গতিকে তইয়েই হয় সেইজনী! তাই লজিক খটুৱাই ময়েই বুলি কনফাৰ্ম কৰিলে! “হায় ভগৱান! যদি মই নহয় সেইজনী! তাতে নিজৰ চকুকেইটা বা চেহেৰা কোনোবাই শয়নে সপোনে দেখিবলৈ পোৱাকে ধুনীয়া বুলিও মনে নধৰিলে! দিন গৈ থাকিল। সেই ডায়েলগকেইটাৰ কৃপাতে মোক তাৰ স্কুলৰো বেছিভাগেই চিনি পোৱা হ’ল। বাকী তাৰ আৰু মোৰ সম্পৰ্ক একেই আছে, দেখিলে অত্যাধিক গহীন হৈ পৰা, নমতা নমতি। ময়ো সেই কথাকেইষাৰেই বুকুত লৈ দিন পাৰ কৰি আছোঁ।

পিছে ক্লাছ টেনত লগৰ এজনী আহি এনেকুৱা কথা এষাৰ ক’লে মোৰ বুকু ফাটি গ’ল! সিজনাই বোলে কাৰোবাৰ আগত কৈছে “সেই পেটুলীজনীকনো কোনোবাই ভাল পায়নে!” হা! মোক কৈছে তেনেকৈ?প্ৰেম লগালগ ক’ৰবালৈ পলাল। ইগ’ মূৰ ডাঙি উঠিল।লগৰকেইজনীক ক’লো “কাইলৈ ৰাখী বন্ধন নহয় জানো! তাক মই ৰাখী পিন্ধাই দিম চাবি!” সিহঁতকেইজনীয়ে হাঁহিলে “কথা এইৰ! হাৰ্টফেইল হ’ব তোৰ হেৰ’!” সিহঁতৰ কথাই জেদ বঢ়াই তুলিলে।পিছদিনা পুৱা টিউচনৰ সন্মুখত ৰৈ থাকিলোঁ। সি তাৰ আগেদিয়েই যায় টিউচন কৰিবলৈ। আগেদি যাওঁ‌তেই মাত দিলো ” অলপ ৰ’বাচোন।” সি ৰ’ল। “হাতখন অলপ দিয়াচোন”। সি হাতখন আগ বঢ়াই দিলে। অবাক লাগি চাই থকা গোটেই বান্ধৱীগনৰ উপস্থিতিত মই প্ৰেমৰ সমাপ্তি ঘটাই ৰাখীডাল বান্ধি দিলোঁ। “গিফটটো ঘৰ গৈ দিম। নানিলো নহয় লগত এতিয়া”! সি খোনাই খোনাই কোনোমতে ক’লে। মই একো নামাতি গুচি আহিলোঁ। আহি পাই টিউচনৰ বেন্সত বহি হাতখনেৰে মুখ ঢাকি মই কান্দি পেলালোঁ‌! লগৰকেইজনীয়ে সান্তনা দিলে।

তাৰ পিছত মেট্ৰিক দি সি দিল্লী পাব্লিক স্কুললৈ গুচি গ’ল। গুচি যোৱাৰ অলপ দিন পিছত মোৰ স্কুলীয়া বেষ্ট ফ্ৰেইণ্ডে মোক তাইৰ ঘৰলৈ জোৰকৈ মাতিলে। কলেজ বেলেগ হোৱাৰ বাবে মোক খুব মিছ কৰে বোলে। গ’লো মাৰ লগত। মাহঁ‌তক দ্ৰয়িং ৰুমত কথা পাতিবলৈ দি অলপ পিছত তাই মোক বেড ৰুমলৈ টানি নিলে। “তোমাক কথা এটা ক’বলৈ আছে”! “কোৱা আক’ তেন্তে”! মই সাধাৰণ ভাৱে ক’লো। “সি যোৱাৰ আগত মোক প্ৰপ’জ কৰি গৈছে। নাজানো তুমি কি ভাৱে লোৱা!” তাইৰ হাতত সি পঢ়িবলৈ যোৱা দিল্লী পাব্লিক স্কুলৰ প্ৰচপেক্টাচখন। বুকুখন বিষাই গ’ল। নিজকে সংযত কৰিলোঁ‌। “ধেইত! আমাৰ মাজতচোন একোৱেই নাছিল।তুমিও যে আৰু। হেপ্পী ফ’ৰ ইউ।” দুখ লগাৰ লগতে অলপ লাজো লাগিল তিনি চাৰি বছৰে প্ৰায় সদায় তাইৰ আগত সিজনাৰ কথা অনৰ্গল কৈছিলোঁ।কি কি কৈছিলোঁ মনত নেপেলালো আৰু!

ঘৰলৈ আহি বাথৰুমত শ্বাৱাৰ খুলি বহু সময় বহি ৰ’লো।

পিছত কটনত এডমিছন লওতে সিজনাকো দেখিলোঁ। তেতিয়ালৈ মেছিঅ’ৰদ হৈছিলোঁ। তিনিবছৰে এটাও বাক্য বিনিময় নহ’ল। এনেকৈয়ে মোৰ ফটাপ্ৰেমৰ সফল(?)সামৰণি পৰিল!

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published.