ফটাঢোল

ফটা প্ৰেম – সৌৰভ শৰ্মা

প্ৰেম আহে প্ৰেম যায়। ফটা প্ৰেম, একপক্ষীয় প্ৰেম, ব্যৰ্থ প্ৰেম, বিভিন্ন প্ৰেম। কিন্তু ৮ বছৰীয়া প্ৰেমৰ অন্তত জাতি-ভেদৰ প্ৰাচীৰ ভাঙি মোৰ পত্নীক অগ্নিক সাক্ষী কৰি আনিছিলোঁ। ঈশ্বৰৰ মহিমা! ইংৰাজী কেলেণ্ডাৰ মতে বিয়াৰ তাৰিখটোও এক অনবদ্য তাৰিখ আছিল। ২০-১০-২০-১০। মানে দিন আৰু মাহটোৰ পৌনঃপৌনিক চনটো আছিল। ২০১০ চনৰ ২০/১০ত বিয়া কৰাইছিলো।

বিৰক্তি লাগিছে নহয়নে? মোৰ বিয়া, প্ৰেম এইবোৰ পঢ়ি কি লাভ? বিৰক্তি হ’বয়েই। ধৈৰ্য্য ধৰি পঢ়ক, হাৰ্ট এটেক নহয়, অলপ হিয়াৰ বেথা হ’ব পাৰে।

ষ্টেফি গ্ৰাফকো ভাল পাইছিলোঁ, অন্ধ প্ৰেমিক আছিলোঁ। এতিয়াও মিনাক্ষী শ্ৰেছাদ্ৰিৰ ফটোখন দেখিলে মন ভৰাই চাওঁ।

ঘৈণীয়ে কয়, – হ’ব দিয়কহে সেইজনী বুঢ়ী হ’ল।

কিন্তু ষ্টেফি, মিনাক্ষীহঁত আজিও মোৰ বাবে অষ্টাদশী। সেই দৰে স্কুল-কলেজতো ধুনীয়া পখিলী দেখিলে একপক্ষীয় এপষেকমান প্ৰেম হৈছিল।

কিন্তু অহংকাৰী (ভয়াতুৰ) মইটোৱে ভাবিছিলোঁ, প্ৰেমৰ প্ৰস্তাৱ দি ছোৱালীৰ আগত সৰু হ’বলৈ নেযাওঁ। আখিৰ মৰ্দ হে হাম। কিন্তু সদায় এটা খু-দুৱনি মনত ৰৈছিল। মোৰ যে একপক্ষীয় প্ৰেম হয়, কোনো ছোৱালীৰ মোৰ প্ৰতি একপক্ষীয় প্ৰেম হয় নেকি? কোন হ’ব পাৰে সেইগৰাকী? কি দৰে গম পাব পাৰিম? মানে জাচুছ মনটোৱে যৌৱন কালত ইয়াৰ ৰহস্য উদ্ঘাটনৰ বাবে বহু অনুসন্ধান চলালে।

দূৰ্গা পূজাৰ সপ্তমী আছিল সেই বছৰ। মোৰ ঘৰৰপৰা ডেৰ কিলোমিটাৰমান নিলগত পূজাথলী এখনৰপৰা ৮ জনীয়া আমাৰ ল’ৰাৰ জাকটো ওলাই আহিছিলোঁ।

লগৰ এজনে ফুচ-ফুচাই কাণৰ কাষত কৈছিল, -ঐ সোঁফালে চা। তাই তোক চাই আছে।

সোঁফালে চাই দেখো সেই অঞ্চলৰ সকলোতকৈ ধনী পৰিয়ালটোৰ জীয়ৰী তাই। তাতোকৈ আচৰিত কথা হ’ল সেই সময়ৰ গুৱাহাটীৰ শীৰ্ষ ১০ গৰাকী ৰূপৱতীৰ এগৰাকী আছিল তাই। কিন্তু সঁচাকৈ মোৰ চকুত চকু পৰালৈ চাই আছিল তাই। আৰু চকুৱে চকুৱে পৰাত এটা সলাজ মিঠা হাঁহিৰে তাই তলমূৰ কৰিছিল।

মোৰ গেঙত থকা ৭/৮ জন বন্ধুও হতবাক যে তাই সঁচাকৈ মোকেই চাইছিল। সিহঁতৰ দাবী শুনি প্ৰথমে পেণ্টৰ চেইনডালৰপৰা সমগ্ৰ পোছাক চেক্ কৰিলোঁ। কিবা বিসংগতি দেখিও চাব পাৰে। নাই পোচাকৰ বিসংগতি নাই। তেন্তে তাই মোক ইমানকৈ কিয় চাইছিল!

জাচুছ মনে চলাই থকা অনুসন্ধানৰ এটা সুক্ষ্ম আভাস মনৰ ভিতৰত দেখা দিছিল। সঁচাকৈয়ে মই সেই ৰূপৱতীৰ একপক্ষীয় প্ৰেমিকজন নেকি? ইয়াৰ কনফৰমেচন লাগে। সেয়ে নামি পৰিলোঁ জোৰদাৰ তদন্তত। অষ্টমী/ নৱমী দুয়ো দিন সেইখন পূজাত গ’লো। দুয়ো দিনেই তাইৰ দৃষ্টি মোৰ ওপৰত আছিল।

দশমীৰ দিনা গোটেই দিনটো ভাবিলোঁ! এই বেটীৰ পেটৰ কথা কেনেকৈ গম পাব পাৰিম! নাই নোৱাৰিলোঁ। আগতেই কৈছোঁ ছোৱালীৰ আগত হাৰ নামানো, গতিকে তাইক পাহৰিলো।

পিছৰ বছৰৰ পূজাৰ কথা। সেই পূজালৈ প্ৰথম দুদিন যোৱা নহ’ল। নৱমীৰ দিনা যাম বুলি লগৰকেইটাক ক’লো।
তেতিয়া এজনে পটকে ক’লে, -যাবি যাবি, তাই কালি এইফালেৰে তিনিবাৰ অহা-যোৱা কৰিছে।

সি মিছা কোৱা নাছিল। কাৰণ আগদিনা সি আমাৰ স্থানীয় পূজাখনতে আছিল। তাৰ কথা যে সত্য সেয়া দুই বছৰ পিছত নিশ্চিত হৈছিল।

তাই মোতকৈ এবছৰ জুনিয়ৰ আছিল। তাই ডিগ্ৰী ফাইনেল দিছিল। সেই ঘটনাৰ দুবছৰৰ পিছত এদিন পুৱা ১১ মান বজাত তাই মোৰ ঘৰত উপস্থিত হৈছিল। (স্কুলত তাই ভণ্টিৰ লগত পঢ়া) ভণ্টিয়ে দৰ্জা খুলি তাইক দেখি আচৰিত হৈ সুধিছিল, -ৰাজকুমাৰী মোৰ ঘৰত কিয় ওলালিহি!

তাই হাঁহি হাঁহি কৈছিল, -বিয়া মাতিবলৈ আহিছোঁ। মোৰ বিয়া, যাব লাগিব কিন্তু।

লগতে মোৰ কথা সুধিছিল। ভণ্টিয়ে মতাত মই গ’লো।

তাই ক’লে, -মোৰ বিয়া, ভণ্টিক লৈ যাব, নগ’লে বেয়া পাম।
এই বেয়া পাম শব্দটো কওঁতে তাইৰ মাত থোকা-থোকি হৈছিল। মোৰ ষষ্ঠ ইন্দ্রীয় কঁপি উঠিছিল।

তেনেতে তাই আকৌ ক’লে, -আমি ছোৱালীবোৰে লাজ আৰু ভয়ত মুখেৰে বহু কথা ক’ব নোৱাৰো। কিন্তু চকুৰে বা ভাৱ ভংগীৰে কওঁ। কিন্তু আপোনাৰ দৰে চিধা মানুহে বুজি নাপায়। বিয়াত যাব
সেইবুলি কৈ উচুপি উচুপি তাই গুছি গৈছিল।

পৰ্দাৰ আৰঁত থকা ভণ্টিয়ে কৈছিল, -ছোৱালীৰ আগত তল নপৰা স্বভাৱেটোৱেই তোক খালে। তাইৰ মনৰ কথা মোক কৈছিল। কিন্তু তোৰ ভয়ত মই তোক নক’লো।

মই লগে লগে হাঁহি এটা মাৰি ভণ্টিক কৈছিলো, -এনে হাৱা আয়েগা-যায়েগা তু উদাচ মত হোনা।
ভণ্টিৰো চকু চলচলীয়া হৈছিল।

কিন্তু মোৰ গৌৰৱত বুকু ফুলি উঠিছিল। চাল্লা হাম ভি থে কিচিকে স্বপনো কা ৰাজকুমাৰ। ৱহ ভি এৰী-গেৰী কি নেহি, হকিকট মে ৱ ৰাজকুমাৰী থী।

বিয়ালৈ গৈছিলোঁ, ভণ্টিয়ে গিফ্টটো দিছিল। মই আঁকি দিয়া কেনভাচ এখন। তাই দূৰৰপৰা মোক চাইছিল।

আজি ২৪ বছৰৰ পিছত তাইক পূজাত লগ পালো। গিৰীয়েকৰ লগত চিনাকি কৰাই দিলে। মই ভাল কেনভাচ কৰো বুলি মানুহজনক ক’লে। লগতে তাই যে মই দিয়া কেনভাচখন আজিও সজাই থৈছে মানুহজনে সেইটোও জনালে। কথা-বতৰা পাতি মাত দি দুখোজ গৈ মূৰটো ঘূৰাই এবাৰ মোলৈ চালে। সেই ২৪ বছৰ আগৰ সলাজ হাঁহিটো দি আগুৱাই গ’ল। আজিও সপ্তমী হয়, আচৰিত মই। অহংকাৰী মইটোৱে আজি অনুভৱ কৰিলোঁ প্ৰকৃত আন্তৰিক প্ৰেম কি, তাইৰ দৃষ্টিত, তাইৰ নাকটো ৰঙা পৰি উঠা সলাজ হাঁহিটোত। এই মাজ নিশা ডেৰ বজালৈ লিখি লিখি হিয়াৰ বেদনা লাঘৱ কৰিলোঁ। সাহস কিয় নহ’ল তাইক এবাৰ সুধিবলৈ? তাইৰ মনৰ কথাষাৰ।

ভয়াতুৰ! নিজৰ ভয়ক অহংকাৰ বুলি গৰ্ব কৰি মৰি যা।

নাই মৰিব লগা একো নাই। এটা ল’ৰা, এজনী ছোৱালীৰ বাপেক মই। তাতোকৈ ডাঙৰ কথা অতি মৰমীয়াল মোৰ পত্নী। কিন্তু সেই ৰাজকুমাৰীয়ে আজি ২৪ বছৰৰ পিছত এবাৰ জোকাৰি গ’ল, এচাটি শীতল মলয়াৰ দৰে।

“অহা (পৰ) জনমত শুভ লগনত…” নে কি যে গানটো! বিষ্ণু ৰাভাৰ নে, ভূপেনদাৰ নে খগেনদাৰ পাহৰিলোঁ….

☆★☆★☆

One comment

  • উজ্বল মহন্ত

    ভাল লাগিল পঢ়ি,ধাৰাবাহিকৰ কাৰনে ভাল প্লট হৱ

    Reply

Leave a Reply

Your email address will not be published.