ফটাঢোল

ফটা প্ৰেম – হিতেশ বি বৰুৱা

মই তেতিয়া নৱম শ্ৰেণীত পঢ়ি আছোঁ।

আমাৰ গাঁৱৰে ছোৱালী এজনী তেতিয়া সপ্তম শ্ৰেণীত পঢ়ি আছিলে। তেতিয়া তাইৰ লগত মোৰ অলপ লিলিমাই চলি আছে, প্ৰেম নামৰ নাটকখনৰ৷‌ তাইৰ ঘৰৰ মানুহৰ লগত মোৰ মাত-বোল নাই। কাৰণ এবাৰ উৰুকাৰ দিনা মোৰ বন্ধু এজনে সিহঁতৰ ঘৰৰ পদূলিত দিয়া বেৰখন ডাঙি আনি জুইত জাঁপি দিছিল। তেতিয়া তাইৰ খুৰাক আহি মোৰ লগতে দুজন বন্ধুক দম দিলে যে আমি হেনো আনিছোঁ বেৰকেইখন। আচলতে মই বেৰ অনাৰ সময়ত নাছিলোঁ, জুই জ্বলোৱা সময়ত জুইত দেখি আহিছিলোঁ। কিন্তু কোনে আনিছে বেৰকেইখন মই গম পাইছোঁ৷ তথাপি মই বন্ধু বুলি সিহঁতে অনা বুলি কোৱা নাই। কিন্তু আন এজনে কথাটো কৈ দিলে যে,

: হিতেশে বেৰ অনা নাই, সি এতিয়া আহিছে।

বাকী দুজনৰ নাম কৈ দিলে, যিয়ে বেৰ আনিছিল। মই নকোৱাৰ বাবে তাইৰ খুৰাকে ভাবিলে, মই হেনো লগাই দিয়াৰ বাবে বেৰকেইখন আনিছে বুলি ক’লে৷ এনেকৈ কাজিয়া লগাৰ বাবে মই সিহঁতৰ ঘৰলৈ যোৱা নাছিলোঁ।

মোৰ দাদাৰ আমাৰ ৰাস্তাৰ কাষত তেতিয়া পাণ দোকান এখন আছিল। তাতেই বাঁহৰ চাং এখন বনাই বহি থাকোঁ আবেলি আবেলি। মাজে মাজে সিহঁতৰ ঘৰৰ ফালে চাই থাকোঁ, তাই কেতিয়া ঘৰৰ পৰা ওলাই বুলি। তাই যেতিয়া ঘৰৰ পৰা ওলাই আহে, তেতিয়া আমাৰ মাজত আকাৰে ইংগিতে কথা হৈছিল।

গধূলি সময়ত খুৰাকৰ দুবছৰীয়া পোৱালিটো লগত লৈ আহে মোৰ দোকানলৈ। তেনেকৈ মই কথা পাতোঁ তাইৰ লগত। যেতিয়া কোনোবা বন্ধু আহি পায়, সেই সময়ত মই তাইক চানা খাবলৈ দিওঁ। লগৰ কেইজনমানে সন্দেহ কৰিছে যদিও মোক কথাটো সোধা নাই।

কেতিয়াবা কয়,

: তই দেখোন তাই আহিলে এটকাত চানা ভাজা দিয়া। আমাক দেখোন এটকাত চানা ভাজা নাপাই বুলি কোৱা, কথাটো কি? আমি দুটকাত চানা ভাজা কিনিলে তোৰ চামোচখনত উঠি নাহে, কিন্তু তাই এটকাৰ চানা কিনিলে তই দেখোন ভাগৰ নধৰালৈ ঢালি দিয়েই থাকিব খোজা। কিবা লিলিমাই চলিছে নেকি তহঁতৰ মাজত।

মই তেতিয়া তাক ক’লোঁ,

: শুন তই, গাঁঁৱৰে ছোৱালী এজনীক তহঁতে এনেকৈ ভাবা! বেলেগ হ’লে আৰু কি যে নকলি হয়।

সি তেতিয়া কয়,

: লাজ কৰিব নালাগে, মই কাৰো আগত নকওঁ, লাগিলে কিবা সহায় কৰি দিম দে৷ ক’লেই হ’ল মোক।

দুপৰীয়াৰ সময়ত তাই পথাৰত গৰুক পানী খুৱাবলৈ আহে আৰু মই সেই সময়খিনিৰ অনুমান কৰি পথাৰলৈ যাওঁ৷ তাতেই গৈ গৰুৰ নেজত চিঠিখন ওলোমাই থৈ আহোঁ। তাই পানী খুৱাবলৈ আহিলে চিঠিখন লৈ যায়। আকৌ গধূলি মোৰ দোকানত চানা কিনাৰ চলেৰে আহি চিঠিৰ উত্তৰ দিয়ে। এনেকৈ চিঠিৰ আদান প্ৰদান চলি আছিল। কিন্তু এদিন মাকে পানী খুৱাবলৈ আহিলে আৰু চিঠিখন পঢ়ি চালে হেনো।

চিঠিত লিখা আছিল এনেদৰে,

“মৰমৰ জানমণি,
তোমাৰ ঘৰলৈ যাব নোৱাৰোঁ বাবে ভালকৈ কথা পাতিবলৈ নাপাওঁ। তাতেই আকৌ দোকানলৈ আহিলে মোৰ লগৰ বন্ধুবোৰ থাকে। তুমি আকৌ চিঠি লিখিবলৈ ভয় কৰা ঘৰৰ মানুহৰ ভয়ত। ভূঁই ৰুব নোৱাৰা তুমি জোকৰ ভয়ত, চিঠি লিখিব নোৱাৰা তুমি দেউতাৰ ভয়ত। তুলসীৰ তলে তলে মৃগ পহু চৰে, তোমালৈ মোৰ মনত পৰিলে বুকুৰ ঢপঢপনি বাঢ়ে। পাণ খালে ধৰিব
চূণ খালে ডাঁকিব৷ মোলৈ যদি মৰম আছে চিঠিৰ উত্তৰ আহিব।

চিঠিখন মাকে পাই তাইক সুধিলে যে,

: এইখন চিঠি কোনে লিখিছে আৰু আমাৰ গৰুৰ নেজত বান্ধি থৈ গৈছে। তই কোন আপাক ভাল পা নু, কুনি দিয়ে তোক চিঠি, চিঠিত নাম নাই, কেৱল তোমাক বহুত ভাল পোৱা ল’ৰাজন বুলি আছে দেখুন।

তাই মাকক কৈছে,

: যদি চিঠিত নাম নাই, মই কেনে জানিম কুন আপাই চিঠি লিখছি, কুনবাই এনাই ফাল্টুমি কৰছি বধয়।
মই কাকো ভাল নাপাওঁ।

এনেকৈ আমাৰ লিলিমাই চলি আছিল। কিন্তু মই দ্বাদশ শ্ৰেণী পাছ কৰাৰ পাছত গুৱাহাটীলৈ আহিলোঁ। তাৰ পাছত বেলেগ ল’ৰা এজনক তাই মই নজনাকৈ ভাল পাই আছিল। এদিন তাই মোক এৰি সেই ল’ৰাজনৰ লগত পলাই গ’ল দূৰ্গা পূজাৰ দশমীৰ দিনাই। সিহঁতেহেনো তিনিখন গাড়ী সলনি কৰি গুৱাহাটীৰ নুনমাটি পালে পলাই আহি৷

মোৰনো কি আৰু, এনেকৈয়ে ফটাপ্ৰেমৰ সামৰণি মাৰিলোঁ।

☆★☆★☆

3 Comments

  • ৰাজীৱ শৰ্মা

    হাঃ হাঃ ।বৰ বিষাদ

    Reply
  • ৰাজশ্ৰী শৰ্মা

    হা হা হা। বৰ দূখ লাগিল। দূখতে হাঁহি দিলো।

    Reply
  • manica sarma

    বৰ শোক লাগিল ,তাই মৰতী ক আজিও যদি লগ পাও মই সুধিম ,কিয় ঠগিলে তোমাক ।

    Reply

Leave a Reply

Your email address will not be published.