ফটাঢোল

ফটা প্ৰেম – ৰাজীৱ শৰ্মা

আয়তীৰ মংগলধ্বনি আৰু হৰিনামৰ মাজত আন দহজনীৰ দৰেই মোৰো ঘৰখনলৈ প্ৰৱেশ ঘটিছিল৷ পদূলিমূৰতে চাৰিওটা ভৰি ধুৱাই গামোছাৰে মচি কপালত ৰঙা তিলক লগাইছিল ঘৰৰ মুখ্য মানুহগৰাকীয়ে৷ আয়ৈ! মোক লৈ ঘৰখনৰ সকলোৰে কি আলহ-উদহ৷ সৰু-ডাঙৰ সকলোকে একোলা একোলাকৈ ল’বলগীয়া হৈছিল সেইদিনা৷ সকলোৱে মোক ইমান আদৰ- সাদৰ কৰা দেখি চকুপানী নিগৰিছিল আনন্দত৷ মাটিত থ’লে পৰুৱাই খাব, মূৰত ল’লে ওকনিয়ে খাব এনে ভাবত স্বামীয়ে মোক অনবৰতে তীক্ষ্ণ নজৰত ৰাখিছিল৷ গাত ধূলিকণা এটা পৰা দেখিলেও কোমল কাপোৰেৰে মচি দিছিল আলসুৱাকৈ৷ কিজানিবা মই দুখ পাওঁ অথবা গাত আঁচোৰ লাগে৷ গৌৰৱবোধ কৰিছিলো মই৷ নিজকে ৰাজৰাণীৰ কল্পনা কৰি গপত ওফন্দি উঠিছিলো৷ ঘৰখনৰ সকলোৰে মোলৈ যে কিমান মৰম আছিল প্ৰথমৰ সেই দিনবোৰত৷ ন-কইনা চাবলৈ অহা গাঁৱৰ সকলোকে মোৰ স্বামীয়ে মিঠাই খুৱাইছিল সেইদিনা৷ মূল-ঘৰটোৰ গাতে গা লগাই মোৰ বাবে এটা নতুন কোঠা সজা হৈছিল৷ দিন-ৰাতি বুলি কোনো কথা নাছিল, ক’ৰবাত গছৰ পাত এটা সৰি খিটিককৈ হোৱা শব্দতো মোৰ স্বামী মোৰ ওচৰলৈ ল’ৰি আহিছিল কিজানি কোনোবাই মোৰ কিবা অনিষ্ট বা অপহৰণ কৰে৷ মই সন্তোষৰ হাঁহি মাৰিছিলো৷ ঘৰখনৰ ল’ৰাৰ পৰা বুঢ়ালৈ সকলোৰে মোৰ প্ৰতি থকা মৰম দেখি ভগৱানক ধন্যবাদ জনাইছিলো জীৱনটো এনে এঘৰ মানুহৰ লগত সাঙুৰি থোৱাৰ বাবে৷ প্ৰথম ছমাহমানলৈ ঘৰখনৰ কাৰোৰেই সুদা ভৰিৰে আহি মোৰ কোলাত উঠা মানা আছিল৷ কেনেবাকৈ গাত ভৰিৰ ধূলি বা বোকা অকণ লাগিলেও স্বামীয়ে নেদেখাকৈ লৰালৰিকৈ ধুই কাপোৰেৰে মোহাৰি চিন চাব নোহোৱা কৰি থৈছিল৷ সপ্তাহে-পষেকে ঘৰৰ কেউজনে মোক ফুৰাবলৈ লৈ গৈছিল কেতিয়াবা টাউনলৈ, কেতিয়াবা কোনোবা আপোন মানুহৰ ঘৰলৈ৷ আয়ৈ দেহি সকলোতে মোক যে কিমান মৰম কৰিছিল৷ আপোন মানুহৰ ঘৰততো বাদেই আনকি হোটেলতো মোক নিৰাপদ ছাঁ নপৰা ঠাইত থ’ব নোৱাৰালৈকে স্বামীৰ মুখলৈ ভাত নগৈছিল৷ ঘনে ঘনে মোক চাই গৈছিলহি, কিজানিবা মই কষ্ট পাইছো৷ সেই দিনবোৰত মোৰ ভোক-ভাগৰ লেশমানো নাছিল৷ আনন্দতে সকলোকে কোলাত লৈ ফুৰিছিলো৷ চহৰলৈ গ’লেই স্বামীয়ে মোক পেট ভৰাই খুৱাইছিল৷ গাঁৱৰ খানা বেয়া, খালে মোৰ কিবা অসুখ হ’ব বুলি চহৰৰ নামথকা দোকানতহে উদৰ পূৰাই খুৱাইছিল৷ কেতিয়াবা বেছিকৈ খালেও স্বামীৰ মুখত চিন্তাৰ ৰেশ নেদেখিছিলো৷ মই বেছিকৈ খালে যেন তেখেত আনন্দিতহে হৈছিল, কেইবাদিনলৈও চলি যাব বুলি৷ কেতিয়াবা অতি প্ৰয়োজনতো আলিৰ কাষৰ সৰু সৰু দোকানত মোক নুখুৱাইছিল, ভেজাল খুৱাব বুলি৷ এদিনতো ঘৰতে মোৰ ভোক বেছিকৈ লগাত স্বামীয়ে চাইকেল মাৰি চহৰৰ দোকানৰ পৰা খানা আনি মোক খুওৱাৰ পাছতহে স্বস্তিৰ নিশ্বাস এৰিছিল৷ এনে আলহ-উদহৰ মাজত ৰাখিছিল মোক৷ লাহে লাহে ঘৰখনত পুৰণা হ’লো মই৷ আগৰদৰে কোনেও মৰম-সাদৰ নকৰা হ’ল৷ আনকি স্বামীয়েও৷ আগতে সপ্তাহে সপ্তাহে গা ধুৱাই দিয়া তেখেতৰো আজিকালি সময় নাই৷ কেতিয়াবা ধুৱালেও বৰ খৰ খেদাকৈ মূৰে-গায়ে পানী এসোপামান মাৰি আজৰি হয়৷ চেম্পু, চাবোন যে আজিকালি নেদেখাৰ দৰেই৷ মাজতে গাৰ কৰাল মৰা মলি গুচাবলৈ বুলি কিবা কেৰাচিন নে ডিজেল কাপোৰত তিয়াই ইমান জোৰে জোৰে মচিলে ঐ মোৰ এচাল চিগিল অথচ স্বামীৰ খবৰ নাই৷ সিদিনা এই ঘৰলৈ অহাৰ পাছত প্ৰথমবাৰ কান্দিছিলো নীৰৱে৷ প্ৰথম এই ঘৰলৈ অহাৰ পাছত স্বামীৰ আলফুলীয়া হাতৰ পৰশলৈ মনত পেলাই পাৰেমানে চকুলো টুকিছিলো৷ ‘হায় ভগৱান ইমান সোনকালে সকলো অতীত হ’ল’ বুলি৷ আগতে মোৰ গাটো আনে দেখিব বা চুব বুলি স্বামীয়ে কাকো গা ধুৱাবলৈ নিদি নিজে ধুৱাইছিল৷ তাৰ পাছত আলফুলে কিবা তেলেৰে গা মোহাৰি চিকচিকিয়া নোহোৱালৈকে নেৰিছিল৷ সুন্দৰ চোলা পিন্ধাই মোক কোঠাত সুমুৱাই থৈছিল গাৰ ৰং ক’লা পৰে বুলি৷ বৰ্তমান মোৰ পিন্ধা চোলাটো উঁৱলি গ’ল৷ কাৰো কাণসাৰ নাই সেইপিনে৷ তাতে আজিকালি চোলাটো মোৰ গাত গৰম কাপোৰৰ দৰে উৰি দিয়াহে কৰিলে, পিন্ধাবলৈ কাৰো সময় অথবা আহৰি নাই যেন৷ আগতে যিটো চোলা খুলিলে সামৰি সুতৰি ধুনীয়াকৈ থৈছিল সেইটো আজিকালি মই নিপিন্ধাৰ সময়ত কোঠাৰ এচুকত পৰি থাকে৷ কেতিয়াবা মাহেকত পোন্ধৰ দিনলৈ মোক আবুৰ নোহোৱাকৈ উদং গাৰেই ৰাখে৷ লাহে-লাহে ঘৰখনত মোৰ স্থান আৰু তললৈ গ’ল৷ আজিকালি মোক গা ধুৱাবলৈ স্বামীৰ সময় আৰু মন কোনোটোৱেই নাই৷ পুৰণা হোৱাৰ লগে লগে যেন মোৰ প্ৰয়োজন ঘৰখনত কমি আহিল৷ ৰাতি দিন মোক কোঠাৰ বাহিৰত থলেও কাৰো চকুত নপৰে, গা নজ্বলে৷ আনকি মোৰ স্বামীৰো এইবোৰ চাবলৈ সময় নাই৷ কৰবাৰ অচিনাকি পিলিঙা ল’ৰা এটাই আজিকালি মোৰ গা ধুৱায়৷ প্ৰথম কেইদিনমান বৰ লাজ লাগিছিল আনে মোৰ খজুৱতিত ছাল যোৱা দেহটো দেখিছে বুলি৷ এতিয়ালৈ সেইবোৰ চিন্তা এৰিলো৷ আগতে টাউনৰ দোকানৰ খানা খুওৱা মইজনীক আজিকালি আলি-গলিত পোৱা লেতেৰা সোপাও খুৱাবলৈ লোৱাৰ ফলত মোৰ গা আজিকালি ভালে নেথাকেই৷ বাটতে বেমাৰত পৰিম বুলি দুৰণিলৈ মোক নিনিয়া হ’ল৷ অকল ওচৰ-পাজৰৰ ঠাইলৈ যাবলগীয়া হ’লেহে মোক বিচাৰে৷ ঘৰৰ গাভৰু ছোৱালী দুজনী যি দুজনী মোৰ কোলাই বোকোচাই উঠি ডাঙৰ হ’ল সিহঁত আজিকালি মোৰ কাষেই নাচাপে৷ ফপৰা কৰবাৰ বুলি দুদিনমান মোক গালি পৰাও শুনিছো৷ এইবোৰকে ভাবি-গুনি সময় পাৰ কৰো মই৷ কি অৱস্থা আছিল মোৰ! বৰ্তমান কি হ’ল! সকলো সময়ৰ খেলা৷ নতুন ঘৰখনত মাত্ৰ পাঁচ বছৰতে এলাগী হ’লো৷ তথাপিও সুখতে আছিলো৷ মোৰ কোলাত নুঠিলেও কোঠাত ভৰাই থৈছিল মোক৷ সিদিনা অকস্মাতে মনটো ভাল লাগিল৷ পুৱাতে মোক চোতাললৈ উলিয়াই আনি স্বামীয়ে তেল -টেঙা ঘঁহি গা ধুৱাই দিলে৷ ঘৰখনলৈ প্ৰথম অহাৰ দিনৰ কথা মনত পৰি মোৰ ধাৰাসাৰ চকুলো ববলৈ ধৰিলে৷ এইবাৰ এখন কোমল কাপোৰেৰে তেখেতে মোৰ গোটেই গাটো মৰমেৰে মালিচ কৰিবলৈ লাগিল৷ আজি যেন সোঁতোৰা পৰা ছালখন জিলিকাইহে এৰিব৷ টাউনৰ ভাল খাদ্য খুউৱা হ’ল মোক৷ ভাগ্য পুনৰ ভাললৈ আহিল বুলি চকু ডাঙি চাওঁতেই দেখোঁ আজি ইমানদিনে লেতেৰা হৈ থকা মোৰ কোঠাটোও সাৰি-মুচি চাফা কৰা হৈছে৷ ৰং তেলো সানিছে হ’ব পায়৷ পাৰ হৈ যোৱা দুঃসময় খিনি মোৰ ৰিষ্ট আছিল বুলি পাহৰিবলৈ চেষ্টা কৰিলো৷ এইবোৰকে ভাবি ভাবি আনন্দত মগন হৈ থাকোতেই ঘৰখনৰ চাৰিওটি প্ৰাণী আহি মোৰ কোলাত বহিলহি৷ মই আনন্দতে যেন চিঞৰি দিম৷ আনকি মোক দেখিলেই মুখ কোঁচোৱা স্বামীৰ দুয়োজনী ছোৱালীও আহি মোৰ কোলাত আৰামেৰে বহিলহি৷ বহুদিনৰ পাছত মই কান্দিলো, আনন্দত আৰু আটাইকে কোলাত তুলি চহৰলৈ ঢাপলি মেলিলো৷ কিন্তু ই কি! আজিচোন মোক লৈ মানুহবোৰে এখন আগতে নোসোমোৱা জেগালৈ লৈ আহিল৷ হায় মোৰ অদৃষ্ট! তাৰমানে মোক——৷ ইয়াতকৈ ভাবিবলৈ মোৰ আৰু শক্তি নহ’ল৷ বৰ কৰুণভাৱে ঘৰখনৰ সকলোলৈ চালো৷ কিন্তু তেতিয়ালৈ ঘৰখনৰ মানুহবোৰৰ মোলৈ চাবলৈ সময় নাই৷ মোতকৈ ভাল, ডাঙৰ আৰু নতুন মডেলৰ গাড়ী চোৱাত ব্যস্ত তেওঁলোক৷

☆★☆★☆

Leave a Reply

Your email address will not be published.