ফটাঢোল

ফলাফল – অভিজিত দত্ত

“চাৰ, মিঠাই এটা খাওক।”

চলিহাই মূৰটো দাঙি চালে। অফিচৰ শান্তিপ্ৰিয়া বৰুৱাই চলিহাৰ কাষত থিয় হৈ আছে। চলিহাই মুখত হাঁ‌হি এটা বিৰিঙিয়াই লাহেকৈ সুধিলে,

“কিহৰ বাবে মিঠাই, শান্তি?”

“চাৰ, ভাল খবৰ এটা আছে। মোৰ বিয়াখন ঠিক হ’ল চাৰ।” কথাষাৰ কৈ শান্তিপ্ৰিয়াই লাজকুৰীয়া হাঁহি এটি মাৰিলে।

চলিহাৰ হিয়াখন যেন ছাৰখাৰ হৈ যোৱাৰ উপক্ৰম হ’ল। শান্তিৰ বিয়া? এইয়া কেনে কথা? তাইতো সৌ সিদিনালৈ বিয়াত নবহে বুলি কৈ আছিল! আজি হঠাৎ বিয়াৰ খবৰ দিছে তাই? অফিচত মিঠাই বিলাই তাই মনৰ আনন্দ প্ৰকাশ কৰিছে। শান্তিপ্ৰিয়াই বিয়াখন ঠিক কৰি বিগৰ্হিত কাম এটা কৰিবলৈ ওলোৱা যেন চলিহাই অনুভৱ কৰিলে। পিছে অফিচৰ মুৰব্বীয়ে জানো মনটো এনেদৰে উন্মুক্ত ভাবে প্ৰকাশ কৰা উচিত? তাতে আকৌ শান্তিপ্ৰিয়াৰ আগত? অসম্ভৱ। চলিহাই হাঁহি এটা মাৰি মিঠাইৰ পেকেটটোৰ পৰা এটা মিঠাই হাতত ল’লে।

দিনৰ দিনটো চলিহাৰ মনটো বেয়া লাগি থাকিল। দুপৰীয়া পত্নীয়ে কৰা ফোনকলটোকো তেওঁ গুৰুত্ব নিদিলে। শান্তিপ্ৰিয়াৰ বিৰহত তেওঁৰ চকু দুটাও মাজে মাজে অলপ চলচলীয়া হৈ থাকিল। চেয়াৰখনত গাটো এৰি দি তেওঁ কথাবোৰ ভাবিবলৈ আৰম্ভ কৰিলে।

শান্তিপ্ৰিয়াই আজি এবছৰমান আগতে তেওঁৰ সহায়কাৰী হিচাবে অফিচটোত নিযুক্তি লাভ কৰিছিল। তেওঁ দিয়া ‘ডিক্টেচনে’ তাইৰ পাঁজিসেৰীয়া আঙুলিৰ দ্ৰুতচালনাত একোখন চিঠি অথবা অৰ্ডাৰলৈ সলনি হৈছিল।

তাই অহাৰ দুদিনমানৰ পিছৰ ঘটনা। চলিহাই তাইক কিবা এটা ‘ডিক্টেচন’ দি থাকোঁ‌তে হঠাৎ তাইৰ হাতী দাঁ‌তৰ লেখিয়া শুভ্ৰ ডিঙিটোত তেওঁৰ চকুৰ চাৱনি স্থিৰ হৈ পৰিছিল। তাই কথাটো ধৰিব পাৰিছিল। অলপমান হালি মুখত ইষৎ হাঁহি এটি লৈ তাই তেওঁ কোৱামতে কথাবোৰ লিখি লৈছিল।

চলিহাৰ মনটো সিদিনা হঠাৎ ফৰকাল হৈ পৰিছিল। পাতল মন এটা লৈ তেওঁ কামবোৰ কৰি আছিল। কিবা যেন এক সাম্ভাব্য আকৰ্ষণৰ কেন্দ্ৰবিন্দু এটিয়ে তেওঁক হাত বাউল দি মাতিছিল। এবাৰলৈ অৱশ্যে তেওঁৰ মনত পত্নীৰ মুখখনে ভুমুকি মাৰিছিল। তেওঁৰ আচহুৱা পত্নীৰ গতানুগতিক আৰু পুৰণিকলীয়া মুখখনে তেওঁক সিদিনা অলপ বিৰক্ত কৰি তুলিছিল।

দিনবোৰ লাহে লাহে পাৰ হ’ল। শান্তিপ্ৰিয়া আৰু তেওঁ বহু বাধা-নিষেধৰ সন্মুখীন হৈও প্ৰেম- পিৰীতি অক্ষুণ্ণ ৰখাত চেষ্টাৰ ক্ৰুতি নকৰিলে। বহুবাৰ এই ৰোমাণ্টিক যুটীয়ে লোকচক্ষুৰ পৰা কাণে কাণমাৰি সাৰিলে। পিচে শান্তিপ্ৰিয়াৰ প্ৰতি থকা চলিহাৰ অহেতুক দৰদকণ অফিচটোত ৰৌজাল বৌজাল হৈ বিয়পিল। চলিহা আৰু শান্তিপ্ৰিয়াই কথাটোত বৰ এটা গুৰুত্ব নিদিলে। মেলাত ঘূৰি থকা চকৰিটোৰ দৰেই চলিহা আৰু শান্তিপ্ৰিয়াৰ প্ৰেম ভৱঘূৰে ঘুৰি থাকিল আৰু সেই চকৰিৰ পৰাহে চলিহাৰ চকুত পৃথিৱীখন দৃশ্যমান হ’ল। চলিহা পত্নীৰ প্ৰতি বেছি বিৰক্ত হ’ল। লৰা- ছোৱালীৰ প্ৰতি তেওঁ নিৰাসক্ত হৈ পৰিল। নিশাবোৰত তেওঁ ম’বাইলটোৰ মেচেজলৈ চকু দি থাকিল।

আৰু শান্তিপ্ৰিয়াৰ কাণ, ডিঙি, হাত আঙুলি আদিত সোণৰ অলংকাৰ বঢ়ি আহিল। দেহটোৱে ঘনে ঘনে তাই পিন্ধা সাজৰ মাজেৰে বৰণ সলালে। চহৰখনৰ অভিজাত ৰেষ্টোৰাসমূহৰ গোপন কোঠাবোৰ চলিহা আৰু শান্তিপ্ৰিয়াৰ ঘন উশাহত উতলা হৈ উঠিল। আৰু সেই শান্তিপ্ৰিয়াৰ বিয়া। কালি দিল্লীৰ পৰা ঘূৰি অহা চলিহাক তাই বিয়া ঠিক হোৱা বাবে মিঠাই আগবঢ়াইছে।

চলিহা থিৰে থকাটো অসম্ভৱ হৈ পৰিল। লাহে লাহে গাড়ীখন চলাই তেওঁ ঘৰ পালেগৈ। চলিহাই চলিহানীক গাটো বেয়া লাগিছে বুলি শুই থাকিল। উৎসাহৰ গোপন ক্ষণত তেওঁক যে শান্তিপ্ৰিয়াই মৰমতে ‘চিল্লি’ বুলি মাতিছিল, তাকে ভাবি তেওঁৰ দুচকু চলচলীয়া হৈ পৰিল।

তাৰ পিছত এদিন শান্তিপ্ৰিয়াৰ বিয়া হৈ গ’ল। অস্থায়ী চাকৰি কৰি থকা শান্তিয়ে চাকৰিটো বাদ দিলে।

সিদিনা সপ্তাহটোৰ প্ৰথম কৰ্মদিন আছিল। দেওবাৰ এটাৰ পিছতেই সোমবাৰৰ বন্ধটোৰ পিছদিনাই শান্তিপ্ৰিয়া স্বামীৰ সৈতে আহি চলিহাৰ অফিচ চেম্বাৰ পালেগৈ। চলিহাই চকুত চলিহা পৰাৰ অভিনয় কৰি ৰুমালেৰে চকুহাল মচি থ’লে। তেওঁৰ মনটোও যেন চকুৰ লোতকে সিক্ত আৰু ৰিক্ত কৰি তুলিলে। বিশেষকৈ শান্তিপ্ৰিয়াৰ স্বামীক দেখি তেওঁ মূক হৈ পৰিল। তেওঁতকৈ ডেকা আৰু তজবজীয়া মানুহজনে যেন তেওঁৰ মুখখন ভালকৈ নিৰীক্ষণ কৰিছে। “মানুহজনৰ হাতৰ আৰু ডিঙিৰ গধুৰ সোণৰ চেইন দুডালে যেন তেওঁৰ অহংকাৰ আৰু গৌৰৱকহে প্ৰতিনিধিত্ব কৰিছে”-চলিহাই ভাবিলে।

দিনবোৰ পাৰ হ’ল। চলিহাক সহায় কৰিবলৈ নতুন সহায়কাৰী এগৰাকী আহিল। শুকান-উবান সহায়কাৰীক লৈ চলিহাই এটা অসুখী কৰ্ম জীৱন কটাবলৈ বাধ্য হৈ পৰিল। মাজতে মাজে মাজে শান্তিপ্ৰিয়াৰ সান্নিধ্যত পোৱা শান্তিক সুঁ‌ৱৰি তেওঁ আৱেগিক হৈ পৰিল।

এনেদৰে দুমাহমান বাগৰিল। আজিকালি চলিহাই শান্তিপ্ৰিয়াক লাহে লাহে পাহৰিবলৈ সক্ষম হৈছে।

নতুনকৈ চৰকাৰখন গঠন হোৱাৰ পিছত চলিহাৰ কাম বাঢ়িছে। চহৰখনৰ উপকন্ঠৰ গাওঁখনৰ সমীপতেই নদীখনৰ পাৰ বান্ধিবলৈ মথাউৰি এটা সাজিব লাগে। সেইবাবে চলিহাই চৰকাৰী নিয়ম অনুসাৰে নিৱিদা আহ্বান কৰিছে। অলপ ইফাল সিফাল কৰি এটা মোটা অঙ্কৰ বিনিময়ত তেওঁ চিনাকি বেচৰকাৰী ফাৰ্ম এখনক মথাউৰি বন্ধাৰ কামটো দিবলৈ সাজু হৈছে। এই টকাখিনিৰে এখন নতুন গাড়ী ক্ৰয় কৰাৰো এক মানস চলিহাই মনতে পুহি ৰাখিছে। কলা ৰঙৰ এখন ‘অডি ব্ৰেণ্ড’ৰ গাড়ীত বহি চহৰখনৰ মাজেৰে পাৰ হৈ যোৱাৰ এক দৃশ্যই বৰ্তমান দুপৰীয়াৰ আহাৰ খাই ভাত ঘূমটি মৰা চলিহাৰ চকুৰ পতাত ভৰ কৰিছেহি।

“চাৰ, টোপনি দেখোন আপোনাৰ?”

কিবা এক চিনাকি মাতত চলিহা ধহমহকৈ সাৰ পালে। চকুদুটা মেলি তেওঁ উচ্ছাহত মাত দিলে,

“শান্তি!”

চলিহাই সম্বিত ঘূৰাই পালে। এয়া বিবাহিতা শান্তিপ্ৰিয়া। তাইৰ স্বামীৰ সৈতে আহি চলিহাৰ চেম্বাৰত উপস্থিত হৈছে। মানুহজনে তেওঁৰ অনুমতি নোলোৱাকৈ তেওঁৰ সন্মুখৰ চকীখনত নিজৰ দেহটোক স্থান দিছে।

“কোৱাচোন, কি কাম আছিল?” কন্ঠত এটা গাম্ভীৰ্যতা ফুটাই চলিহাই সুধিলে।

“চাৰ, এই যে মথাউৰিৰ কামটো, আমাৰ এওঁ ‘টেণ্ডাৰ’ মাৰিছে। কামটো এওঁ পোৱা ব্যৱস্থা কৰি দিব চাৰ।”

শান্তিপ্ৰিয়াৰ স্বৰটো যেন বেসুৰা হৈ চলিহাৰ কাণত বাজি উঠিল।

“কথাবোৰ এনেকুৱা নহয়, শান্তিপ্ৰিয়া। তুমিতো জানাই কথাবোৰ।” চলিহাই অলপ কঠোৰ কন্ঠত কথাটো ক’লে।

হঠাৎ এক আচৰিত ঘটনা ঘটিল। শান্তিপ্ৰিয়াই স্বামীৰ আগতেই চলিহাক ক’লে,

“চিল্লি, আপোনাৰ মবাইলত আমাৰ ফটোবোৰ আছেনে নাই? নাই যদি ক’বচোন দেই। মোৰ গোটেইবোৰ ফটো আছে। এওঁ যে ইম্মান পচন্দ কৰে ন ফটোবোৰ! আপোনাৰ ষ্টাইলবোৰ যে আমাৰ এওঁ বিৰাট পচন্দ কৰে। ন জানু?।” পিছৰ কথাখিনি তাই গিৰিয়েকক উদ্দেশ্যি ক’লে।

শান্তিপ্ৰিয়াৰ কথাত চলিহা কঁ‌পি উঠিল। গিৰিয়েকটোৰ হাঁহি থকা মুখখনে তেওঁৰ কঁ‌পনিটো বঢ়াই তুলিলে। চলিহাই লাহেকৈ ক’লে,

“হ’ব চাওঁ‌ মই কি কৰিব পাৰোঁ‌।” চলিহাই ক’লে।

“হ’ব মানে কামটো ন?” তাই এটা হাঁহি মাৰি চলিহাক সুধিলে। মুখত তাইৰ এটা সন্তুষ্টিৰ ৰেশ।

“হুম।” চলিহাই মূৰ দুপিয়ালে। চলিহাক ‘বাই বাই’ দি শান্তিপ্ৰিয়া আৰু তাইৰ স্বামীয়ে চলিহাৰ ‘চেম্বাৰ’ ত্যাগ কৰিলে।

এইয়া চলিহাই শান্তিপ্ৰিয়াৰ স্বামীৰ নিৱিদাৰ ফাইলটো চাই আছে। সেই ফাইলটো নিয়ম অনুসৰি কোনোমতে ‘পাছ’ নহয় বুলি চলিহাৰ অভিজ্ঞতাই কৈছে।

উপায়হীন চলিহাই সেই বিশেষ নিৱিদাখনক স্বীকৃত দি চহী কৰিলে।
‘অডি’ গাড়ীখনৰ ঠাইত চলিহাৰ চকুত শান্তিপ্ৰিয়াৰ সৈতে কৰা আলিঙ্গন আৰু অন্যান্য আনুসংগিক কৰ্মবোৰ ভাঁ‌হিবলৈ আৰম্ভ কৰিলে।
চলিহাই মূৰত হাত দি নিঃসাৰ হৈ বহি থাকিল।

ছমাহমানৰ পিছৰ কথা। চলিহাই নিশ্বাস এটা কাঢ়ি ল’লে। শান্তিপ্ৰিয়াৰ স্বামীক মথাউৰিটো তেওঁ নীতি বহিৰ্ভূতভাবে বান্ধিবলৈ দিছিল। মথাউৰিটোৱে বান ৰোধ কৰিবলৈ সক্ষম নহ’ল। বিভাগীয় তদন্তত চলিহাক দোষী সাব্যস্ত কৰা হ’ল। উৰ্ধতন কৰ্তৃপক্ষৰ তৰফৰ পৰা তেওঁক নিলম্বন কৰাৰ বাতৰিটো এইমাত্ৰ চলিহাৰ কাণত পৰিছে।

হঠাৎ এক কন্ঠস্বৰত চলিহাই মূৰটো দাঙি চালে। সেইয়া তেওঁৰ কাষত শান্তিপ্ৰিয়া। তাই চলিহাক লাহেকৈ ক’লে,

“মথাউৰি বন্ধা টকাৰে আমি অডি এখন ল’লো, চাৰ। আপোনালৈ এই মিঠাই লৈ আহিছোঁ‌।

“চাৰ, মিঠাই এটা খাওক।”

☆★☆★☆

8 Comments

  • Rintumoni Dutta

    বঢ়িয়া লাগিল দাদা। ক’তো খোকোজা নলগা লেখা

    Reply
    • অভিজিত দত্ত

      ধন্যবাদ দেই।

      Reply
  • Gyan Bordoloi

    অতি সুন্দৰ

    Reply
    • অভিজিত দত্ত

      বহুত ধন্যবাদ আপোনাক।

      Reply
  • ডলী তালুকদাৰ

    সুন্দৰ

    Reply
    • অভিজিত দত্ত

      ধন্যবাদ দেই।

      Reply
  • parishmita

    মজ্জা লাগিল এইটো।

    Reply
  • অভিজিত দত্ত

    ধন্যবাদ।

    Reply

Leave a Reply

Your email address will not be published.