ফটাঢোল

ফাইভ ষ্টাৰ হোটেলত মই – কমলা দাস

ইণ্ডিয়ান এয়াৰ লাইঞ্চৰ পৰা ফ্ৰি কম্বলখন আনিব নোৱাৰি মনৰ দুখত লাহে লাহে নামি আহিলোঁ। মনতে অলপ চিন্তাও কৰিছোঁ। মৰসাহ কৰি অকলে অকলে আহিছোঁ ৰ চোন! এতিয়া বা ক’লৈ যাওঁ! ভয় কৰাটো কিন্তু কাকো দেখুওৱা নাই কাৰণ অচিনাকি ঠাইত কোনোবাই সুবিধা ল’ব পাৰেতো! বিন্দাচ লাগেজ সংগ্ৰহ কৰি গপচত লাউঞ্জৰ বাহিৰ ওলালোঁ। বাহিৰ ওলাই দেখি কলিজা শুকাই গ’ল। হে ভগৱান! বিশাল দুনিয়াচোন! আগুৱাই যাওঁ নে পিছুৱাই যাওঁ বাৰু! কি কৰোঁ, ক’লৈ যাওঁ, পিছুৱাই গৈয়ো লাভ নহ’ব গতিকে ভাবিলোঁ যি হয় হ’ব আগুৱাই য়ে যোৱা যাওক। এই বুলি অলপ আগুৱাই গৈ দেখিলোঁ বহুত মানুহেচোন শাৰী পাতি একোখন চাইন বৰ্ডত জুনুকা বান্ধি লৈ জোকাৰি আছে! কিনো কৰিছে বুলি ওচৰলৈ গৈ দেখোঁ তাৰে এখন চাইন বৰ্ডতচোন মোৰো নাম! “Kamala Das Welcome” দেখা পাই মুখলৈ পানী আহিল, উস্ ৰক্ষা তেও! ইফালে লগে লগেই মনৰ অহং ভাৱটো জাগিলেই নহয়, বোলো “নেচনেল এৱাৰ্ড” ল’বলৈ আহিছোঁ আদৰি নিনিলে হ’ব নেকি? একদম কঁকাল চিধা কৰি, বুকু ফুলাই গৈ নিজৰ চিনাকি দিলোঁ নহয়। লগে লগেই আদৰ সাদৰ কৰি মোৰ হাতৰ পৰা লাগেজটো লৈ, এখন মস্ত ডাঙৰ গাড়ীৰ ওচৰলৈ আগবঢ়াই লৈ গ’ল। মস্ত একোচা মোচেৰে সৈতে প্ৰকাণ্ড মানুহ এজনে গাড়ীৰ দুৱাৰখন খুলি মোক উঠিবলৈ দি অলপ দূৰত হাত দুখন পিছলৈ বান্ধি ঠিয় হৈ ৰ’ল। মোৰতো লাজেই লাগিছিল, তথাপিও উঠিলোঁ৷ আৰু লাজটো কিবা দেখাম নেকি? গপচটোহে দেখাই আহিছোঁঁ!

গাড়ী গৈ তাজ হোটেলৰ সন্মুখত ৰ’ল। মোচৱালাজনে পুনৰ গাড়ীৰ দৰ্জা খুলি সেই একেই পজত ঠিয় হৈ ৰ’ল। (গাড়ীৰ পৰা নামোতে নিজকে ৰাজকুমাৰী যেন লাগিছিল বিদ্যা!)। কোনোবা এজনে হোটেলৰ ভিতৰলৈ আগবঢ়াই লৈ গ’ল। হোটেলৰ ভিতৰ সোমাই দেখোঁ, হে হৰি! সেইখনো এখন বেলেগ জগতচোন! ( ইয়াৰ আগতে মই কেতিয়াও ফাইভ ষ্টাৰ হোটেল দেখা নাছিলোঁ) হোটেলৰ ৰুম পাই সকলোকে লগ পাই ভালেই লাগিল বাৰু। ভাৰতৰ সকলো ৰাজ্যৰ পৰা এজনকৈ আহিছে। মোৰ ৰুমমেটজনী আছিল চেন্নাইৰ। তায়ো মোৰ কথা বুজি নাপায়, ময়ো তাইৰ কথা বুজি নাপাওঁ। একেলগে থকা কেইদিন দুইজনীয়ে হাতৰ অংগী ভংগীৰেই কথা পাতিলোঁ। তিনি দিনত মই তাইক মাত্ৰ দুটা হিন্দী শব্দ শিকালোঁ, খানা আৰু পানী!
ৰুম পোৱাৰ পিছত বোলো গা টোকে ধুই লওঁ বুলি বাথৰুমত সোমালোঁ। লাগিল নহয় লেথা, হাই মোৰ কপাল, বাথৰুমতচোন বাল্টি, টেপ চেপ একো নাই! মস্ত এটা বাথটাবহে আছে। কেনেকে গা ধুম! কাকোতো সুধিবও নোৱাৰোঁ। বেছিনৰ কাষতে আছিল এটা মগ, সেইটোৰেই বেছিনৰ পৰা পানী লৈ লৈ যেনে তেনে গাটো ধুলোঁ আৰু। ভাত পানী খাই শুম বুলি দুৱাৰখন জপাবলৈ চাই দেখোঁ দুৱাৰত এটাও খিলি নাই! মৰিলোঁ আজি, অচিনাকি ঠাই দুৱাৰখন বন্ধ কৰিব নোৱাৰিলে শুম কেনেকৈ! বাৰে বাৰে জপাই দিওঁ, আকৌ টানি চালে খোল খাই যায়। (কান্দিম কান্দিম লাগি গৈছিল। দুৱাৰখন যে জপাই দিলে অটমেটিক ল’ক হৈ যায় নাজানিছিলোঁ৷) যাহ্ যি হয় হ’ব বুলি শুই থাকিলোঁ লাইট নুমুৱাই।

লাইট নুমুৱাই শুলোঁ হে, টোপনি নাহে। ইফালে আন্ধাৰ ৰুমটোতচোন কিবা জোনৰ পোহৰৰ নিচিনা অলপ অলপ পোহৰ হ’ব ধৰিছে! তৎ ধৰিব পৰা নাই কিহৈ আছে ভূত নেকি? (হোটেলৰ ৰুম বিলাকত যে…) ভাবটো আহাৰ লগে লগে ভয়তে ঘামি জামি অৱস্থা তথৈবচ। হৰি হৰি, ইয়ালৈ আহিহে মৰিবলৈ লিখা আছিল নে মোৰ! গোটেই ৰাতিটো বহি থাকিলোঁ। (তিনি ৰাতি থাকিও ধৰিব নোৱাৰিলোঁ পোহৰটো ৰাতি ক’ৰ পৰা আহিছিল৷)

ৰাতি যেনে তেনে পুৱাল। দহটা বজাত এৱাৰ্ড ফাংচন আছে। গতিকে গা পা ধুই ওলাব লাগেই। পুনৰ মগেৰেই পানী লৈ লৈ গা ধুলোঁ। গা পা ধুই, মূৰ ফনিয়াই কাপোৰ পিন্ধাৰ আগতে এবাৰ বাথৰুমৰ পৰা আহোঁঁ বুলি গ’লোঁঁ৷ বাথৰুমত বহাৰ পৰা উঠোঁতে বেৰত অলপ হেঁচা দি উঠিব লৈছিলোঁহে, ফোচকে পানী আহি গোটেই মানুহজনীকে দিলে নহয় তিয়াই। জুৰুলি জুপুৰি হৈ ক’ৰ পৰানো পানী আহিল ভালকৈ চাই দেখিলোঁ, বেৰত এক আঙুল মান ঠাইত চাৰিওফালে ক’লা আঁচ টনা আছে। তাত হেঁচা দিলে পানী ওলায়! কৃষ্ণ এনেকৈনো ঠগিব লাগেনে। টেপটোও লগাব নোৱাৰেনে ইহঁতে?

এৱাৰ্ড লৈ ভাত পানী খাই ৰং ৰহইচ কৰি ৰুমত অলপ জিৰাওঁ বুলি আহিলোঁ। ৰুম পাই আকৌ বিৰম্বনা। এ.টি.এম কাৰ্ডৰ নিচিনা চাবি পাতেৰে তলাটো খুলিব নোৱাৰোঁহে নোৱাৰোঁ। উল্টাই পুুুুল্টাই ভৰাইছোঁ। তথাপিও খোল নাখায়। শেষত যেনিবা “বয়” এজনে আহি খুলি দিলে, তেতিয়া হে ৰক্ষা।

ৰুমটোৰ ভিতৰতো চাবলগীয়া বহুত বস্তু। অন্য বস্তুৰ কথা নকওঁ বাৰু। মাত্ৰ ফ্ৰিজৰ ভিতৰত থকাখিনিহে চাইছোঁ। বিভিন্ন দেশৰ ফটিকা আছিল তাত। খোৱা মানুহ হ’লে ভালদৰে মজা ল’ব পাৰিলোঁহেঁতেন। হোটেলৰ বয় বিলাকেও এঘণ্টাৰ মূৰে মূৰে বৰফ লাগিব নেকি বুলি সুধিবলৈ আহি আছিলে। নাখালেও নাই, সববিলাক বটল লিৰিকি বিদাৰি চাই আহিছোঁ। বটল বিলাক কি যে ধুনীয়া ধুনীয়া! আৰু অবশেষত সকলো বিলাক চাই চিতি এৰি থৈ, ডলাৰৰ হিচাবত সাতশ টকীয়া দামী চকলেট চাৰিটা ঘৰলৈ লৈ আনিছিলোঁ!

☆★☆★☆

6 Comments

Leave a Reply

Your email address will not be published.