ফটাঢোল

ফাৰ্ষ্ট ইম্প্ৰেছন ইজ দ্যা লাষ্ট ইম্প্ৰেছন – ডাঃ পাৰ্থ সাৰথি ভূঞা

বহুদিনৰ পাছত সি এইখন চহৰলৈ আহিছে। গাঁৱৰ ল’ৰা ৰক্তিম। কলেজত পঢ়িবলৈকে আহিছিল ইয়ালৈ। যৌৱনৰ মাদকতা ভৰা সময়খিনি এই চহৰতে কটোৱাৰ বাবে তাৰ এটা মোহ আছে ঠাইখনৰ প্ৰতি। অফিচৰ যিটো কামত সি আহিছিল সেই কামটো হোৱাৰ পাছত গাড়ীখনলৈ লাহে লাহে চহৰৰ পৰা সিহঁতৰ কলেজৰ ফাললৈ যোৱা ৰাস্তাটোৰে আগবাঢ়ি গ’ল। কিছুদূৰ যোৱাৰ পাছত সেই নিৰ্দিষ্ট পার্কখনত চকু পৰাত তাৰ বুকুখন বিষাই যোৱা যেন লাগিল। সলনি হ’ল যথেষ্ট। আগতকৈ বহু ধুনীয়া হ’ল। সি মনতে ভাবিলে।
কলেজৰ ৰেগিঙৰ সময়খিনি পাৰ হোৱাৰ পাছৰ পৰাই ৰক্তিম সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিছিল। আচলতে সি সকলোৰে লগতে মিলিব পাৰে আৰু ৰেগিঙৰ সময়ত সি হাত চাব জানে বুলি কোৱাৰ বাবে; ল’ৰা ছোৱালী সকলোৱেই তাক পালেই হাত দেখুৱায়। ছোৱালীৰ হাতত ধৰিবলৈ পোৱাৰ বাবে লগৰবোৰ হিংসাতে মৰে। তেনেকুৱা সময়তে সিহঁতৰ লগৰে ধানৱী নামৰ মাৰোৱাৰী বৰ ধুনীয়া ছোৱালী এজনীক সি মনে মনে ভাল পাবলৈ ধৰিলে। কিন্তু তাই তাক পাত্তাই নিদিয়ে, বাকী সকলোৱে তাক হাত দেখুৱাই কিন্তু তাই  তাৰ ওচৰলৈকে নাহে। অসমতে বহু পুৰুষৰ পৰা থকা আৰু ইয়াতে জন্ম হৈ অসমীয়া স্কুলত পঢ়া ধানৱীয়ে আগৰৱালা বুলি উপাধিটো ক’লেহে মাৰোৱাৰী বুলি মানুহে গম পায়। তাইক যেনে তেনে নিজৰ কৰি ল’বলৈ সি মনৰ কথা ক’বলৈ বুলি এখন চিঠি লিখি তাইৰ বেষ্ট ফ্রেণ্ড মিতালিৰ হাতত দিলে, ডায়েৰী মিল্ক এটা ঘোচ লৈ চিঠিখন দিবলৈ মিতালি মান্তি হ’ল।
ৰক্তিমে যে ধানৱীক ইম্প্ৰেছ কৰাৰ চেষ্টা কৰি থাকে, সেই কথা তাইয়ো জানে। চিঠিখন পাই তাই মিতালিক গালিও দিলে, মই দিব নোৱাৰো বুলি ক’ব নোৱাৰিলি নেকি বুলি। তথাপিও খুলি চাওঁ বুলি খুলি চালে আৰু বিধিৰ কি বিপাক! ৰক্তিমে ইংৰাজীত লিখা চিঠিখনৰ প্ৰথম লাইনতে লিখা ” মাই দিয়েৰেষ্ট ধানৱী” ৰ ঠাইত ‘দানৱী’ হৈ থাকিল, মানে Dha নিলিখি , লিখিলে Da! নামটোতেই ইমান ডাঙৰ ভুল দেখি ধানৱীয়ে আৰু পঢ়ি নাচালেই। চিঠিখন দলিয়াই দি মিতালিক ক’লে, “কৈ দিবি তোৰ ফ্রেণ্ডক; আগতে নামটো জানক ভালকৈ। তাৰ পিছত প্ৰেম কৰিবলৈ আহিব।
খবৰটো পাই ৰক্তিম মনৰ দুখত ভাগি পৰিল।  লগৰ দুটামানে বোলে ব’ল চিনেমা চাই আহোঁ, মনটো ভাল লাগিব। চিনেমা হলটোৰ গেইট কিপাৰজন আকৌ ৰক্তিমহঁ‌তৰ লগত খুব ভাল। ৰক্তিমে ৰুমমেট দিগন্তৰ পৰা চাধা খাবলৈ শিকিছিল, গেইট কিপাৰজনে খুব ধুনীয়াকৈ চাধা মাৰে আৰু ৰক্তিমহঁতক সদাই চিনেমা চাবলৈ গ’লে চাধা খুৱায়। চিনেমা চাই আহি ৰুমৰ তলাটো খুলিবলৈ লওঁতেই দুৱাৰৰ ভাঙি থকা এখন গ্লাছে দিগন্তৰ আঙুলি এটা কাটিলে। ৰক্তিমৰ লগে লগে এটা  আইডিয়া আহিল আৰু সিহঁতৰ চাহ খোৱা কাপ এটাতে দিগন্তৰ তেজ অলপ উলিয়াই ক’লে, “দৰ্জা বন্ধ কৰ ফটাফট বঢ়িয়া আইডিয়া এটা মনলৈ আহিছে। আঙুলিটো এতিয়া মুখত ভৰাই থ, তেজ নিজে নিজে বন্ধ হ’ব।”
তাৰ পিছত যিমান আবেগ ঢালিব পাৰি, সিমান আবেগ ঢালি দিগন্তৰ তেজেৰে সি ধানৱীলৈ এখন চিঠি লিখিলে আৰু আকৌ এইবাৰ দুটা ডায়েৰী মিল্ক আদায় কৰি মিতালি পুনৰ পত্ৰবাহক হবলৈ মান্তি হ’ল। তেজৰে লিখা চিঠিখন পাই ধানৱীৰ মনটো অলপ কুমলিল। সহজ সৰল ছোৱালী তাই। সংস্কাৰী ঘৰৰ। নিৰামিষভোজী হোৱাৰ লগতে সকলো বেয়া বস্তুৰ পৰা বহুযোজন দূৰৈত ঘৰৰ প্ৰতিজন মানুহ। চিঠিখন পোৱাৰ পাছত মিতালিৰ যোগেদি কথাৰ আদান প্ৰদান হৈ হৈ তাই ৰক্তিমক লগ কৰাৰ সন্মতি দিলে। মিতালিক জনাই দিবলৈ ক’লে যে তাই তাৰ প্ৰস্তাৱত মান্তি হোৱা বুলি ধৰি ল’ব নালাগে। মাত্ৰ দুদিনমান তাক জানিব বিচাৰিছে, পিছৰ কথা পিছত।
দেওবৰীয়া এটি আবেলি তাই তাক সেই পার্কখনতে লগ পোৱাৰ কথা দিলে। নিৰ্দিষ্ট সময়ত তাই আহিল আৰু আগৰ পৰাই ৰৈ থকা ৰক্তিমৰ লগত পার্কৰ বেঞ্চ এখনতে বহিল। ৰক্তিমে তাৰ নিজৰ বিষয়ে দুই এটা কথা কৈ তাইক ইম্প্ৰেছ কৰিবলৈ আৰম্ভ কৰিছিলহে, দেখিলে চিনেমা হলৰ গেইট কিপাৰজন সৰু ছোৱালী এজনীলৈ সিহঁতৰ ফাললৈকে আহি আছে। ৰক্তিমক দেখি তেওঁ হাঁহি এটা মাৰি ক’লে, “দাদা বহিছে? আজি মোৰ অফ, ছোৱালীজনীক অলপ পার্কত ফুৰাবলৈ আনিলোঁ। দাদা চাধা খাব?” ৰক্তিমে থতমত খাই ক’লে, “নাই নাই, নালাগে।” মানুহজন আঁতৰি যোৱাত ধানৱীয়ে সুধিলে, “কি খাব বুলি সুধিছিল তোমাক, চাধা?” ৰক্তিমে জোখতকৈ বেছি ডাঙৰকৈ হাঁহি এটা মাৰি ক’লে “হেই নহয় অ’, চা তা মানে চাহ তাহ খাব নেকি সুধিছিল।” ধানৱীয়ে অলপ আচৰিত হোৱাৰ দৰে ক’লে, “তেওঁৰ ঘৰলৈ গৈছোঁ নেকি যে, চাহৰ কথা সুধিছে।” ৰক্তিমে আন এটা কথা উলিয়াই  সেই কথাটো তল পেলালে। পঞ্চলিছ মিনিটমান কথা পাতি ধানৱী যাবলৈ ওলাল, পুনৰ আন এদিন লগ পোৱাৰ প্ৰতিশ্ৰুতি দি। বৰফ গলাৰ সম্ভাৱনাত মনে মনে ভীষণ উৎফুল্লিতহৈ ৰক্তিমো তাইৰ লগে লগে পাৰ্কৰ পৰা ওলাই আহিল। পিছে, “ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি।” বাহিৰত আকৌ লগ পালে চাধা মোহাৰি মোহাৰি ৰৈ থকা গেইট কিপাৰজনক। ৰক্তিমক দেখি বোলে,”দাদা যায়? চাধা এপালি খাই যাওক। ধুনীয়াকৈ বনাইছোঁ, চূণ কম দিছোঁ।” তাক কিবা এটা উত্তৰ দিবলৈ ধৰোঁতেই সিফালে দেখিলে ধানৱী খৰ খেদাকৈ গৈ ৰিক্সা এখনত বহিল। আৰু সেয়া যি গ’ল, বাকী কলেজৰ দিনকেইটাত এবাৰো ৰক্তিমৰ মুখলৈকো নাচালে। মিতালিক কুটুৰি থাকোতে এদিন ক’লে, লাভ নাই অ’। সেইদিনানো কি হ’ল মোক একো কোৱা নাই। মাত্ৰ কৈছে “ফাৰ্ষ্ট ইম্প্ৰেছন ইজ দ্যা লাষ্ট ইম্প্ৰেছন” আৰু তুমি হেনো নিজৰ ইম্প্ৰেছন তাইৰ আগত প্ৰথম দিনাই বৰবাদ কৰিলা।
আগলৈ নগৈ গাড়ীখন ঘূৰাই ৰক্তিমে ভাবিলে, “হামে ত’ অপনো নে লুটা, গেৰ’ মে কাহা দম থা, মেৰী কষ্টি ডুবি ৱাহা, জাহা চাধা মে ছুনা কম থা!”
☆★☆★☆

10 Comments

  • parishmita

    হাঃহাঃ বিৰাট ৰস পালো দেই পঢ়ি।

    Reply
  • ৰিণ্টু

    হয়, গেৰ’ মে কাঁ‌হা দম থা।

    বঢ়িয়া লাগিল ডাক্তৰ চাহাব

    Reply
  • হা হা চাধাই কাল হ’ল। ভাল লাগিল

    Reply
  • হেমন্ত কাকতি

    মজা লাগিল দেই ডাক্টৰ চাহাব৷

    Reply
  • অনুৰূপ মহন্ত

    হাঃ হাঃ, বেছ হাঁহিলো। বঢ়িয়া লাগিল।

    Reply
  • Mitali saharia

    মজা লাগিল ছাৰ।

    Reply
  • Partha sarathi bhuyan

    সকলোকে ধন্যবাদ জনালোঁ।

    Reply
  • মজা।

    Reply
  • ৰাজু কুমাৰ নাথ

    ভাল লাগিল চাৰ। কিছুমান মানুহৰ বন্ধুত্বই কেতিয়াবা সচাঁকৈয়ে বিপদত পেলায়।(ভুক্তভোগী)

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বৰ ৰসালকৈ লিখিছে দাদা। খুব সুন্দৰ।

    Reply

Leave a Reply

Your email address will not be published.