ফটাঢোল

ফুলমাক্স হেলমেট – মৃদুলা গগৈ

মৰিগাঁও জিলাৰ এখন ভিতৰুৱা গাঁৱৰ বিদ্যালয়ৰ মই শিক্ষয়িত্ৰী। মৰিগাঁও টাউনৰ পৰা বাছেৰে গৈ আকৌ টেম্প’ত যাব লাগে। টেম্প’ৰ চলাচল অলপ সেৰেঙা সেয়ে বিদ্যালয় সময়ত পোৱাত অসুবিধা হয়। যি কেইখন টেম্প’ সেইফালে যায় ছিটকেইটা ভৰ্তি হোৱাৰ উপৰিও নিজৰ কান্ধতো পাৰিলে এজনমানক লৈ যাম যেনহে কৰে। ইফালে সময়ত বিদ্যালয় পাবগৈ লাগে৷ এনে লাগে যেন টেম্প’ৰ ভিতৰতে দৌৰি দিম। মোৰ লগতে ওচৰৰে বিদ্যালয় এখনৰ বাইদেউ এগৰাকী প্ৰায়ে যায়৷ আমি দুয়ো একেলগে টেম্প’ৰ বাবে ৰৈ থাকোঁ যদিও বাইদেউৰ বিদ্যালয়ৰ ছাৰ এজনে প্ৰায়ে বাইদেউক বাইকত লৈ যায়। মই সেইঠাইত যোগদান কৰাও বৰ বেছি দিন হোৱা নাছিল৷ বাইদেউ বাইকত উঠি গুচি যায় মই টেম্প’ৰ বাবে ডিঙি মেলি মেলি ৰৈ থাকোঁ। মনে মনে ভাবোঁ মোকো যদি কোনোবাই বাইকত লৈ গ’ল হয়। মনে মনে ভাবি থকা কথাটো কিজানি ভগৱানে অলপকৈ শুনিলে৷ দুমাহমানৰ পিছত বাইদেউ গৰাকী বেলেগ ঠাইলৈ সলনি হ’ল। তাৰপিছৰ পৰা ছাৰজনে মোক দেখিলেও বাইক ৰখাই দিয়ে। ছাৰজনে ভালকৈয়ে জানে সেইটো ৰাস্তাত গাড়ীমটৰৰ অসুবিধাৰ কথাটো৷ ময়ো ৰৈ নাথাকি হাঁহি এটা মাৰি বাইকত উঠোঁগৈ মুঠতে স্কুল পাবগৈ লাগে৷ ছাৰজনে সদায়ে ফুলমাক্স হেলমেট পিন্ধি আহে৷ বাইকত গৈ থাকোঁতে থাকোঁতে দুই এষাৰ কথাও পাতি যাওঁ৷ অৱশ্যে সাতমিনিট মান গৈয়ে মোৰ নামিবলৈ হয়। এনেকৈয়ে ছাৰজনৰ লগতে মই প্ৰায়ে যাওঁ৷

এদিন কিবা এটা কামৰ বাবে মই জিলা প্ৰাথমিক শিক্ষা অফিচত সোমালোঁঁ৷ অফিচৰ বাৰান্দাতে মই থিয় হৈ ৰৈ আছোঁ। অলপ দূৰত এখন বেঞ্চত কেইজনমান মানুহ বহি আছে । তাৰে এজন মানুহক মোৰ খুব চিনাকি যেন লাগিছে। বাৰে বাৰে মনত পেলাইছোঁ এই মানুহজনক মই ক’ত দেখিছোঁ। এবাৰ মানুহজনৰ ফালে চাওঁ তেখেতেও মোৰ ফালে চাই অলপ মাতোঁ যেন কৰে৷ মই চকু আঁতৰাই আনো ভাবিছোঁ মই চাই থকাৰ কাৰণে কিবা সুধিব লৈছে৷ নাই মই মনত পেলাব নোৱাৰিলোঁ আৰু ক’ত দেখিছোঁ। নিজৰ ওপৰতে খং উঠিছে দুকুৰি বয়স নহওঁতেই মোৰ এই অৱস্থা হ’ল৷ আৰু কেইদিন মানৰ পিছত নামপ্লেট লগাই যে ঘূৰি ফূৰিব লাগিব খাটাং৷ কিছুসময়ৰ পিছত মানুহজনে মোৰ ওচৰলৈ আহি মাত দিলেহি। ময়ো মোৰ কৌতুহল দূৰ কৰিবলৈ লগে লগে সুধিয়ে দিলোঁ,

: আপোনাক মই ক’ত লগ পাইছোঁ বাৰু?

মানুহজনেও মোৰ মুখলৈ আচৰিত ভাবে চাই উত্তৰ দিলে,

: কিয় আপুনি দেখোন মোৰ বাইকতে স্কুললৈ যায়৷

ভাবকচোন মোৰ অৱস্থাটো। লাজত গালমুখ ৰঙা হৈ অৱস্থা নাই৷ এনেকুৱানো খাই পাত ফলা নে মই। লাজে অপমানে ক’লোঁ আৰু,

: আপুনি হেলমেটটো পিন্ধি থাকে যে৷ বেয়া নাপাব দেই।

কেইদিনমানলৈ ছাৰজনৰ বাইকত বৰ লাজে লাজেহে উঠিলোঁ।

☆★☆★☆

11 Comments

Leave a Reply

Your email address will not be published.