ফটাঢোল

ফেচবুকত মই – জীমণি গগৈ

মই সাধাৰণতে ফেচবুক খুব কমেই কৰোঁ বুলি ক’ব পাৰি। ৰাতিপুৱা আঠমান বজাত সাৰপায়েই ডাটা অন কৰি ফেচবুকটো খুলি এপাক মাৰোঁ। যি বিশ চল্লিছটা নটিফিকেচন থাকে খুলি চাওঁ। যি য’ত ৰিপ্লাই দিব লগা থাকে দিওঁ। তাৰপাছত যি দহটামান মেচেঞ্জাৰ গ্ৰুপত আছোঁ সেইকেইটাৰ আনৰিড্ মেছেজখিনি পঢ়োঁ। (অৱশ্যে মোৰ তাত বহুত বেছি নটিফিকেচন গোট খাই থাকিবলৈ নিদিওঁ। কাৰণ মই প্ৰায় ৰাতি এক দুই বজালৈকে সাৰে থাকি আলোচনা কৰা বিষয়বোৰ সামৰণি মাৰিহে শোওঁ।)

তাৰপাছতে কিন্তু মই ফেচবুক, মেচেঞ্জাৰৰ পৰা ওলাই দিওঁ। চিধাই হোৱাটচএপটোলৈ যাওঁ। প্ৰথমেই মোৰ পাৰ্চনেলৰ মেছেজ কেইটাৰ ৰিপ্লাই দিওঁ। পাৰ্চনেলত অৱশ্যে বেছি মেছেজ নাথাকে সাধাৰণতে। আঠজনমান বিশেষ লোকৰ লগতহে ‘ভেৰি পাৰ্চনেল’ কিছুমান বিষয়ৰ আদান প্ৰদান কৰোঁ। তাৰ বাহিৰে যিবোৰ মেছেজ মোৰ পাৰ্চনেলত আহে সেইবোৰ বেছিভাগেই মোৰ হোৱাটচএপ বা মেচেঞ্জাৰ গ্ৰুপবোৰত আলোচনা কৰা কাহিনীবোৰৰে উপকাহিনী মাথোঁ। মানে এই ধৰক মোক লাইক কমেণ্ট্ নকৰা কাৰোবাৰ বিষয়ে “পৰচৰ্চা কেন্দ্ৰ” নামৰ মেচেঞ্জাৰ গ্রুপটোত মই এনেকৈ ক’লো-

“এম.. কাশ্যপৰ লেটেষ্ট কেলেংকাৰীটো গম পাই নে নাই ৰাইজ?” লগেই লগেই আহাৰমহীয়া কাটি থোৱা আম একাঁহী দেখি জিভা পানী গিলি গোটেইজাক উবুৰি খাই পৰাদি পৰেহি।

“নাপাওঁ নহয় ; ক না, ক না”/ ” মহন্তৰ লগত লিলিমাই নেকি বাৰু?” / “হেঁ! সেইজনাৰো খেলেং মেলেং নেকি তাৰমানে? লিখেচোন বৰ বৰ কথা।”/
” মই অলপ অনুমান কৰিছিলোঁ, গহীন টাইপ মানুহবোৰ ভিতৰি এনেকুৱাই হয়।” – ইত্যাদি মেছেজৰ হেঁটাওপৰা লাগে।

তেনেকুৱাতে মোৰ মনে মনে অবাক হোৱাৰ পাল পৰে। আৰে! মইতো এনেই মনে সজা কেলেংকাৰী এটা ৰচনা কৰি কাশ্যপৰ ইমপ্ৰেছন বেয়া কৰিবলৈ বুলিহে কথাটো উলিয়াইছিলোঁ। ইহঁতবোৰেচোন মোতকৈ বেছিহে জানে!

“আৰে ক না ভাই, চাচপেন্স্ কিয় ক্ৰিয়েট কৰ”-কোনোবা এটাই চাচপেন্স্ সহিব নোৱাৰি আস্ফালন কৰে। মানে লিখিত আস্ফালন আৰু।

-“বাদ দে, বাদ দে, তহঁতে নাজান যদি নকওঁ পায়! কেনেবাকৈ মই উলিয়াই ফুৰিছোঁ বুলি গম পালে বৰ ডাঙৰ কথা হ’ব ।” – মই ঠিক এনেকুৱা কিবা এষাৰ লিখি “পৰচৰ্চা কেন্দ্ৰ”ৰ সদস্য সকলৰ উৎকণ্ঠা দুগুণে বঢ়াই তোলাৰ পাছতে এই মই ওপৰত কোৱা “উপকাহিনী”বোৰৰ সৃষ্টি হয়। পৰচৰ্চ্চা কেন্দ্ৰৰ প্ৰায়বোৰৰেই পৰা মোৰ পাৰ্চনেলত ডৰাডৰে মেছেজ আহিবলৈ ধৰে। মেছেজবোৰৰ শেষৰ বাক্যটো কিন্তু চবৰে একেটাই হয় – “ক না, কাশ্যপৰ কাৰ লগত লিলিমাই? মই কাকো নকওঁ বাৰু।”

ময়ো যিমান পাৰি পাঁচফোৰণ সানি কাহিনী এটা সজাই পৰিবেশন কৰোঁ। লগতে কিন্তু এইটোও ক’বলৈ নাপাহৰোঁ যে -“মই কোৱা কথা নহয় কিন্তু দেই। ময়ো শুনিছোঁহে বেলেগৰ পৰা।” ঠিক সেইমুহূৰ্ততে যদি “বেলেগৰ পৰা মানে? বেলেগ কোন?” বুলি যদি সোধে মই ফান্দত পৰি যাওঁ। কিন্তু সিফালৰ গৰাকীৰ সিমানখিনি ধৈর্য নাথাকে। “কাকো নকওঁ” বুলি শপত খাই মোৰ পৰা শুনা কাহিনীটো অন্য এটা গ্ৰুপত গৈ তপতে তপতে “গ্ৰেনেড্” হিচাপে নিক্ষেপ কৰিবলৈ উধাও হয়।

অঁ মই ক’ব গৈছিলোঁ যে মই সাধাৰণতে ফেচবুক খুব কমেই কৰোঁ বুলি ক’ব পাৰি..। এই যে মই ক’লো ৰাতিপুৱা চকু মেলিয়ে ডাটা অন কৰি ফেচবুক আৰু হোৱাটচএপত চকু ফুৰাওঁ.. সেই কামটো কৰিবলৈ মোৰ আধা ঘন্টা ..খুব বেছি এক ডেৰঘণ্টামান লাগে। তাৰপাছত কিন্তু মই মবাইলৰ লগত লাগি নাথাকোঁ। আৰামছে বিছনাৰ পৰা উঠোঁ। চাহ নাস্তা কৰোঁ। অলপ জগিং টগিং কৰোঁ। ফিটনেছ্ জৰুৰী। নহ’লে যিমান জোৰকৈ উশাহটো ভিতৰলৈ টানি নলওঁ কিয় ফটোবোৰত পেটৰ বৰ্দ্ধিতাৱস্থা ধৰা নপৰাকৈ ৰখা টান হৈ পৰে। তদুপৰি জগিং কৰি থাকোঁতে তোলা ফটো একোখন আপলোড্ কৰিব পাৰিলে “তেওঁ যে স্বাস্হ্য সম্পৰ্কে কিমান সচেতন ভাই!” জাতীয় ইমেজ্ এটাও ক্ৰিয়েট কৰিব পাৰি। বহুত দিশ থাকে আচলতে এইবোৰ কথাৰ..।

গা পা ধুৱাৰ আগতে মই অলপ সময়ৰ বাবে এই ধৰক মাত্ৰ এক ঘণ্টামানৰ কাৰণে ডাটা অন কৰোঁ। ফেচবুকটো খোলোঁ। কিবা বিতৰ্কিত আপডেট আছে নেকি অলপ ইফাল সিফাল কৰি চাওঁ। যদি তেনেকুৱা একো নাপাওঁ মনটো কিবা কেলেং মেলেং লাগে। তেনেকুৱা হ’লে মই নিজে অলপ মাথা মাৰি কাৰোবাক খোচ্ এটা মাৰি বা কাৰোবাৰ একান্ত ব্যক্তিগত বিষয় একোটা লৈ সস্তীয়া ইংগিতপূৰ্ণ আপডেট্ একোটা দি দিওঁ। মই সাধাৰণতে আনৰ বিতৰ্কিত আপডেটবোৰৰ মূল বিষয়টোৰ গভীৰলৈ নাযাওঁ বা যাবলৈ ইচ্ছা নাযায়। মাত্ৰ আপডেটটোৰ মূল বিষয়টো তল পেলাই , অধিক জটিলতাৰ সৃষ্টি কৰিব পৰা কমেণ্ট্ এটা এৰো। এনেকুৱা হ’লে তাৰপাছৰ একঘণ্টাৰ সময় সীমাটোয়ে কেতিয়াবা দুই আঢ়ৈ ঘণ্টাও অতিক্ৰম কৰে। তাৰ পাছত কিন্তু মই বেছ্ কিছু সময়লৈ ম’বাইল হাতত নলওঁ। গা পা ধুওঁ। টিপ্ টপ্ গৰম গৰম ভাতকেইটা খাওঁ। এপাক ওলাই যাওঁ….।

মই সাধাৰণতে অত্ তত্ মোৰ বদনাম গায় ফুৰা সোপাৰ বাহিৰে বাকী চবতে লাইক্ দি যাওঁ এফালৰ পৰা। কমেণ্ট্ কৰাতো মই এলাহ নকৰোঁ। বিতৰ্কিত কমেণ্ট্ দিব লগা হ’লে অলপ মাথা মাৰোঁ , বাকী ফটোবোৰত দিবলৈ “সুন্দৰ” “Nice” এই দুটা কমেণ্ট্ মোৰ খুব প্রিয়। প্ৰথম কথা- সময় কম লাগে, দ্বিতীয়তে চিন্তা নকৰাকৈ লিখি দিব পাৰি। বিশেষকৈ এই “সুন্দৰ” বুলি দিয়া কমেণ্টটো কিন্তু সঁচাই বৰ বিৰাট ভাল লাগে মোৰ। জাবৰা পোষ্টতো পুটুককৈ “সুন্দৰ” বুলি লিখি দিব পাৰি আকৌ তত্বগধুৰ কিবা ভাল পোষ্টতো দিব পাৰি। অৱশ্যে তত্বগধুৰ বা ভাল দীঘলীয়া আপডেটবোৰ মই ভুলতেও পঢ়ি নাচাওঁ। ইমান সময় মোৰ হাতত নাথাকে। গতিকে দীঘলীয়া পোষ্ট একোটাতো আপলোড্ কৰাৰ এক মিনিটৰ ভিতৰতে মই “সুন্দৰ” বুলি পুটুককৈ কমেণ্ট্ কৰি দিওঁ।

বাকী থাকিল ফটোৰ কথাটো। মই কিন্তু ফটোত কেৱল “Nice” বুলি কমেণ্ট্ কৰি লাইক্ এটা দি থওঁ তেনে নহয়। কাৰ কোনখন ফটোত কোনে কি ৰিয়েকচন দিলে মই খুব এটেনটিভলি মন কৰোঁ। দৰকাৰ হ’লে খিচিক্ কৈ স্ক্ৰীনশ্বট্ এটাও লৈ থওঁ। স্ক্ৰীনশ্বট্ বুলোঁতে মনলৈ আহিছে- মোৰ যে মেচেঞ্জাৰ আৰু হোৱাটচএপ গ্ৰুপ কেইটাৰ কথা কৈছিলোঁ আচলতে সেইকেইটাত আলোচনা হোৱা কথাবোৰৰ স্ক্ৰীনশ্বট্ লৈ লৈ ইটোৰ কথা সিটোত বিলাই ফুৰোঁতে অহ্ কিবা বোলেনে আলোচনা কৰি থাকিবলৈকে সময়ে নাটে। কিছুমান মানুহে ফেচবুকত ইমান দীঘলীয়া দীঘলীয়া আপডেট লিখি, পঢ়ি ইমান বিশ্লেষণ কৰি কৰি কমেণ্ট্ দিবলৈ কেনেকৈ যে সময় পায়!! আচৰিত দেই!!!

☆★☆★☆

4 Comments

  • Anonymous

    ভাল লাগিল জীমনী বা। ।নাইচ আৰু সুন্দৰ দেই।

    Reply
  • গীতিকা শইকীয়া

    হায়! হায়! কি লিখিলা অ’ এইটো? প্ৰায় সকলোৰে ইচাট-বিচাট যে লাগিব খাটাং…… অলপ ৰ’বা দেই, ময়ো দুটামান আপডেট চাই দৰকাৰ হ’লে স্ক্ৰীণশ্বট লৈ লওঁগৈ!

    Reply

Leave a Reply

Your email address will not be published.