ফটাঢোল

ফেচবুকৰ কুশলাৰ্থে বোলা জয় হৰি – কৌস্তুভমণি শইকীয়া দত্ত

দয়াময় দয়াৰ সাগৰ
মুদৈ বাপৰ পৰা নাই নজৰ
উঠাহেঁতেন তেৰাৰ বাছনিত
ফেচবুকৰ নাম হ’লহেঁতেন
মুক্ত পৰচৰ্চা আঁচনি ।

 

 

পুৱাই হঠাতে পালোঁ নটিফিকেচন
দহজনৰ জন্মদিন বুলি কৰিছে মেনচন
উইচ কৰাৰ সময় নাপালোঁ বিফ’ৰহেণ্ড
তিনিজনে ফটাফট কৰিলে আনফ্ৰেণ্ড।

 

আলফুলীয়া কপৌফুল
ফেচবুকত নুফুলিলে
হ’ব ডাঙৰ ভুল
মুগা ৰিহা পিন্ধিলোঁ
জেতুকাও লগালোঁ
ওৱান কে’ লাইক খাটাং কৰি
খোপাত গুজি ল’লো ফুল।

 

নোতোলা যদি ফটো মোৰ
টিকাত শোধাম তিনি গোৰ
তাতকৈ ডি এচ এল আৰ আনি
হেপাঁহ কৰাহি পূৰ।

 

কৃপাময় কৃপাৰ সাগৰ
ফটো আপলোড কৰাত কিহৰ ভাগৰ
ফটো তুলি দিবাই দিবা
বাৰীত লাগিলে আমেই বা অমিতা
ফটোৰ লগত দিবা
চুৰ কৰা এটা কবিতা ।

☆★☆★☆

Leave a Reply

Your email address will not be published.