ফটাঢোল

ফেদুৱাবুঢ়া পুৰাণ – অনুৰূপ মহন্ত

(১)
ফেদুৱা বুঢ়া ঘৰৰ কাষৰে মুহীৰামৰ লগত গাঁৱৰ এঘৰত নাম গাবলৈ গ’ল৷ নিমন্ত্ৰণ মতে বুঢ়াই নাম গাব আৰু মুহিৰামে পাঠ পঢ়িব৷ বয়স বঢ়াৰ লগে লগে বুঢ়াৰ আজি কালি দৃষ্টি শক্তি আৰু স্মৃতি শক্তি দুইটাই কমি আহিছে, সেয়ে নাম ললে বিতচকুযোৰ লগাই কীৰ্তনখন চাই চাই হে নাম লগাব পাৰে৷ পিছে লেঠা লাগিল তাতেই৷ বুঢ়াৰ বিতচকুযোৰ খটাসুৰ নাতি টোৱে পেলাই ভাঙিলে৷ সদায় নাম লৈ থকা মানুহ জনৰো নাম মুখস্থ নাই বুলি গম পালে গাঁৱৰ মানুহৰ আগত এতিয়া বুঢ়াই কমখন লাজ পাবনে বাৰু! সেয়ে নাতিয়েককে গালি শপনি পাৰি পাৰি বুঢ়া ওলাই গৈছে ঘৰৰ পৰা৷ বুঢ়াই মুহীৰামক বন্দৱস্ত কৰি নিছে নাম লৈ থাকোতে মাজতে যদি তেওঁ কেনেবাকৈ পদ পাহৰি যায়, মুহীৰামে যাতে পাছৰখিনি চম্ভালি লয়৷

যথা সময়ত সকলো নামত বহিল৷ প্ৰথম কীৰ্তন ভাগ ভালে ভালেই পাৰ হৈ গ’ল৷ দ্বিতীয় ভাগ আছিল ’এ প্ৰাণ হৰি গৈলা এৰি’৷ প্ৰথমখিনি ঠিকেই গ’ল, পিছে মাজতে বুঢ়াই পদ পাহৰিলে৷ বহুত চেষ্টা কৰিছে, কিন্তু মনত নপৰে হে নপৰে৷ সমাজৰ আগত লাজ পাম বুলি বুঢ়াই সেয়ে আনে নুবুজাকৈ সুৰ মিলাই গাবলৈ ধৰিলে,
“ধৰা ধৰা মীনাৰ বাপেক
পদ পাহৰিলো এ,
এ প্ৰাণ হৰি গৈলা এৰি“

ইফালে মীনাৰ বাপেক মুহীৰামে টোপনিয়াই আছে, তেখেতে মাত দিয়া নাই৷ বুঢ়াই একেটাকে আকৌ গালে-
“ধৰা ধৰা মীনাৰ বাপেক
পদ পাহৰিলো এ,
এ প্ৰাণ হৰি গৈলা এৰি“

এইবাৰ যেনিবা মুহীৰাম খকৰ মকৰ কৈ সাৰ পালে৷ কিন্তু টোপনিয়াই থকাৰ বাবে বুঢ়াই নো কোনটো পদ পাহৰিলে তেওঁ ও ধৰিব নোৱাৰিলে৷

সেয়ে উপাই নাপাই মুহীৰামে ও বুদ্ধি কৰি বুঢ়াৰ লগতে সুৰ মিলাই গাই দিলে-

“এ যেনে তেনে হওক আৰু
ঘোষিয়েই থওক
এ প্ৰাণ হৰি গৈলা এৰি৷ ৷ “

হোজা ভকত সকলেও যেনিবা কোনেও বুঢ়া আৰু মুহীৰামৰ বুদ্ধি ধৰিব নোৱাৰিলে৷ এইবাৰলে বুঢ়া যেনে তেনে সাৰিল৷
(২)
ফেদুৱা বুঢ়াৰ অসন্তোষৰ অন্ত নাই৷ সকলোতে খালি বুঢ়াই অসন্তোষেই কৰি থাকে৷ গাঁৱৰ সকলো বিয়া সবাহত বুঢ়াই নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ যাওঁতেও যায়, ইফালে চাহত কেতিয়াবা চেনি কম হ’ল, কেতিয়াবা গাখীৰ কম হল, কেতিয়াবা আকৌ চাহ চেঁচা হে হ’ল বুলি অসন্তোষ কৰিবলৈও কেতিয়াও নেৰে৷
তেওঁৰ এইবিলাক অসন্তোষ দেখি দেখি গৃহস্থইও বৰ আমনি পায়৷ তথাপিও গাঁৱৰ বয়সস্থ লোক বুলি বুঢ়াক কোনেও একো বেয়া কৈ নকয়৷

এদিন বুঢ়া গাঁৱৰ নাম ঘৰৰ বৰ সবাহ খাবলৈ গ’ল৷ বুঢ়াই অসন্তোষ কৰিব বুলিয়েই বিলনীয়া দেউৰী জনে বুঢ়াক আথে বেথে ধুনীয়া কৈ চাহ পানী এবাটি দিলেহি৷ পিছে বুঢ়াই কলেই নহয় বোলে “চাহৰ চেঁচা আৰু মাছৰ কেঁচা অমুকাৰ নচলে৷ বেলেগ কৈ দিয়া৷”

দেউৰী জনে সকলোকে চাহ দিছে, কোনেও কোৱা নাই চেঁচা বুলি, বুঢ়াই হে আকৌ চেঁচা পালে৷

তথাপি দেউৰী জনে আকৌ নতুন কৈ বনোৱা গৰম চাহ এবাটি আনি বুঢ়াক দিলেহি৷

পিছে সেইবাৰো একেই৷ বুঢ়াই আকৌ চেঁচা পালে চাহ বাটি৷

এইবাৰ দেউৰী জনৰ খং উঠিল৷ তথাপি বুঢ়াক একো নকৈ ভিতৰলৈ গৈ চাহ সিজাই থকা ডাঙৰ চচপেনটোত কাঁহৰ বাটিটোকেই সিজাই দিলে আৰু সেই বাটিতে বুঢ়াক চাহ বাকি দিলেহি৷

এইবাৰ বুঢ়াই বাটিটো চুইয়েই জাপ মাৰি দিলে, বোলে বাঃ এইয়া হে গৰম চাহ৷ এনেকুৱা গৰম চাহ খাইহে তৃপ্তি লাগে৷

একো অসন্তোষ নকৰাকৈ বুঢ়াই চাহ বাটি বৰ তৃপ্তিৰে খালে৷
(৩)
ফেদুৱা বুঢ়াৰ নাতিটো বৰ অঘাইতং বুলি আগতেই কৈছোৱেই৷ অনবৰতে খালি উৎপাত কৰি গোটেই গাঁওখন টিঘিল ঘিলাই ফুৰে৷ গাঁৱত এনেকুৱা এঘৰ মানুহ নাই, যাৰ ঘৰৰ বাৰীৰ আম, জামু, লিচুৰ সি মনে মনে সোৱাদ লৈ পোৱা নাই৷ সকলোৰে মুখতেই খালি তাৰেই আপত্তি৷ ফেদুৱা বুঢ়াক সকলোৱে সন্মান কৰে বাবে তেওঁৰ নাতি বুলি প্ৰতি বাৰেই সি সাৰি যায়৷ তথাপি মানুহ বিলাকে প্ৰায়েই আহি বুঢ়াক আপত্তি দিয়েহি৷ উৎপাতৰ বাবেই ঘৰতেই হওক বা স্কুলতেই হওক, কিমান বাৰ যে সি গালি খাইছে, চেকণীৰ কোব খাই তাৰ পিঠি দবলা দবল হৈছে তাৰ ঠিকনা নাই৷ তথাপি ল’ৰাটোৰ লাজ নাই৷ তাৰ মতে বতৰৰ ফল যদি বতৰত আমিয়েই নাখাওঁ, তেন্তে কি বাদুলী, চৰায়ে খালে ভাল পাব নেকি মানুহ বোৰে!

দুদিনমান সি স্কুললৈ যোৱা নাই, ধিতিঙালী কৰি ফুৰিছে৷ বুঢ়া আৰু ল’ৰাৰ মাকেও কৈ কৈ তাক স্কুললৈ পঠিয়াব পৰা নাই৷ তৃতীয় দিনা স্কুলৰ হৰেশ্বৰ মাষ্টৰ আহিল বুঢ়াহঁতৰ ঘৰলৈ৷ ল’ৰাৰ মাকে মাষ্টৰক আগ ফালে চোতালতে চকীখন পাৰি বহুৱাইছে৷ বুঢ়া আছিল ঘৰৰ পাছফালে৷ নাতিটো ও মনে মনে আহি ককাকৰ ওচৰ পালেহি৷ ককাকে ইতিমধ্যে গম পাইছেই আগফালে মাষ্টৰ আহিছে বুলি৷ সেই বাবে বুঢ়াই নাতিক কলে, “স্কুললৈ নোযোৱাকৈ এইকেইদিন পলাই ফুৰিছিলি নহয়, পাবি এতিয়া মজ্জা৷ এতিয়া পাছফালে লুকাইও ৰক্ষা নাপাবি ৰহ!”

নাতিটোৱে বোলে “ককা, তই হে লুকাই থাক দেই পাছফালে৷ মই হৰেনৰ আগত কৈ পঠাইছিলোঁ তই মৰিলি বুলি৷ সেই বাবেহে স্কুললৈ যোৱা নাই বুলি কবলৈ দিছিলোঁ তাক৷ এতিয়া চাৰে তাৰেই খবৰ লবলৈ আহিছে হবলা৷”

বুঢ়াই ওচৰতে পৰি থকা ফলা খৰি এডালকে বুটলি লৈ নাতিক খেদি গ’ল, বোলে স্কুললৈ নগৈ মোকেই মাৰিলে ঐ এই মাউৰত মৰাটোৱে৷নাতিটো ও ইতিমধ্যে পলাই আনটো চুবুৰী পালেগৈ৷
(৪)
ফেদুৱা বুঢ়া আকৌ শিৱ বাবাৰো বৰ ভক্ত। ঘৰতে দিনটোত চাৰি পাঁচ বাৰ মহাদেৱৰ সেৱা পূজা কৰাৰ পাছত প্ৰসাদ কণ গ্ৰহণ কৰে। লগৰ কেইজনেও ভঁৰালৰ কাষতে ঢৰা পীৰা যিহতে পাই তাতেই বহি বুঢ়াৰ লগতে প্ৰসাদৰ ভাগ লয় আৰু ভগৱানৰ লীলাৰ বিষয়ে গভীৰ আলোচনাত মগ্ন হয়।

বুঢ়াই ভঁৰালৰ কাষতে মানে বাৰীৰ ঢাপতে কেইবাজোপা প্ৰসাদৰ গছো ৰুই লৈছে, নহলে প্ৰসাদ কণ গ্ৰহন কৰিবলৈ নাপালে যে শিৱ বাবাই বেয়া পাব!বুঢ়া আৰু সৰু নাতি পোৱালীটোৰ কিবা নহয় কিবা এটা খুত খাত লাগিয়েই থাকে সদায়। ঘৰৰ মানুহেও সেই বাবে ইমান গুৰুত্ব নিদিয়ে।সেই দিনা চোতালত আৰামী চকী খনত বহি থকাৰ পৰাই বুঢ়াই অঘাইতং নাতি পোৱালীটোক চিঞৰ লগাইছে,”ভাং ভাং ভাং হেৰৌ নাভাঙিবি”।
অকণমান ৰৈ আকৌ চিঞঁৰিছে
“ভাং ভাং ভাং হেৰৌ নাভাঙিবি”।
ইফালে নাতিয়ে বুঢ়াৰ কথা শুনাই নাই। বুঢ়াইও চিঞৰিয়ে আছে।বুঢ়াৰ চিঞৰ শুনি বোৱাৰীয়েকে বুঢ়া আৰু নাতিৰ নো কি লাগিছে চাবলৈ বুলি চোতাললৈ ওলাই আহিল।
বোৱাৰীয়েকে বোলে “দেউতাই যে কি কৈ আছে, আপুনি কোৱা মতে নাতিয়ে এতিয়া ভাঙিবই নে নাভাঙিব!”

বুঢ়া গৰজি উঠিল বোৱাৰীৰ ওপৰতে। বুঢ়াই বোলে “হেৰৌ মৰতী, বাঘৰ আগ তেল খোৱা পুতেৰক চম্ভালিব পৰা নাই, মোক কবলৈ আহিছ! দেখা নাই তোৰ পুতেৰে মোৰ আটাই কেইজোপা ভাং গছ ভাঙি শেষ কৰিছে কেনেকৈ। এতিয়া বাৰু মই বাবাৰ প্ৰসাদ কণ ক’ৰ পৰা যোগাৰ কৰিম।”
তেতিয়াহে বোৱাৰীয়ে বুজি পালে বুঢ়াৰ কথাৰ ৰহস্য।
(৫)
ফেদুৱা বুঢ়াৰ বয়সো বহু খিনি হ’লহি। যোৱা মাঘৰ পূৰ্ণিমাত বোলে চাৰি কুৰি পাঁচ বছৰ পাৰ কৰিলে। এতিয়া নাম গুণ লৈ ঘৰতে শুই বহি দিন পাৰ কৰে।কেইদিন মানৰ পৰা পিছে বুঢ়াৰ গা অলপ বেছিকৈয়ে বেয়া হৈছে। মানে একেবাৰে যোৱা থোৱা অৱস্থা। গাঁৱৰ ল’ৰাহঁতে বুঢ়াৰ ঘৰত পৰ দিছে। বুঢ়া কেতিয়া সিফলিয়া হয় ঠিকনা নাই। ইমান সোপা ডেকা লৰাই নো কিমান কথাৰে আড্ডা মাৰিব! এটাই “তাছ” এজাপকে আনি উলিয়ালেহি। সকলোৱে মিলি বুঢ়া শুই থকা কোঠাটোৰ কাষৰ কোঠাত বহি “টুৱেন্টি নাইন” খেলাত ব্যস্ত। খেলৰ নিয়ম মতে এটা এটাকৈ চবেই কৈ গৈছে ওঠৰ, পোন্ধৰ, ষোল্ল….. তেনেকুৱাতে বুঢ়াইও কাষৰ কোঠাৰ পৰা কয় “বিছ” “বিছ”!
সকলো অবাক, আৰে মৰিবলৈ ধৰা বুঢ়াইও কৈছে যে!বুঢ়া ডেকা কালত তাছ খেলৰ যম আছিল বুলি সকলোৱে জানিছিল। সেয়ে ভাবিছে বুঢ়াই চাগে ডেকাহঁতৰ মাত শুনি শুনি সপোনতে কৈছে নেকি!পিছে বুঢ়াৰ পুতেকে বুঢ়াৰ কোঠাত সোমাই গৈ হে ৰহস্যটো উদ্ঘাটন কৰিলে। আচলতে বুঢ়াৰ গৰম হে লাগিছিল। বুঢ়াৰ বিচনাৰ কাষতে বিচনী খন লৈ টোপনিয়াই থকা বুঢ়াৰ বোৱাৰীকহে বুঢ়াই কৈ আছিল, বিচ, বিচ।

☆★☆★☆

12 Comments

  • ৰাজদ্বীপ বৰা

    বঢ়িয়া ৷ ইমান ৰসাল বৰ্ণনা !

    Reply
  • বৰ ৰস পালোঁ। খেদুৱা বুঢ়াৰ লটিঘটিখনে আমোদ দিলে, নাতিও একদম বাখৰগুটি।

    Reply
  • ফেদুৱা বুঢ়াৰ লটিঘটিখনে বৰ আমোদ দিলে। নাতিও একদম বাখৰগুটি।

    Reply
  • হাঃ হাঃ ককাক চাই নাতিনী, নাতিনীয়েকে ঠিকেই কৈছে আম, জাম কঁঠাল এইবোৰ সিহঁতে নাখায় কোনে খাব। ৰসাল বৰ্ণনা, বহুত ভাল লাগিল।

    Reply
  • Mridula Gogoi

    বৰ ভাল লাগিল

    Reply
  • Rintumoni Dutta

    আকৌ এবাৰ পঢ়িলো, বৰ্ণনাশৈলী খুব ৰসাল। ভাল লাগিল

    Reply
  • Mousumi

    ধুনীয়া লিখা দেই! ভাল লাগিল অনুৰূপ.

    Reply
  • অনুৰূপ মহন্ত

    সকলো লৈকে অশেষ ধন্যবাদ। আপোনালোকৰ উৎসাহতেই কিবা এটা লিখিবলৈ চেষ্টা কৰো। ভাল পোৱা বুলি জানিলে বৰ ভাল লাগে।

    Reply
  • মৃদুল শইকীয়া

    আগতে পঢ়িছিলো যদিও পুনৰ পঢ়িলো৷ ভাল লাগিল৷

    Reply
  • Mousumi gogoi

    আকৌ এবাৰ সোৱাদ ললো ।

    Reply
  • Mousumi gogoi

    আকৌ এবাৰ সোৱাদ ললো।

    Reply
  • মন্দিৰা শৰ্ম্মা

    ৰসাল বৰ্ণনা। ভাল লাগিল ফেদুৱা বুঢ়াৰ কাহিনী।

    Reply

Leave a Reply

Your email address will not be published.