ফটাঢোল

ফেশ্ব্যন – মিনতি মহন্ত

অ’ মা , নতুন পেন্টটোৰে সৈতে বাকী কেইটা কাপোৰ মেছিনতে ভৰাই থৈছোঁ, ধুই থ’বাচোন! কাইলৈ জৰুৰী এঠাইলৈ যাব লগীয়া আছে, এই বুলি কৈ চিন্ময়ে ঘৰৰ পৰা ওলাই গ’ল। মাকে ল’ৰাটোৰ চঞ্চলতাবোৰ কেতিয়ানো আঁতৰিব বুলি মেছিনত ভৰাই থোৱা কাপোৰখিনি ধুবলৈ বুলি পানী ভৰাই চাৰ্ফ এগাল দিলে। অলপ পাছতে মেছিনে ঘোট ঘোট কৰি চলিবলৈ লাগিল। সেইকণ সময়তে পাকঘৰত ভাত ৰান্ধিবৰ বাবে যোগাৰ কৰি থৈ আহিল। যি হে ল’ৰা আহি পাইয়ে ভাত খাবলৈহে বিচাৰিব। কেতিয়াকৈনো ল’ৰাটোৱে বুজি পোৱা হব! চৰকাৰী চাকৰিটোত সোমোৱা বেছিদিন হোৱা নাই। যি কামত লাগে দেহেকেহে লগা বাবে তাক সকলোৱে মৰম কৰে। সি দেখিবলৈ কম ধুনীয়াটো নহয়! মাকে মনতে থুই থুই কৰি মুখ নালাগিবলৈ থুই দুটোপা পেলালে।

কাপোৰখিনি হয় মানে ভাত কেইটা , ডাইলখন হৈ গ’ল। সি আহিলে গৰমে গৰমে ভাঙন মাছ ভাজি দিব, হৈ যাব মাক-পুতেকৰ, বোৱাৰী আৰু নাতি ঘৰত নাই বাবে বেছি চিন্তা কৰিব লগা নাই। খোৱা-বোৱাত চিন্ময়ৰ একো আপত্তি নাই। যেনেকৈ দিলেও বেয়া হৈছে নাখাওঁ বুলি নকয়। “হাঁহেৰেও ৰাজী, মাহেৰেও ৰাজী।” মাছকেইটাত নিমখ, হালধী আৰু অকণমান জিৰাগুৰি সানি ঢাকি থৈ মাকে কাপোৰকেইটা মেলি দিবলৈ বাহিৰলৈ লৈ গ’ল। গেঞ্জী, গামোচা, চাৰ্ট দুটা, দীঘল পেণ্ট দুটা মেলি দিলে। তিনি নম্বৰ দীঘল পেণ্টটো মেলিবলৈ লৈ চকু কপালত উঠিল ………… আঐ, কালি কিনি অনা নতুন পেণ্টটো কোনে দা ৰে কাটিলে অ’! দেহি ঐ ল’ৰাটোৱে কেনেকৈ পিন্ধিব এতিয়া। ঔ আই — দুয়োটা ঠেঙতে কটা দেখোন! কি কৰিম এতিয়া! অলপ শুকোৱাৰ পাছত সি অহাৰ আগতে ভালকৈ চিলাই থ’ব লাগিব। মাকৰ মনতো বৰ বেয়া লাগিল।

ভিতৰলৈ আহি পেণ্টটোৰ ৰঙৰ লগত মিলাই গুলি সূতা বিচাৰি উলিয়ালে। মিহি বেজি এটাত সূতা ভৰাই ৰ’দতে বহি চিলাবলৈ গ’ল। বৰ কষ্টৰে গোটেই ফটাবোৰ মিহি মিহিকৈ চিলাইহে অকনমান শান্তি পালে। পুনৰ আধা শুকুৱা পেণ্টটো ৰ’দত মেলি দিলে।
অলপ পাছত চিন্ময় আহি পোৱাত গৰমে গৰমে মাছ ভাজি দুয়োজনে তৃপ্তিৰে খালে। মাকে ভয়তে ফটা পেণ্টটোৰ কথা এবাৰো পুতেকক নক’লে। যেতিয়া শুকালে ভালকৈ জাপি তাৰ আলমাৰিটোত ভৰাই থ’লেহি।

পাছদিনা বন্ধৰ দিন থকা বাবে ৰাতিপুৱাই চিন্ময়ে লগৰ ল’ৰাৰ লগত ক’ৰবাত যোৱাৰ কথা। মাকক দুপৰীয়া ভাত খাবলৈ নহাৰ কথাও ক’লে। চাহ জলপান খাইয়ে যাবলৈ ওলাল। নতুন পেণ্টটো পিন্ধিবৰ বাবে যেতিয়া উলিয়াই আনিলে সি চিঞৰি উঠিল, কিয় পেণ্টটো চিলালা মা, বুলি মাকক খং কৰিলে। মাকে নতুন পেণ্টটো কোনেনো কাটিলে জানো! মই কোনোমতেহে মিলাই থৈছোঁ। পিন্ধিব পাৰ নে নোৱাৰ নাজানো। চিন্ময়ে মাকে চিলাই থোৱা চিলনিবোৰ এটা এটাকৈ এৰুৱাই ক’লে —- তুমি বৰ আঁকৰি হৈ আছা মা। আজিকালি এইটো ফেশ্ব্যন বুজিছা। মই তিতাবৰত বিছাৰি নেপাই গোটেই যোৰহাট ঘূৰি কোনোমতে এখন দোকানত পালোগৈ বুলিহে। তুমি আক’ চিলাই পেলাইছা। আজিকালি অকল ল’ৰাইয়ে নিপিন্ধে, ছোৱালীয়েও এনেকুৱা পেণ্ট পিন্ধে বুজিছা। মান্ধাতা যুগৰ পৰা বাহিৰলৈ ওলাই আহা মা; মাকে হাঁআআআ (বুলি বেহুচ নোহোৱাকৈ কোনোমতে নাতিয়েকৰ গাত ধৰি শিল পৰা কপৌৰ দৰে থিয় হৈ ৰ’ল)।

☆★☆★☆

3 Comments

  • Anurup Mahanta

    ভাল লাগিল

    Reply
  • কাবেৰী মহন্ত

    বঢ়িয়া দেই ৷

    Reply
  • জয়ন্ত দাস

    হয়৷ আজিকালিৰ ফেচন৷ ভাল লাগিল৷

    Reply

Leave a Reply

Your email address will not be published.