ফটাঢোল

বকুলি জেঠাইৰ গুৱাহাটী অভিজ্ঞতা – মৃদুলা গগৈ

শাওণ মাহৰ প্ৰখৰ ৰ’দ। ফেনৰ বতাহো গাত নালাগে। গছৰ তলত বহি থাকিলেহে গাটো শাঁত পৰে। দুপৰীয়া ভাত পানী খাই গছৰ তলতে চুবুৰিটোৰ প্ৰায়বোৰে বহি কথাৰ মহলা মাৰে। পুৰুষসকল এফালে আৰু মহিলাসকল আনফালে। তামোল-পাণৰ লগতে কেতিয়াবা কঁঠাল, তিয়ঁহ, আনাৰসো ভোগ কৰিবলৈ পোৱা যায়। লগে ভাগে খোৱাৰ আমেজেই বেলগ দিয়কচোন। সেইদিনা আকৌ কোনোবা এজনীয়ে তিয়ঁহ উলিয়ালেহি। এজনীয়ে কটাৰীখন লৈ জাঁপ মাৰি খালটো পাৰহৈ কলপাত এখন আনি তিয়ঁহ কাটিবলৈ আৰম্ভ কৰিলে। ঘৰখনৰ পৰা কোনোদিনে বাহিৰ নোহোৱা বকুলি জেঠাইও সেইদিনাৰ মেলখনত উপস্থিত আছিল। কোনোদিনে নহা বকুলি জেঠাইক দেখি সকলোৱে কিবা এষাৰ কৈছে –

“আও, আজি দেখোন হাইঠা মাটিত পৰিল।”

কোনোবা এজনীয়ে বোলে-

“ঐ তোৰ ঘৰটো কোনোবাই নিয়ে বা হেৰৌ৷ তই যে উলাই আহিলি।”

কোনোবা এজনীয়ে আকৌ বোলে-

“কিয়নো তাইক কৈ আছ হেৰৌ৷ ( নিজৰ মূঢ়াটো এৰি দি ) বহ ইয়াতে বহ।”

বকুলি জেঠাই অহাৰো কাৰণ আছে। যোৱা সপ্তাহত তেওঁ গুৱাহাটীত থকা পুতেকৰ ওচৰৰ পৰা আহিছেগৈ। পুতেক গুৱাহাটীত থকা কথাটোকে কৈ কৈ ঘৰলৈ অহা মানুহৰ কাণ ঘোলা কৰে। তাতে আকৌ এইবাৰ পুতেকৰ লগত গুৱাহাটীত থাকি আহিলগৈ৷ জেঠায়েহে জানিছে কথাবোৰ ক’বলৈ কিমান মন গৈ আছে৷ কলা জেঠুকনো চিঞৰি চিঞৰি কিমান ক’ব?

ইফালে ৰেণু খুৰীয়ে তিয়ঁহৰ বাকলি গুচাই ধুই মেলি আজৰি হৈছে। উৱা এইয়া কি আকৌ বকুলি জেঠাইয়ে তিয়ঁহ দুচকল কাটি লৈ চকুদুটা মুদি চকুত লগাই বহি আছে। জেঠাইক দেখি গোটেইমখাই গিৰ্জনি মৰা হাঁহিত ফাটি পৰিল। ওচৰতে থকা আইতাজনীয়ে বোলে-

“ঐ মৰতী, এনেই তিয়ঁহ তাকৰ হৈছে, তই আকৌ চকুত লগাই কি জুপিছ।”

বকুলি জেঠায়ে তিয়ঁহ চকুত ৰাখিয়ে …

” ইয়ে কটা তহঁতবোৰে হাঁহিবহে জান। গুহাটী গ’লেহে শিকিব পাৰিবি। চকুত তিয়ঁহ ল’লে চকু ভাল হয়। “

মই বোলো-

” হয়নেকি জেঠাই? আপুনি দেখোন গুহাটী গৈ ঢেৰ কথা শিকিলে। আৰু কি কি দেখিলে জেঠাই কওকচোন। “

” অ’ আই আগতে টিভিতহে দেখিছিলোং। এইবাৰ বিদা শপত নিজ চকুৰে দেখিলোং দে। গুহাটী খনত ই..মা…ন মানু, ই..মা..ন মানু.. একেবাৰে বিৰাট জনসমাগম দে। গাড়ীবোৰ যে আহিয়ে থাকে গৈয়ে থাকে অাহিয়ে থাকে গৈয়ে থাকে, কি..মা..ন গায়ী। ৰাস্তাটো পাৰ হওঁতে মোৰ একেবাৰে জীউটো চুলিৰ আগৰ পৰা ঘূৰি আহিছে হেঅ’। বৰবোপায়ে হাতখনতে ধৰি টানি নিলে মই একেবাৰে মৰিলোং বুলি চকু দুটা মুদিয়ে দিলোং। তাৰ হাতখন এৰাই গ’লতহে গম পালোং নাইমৰা বুলি। বৰ বোপাই থকা ফিলেটটোও ইমান ওখ। চুইচ দিয়া আলমাৰিটোত উঠিহে যাব লাগে। কিবা বোলেনে অটমেটিক বুজিছ। চুইচ দিলে দুৱাৰ খন খোল খাই যায়। সোমাই দিলোংহে ওপৰ পালোং গৈয়ে।”

শুনিও ভাল পাইছো জেঠাইৰ কথা। আৰু অলপ শুনিয়ে যাওঁ।

“অ’ হয় নে জেঠাই তেনেকুৱাহে নেকি? আপোনাৰ ভয় লগা নাছিলনে ইমান ওখ ঘৰত আছিলগৈ।

“আই ঐ নকৈছহে মই বাজলৈ নাচাঙেই দে। বুকুখন ধমৰ ধমৰ কৰে হেঅ’। হ’লেও দেখি আহিলোং আও দে বৰবোপাইৰ ঘৰটো। বোৱাৰীজনীকে নাতিটোকে দেখাই নাছিলোঁ নহয়। ইয়ালৈ নাহে কাৰণে এনেই অতদিনে খং কৰিলোঁ দে। কেনেকৈনো থাকিবহি হেৰ’। বেৰৰ পৰা ওলোৱা পানী ইয়াত ক’ৰ পৰা পাব? গা ধুৱা ঘৰটোত পকা মূঢ়া এটা আছে দে।”

“হয় নে জেঠাই আপুনি বহিছিলনি সেইটোত?”

“বহি ললোং বাপেকে তাতে বহিলৈ গাটো ভালকে ঘঁহিছোঁ। “

“হ’ব আৰু জেঠাই, পিছত এদিন শুনিম দেই। ঘৰলৈ যাওকগৈ জেঠুৱে খং কৰিব।”

জেঠাইৰ কথাৰ ভাগ লৈ থাকোতে তিয়ঁহ ভাগত পৰিল নাই গমেই নাপালোং দে। মইও ঘৰলৈ গুছি আহিলোঁ।

☆★☆★☆

10 Comments

  • অনুৰূপ মহন্ত

    জেঠাইৰ কাহিনীটো আকৌ পঢ়িলোঁ। বৰ ৰস পালোঁ।😂

    Reply
  • Bipul rajkonwar

    বৰ হহুঁৱাব পাৰে দে আপুনি

    Reply
  • Momi Chetia

    ভাল লাগিল …

    Reply
  • Anonymous

    মোৰ মায়ে প্ৰথম দিনা খঙেই কৰিছিল বোলে তোৰ চোন পাকঘৰে হগা ঘৰে সংলগ্ন।।

    ভাল লাগিল।।

    Reply
  • চুইছ দিয়াআলমাৰি, পকা মুঢ়া, বেৰৰ পৰা ওলোৱা পানী, তামাম দিছে। আকৌ পঢ়িলোঁ, ভাল লাগিল।

    Reply
  • Suntu

    ভাল লাগিল

    Reply
  • হেমন্ত কাকতি

    আকৌ এবাৰ ইয়াত পঢ়িলোঁ৷ এইটো তামাম!

    Reply
  • Rajib Sarma

    জেঠাইৰ গুৱাহাটী যাত্ৰা
    আমালৈ দিলে ৰসাল বাৰ্তা

    Reply
  • তৃষ্ণা

    এই টো যে বৰ জমনি, হাঁহিলো আকৌ।

    Reply
  • গীতিকা শইকীয়া

    কি মজ্জা! পঢ়ি বিৰাট ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.