ফটাঢোল

বক্তৃতা-নাজিয়া হাচান

এক কথাত,নিজৰ বুলিবলৈ অহংকাৰ কৰিব পৰা গুণ হ’লে মোৰ এটা বুলিবলৈয়ো নাই। ..পিছে আন বহুতৰে কিন্তু সেই গুণবোৰ হ’লে থাকে ৷ সেইটো একেবাৰে সঁচা। কিন্তু থাকিল বুলিয়ে নিজে নিজে তাৰ শলাগ লৈ থাকিলে ভাল নেলাগে আৰু শুনি। ..এইযে মানে কিছুমানে নিজে নিজৰ গুণমখাক গায় বাই থাকে— যে তেওঁ নিজে এজন বৰ শুদ্ধ চিন্তা ধাৰাৰ ব্যক্তি, এজন জ্ঞানী, তেওঁ খুব অমায়িক সহজ সৰল, তেওঁ লক্ষী, খুব সাহসী লগতে তেওঁ জীৱনত বহু বহু সুখীও…ইত্যাদি ইত্যাদি। ইংৰাজীত এটচেটেৰা বুলিও কয়। কাৰণ, লিখি থাকিলেতো ওলায়ে থাকিব তেওঁলোকৰ ব্যাখ্যাবোৰ। সেয়ে এটচেটেৰাটো দি থ’লোঁ। কথাটো হ’ল.. এই নিজকে শলাগা গুণ বিধ আমাৰ মহিলা সমাজতে যে আছে তেনে নহয়। পুৰুষৰ মাজতো ই ধৰাধৰ চলি থাকে। কিছুমানে সেই বাখ্যাবোৰ শুনি হয়তো ভাল পাব পাৰে। …কিন্তু তাৰে মাজৰ একাংশই আকৌ সেইবোৰ শুনি বৰ অসহ্যবোধ কৰে। বিশেষকৈ মেলে মিটিঙে কোনো ব্যক্তিয়ে যদি নিজৰ গুণবোৰকে গায় বাই থাকে বহুতৰ বাবে সেই সভাত বহি থকাটো বৰ অসহনীয় অৱস্থা হয়। বুজোতাই কথাখিনি নিশ্চয় বুজি পাইছেই নহয় জানো? এই মানে,মই মানুহগৰাকীও সেই তেনে শ্ৰোতা সকলৰ মাজৰে এগৰাকী দেই। অৰ্থাৎ নিজৰ গুণ গায় থকা ব্যক্তিৰ পৰা কিছু দূৰতে থাকিব বিচাৰোঁ পৰাপক্ষত। কেতিয়াবা যদি তেনে ব্যক্তিৰ বক্তব্যবোৰ শুনিব লগাত পৰিছোঁ..খন্তেকতে মাথাটোৱে মোৰ কিবা কিবি কৰিব ধৰিছে। মূৰে সেই সময়খিনিত একো ল’ড ল’ব নোৱাৰা হৈ যাব ধৰে মোৰ! কি যে ক’ম আৰু মোৰ সেই সময়খিনিৰ অৱস্থা!

জানানে! মাজতে এদিন এখন মিটিঙত এনেকৈয়ে এগৰাকীয়ে নিজৰে যশ গুণ গায় গায় মাইক্ৰফোনটো লৈ ক’ব নোৱাৰা হৈ আছিল বুজিছেনে! শুনি থাকোঁতে মই এইটো আশাত থাকিলোঁ যে…এই তেওঁৰ বক্তব্য শেষ হ’ব আৰু, এই তেওঁৰ বক্তব্য শেষ হ’ব আৰু– পিছে নাই! তেখেতে তেওঁৰ বক্তব্য শেষ নকৰে হে নকৰে! বক্তব্যত তেওঁ নিজৰে গুণৰ চৰ্চাৰ বখানাৰ আদি অন্ত নাই! বহু সময় ধৰি মই শুনি বহি থাকিলোঁ। মন মগজুক শান্ত কৰি। কাৰণ সমাজ এখনত বহি আছোঁ যেতিয়া সকলোৱে শুনি থকা দেখি ময়ো আন আন দৰ্শক শ্রোতাৰ দৰে চুপ চাপ মাৰি বহি থাকিবইতো লাগিব, তাৰ বাহিৰেটো উপায় নাই। সভাৰ মাজৰ পৰা ঘপকৈ উঠি অহাৰ পৰিবেশো নাছিল সেই মুহূৰ্তত! মানে এক কথাত মজবুৰী আৰু দেই শুনি থকাটো।

মহান ব্যক্তি গৰাকীৰ নিজৰ গুণ গৰিমা গোৱা লিষ্ট খন মিনিট মিনিটতে যেন আৰুহে বাঢ়ি যাব ধৰিছে! চেলিব্ৰেটি মানুহ! কোনোৱে একো ক’বলৈ উঠিবলৈ একো সাহ কৰা নাই সেয়ে। ক’বলৈ গ’লে ৰাইজ সকলোৱেই তেখেতৰ সেৱকেই বুলিব পাৰি। মনতে ভাব এটা আহিয়ে গ’ল—আজি কালি অঢেল টকা পইচা থকা ধন সম্পত্তিৰ মালিকক মানুহে সকলোৱে ভয় কৰি চলে। ভুল শুদ্ধ যিয়ে কওক একাংশ ৰাইজ তেখেতৰ ভক্ত! কি যে হ’ব! — কি কৰোঁ কি নকৰোঁ ভাবি,,,এক্টিং এটা কৰিবলৈ মোৰ মন গ’ল–। এক্টটো মনলৈ অহাৰ লগে লগেই মাথাটো ঘূৰাইছে বুলি কৈ মই চকু কেইটা অলপ ডাঙৰ কৰি মানুহখিনিয়ে দেখাকৈ কাৰ্পেট খনৰ ওপৰত ঢলি পৰিলোঁ। উৱা! এয়া কি! মোৰ ফালে চাই, মোক সেই অৱস্থাত দেখিও,কোনেওচোন কোনো পাত্তা দিয়া নাই মোৰ অৱস্থাটোক! কি আচৰিত! ঠিক সেই সময়খিনিত সকলোৱেই মোবাইলটোতহে সাংঘাটিক ভাবে ব্যস্ত হৈ পৰা দেখা গৈছে! কোনোৱে কাৰোবাক তৎক্ষণাত সেই ঠাইলৈ আহিবলৈ আহ্বান কৰিছে, কোনোৱে মেছেজ টিপাত লাগিছে! সকলো অত্যন্ত চিন্তিত আৰু ব্যস্ত! কথাটো মই একো ধৰিব নোৱাৰিলো। ইমান সময়ে বকবক কৰি থকা সেই মহান চেলিব্ৰেটি গৰাকীয়ে ঘলক ঘলক কৈ বটল এটা মুখত লৈ পানী গিলাত লাগিছে! মোৰ যে কি হৈছে– কিয় পৰিলোঁ–তাৰ বাবে কোনো আগুৱাই অহা নাই! মানে কাৰো কোনো খবৰেই নাই মই মানুহজনীলৈ! সেই চেলিব্ৰেটি গৰাকীয়ে আকৌ অলপ আগত তেওঁৰ ভাষণত নিজৰে গুণবোৰ গায় থৈ গৈছে! …তেওঁ বোলে আনৰ দুখ,বেমাৰ,বেদনা, উচুপনি, কাৰো,একো,কেতিয়াও, অলপো সহ্যই কৰিবই নোৱাৰে!সেইবোৰ দেখিলে লগে লগেই সহায় কৰিবলৈ তেখেত পৰি ধৰি হ’লেও আগুৱাই আহে! তাকেই– এতিয়া আকৌ তেওঁৰ কি হ’ল তেন্তে? মনতে কথাবোৰ ভাবি চকু দুটা পিৰিক পাৰাককৈ কোনেও নেদেখাকৈ খুলি মানুহখিনিৰ মুখবোৰ মই লক্ষ্য কৰিলোঁ। চন্দ্ৰতাপৰ তলত ৰ’দৰ গৰমত মূৰটো মোৰ এইবাৰ সঁচাকৈয়ে ফাটি ফুটি যোৱা যেন লাগিল। কি কৰোঁ বুলি সময়ত ভাবোঁতেই—–

হঠাৎ দেখিলোঁ… ক’ৰবাৰ পৰা দৌৰ মাৰি দুজনমান মানুহ আহি ৰাইজক ধৰি ধৰি প্ৰশ্ন কৰাত লাগি গৈছে৷ আপুনি কওঁকচোন–এখেতৰ কি হৈছিল?কিয় এনেকৈ মাটিত ঢলি পৰিল?পৰি যোৱাৰ আগমুহূৰ্তত তেখেতে কিবা কৈছিল নেকি? এতচেটেৰা প্ৰশ্নৰে মানুহক সুধি সুধি উশাহ সুঁতি হেৰুৱাই পেলাইছে তেওঁলোকে। সেইবোৰ দেখি শুনি মূৰটোৱে এইবাৰ মোৰ সঁচাকৈয়ে ঘূৰন্টি মৰাহে যেন লাগিল হে! দেৰিকৈ হ’লেও কথাটো ভালকৈয়ে বুজিলোঁ। লাভ নাই! একো লাভ নাই অ! এইবোৰ সমাজত আমাৰ দৰে মানুহৰ।এই মুহূৰ্তত ইয়াত মোৰ ফালে চোৱাৰ কাৰো সময় নাই! সকলোৱে নিজৰ নিজৰ প্ৰশংসা ও শলাগ ল’বলৈহে এই সময়ত ব্যস্ত হৈ পৰিছে! অৰ্থাৎ মোৰ এই পৰি যোৱা খবৰটো কোনোৱে মানে নিউজ চেনেলত দি,কোনোৱে এক কাহিনী লিখি, কোনোৱে দুখভৰা কবিতা ৰচি–! মানে এটচেটেৰা। আচল কথা আৰু কামত কিন্তু কাৰো তিলপৰিমাণো ইয়াত ধ্যান নাই!….

ধুৰ ….বুলি মই গাটো জাৰি জোকাৰি সম্পূৰ্ণ সুস্থ মানুহজনী হৈ সকলোকে আচৰিত কৰি থিয় হ’লো৷ আৰু লগে লগেই দীঘল মাইক্ৰফোন লৈ মোৰ কাষতে থিয় হৈ থকা এজনৰ পৰা মাইকটো থাপ মাৰি নিজৰ হাতত তুলি ল’লো আৰু চেলিব্ৰেটি গৰাকীৰ একেবাৰে কাষলৈ গৈ মই মাইক্ৰফোনটো মুখত লগাই ক’বলৈ ধৰিলোঁ….

:ৰাইজ, শুনক, মোৰ একো হোৱা নাছিল,মই এয়া এক্টিংহে কৰিছিলোঁ৷ যিটো এক্টৰ মূল উদ্দেশ্য আছিল সত্য উদ্ধাৰ।

চেলিবেটিৰ পৰা আৰম্ভ কৰি সকলোৱে সেইসময়খিনিত মোলৈ মাথোঁ ভেবা লাগি চাই আছিল। মই কালৈকো একো কেৰেপ নকৰি মনৰ কথাখিনি সুবিধাকণ পাওঁতেই পুনৰ ক’বলৈ ধৰিলোঁ।

:কাণখুলি মনপুটি আপোনালোকে মোৰ কথাখিনি শুনক ৰাইজ..। এই যে মই ইমান সময় ইয়াত পৰি থাকিলোঁ, মোৰ মূৰত বা মুখত এটোপাল পানী দিবলৈও ইমান সময়ে কোনো এজন ব্যক্তি কাষ চাপি নাহিল! সকলোৱে কেৱল নিজৰ অলাগতিয়াল কিছুমান কামত ব্যস্ত হৈ পৰা মই দেখা পালোঁ! বুজি নাপালোঁ সেই সময়খিনিত তেওঁলোকে মোৰ ওপৰত সেয়া কোনটো সেৱা আগবঢ়াব গৈছিল! আজি ঈশ্বৰৰ কৃপাত মই সুস্থ হৈ আছোঁ। আৰু মূৰ ঘূৰাই পৰি যোৱাটো মোৰ এক্টিং আছিল বুলিহে মই এই মুহূৰ্তত এইদৰে আপোনালোকক চিনি পাইছোঁ। কিন্তু আজি…মোৰ এই মূৰ ঘূৰণীটো যদি সঁচাকৈয়ে হ’ল হয়, মইতো একো গমেই নাপালো হয় আপোনালোকৰ কাৰ্য্য! ৰাইজে নিজে নিজৰে এডভের্তাইজবোৰ কৰি কৰি মোক শেষত চুচুৰাই কবৰহে দিলেগৈ হয়!নহয়জানো? ক’বলৈ আৰু মোৰ বিশেষ একো নাই ৰাইজ! আহোঁ৷ লওক এইটো মাইক্ৰফোন।

মাইক্ৰফোনটোচোন ল’বলৈ কোনো এজনেই আগুৱাই নাহিল! টেবুলখনতে মাইক্ৰফোনটো জোৰকৈ ঠেকেছা এটা মাৰি থৈ একমিনিটো তাত দেৰি নকৰি সভাৰ পৰা মই ফু ফুঁৱাই ৰাইজৰ মাজেদি পেণ্ডেলৰ পৰা ওলাই আহিলো…।

(আজিৰ সমাজত দেখি থকা কিছু সঁচা ধেমালি )

☆★☆★☆

7 Comments

  • ৰাস্না বৰা

    বৰ সুন্দৰ বক্তৃতা

    Reply
  • সুন্দৰ৷ভাল লাগিল৷

    Reply
  • হেমন্ত কাকতি

    তামাম নাজিয়া৷ সচাকৈ যদি কৰি দিব পাৰিলা হেতেন, বহুতৰ মুখা খোল খালে হেতেন! বৰ ভাল লাগিল!

    Reply
  • সদানন্দ ভূঞা

    বৰ সুন্দৰ লাগিল ।

    Reply
  • সুন্দৰ বক্তিতা। বাস্তৱতো এনে হওক। ভাল লাগিল

    Reply
  • ৰিণ্টু

    আৰে বাপৰে, এইটো কেনেকৈ মিচ কৰিছিলো। সাংঘাতিক, খুব ভাল লাগিল পঢ়ি

    Reply
  • জয়ন্ত দাস

    মজা৷ বৰ ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.