ফটাঢোল

বজাৰৰ লিষ্ট – ৰাজীৱ শৰ্মা

১) পাটৰ কাপোৰ এযোৰ
২) অসমীয়া গহনাৰ চেট এটা
৩) কাপোৰৰ ৰঙৰ লগত মিলাই কাটা-কিলিপ, ভেনিটি বেগৰ পৰা চেন্দেললৈ সকলো।

মেছেজটো পায় মই অলপ সময়লৈ তভক লাগিলোঁ।আজি মাহৰ তিনি তাৰিখ হৈছেহে। পৰিবাৰে হোৱাটচ্ এপত দিয়া এইখন তালিকা মানি বজাৰ কৰিলে মোৰ যে এইমাহ ৰাম নাম সত্য হ’ব সেইটো নিৰ্ঘাট সত্য। কিন্তু উপায় কি? য’ত আঁঠুৱাই নাই তাত আঠুৱা চাই ঠেং মেলিবা বুলিলে কি লাভ!

অফিচৰ সকলো ফাইল একাষৰীয়া কৰি মই ভাবনাত বিভোৰ হ’লোঁ। কাৰ ঘৰত কি আছে এই মাহত! ক’তা মনত নাইচোন কোনোবাই নিমন্ত্ৰণ দিয়াৰ! নে মই ঘৰত নাথাকোঁতে মাতি গ’ল! আজিকালি কাৰোবাৰ ঘৰত কিবা পাতি নিমন্ত্ৰণ দিলেও বৰ লেথা। তাতকৈ নামাতিলেই ভাল পাওঁ মই! দুয়োকুল ৰক্ষা পৰে।

বৰ ডাঙৰ কথা এটা মনত পৰাৰ দৰে আকৌ তালিকাখন চালোঁ। নাই ঠিকেই আছে। মোৰ ভুল হোৱা নাই। তাত উপহাৰ কিনাৰ বিষয়ে শ্ৰীমতীয়ে একো উল্লেখ কৰা নাই। এইটোত মই দস্তুৰমত আচৰিত হ’লো।

অফিচৰ কাম ধোঁৱাচাঙত তুলি মই পুনৰ চিন্তাত নিমগ্ন হ’লোঁ। কিয় এই ভুলটো হ’ল পৰিবাৰৰ! বিয়াৰ পাছৰে পৰা আজিলৈকে এই আঁঠবছৰত এওঁৰ এইটো প্ৰথম ভুল। মনে মনে ফূৰ্তিও লাগিল। সদায় কথা পাহৰোঁ বুলি মোক দোষ দিয়া মানুহজনীক আজি ময়ো এষাৰ ভালকৈ শুনাব পাৰিম। ডাকে তাহানিতে কৈ যোৱা ” হস্তীৰো পিছলে পাৱ, সজ্জনৰো বুৰে নাও আজি প্ৰমাণ হ’ল।

মনৰ আনন্দতে পইচাৰ কথা পাহৰি এটা সুহুৰি ওলাই গ’ল। কাষৰজনে শৰ্মা এইখন বিহুতলি নহয় অফিচহে বোলাতহে ৰক্ষা। নহ’লে কি ঠিক আজি অকল সুহুৰিয়েই নহয় কিজানি বিহু এফাঁকিয়েই গালোহেঁতেন!

এঘণ্টামান সুখৰ আমেজত কটালোঁ। এইখিনি সময়তে দুই এটা অফিচৰ কৰণীয় কৰি আজৰি হৈ ভাবিলোঁ শ্ৰীমতীক আজি কেনেকৈ জব্দ কৰিম এই ভুলৰ বাবে! বিয়ালৈ যাব, নিজলৈ সকলো থকাৰ পাছতো এইহেন তালিকা পঠাই অথচ উপহাৰৰ উল্লেখ নাই! এসময়ত অধৈৰ্য্য হ’লোঁ, আজি যেন অফিচ শেষ নহ’বই। শেষত ফোনতে কথাটো কৈ মনৰ হেঁপাহ পুৰাওঁ বুলি শ্ৰীমতীলৈ ফোন লগালোঁ।

এতিয়া ফোনটো থৈ তাকে ভাবি আছোঁ। কি কুক্ষণত মোৰ সুখ পানী কৰিলোঁ আদবাটতে। ফোনটো এতিয়া নকৰা হ’লেই—–

“আই ঐ দেহি, মোৰ সোণামুৱাটো, মোৰ ভুল ধৰিছে চোৱা, বোলো যাৰ নিজৰেই ভৰি নাই সি মোক খোজকাঢ়িবলৈ শিকাই। কোনে ক’লে তোমাক এই তালিকাৰ বস্তুবোৰ মোৰ বাবে। ঘৰত যে মোৰ বাদেও আমাৰ ছোৱালী এজনীও আছে পাহৰিলাই।”

মই মাজতে মাত মাতিলো- “এইবোৰ কাপোৰ কানি ছবছৰীয়া ছোৱালীজনীলৈ”?

“বুদ্ধুটো কৰবাৰ, নাজানা নেকি অহা সপ্তাহত সৰস্বতী পূজা। এইবাৰ তাইক স্কুললৈ চাদৰ-মেখেলা পিন্ধাই পঠিয়াম। তাতে আজিকালি চেনেলৰ মানুহবোৰেও সৰস্বতী পূজাৰ দিনা পিয়াপি দি ফুৰে ধুনীয়া ছোৱালী বিচাৰি ভাবাচোন,পূজাৰ দিনা গধুলিলৈ যদি আমাৰ এই টিভিত ওলাবলৈ পায় কেনে মজা হ’ব! কাষৰ ঘৰৰ শইকীয়ানীযে মূৰ ঘূৰাই পৰিব মই খাটাং আৰু তেওঁক পেলাব লাগিবই, মোৰ আগত যিহে তাও দিয়ে”।

হ’বহে তুমিও যে আৰু এইবুলি ক’বলৈহে পালোঁ এওঁ জকজকাই উঠিল, “তুমি এইবোৰ একো নাজানা।মুঠতে মই লিখাৰদৰে বস্তুকেইটা বজাৰ কৰি আনিবা।আমাৰ ছোৱালী এইবাৰ সৰস্বতী পূজাৰ সুন্দৰী হ’বই লাগিব। মই চেনেলো পকাইছোঁ। অ’ আৰু এটা কথা, চহৰৰ বিউটি পাৰ্লাৰৰ ছোৱালীজনীক পূজাৰ আগদিনা মই ঘৰলৈ মাতিছোঁ। টকা পাঁচ হাজাৰ মোক আগতীয়াকৈ দি থ’বা”।

ফোনটো থেকেচা মাৰি থৈ মই অফিচৰ কাম কৰা ল’ৰাটোক প্ৰয়োজনতকৈ জোৰকৈ চিঞৰিলোঁ- “বুধীন, মোলৈ দুগিলাচ ফ্ৰীজৰ পানী লৈ আহ বেগাই”।

☆★☆★☆

2 Comments

  • ‘এই প্ৰতিযোগিতাবোৰেই যত অথন্তৰৰ মূল’—- বুলি ভুলটো নাভাবিব।
    ভাল লাগিল। আজিৰ দিনৰ ঘৰুৱা পৰিবেশ

    Reply
  • জয়ন্ত দাস

    ভাল লাগিল৷ ব্যঙ্গৰ মাজেৰে সচা কথা এটা ফুটাই তুলিছে৷

    Reply

Leave a Reply

Your email address will not be published.