ফটাঢোল

বন্ধুৰ ফটাপ্ৰেম – ঊষামণি কাকতি

নৱম শ্ৰেণীত থাকোঁতে আমাৰ লগত একেলগে টিউচন কৰা বন্ধু এজন আছিল৷ চাৰিজনী বান্ধৱী আৰু এজন বন্ধুৰে আমাৰ টিউচনৰ গ্ৰুপ৷ একে স্কুলতে পঢ়া, তাতে সি অংকত তামাম চোকা৷ আমি চাৰিওজনী আছিলোঁ অংকত বৌম গাধী। বন্ধুৰ সহায় নল’লে আমাৰ অংক নিসিজে৷ তেনেকুৱা দিনতে আমাৰ ক্লাছলৈ অন্য এখন স্কুলৰ পৰা এগৰাকী অংকত চোকা ছাত্ৰীয়ে নাম লগালে৷ আমাৰ চেকচনতে তায়ো সোমাল। আমাৰ বন্ধুৱে আকৌ সেই চোকা ছাত্ৰীগৰাকীৰ প্ৰেমত ডুবিবলৈ ধৰিলে৷ যেনেকৈ হ’লেও প্ৰ’পজ কৰিব৷ কিন্তু ইমান গহীন ছাত্ৰী, তাতে চোকা। তাৰ সাহস নহ’ল৷ শেষ উপায় ৰূপে অংক দেখুওৱাৰ বিনিময়ত আমি সেই কাম কৰি দিব লাগে বুলি ঘোষণা হ’ল৷

মই অংকত তামাম গাধী। লোকৰ পৰা নেচালে মোৰ দ্বাৰা দুয়ে দুয়ে চাৰি হয় নে কনফিউজ লাগি যায়। ইফালে সাহিত্য মোৰ বাবে একদম চপচপীয়া মৌ৷ হাতৰ আখৰো ভাল। গতিকে অংকত পাছ কৰোৱাৰ মানসেৰে নতুন ছাত্ৰীগৰাকীলৈ পেৰেম পত্ৰ লেখাৰ দায়িত্ব ল’লো৷ প্ৰথমে বেনামী পত্ৰ। একদম দু:সাহসিক অভিযান। ছোৱালীজনী বহা বেঞ্চত ৰাতিপুৱাই সকলোতকৈ আগত গৈ থৈ আহিলোঁ৷ চিঠিৰ ভাষা একদম আগৰাতি পঢ়া চৈয়দ আব্দুল মালিকৰ উপন্যাসৰ ভাষা৷ কোনে লেখিছে নাম নিদিয়াকৈ তাইৰ নামত লেখা প্ৰথমখন চিঠিৰ কোনো ৰিয়েকচন নাহিল৷ ইফালে পৰেমৰ পকণীয়াত পৰা বন্ধুৰ দাবী চিঠিৰ উত্তৰ নাহিলে আৰু অংক নেদেখুৱাওঁ।

দহদিনমান পাছত দ্বিতীয়খন চিঠি লেখি তাই বহা ঠাইতে মনে মনে ৰাখিলোঁ। ৷এইবাৰৰ ভাষা ‘অসীমত যাৰ হেৰাল সীমা’ ৰ। বাতৰি কাগজৰ কবিতাৰ শিতানৰ কবিতাও লগত লেখি দিলোঁ। এইবাৰো উত্তৰ নাহিল ৷

এবাৰ দুবাৰকৈ মুঠ পাঁচবাৰ চিঠি থ’লোঁ। তাই বহা ঠাইতে থওঁ৷ চিঠিখন কি কৰে ক’ব নোৱাৰো৷ ক্লাছত নতুন বাবে কাকো একো নকয়ো৷ এনেকে অলপদিন গ’ল ৷

হঠাৎ এদিন স্কুলৰ প্ৰিঞ্চিপাল ছাৰ আমাৰ ক্লাছলৈ আহি ল’ৰাবোৰৰ অসমীয়া বহীসোপা উঠাই লৈ গ’ল। সেইদিনাই পাছবেলালৈ ছোৱালীৰ বহীসোপাও নিলে৷ পাছৰ দৃশ্যটো এনেকুৱা……বন্ধুৰ পেৰেম হাতৰ তলুৱাত এচাৰিৰ কোবত ফাটিলে৷ ময়ো এটা পিৰিয়ড বাহিৰত থিয় হ’লোঁ। লোকৰ পেৰেম পৰিসমাপ্তিৰ দুখতকৈ অংক কেনেকৈ কৰিম তাৰ দুখত ফেঁকুৰি ফেঁকুৰি কান্দিলোঁ।

☆★☆★☆

One comment

  • হাঃ হাঃ, অংক কেনেকৈ কৰিম, সেইটো বেছি ইম্পৰটেণ্ট। বঢ়িয়া লাগিল।

    Reply

Leave a Reply

Your email address will not be published.