ফটাঢোল

বহাগৰ প্ৰেম – উষা মহন্ত

ভৰ দুপৰীয়া বাৰাণ্ডাত শব্দ শুনি ওলাই আহি দেখিলোঁ সোণটি বাই আহিছে। কেওঁ-কিছু নোহোৱা, চুবুৰীৰে সোণটি বাই সকলোৰে, বিশেষ কৈ সৰু ল’ৰা-ছোৱালীবোৰৰ বাবে আদৰৰ আইতা। ল’ৰা ছোৱালীহঁতৰ খেলৰ লগৰীয়া; সাধু কথাৰ ভঁৰাল। সকলোৱে বাইক মৰম কৰে। চুবুৰীয়াৰ মৰম আদৰৰ মাজতে বায়ে অকলশৰীয়া জীৱনটো জীপাল কৰি ৰাখিছে।

বাইক বহিবলৈ দি পাকঘৰত সোমাই দুয়োলৈ দুকাপ চাহ কৰিলোঁ। বহাগ বিহু পালেহিয়েই। চহৰত থকা ল’ৰা ছোৱালী হাল আহিব। সেয়েহে আগতীয়াকৈ পিঠা পনা দুটামান কৰিছিলোঁ। তাৰেই বাইক চাহ দি নিজেও মুঢ়াটো পাৰি ওচৰতে বহিলোঁ। চাহ খাই খাই বায়ে ক’লে- “পিঠা পনা কৰিলিয়েই নেকি বোৱাৰী? ভালেই কৰিলি দে। বহাগ বিহুত আকৌ পিঠা পনা দুটামান বেছিকৈ লাগে নহয়, অন্ততঃ সাদিনলৈ বিহু থাকিবই।”

মই শলাগিলো। বাই যেন কিবা ভাবত মগ্ন হ’ল। মৌনতাৰ সুবিধা লৈ মই ক’লো- “বাই, আজি তোমালোকৰ দিনৰ বিহুৰ কথা শুনিম দেই।”

“আমাৰ দিনৰ বিহু! এৰা সেই দিনবোৰলৈ মনত পৰিলে মনটো চোন বেয়াহে লাগে। গোটেই চ’তৰ মাহটো তাঁতশালত শিপিনীৰ মাকোৰ খিট্ খিটনি, বিহুলৈ দহ-বাৰদিন থাকোঁতেই ঘৰে ঘৰে ঢেঁকীত চিৰা-পিঠা খুন্দাৰ ধুম, ৰাতি ৰাতি গছৰ তলত বিহুৰ আখৰা। তগৰ, নাহৰ, কেতেকী ফুলৰ গোন্ধে কেওঁফালে আমোলমোল। কপৌ ফুল, বৰহমথুৰি, জেতুকা বিচাৰি ডেকা গাভৰুবোৰৰ কেউফালে পিট্ পিট্ পাট পাট। গৰু বিহুৰ দিনা হাতত জেতুকা বোলাই মানুহ বিহুৰ দিনাৰে পৰা নৈৰ দাঁতিত, ডাঙৰ গছৰ তলত বিহু হয়। পাহুৱাল ডেকাহঁতৰ ঢোলৰ চাপৰত নাচনীয়ে কঁকাল ভাঙি নাচে। এইবোৰেই আৰু। এইবোৰ সকলোৱেই জনা কথা। আজি বাৰু তোক অন্য কথাহে কওঁ। মোৰ জীৱনৰ কথা, দদায়েৰৰ লগত হোৱা মোৰ বিয়াৰ কথা। এনে বহাগৰ বতৰতে দদায়েৰৰ লগত মোৰ বিয়া হৈছিল।

“বিয়া?” – মই সুধিলোঁ।

“অঁ, বিয়া মানে আৰু কি -পলুৱাই নিয়া।বহাগৰ বিহুতলীতে দদায়েৰৰ লগত মিলামিছা হ’ল। কেতিয়াবা পথাৰত, কেতিয়াবা নৈৰ দাঁতিত আমাৰ দেখা হয়। কথা বতৰা হওঁ। লগৰে এজনী টুটকীয়া স্বভাৱৰ; দিলেগৈ নহয় পিতাইক লগাই। কেওঁ-কিছু নোহোৱা বুলি পিতায়ে দদায়েৰলৈ দিবলৈ অমান্তি হ’ল। ফলত মোৰ নৈৰ ঘাটলৈ যোৱা বন্ধ কৰা হ’ল।ঘৰৰ পৰা ওলালে কোনোবা লগত যায়েই। কি কৰিম! মনে নেমানে। দদায়েৰে আছিল পাকৈত ঢুলীয়া। নাচনী হিচাপে মইও কম নাছিলোঁ। তেতিয়া মোৰ চেহেৰাও আছিল চকুত লগা। আমি দুটা নহ’লে তেতিয়া বিহুৱেই নহয়।

পিছৰ বাৰ বিহুতলীত ঢোলৰ গুমগুমনি শুনি ৰ’ব নোৱাৰিলোঁ। জপাৰ পৰা বৌতিৰ পুৰণা মুগাৰ ৰিহা মেখেলা এযোৰ উলিয়াই পিন্ধি কোনেও নেদেখাকৈ বিহুতলীলৈ ঢপলিয়ালোঁ।”
“তাৰ পাছত কি হ’ল বাই”?

বায়ে নি:সংকোচে নিজৰ প্ৰেম কাহিনী কৈ গ’ল।
“কি আৰু হ’ব? ঠাইতে সিদ্ধান্ত কৰি দদায়েৰে মোক ওচৰতে থকা ডাঠ হাবিডৰালৈ টানি লৈ গ’ল। সেইটো আকৌ নতুন কথা নহয় দেই। তেতিয়াৰ দিনত বিহুতলীত তেনেকুৱা বিয়া হোৱাৰ নিয়ম আছিলেই”।

“তাৰ পিছত”?

“দদায়েৰে মোক হাবিৰ বহুদূৰ ভিতৰলৈ নি এজোপা প্ৰকাণ্ড গছৰ তলত থিয় হ’লগৈ। গছজোপাত আছিল এটা প্ৰকাণ্ড ধোন্দ। জাৱৰ-জোঁথৰ চাফা কৰি দিয়াত দেখা গ’ল এটা মানুহ নিশ্চিন্তে লুকাই থাকিব পৰা এডোখৰ নিৰাপদ ঠাই। দদায়েৰে ঠাইকণ আগেয়েই চাই থৈছিল হ’বলা। তাতে মোক লুকুৱাই থৈ দদায়েৰে আলেঙে আলেঙে বাহিৰৰ জগতৰ খা-খবৰ লৈ থাকিল। লগৰ দুটামানে কানি-কাপোৰ, খোৱা বস্তুৰ যোগাৰ দি থাকিল। তেনেকৈয়ে সাতদিন পাৰ হ’ল।

“পিছে বাই! তোমাৰ ঘৰৰ অৱস্থা কি হ’ল”?
“কি আৰু হ’ব? পিতায়ে শাওনৰ মেঘে গজাদি গাজিবলৈ ধৰিলে। আয়ে কপাল চপৰিয়াই হিয়ালি-জিয়ালিকৈ কান্দিলে।কথা গৈ মোমাইদেউৰ কাণত পৰিলগৈ।তেওঁ আক’ পুলিচৰ ডাঙৰ চাকৰি কৰে।ফোন কৰিছেহে কৰিছে, অসমৰ ইমুৰ-সিমুৰ চলাথ কৰিছে, ক’ত আৰু পায়! মই আছোঁ বুঢ়ী গছৰ ধোন্দত”।
-তামোল চোবাই থকা মুখেৰে হাঁহি হাঁহি বায়ে ক’লে।

“বাই তোমাৰ ভয় লগা নাছিলনে?তুমি ৰাতিও তাতে আছিলানে”?

“কেলেইনো ভয় লাগিব হেৰ’! মানুহটো আছিল নহয় ওচৰতে। ৰাতিৰ কথা কৈছ?পুৰা সাতদিন সাতৰাতি গছৰ ধোন্দতে থাকিলোঁ। এদিন মূৰৰ ওপৰেদি বৰদৈচিলাও পাৰ হ’ল। অঁ, অৱশ্যে বোন্দা মহৰ কামোৰ খালোঁ। পিছে সাদিনৰ পিছতহে হ’ল আচল বিপদখন! আমি হাবিত সোমাই থকাৰ কথা কেনেবাকৈ পিতাইৰ কাণত পৰিল। সেই টুটকীয়াজনীৰেই কাম হ’ব। মৰতীজনীৰ মোৰ মতাটোৰ কাৰণে আশা আছিল হ’বলা।”

“মোমাইদেৱে হাবিৰ পৰাই নিলে নহয় ধৰাই। থানা পালোঁগৈ দুয়োটা। থানাত সুধিলে- মই নিজৰ ইচ্ছাত গ’লোঁনে, দদায়েৰে মোক ধৰি বান্ধি নিলে?

“তুমি কি ক’লা পিছে”?

“মিছা কথা কিয় কম? কৈ দিলোঁ মই নিজে গৈছিলোঁ বুলি”। কথাষাৰ শুনাৰ লগে লগে মোমাইদেৱে মোৰ গালত ভালকৈ এচৰ শোধালে। পিছে কি হ’ব? কেচ দিচ্ মিচ্ হ’ল। ময়ো আহি দদায়েৰৰ লগত সংসাৰ কৰিলোঁহি। – হ’ব দে বহুত দেৰি বহিলোঁ, আজিলৈ যাওঁ”।

হাতৰ লাখুটি ডালৰ খট্ খট্ শব্দ কৰি বাই লাহে লাহে ওলাই গ’ল।

বাইৰ ৰোমাঞ্চকৰ জীৱন কাহিনী শুনি ভাল লাগিল। কিন্তু পিছৰখিনি শুনিবলৈ মোৰ বিশেষ আগ্ৰহো নাছিল। কিয়নো মই জানোঁ, যি উগ্ৰ প্ৰেমিক দদাইদেৱে প্ৰেমিকাক সাতদিন সাতৰাতি হাবিৰ মাজত ৰাখি নিজৰ কৰি লৈছিল, সেই দদাইদেৱে অৱশেষত বিয়াৰ দুবছৰ নৌহওঁতেই ক’লাজ্বৰত পৰি বাইক অকলশৰীয়া কৰি এৰি থৈ গ’ল।অজানিতে গধুৰ হৈ পৰা মনেৰে ভিতৰ সোমালোঁ।

☆★☆★☆

2 Comments

  • ৰিমঝিম

    ৰসাল কাহিনীৰে আৰম্ভ হৈ শেষৰফাললৈ দুখ লাগিল। ভাল লিখিছে।

    Reply

Leave a Reply

Your email address will not be published.