ফটাঢোল

বহুবল্কী-গীতিকা শইকীয়া

“বুইছ ন-ছোৱালী, আজি মানে খুৰায়েৰাই টিউচনৰ পৰা আহোঁতে বাটতে সিখন গাঁৱৰ কানাই মাছুৱৈয়ে দিলে নহয় এক্কেবাৰে জঁপিয়াই থকা নাৰ-ভাঙোন মাছ অলপ। মানে দুইকেজি মানেই হ’ব! খুৰায়েৰে আকৌ দিনৰ মাছ ৰাতিলৈ নাখায় যে! ৰাতিলৈ আনিবই, সেয়ে কণ বিলাহী-চিকৰা আলু দি এখন আঞ্জা বনালো, ঔটেঙা-খুদ চাউল পিচি লৈ তেলত পাঁচফুৰ, কেঁচা জলকীয়া ফালি দি বনোৱা জোলখন, আকৌ ভাবিলো চব দেখোন টেঙায়েই হ’ল, সউ ল’ৱাটোৱে নাখায়, সেয়ে ভাততে আলু দুটা সিজাই লৈ আদা-নহৰু-পিঁয়াজ, জালুক পটাত পিহি লৈ অকণমান খুদ চাউলৰ গুড়ি দি জালুকীয়া এখনো বনাওঁতেহে ৰক্ষা। সিফালে যিমান মাছ-মাংস হ’লেও খুৰায়েৰে দালি ভাজি নহ’লেও খাব নোৱাৰে যে, ক’লা মাহৰ দালি, কলডিলৰ শুকান ভাজি, বাৰীতে ভেণ্ডি এভাজি ওলাইছিল, তাকে দীঘল দীঘলকৈ ভাজি বনাওঁতেহে শান্তি। এনেনো ভাল লাগিল অই আজি ভাতসাজ খায়!”

এয়া আছিল খুৰী আইতাৰ দুপৰীয়াৰ ভাত সাঁজৰ বিৱৰণ। প্ৰায় প্ৰতিদিনেই খুৰী আইতাৰ এই বিভিন্ন ব্যঞ্জন ৰন্ধাৰ বিৱৰণ শুনাটো গাঁওখনৰ সকলোৰে বাবে এক অভ্যাসত পৰিণত হৈছিলগৈ। অকল দুপৰীয়া বুলিয়েই নহয়, পুৱাৰ চাহ, আবেলিৰ জলপান আৰু ৰাতিৰ সাজৰ পিচদিনা পুৱা দিয়া বিৱৰণ গাঁওখনৰ মানুহৰ বাবে পুৱা-গধূলি নামঘৰৰ ডবা কোবোৱাৰ দৰেই এক নিত্য-নৈমিত্তিক ঘটনা হৈ পৰিছিল।

খুৰী আইতাই দিয়া দুপৰীয়াৰ সাঁজৰ বিৱৰণ যিদৰে ৰাজকীয় সেইদৰে ৰাতিৰ সাঁজৰ বিৱৰণো আটকধুনীয়া। তাতে যদি মাংস হয়, সেই বিৱৰণ দুদিনমানলৈ চলি থাকে। মাংস কেতিয়াবা যদি অকল পিঁয়াজ দিয়েই বনালে, তেন্তে কেতিয়াবা মছলা দি দহটামান জলকীয়া, শুকান জলকীয়াৰ গুড়ি দি ভাজি ভাজি বনোৱাৰ যি বিৱৰণ দিয়ে সেয়া শুনি মাংস নোখোৱা মানুহৰো মাংস খাবলৈ মন যাবগৈ।

আচৰিতকৈ ইমান ৰাজকীয় আদৱ-কায়দাৰ ৰন্ধা-বঢ়া তথা খোৱাৰ বিৱৰণ দিয়াৰ পাছতে প্ৰায়ে খুৰী আইতাক যিঘৰতে গৈ সেই বিৱৰণবোৰ দি থাকে তাতে যদি পুনৰ দুপৰীয়াৰ ভাতকে খাবলৈ কোৱা হয় খুৰী আইতাই না মুঠেও নকৰে।

“হ’ব দিয়া, তোমালোকে ইমান মৰমত কৈছা, নাখাওঁ বুলিনো কেনেকৈ কওঁ? হওঁতে পেট পূৰাই খায়েই আহিছিলো। তথাপি দিয়া বাৰু অকণমান!”

সেই একেই তপালি তপালি খাই উঠি ঘৰৰ গৃহিনীয়ে পাকঘৰ চাফা কৰি আহে মানে খুৰী আইতাই তামোল-পাণৰ বটাটো লৈ তামোল কাটি চূণ-চাধা লগাই সাজু কৰি লৈ নিজে দুবাৰমান খাই আজৰি হয়। কথাৰ লাচতে ইতিমধ্যে সেই ঘৰত খোৱা ব্যঞ্জনৰ প্ৰশংসা কৰি কৰি লাহে লাহে আকৌ নিজৰ ৰন্ধন-প্ৰকৰণৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। তেনেকৈয়ে বেলি লহিয়াবলৈ ধৰে। খুৰী আইতাৰ ন-ছোৱালীয়ে আবেলিৰ চাহৰ যোগাৰ কৰিবলৈ উচপিচনি লগায়। মানে খুৰী আইতা কেতিয়া যাব তাৰ বাবে অপেক্ষা কৰে। পিচে খুৰী আইতাই নিজে নিজেই কৈ উঠে,-

“দিয়া দিয়া, চাহকাপ সোনকালে দিয়া, মই যাব লাগে, খুৰায়েৰে আবেলিৰ চাহকাপ খাবলৈ ৰৈ আছে ছাগৈ! ছোৱালীকেইজনীয়ে বনোৱা বেয়া পায়, মোৰ হাতৰ চাহৰহে কানীয়া।”

তেনেকৈয়ে আবেলিৰ চাহ-তামোলৰ শ্ৰাদ্ধ কৰি খুৰী আইতা ঘৰমুৱা হয়। ইতিমধ্যে জীয়েকহঁতে বনোৱা চাহ খায়েই ককা টিউচনলৈ বুলি গুচি যায়গৈ! তাৰপাছত গধূলীৰ ফালে ককা টিউচনৰ পৰা আহি পোৱাৰ আগলৈকে খুৰী আইতাৰ মদপী পুতেকহঁতৰ হৈ-হাল্লাই গাঁওখন ৰজনজনাই থাকে। অৱশ্যে ককা ঘৰ পোৱাৰ সময়লৈ পুতেকহঁতে মাকক ডকা-হকা দি টকা-পইচা যি অকণ থাকে তাকে লৈ ঘৰৰ পৰা যি উধাও হয় পুৱা পোহৰ হোৱাৰ সময়তহে ঘৰ সোমায়। গধূলিৰ সেই সময়খিনি খুৰী আইতা তথা জীয়েকহঁতৰ কান্দোন-কাটোন, পুতেকহঁতৰ চিঞৰ-বাখৰৰ মাজতেই পাৰ হয়।

ককা মানুহজন বৃত্তিত শিক্ষক আছিল। অৱসৰ লোৱাৰো বহু বছৰ হ’ল। এপাল ল’ৰা-ছোৱালীৰে পৰিয়ালটোৰ পোহ-পাল দিবলৈ পেঞ্চনৰ টকা পৰ্যাপ্ত নহয়। জোৰা-টাপলি মাৰিবলৈকে ককাই অঞ্চলটোৰ বহুতৰে ঘৰত সৰু ল’ৰা-ছোৱালীক টিউচন কৰে। আচৰিতজনকভাৱে অঞ্চলটোৰ বহুতৰে ল’ৰা-ছোৱালীক শিক্ষাৰ পোহৰ দেখাওঁতা মানুহজনৰ এপাল ল’ৰা-ছোৱালীৰ কোনোটোৱেই হাইস্কুলৰ ডেওনাখনকেই পাৰ কৰিব নোৱাৰিছিল।

খুৰী আইতা বুলি সকলোৱে মনত ৰখা মানুহগৰাকী আচলতে গাঁৱৰ সকলোৰে বাবে আন কি কি সমন্ধৰ আছিল সেয়া সকলোৱে পাহৰি পেলোৱাৰ নিচিনাই! একেবাৰে নিকট সম্বন্ধীয় ভতিজাকৰ ল’ৰা-ছোৱালীবোৰে খুৰী আইতা বুলি মাতিছিল। সময়ত গাঁৱৰ সকলোৱেই খুৰী আইতা বুলিয়েই মাতিবলৈ ল’লে।

অৱশ্যে খুৰী আইতা গাঁৱত সততে দেখা কথা লগোৱা তিৰোতা, মানে ‘অল ইণ্ডিয়া ৰেডিঅ’ মুঠেই নহয় দেই! খুৰী আইতাৰ জনপ্ৰিয়তাৰ কাৰণটো হ’ল নিজৰ বিষয়ে বঢ়াই কোৱা। যদি পুৱাৰ চাহকাপ পিঠা এখনেৰে খাইছে, কিন্তু ওচৰ-পাঁজৰৰ মানুহৰ আগত ক’ব যে ’আজি লুচী-ভাজি আৰু কণীৰ অমলেটেৰে পুৱাৰ চাহকাপ খাই খুব ভাল লাগিল’। দুপৰীয়াৰ সাজত যদি দালি-ভাজি ভাত থাকে তেন্তে মানুহৰ আগত কচু থোৰ-বিলাহী মাছৰ আঞ্জাখনৰ এনে সুন্দৰ বিৱৰণ দিব যে শুনোঁতাৰ লোভৰ পানী পৰাটো খাটাং।

পেটে-ভাতে খাই থকা ককাৰ পৈতৃক সম্পত্তিৰো কেতিয়াবাই বিক্ৰী কৰা হৈ গৈছিল। গতিকে খেতিৰ ভাতমুঠি বুলিবলৈও নাই। সেয়ে চাউল-দালিৰ পৰা সকলোখিনি কিনি খাব লাগে। তেনে ক্ষেত্ৰত খুৰী আইতাৰ এনে ৰাজকীয় খাদ্য তালিকাৰ বিৱৰণে গাঁৱৰ বহুতকে আচৰিতো কৰি তুলিছিল। বহুতে ক’বলৈ লৈছিল যে সেইবোৰ আইতাৰ মনে সজা কাহিনী। কোনেও অৱশ্যে সেইবোৰ সঁচা নে মিছা জানিবলৈকো চেষ্টা কৰা নাছিল। গাঁৱৰ মানুহৰ খেতি-খোলাৰ কামৰ কষ্টৰ জীৱনৰ মাজত আন নহ’লেও খুৰী আইতাৰ কথাবোৰে হাঁহি বিৰিঙাইছিল।

আচৰিতভাৱে মদপী পুতেকহঁতৰ আগদিনা গধূলি কৰা অত্যাচাৰ, কন্দা-কটাৰ লেশমাত্ৰও চিন খুৰী আইতাৰ মুখত দেখা পোৱা নগৈছিল। কাউৰী পুৱাতেই খুৰী আইতা শোৱাৰ পৰা উঠে। ঘৰৰ পিছফালৰ পৰা বহুদিন তেল-তুল নিদিয়া দমকলৰ ’খিৰিৰিং খিৰিৰিং’ শব্দেৰে পুৱাৰ চৰাইৰ কিচিৰ-মিচিৰকো তল পেলাই দিয়ে। গাঁৱৰ মানুহে চোতাল-গোঁহালি চাফা কৰি গা-পা ধুই চাহ কৰিবলৈ পাকঘৰত সোমাই মানে খুৰী আইতাই নিজৰ ঘৰত সকলোকে চাহ-তাহ দি অটাই নিজেও খাই আজৰি হৈ লৈ কোনোবা এঘৰত হাজিৰ হয়।

ধুনীয়াকৈ সেওঁতা ফালি খোপা বন্ধা আইতাৰ শিৰত দীঘলকৈ সেন্দুৰৰ পাৰি, কপালত লোৱা ডাঙৰ বৃত্তাকাৰ ফোঁটটোৰ পৰা শুকান সেন্দূৰ পৰি নাকটো প্ৰায়েই ৰঙা হৈ থাকে। গাঁৱৰ কোনো উতনুৱাই উকিয়াই থৈ যায়,- “অ’ খুৰী আইতা, সেন্দুৰ নাকলৈকে বৈছে, ককাই এতিয়াও বহুত মৰম কৰে দেই!”

“হেই মাউৰত যোৱাটো ক’ৰবাৰ!” –বুলি মিচিকিয়াই হাঁহি মাৰি খুৰী আইতাই চাদৰৰ আগেৰে নাকত পৰি থকা সেন্দুৰখিনি মচিবলৈ লয়, পিচে তাৰ আগতেই ককাই কিদৰে আইতাক পলুৱাই আনিছিল সেই কাহিনী ক’বলৈ আৰম্ভ কৰে।

ইতিমধ্যে শুই উঠি গাঁৱৰ ৰাস্তাইদি এনেই অহা-যোৱা কৰা পিলিঙা দুটামানে খুৰী আইতাক আগুৰি ধৰিয়েই লয়। চান্সতে “ককাই কেনেকৈ মৰম কৰিছিল কওকচোন”- বুলি সিহঁতে আইতাক উচটাইও দিয়ে।

ককাই প্ৰথমে শিক্ষকতা কৰা স্কুলখন গাঁৱৰ পৰা বহুত দূৰত আছিল। মানে খুৰী আইতাৰ ঘৰৰ ওচৰত আছিল। আইতাৰ মাকৰ ঘৰত বোলে ঢেৰ গৰু-গাই আছিল। ফুটুকা-ফুটুকী ফ্ৰক এটা পিন্ধি আইতাই বহুতৰ ঘৰতে গাখীৰ বহীনা দি ফুৰিছিল। ইফালে খুৰী আইতাৰ বিৱৰণৰ পৰা মাকৰ ঘৰখন খুবেই অৱস্থা সম্পন্ন বুলিয়েই সকলোৱে ভাবিছিল। সেয়ে কাহিনী শুনি থকা পিলিঙাহঁতে সুধিয়েই দিয়ে,- “খুৰী আইতা অ’, আপোনালোক ইমান ধনী মানুহে গাখীৰ বিক্ৰী কৰিহে খাইছিল ন!”

খুৰী আইতাৰ তাৎক্ষণিক উত্তৰ,- “হেই! গাখীৰ আমি এনেইহে দিছিলো। কোনোবাই পইচা দিলে লৈছিলো যদিও নিদিলেও কোনো কথা নাছিল। আৰু ইমানবোৰ গাখীৰ আমি কিমান খাম? সেয়ে বিলাইহে দিছিলো।“

“অ’ তাৰপাছত শুন!” – খুৰী আইতাই এইবাৰ নিজৰ বিৱৰণ দিবলৈ ধৰে,- “মানে, সেই সময়ত মোৰ ৰূপৰ গুণ-গান নকৰা মানুহ অঞ্চলত নাছিলেই বুজিছ। সেই সৰুতেই আমাৰ ঘৰলৈ প্ৰায়ে মোৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিছিল। পিতায়ে বোলে যিকোনো মানুহলৈ মোৰ ইমান ধুনীয়া ছোৱালীজনী বিয়া দি দিব নোৱাৰোঁ নহয়। চাব লাগিব, ভাবিব লাগিব।“

“মোৰ মানে সেইসময়ত এক্কেবাৰে তেজে ফাটো ফাটো চেহেৰা। দুপৰীয়া ৰ’দত গাল দুখন টিকটিককৈ ৰঙা হৈ থাকে। –কিনো ক’বি! (অলপমান দুখ কৰি) এই জীৱন একে নাথাকে নহয়! এতিয়াৰ মোক দেখি তহঁতে ছাগৈ ভাবিছ এই খুৰী আইতাই মিছা কথা কৈছে!”

“নাই অ’ খুৰী আইতা, তাৰপাছত কওকচোন কি হ’ল? ককাই আপোনাক দেখি বলীয়া হৈ গ’ল ছাগৈ!”-কোনোবা এটাই আকৌ উচটনি দিয়ে।

“বলীয়া মানে? ক’বহে লাগিছেনে? মানে কি হ’ল, স্কুলৰ শিক্ষক এজনে পিতাইক ক’লে বোলে অলপতে এজন শিক্ষকে চাকৰিত যোগদান কৰিছে। ঘৰৰ পৰা দূৰ হয় বাবে স্কুলৰ ওচৰতে ভাড়া ঘৰ লৈছে। ভাত-পানী নিজেই ৰান্ধে, স্কুলৰে চকীদাৰ এজনেও লাগি-মেলি দিয়ে। তেখেতক অলপমান গাখীৰ লাগিছিল। সেই তেনেকৈয়ে মই ককাৰৰ ভাড়াঘৰত গাখীৰ দিবলৈ গৈছিলো। দুদিনমান চকীদাৰজনেই গাখীৰ লৈছিল, পিচে এদিন ককাৰে গাখীৰ ল’বলৈ বাচন এটা লৈ ওলাই আহিল। বুইছনে, মই গাখীৰখিনি বাকি দিলো, তেখেতৰ খবৰেই নাই। বাচনটো বেঁকা হৈ গাখীৰ পৰি গ’ল, ককাৰে কেৱল মোৰ মুখলৈকে চাই থাকিল।“ —খুৰী আইতাৰ মুখখনত উত্তেজনাৰ ভাৱ দেখা গ’ল।

পিলিঙাবোৰৰ উত্তেজনাও বাঢ়ি যায়।“তাৰপাছত কি হ’ল?” সিহঁতে সমস্বৰে চিঞঁৰে…

“হেই ৰ’হ! ইমান নিচিঞৰিবি! মানুহে কি ভাবিব?- হঠাতে দেখে সন্মুখৰ পৰা খুৰী আইতাৰ সম-বয়সীয়া দুগৰাকীমান আহি আছে। লগে লগেই খুৰী আইতাই কাহিনী চমুৱাই পেলায়,-

“তাৰপাছত কি হ’ব? ককাৰে মোৰ পিতাইক গৈ হাতে-ভৰিয়ে ধৰিলে বোলে আপোনাৰ ছোৱালীক মোলৈ বিয়া নিদিলে মই জীয়াই নাথাকিম। কোনেনো বাৰু পাপৰ ভাৰ লয়, হয়নে? সেয়ে ককাৰলৈকে মোক বিয়া দি দিলে।“

“পিচে ককালৈ আপুনি পলাই আহিছিল বুলিহে শুনিছিলো”- কোনোবা এটাই আকৌ জোকাবলৈ ধৰে।

খুৰী আইতাই নুশুনা ভাও ধৰি আঁতৰি যায়। কোনোবাই আকৌ পিচৰ পৰাই উকিয়াই, -“খুৰী আইতাৰ কাৰোবাৰ ঘৰত গৈ চাহ খোৱাৰ সময় হৈছে। পিচৰ কাহিনীভাগ সেইঘৰতহে ক’বগৈ।“

সঁচাকৈয়ে খুৰী আইতা কোনোবা এঘৰত গৈ সোমায়। ইতিমধ্যে হয়তো সেইঘৰৰ মানুহৰ পুৱাৰ চাহটুপি খোৱা হৈ গ’ল। অনুমান কৰি গল-খেঁকাৰি এটা মাৰি দুই-এটা কথা সুধি নিজেই মূঢ়া এটা লৈ বহি লয়। অলপ সময় পাকঘৰৰ ফালে কোনো সাৰ-সুৰ নোহোৱাৰ অনুমান কৰি নিজেই ক’বলৈ আৰম্ভ কৰে,-

“চাহ বনাইছা নেকি ন-ছোৱালী? এচিকুটমান দিবা হে, ডিঙিটো শুকাই গৈছে।“

যদি চাহৰ লগত দুই-এটা বিস্কুটহে দেখে লগে লগেই সোধে,- “আজি হ’বলা খালী চাহহে খালা?”

তাৰপাছতেই আৰম্ভ হৈ যায় খুৰী আইতাই পুৱাৰ সাজত কি কি বনালে!- “খুদ চাউল অলপ আছিল, তাকে ৰাতি তিয়াই থৈছিলো। পুৱা ঢেঁকীত খুন্দি পানীপিঠা অলপ বনালো। আমা আকৌ ব দিগদাৰ! ইটোৱে খোৱাটো সিটোৱে নাখায়। চবলৈকে বেলেগ বেলেগ বনাব লাগে। সেইদিনা সোণৰ মাকে দিয়া বৰা চাউল অলপ আছিল। তাকে পুৱা উঠি গা-ধোৱাৰ আগতেই ধুই তিয়াই থৈছিলো। তাকে ঘীঁ অকন দি সামান্যকে পানী ছটিয়াই ভাজিলো। অকণটোৱে চেনি দিয়েই খায়, লাটুক আকৌ গাখীৰ অকণমানো লাগে। ইফালে সৰুটোৱে এইবোৰ একোৱেই নাখায়। তাৰ বাবে ভাততে আলু এটা দিলো, ৰাতিৰ মাংসৰো অকণমান আছিল। তাকে দি থৈ আহিছো।“

শুনোতাকেইগৰাকীয়ে কৈয়েই দিয়ে,-“খুৰীদেউ! আপোনাৰ ধৈৰ্য আছে দেই পুৱাই পুৱাই ইমানবোৰ বনাবলৈ! আমাৰ আৰু মাৰভাত-লেৱেৰা ভাজি অকণ বনাই দি ল’ছালীহঁতক স্কুললৈ পঠিয়াইহে নিজলৈ চাহ অকণ কৰিবলৈ সোৰোঙা ওলায়।“

ইতিমধ্যে চাহ-তামোল খাই উঠি খুৰী আইতাই “যাওঁ দিয়া, দেৰিয়েই হ’ল”- বুলি ঘৰলৈ যায়। সেইখিনি সময়ত গাঁৱৰ প্ৰায়বিলাক মানুহেই গৰু-গাইক পানী খোৱাবলৈ, ধানৰ সঁজ ধৰিছেনে নাই চাবলৈ পথাৰলৈ যায়। যেতিয়া ভৰ দুপৰীয়া ভাত বনাবলৈ ঘৰলৈ উভতি আহে তেতিয়ালৈ খুৰী আইতাহঁতৰ ঘৰত দুপৰীয়াৰ ভাতসাজ খোৱা আৰম্ভ হৈ যায়। সেয়ে আন ঘৰবোৰত দুপৰীয়াৰ ভাত বনাই হোৱালৈ খুৰী আইতা আকৌ মূৰ ফনিয়াই চুলি আঁচুৰি টিপ-টপ হৈ কোনোবা এঘৰত ওলায়গৈ! গৈয়েই নিজে দুপৰীয়াৰ সাজত কি কি খালে, কেনেকৈ বনালে তাৰ বিৱৰণ দি উঠে মানে সেইঘৰৰো খোৱাৰ সময় হয়গৈ। ঘৰখনৰ সকলোৱে খোৱাৰ পাছত গৃহিনীয়ে খোৱাৰ সময়ত সৌজন্যৰ খাতিৰতে হ’লেও খুৰী আইতাক ভাত খাবলৈ কয়। ইতিমধ্যে দুই-তিনিখন তামোল খাই সেলেঙি বোঁৱাই থকা খুৰী আইতাই “এহ! মই খাই আহিছিলোৱেই! কিয়নো দিব লাগে”- বুলি লাহেকৈ উঠি গৈ দমকলৰ পৰা পানী উলিয়াই মুখখন কুলি কুলি কৰি চাফা কৰে। সেই ঘৰখনৰ কোনো সৰু ল’ৰা-ছোৱালী যদি থাকে তেন্তে এনেয়ে কিবা-কিবি কথা সুধি সুধি পাকঘৰৰ ফালে যাবলৈ ধৰে।

কেৱল যে খোৱাৰ বাবেই খুৰী আইতাই এনেদৰে গাঁৱৰ মানুহৰ ঘৰলৈ যায় সেইটো মানুহবোৰে লাহে লাহে সামান্যকে অনুভৱ কৰিবলৈ লৈছিল। দুই-এঘৰে খুৰী আইতাক দূৰতে দেখিলেই ঘৰৰ মূল দুৱাৰখন বন্ধ কৰি দিছিল। ওচৰ-পাঁজৰৰ দুই-এঘৰৰ মতে ঘৰখনৰ অতবোৰ ল’ৰা-ছোৱালীক খাবলৈ দিয়াৰ পাছত খুৰী আইতালৈ একো নাথাকেগৈয়ে হেনো! সেয়ে তেনেকৈ হ’লেও পেটৰ ভাতমুঠি উলিওৱাৰ চেষ্টা কৰে ছাগৈ!

মাজতে বহুত বছৰৰ মূৰত খুৰী আইতা মাকৰ ঘৰলৈ গ’ল। বহুতে ভাল পালে। অন্ততঃ অলপদিন খুৰী আইতাই মানুহৰ ঘৰত খোৱাটো কমিব! কিন্তু দুই এদিনতে প্ৰায় সকলোৱেই অনুভৱ কৰিবলৈ লৈছিল যে গাঁওখনত একপ্ৰকাৰৰ নিৰ্জনতাই বিৰাজ কৰিছে। খুৰী আইতাৰ নিজক লৈ, ৰন্ধা-বঢ়াক লৈ, ঘৰখনক, ল’ৰা-ছোৱালীক লৈ দিয়া বিৱৰণেৰে গাঁৱৰ মানুহৰ পুৱা-গধূলীৰ ভাল মনোৰঞ্জন হৈ থাকে। পিচে দুদিন নৌহওঁতেই খুৰী আইতা উভতি আহিল। অন্ততঃ দহদিনমানৰ বাবে যোৱা খুৰী আইতা দুদিনতেই উভতি অহা বাবে সকলো একপ্ৰকাৰ আচৰিত হ’ল।

“খুৰী আইতা আহিল অ’”- সেয়া গাঁৱৰ কোনোবাই আটাহ পাৰি কোৱা শুনা গ’ল।

“অ’ হয় নেকি? খুৰী আইতা মাকৰ ঘৰৰ পৰা ইমান সোনকালেই আহিল নে? “ গাঁৱৰে বৰমা, খুৰী জেঠাইহঁতৰ দলটো নিজ নিজ ঘৰৰ পৰা ওলাই আহি এঘৰৰ পদূলিমুখত ৰৈ কথা পাতিবলৈ ধৰিলে।

“এতিয়া খুৰী আইতাই ক’বহি দেই,- ’এহ! ঘৰখন এৰি এদিনো থাকিব নোৱাৰোঁ অ’, তাতে খুৰাদৈয়ে মাতি পঠালে যে! মই নহ’লেই যে নচলে। সেয়ে গুচিয়েই আহিলো বুইচ।“— কাষৰ ঘৰৰ বৰমাই খুৰী আইতাই ক’ব পাৰা কথাখিনি অনুমান কৰিবলৈ ধৰিলে।

এনেকুৱা লাগিল যেন খুৰী আইতা গাঁৱলৈ উভতি অহাতহে সকলোৱে সকাহ অনুভৱ কৰিছে। পিচে টাউনত বাছৰ পৰা নামি প্ৰায় পাঁচ কিলোমিটাৰ দূৰত্বৰ ঘৰলৈ পোনাওঁতে খুৰী আইতাৰ ভালেখিনি সময় লাগিল। খুৰী আইতাক ’আহিলে’ অথবা ’ক’লৈ গৈছিল’ বুলি সোধা সকলোকে খুৰী আইতাৰ মাকৰ ঘৰত তেখেতক থাকিবলৈ কিমান জোৰ কৰা স্বত্বেও নিজৰ ঘৰখনত তেওঁৰ গুৰুত্বৰ কথা ব্যাখ্যা কৰিয়েই যে নাথাকিলে সেই কথাখিনিকে উৰাই-ঘূৰাই গাই গাই গাঁও সোমাই মানে কানি-মুনি বেলিকাই হৈ গৈছিল। গতিকে অনিচ্ছা স্বত্বেও খুৰী আইতাক মাত লগাই মানুহবোৰ ঘৰা-ঘৰি গ“ল। অৱশ্যেই পিচদিনাখনৰ পৰা কেইদিনমানলৈ খুৰী আইতাৰ মাকৰ ঘৰৰ পুৰাণে যে ভাল আমোদ দিব সেইটো সকলোৱেই বুজি উঠিছিল।

গাঁৱৰ তিনি আলিত কেৰম খেলা দলটোৰ মাজত এদিন খুৰী আইতাই কোৱা কথাবোৰ কিমান সঁচা-মিছা সেইটো জনাৰ স্বৰ্ত ৰখা হ“ল। স্বৰ্ত হ’ল যদিও খুৰী আইতাৰ ঘৰত গৈ কথাটোৰ তদন্ত কৰিবলৈ যাবলৈও সিহঁতৰ বেয়াও লাগিল। এদিন খুৰী আইতাহঁতৰ ঘৰৰ পিচফালৰ সীমাৰ সিফালে থকা গেজেপনি মাৰা হাবিত গছ কাটি কাটি গাঁৱৰে মিস্ত্ৰি তৰুণে দুপৰীয়াৰ সময়ত চমু বাট বুলি খুৰী আইতাহঁতৰ বাৰীয়েদি পোনাই আহি আছিল। আহি আহি খুৰী আইতাক মাত দি পানী এগিলাছ বিচাৰোঁ বুলি পাকঘৰৰ কাষৰ পিৰালিতে বহি পৰিল। সেইসময়ত খুৰী আইতাৰ ঘৰৰ সকলোৱে দুপৰীয়াৰ সাজ খাই আছিল। তৰুণে কিবা কোৱাৰ আগতেই খুৰী আইতাই কোৱা শুনিলে,-

“আজি গোমধানকে খাহক। ৰাতিলৈ বাপেৰে টিউচনৰ পৰা আহোঁতে চাউল আনিব। তেতিয়া ভাত খাবলৈ পাবি। আৰু খবৰদাৰ, ঘৰৰ বাহিৰত কাকো একো নক’বি।“

“আমি ইয়াকে খাব লাগিব। তইহে আৰ-তাৰ ঘৰত গৈ এগালমান ৰন্ধা-বঢ়াৰ কথা কৈ কৈ তাতে চাহ-ভাত উলিয়াই আছ বুলি আমি বুজি নাপাওঁ নেকি? লাজেই লাগে গাঁৱৰ মানুহলৈ..!” খুৰী আইতাৰ সৰু ল’ৰাটোৱে ক’বলৈ ধৰিলে।

“তহঁতে কি বুজিবি? নোখোৱাকৈ থাকি থাকি পেটত হোৱা গেষ্ট্ৰিকৰ জ্বালা কেনেকৈ সহি থাকোঁ? জানো, বহুতে বেয়া পায়!“-খুৰী আইতাৰ মাতত এক কৰুণ সুৰ ভাঁহি আহিল।

অবাক হৈ পৰা তৰুণে পাকঘৰৰ বেৰৰ জলঙাইদি জুমি চালে। হয়, পাকঘৰৰ মজিয়াত এটা ডাঙৰ কেৰাহীত সিজোৱা গোমধানখিনি। তাকে আটাইবোৰে লৈ খাই আছে। অৱশ্যে মদপী দুয়োটা পুতেক নাই। গাঁওখনত একমাত্ৰ খুৰী আইতাৰ ঘৰৰ লগতে থকা সামান্য মাটিত গোমধানৰ খেতি কৰা সকলোৱেই দেখে। কোনোবাই খুজিলে পিচে ককাই গালি পাৰিব বুলি কাকো নিদিয়ে। সেই গোমধানেৰেই খুৰী আইতাৰ ঘৰত সেইদিনাৰ দুপৰীয়াৰ সাজ!

তৰুণে একো নকৈ গুচি আহিল। তিনি আলিত তেতিয়াও দেশ-দেশান্তৰৰ ওপৰত আড্ডা মাৰি সময় কটোৱা ডেকা কেইজনমান আছিলেই! তৰুণে সিহঁতকেই কথাটো ক’লে। প্ৰথমে বাজী জিকাৰ ফূৰ্তিত সিহঁত উদ্বাউল হ’ল যদিও আচল কথাটো জানিবৰ বাবে সিহঁতে কথাটো গোপনে ৰাখিলে।

পিচদিনা দুজন ডেকাই গৈ খুৰী আইতাৰ ঘৰত দুপৰীয়া সাঁজৰ কি ব্যৱস্থা মনে মনে চাবলৈ গ“ল। সেইদিনা অৱশ্যে ভাত-দালি-শাকৰ ভাজি আছিল। সিহঁতে ভাবিলে যে খুৰী আইতাইনো কি বিৱৰণ দিয়ে চোৱা যাওক।

সচৰাচৰ হোৱাৰ দৰে খুৰী আইতা আজৰি হৈ এঘৰলৈ গ’ল। লাহে লাহে নিজৰ ঘৰত দুপৰীয়া খোৱাৰ বিৱৰণ দিবলৈ ধৰিলে,-

“খুৰায়েৰে এটা ডাঙৰ শ’ল মাছ আনিলে। তাকে বাৰীৰে কেবা মিহলি শাক-কণ বিলাহী দি এখন বনালো। দুদিনমানৰ আগতে খান্দি আনি ৰ’দাই থোৱা কাঠআলু আছিল। তাৰে ঔ টেঙা দি এখন মাছৰ আঞ্জা বনালো। দালি আছিল, ভাজি আছিল, লগতে বাৰীৰ পৰা পালেং কেইডালমান, বন্ধাকবিৰ কোঁহ অলপ, কেঁচা জলকীয়া-আদা দি ছাটনি এখনো বনাওঁতেহে পেটলৈ ভাত মুঠি গৈছে।”

দেশ-দেশান্তৰ, ৰাজনীতিৰ পৰা গাঁৱৰ গাভৰুৰ মুখৰোচক কাহিনীৰে তিনি আলি জীপাল কৰি ৰখা ডেকাহঁতে থতমত খালে। খুৰী আইতাৰ ৰন্ধন-প্ৰকৰণৰ বিৱৰণৰ সঁচা ৰূপটোক সিহঁতে হজম কৰিবলৈ টান পালে। আকৌ এবাৰ পৰীক্ষা কৰা হওক বুলি খুৰী আইতাৰ ঘৰত ৰাতিৰ সাজৰ ৰন্ধন-প্ৰকৰণ চাবলৈ সেইবাৰ আটাইবোৰ ডেকাই গ’ল। দিনত যেনেকৈ গাঁৱৰ মানুহৰ তুলনাত খুৰী আইতাৰ ঘৰত সোনকালেই দুপৰীয়াৰ সাজ খোৱা হয়, তেনেকৈ ৰাতিৰ সাজো গাঁৱৰ আন ঘৰবোৰৰ তুলনাত সোনকালেই খায়। গতিকে তিনি আলিৰ আড্ডাৰ ডেকাহঁতে চুপে-চাপে খুৰী আইতাৰ পাকঘৰৰ ৰেহ-ৰূপ চাবলৈ ৰৈ থাকিল। সেই ৰাতি মাছৰ তৰকাৰী এখন আছিল। লগত এখন ভাজি, দালি পিচে নাছিল।

যিনহওক, পুৱা খুৰী আইতাৰ বিৱৰণ শুনিবলৈ ডেকাহঁত সস্ত্ৰম হৈ থাকিল। আনদিনাৰ দৰেই গোল ৰঙা ফোঁট-সেন্দুৰেৰে ৰঙিলী হৈ খুৰী আইতাই ঘৰৰ পৰা ওলাই অহাৰ লগে লগেই পদূলিমুখতে আলেখ-লেখ লৈ থকা দুজনমান ডেকাই এনেই কিবা-কিবি কথা পাতি পাতি খুৰী আইতাক তিনি আলিৰ আড্ডাৰ থলী পোৱালেগৈ। কাৰোবাৰ ঘৰলৈ যাবলৈকো খুৰী আইতাই সুৰুঙাকে নাপালে। কোনোবা এটাই তিনি আলিৰ ডেকা চাঙৰ আড্ডা থলীৰ লগতে থকা হৰেণৰ দোকানৰ পৰা চাহ একাপো আনি খুৰী আইতাক খাবলৈ দিলে। খুৰী আইতাৰ কাহিনী শুনিবলৈ সিহঁতে প্ৰায়েই এনে কৰে। সেয়ে খুৰী আইতাৰ সন্দেহ একো নহ’ল। যি নহওক, এজনে এনেই সুধিলে,-“খুৰী আইতা, আজি পিচে পুৱাৰ জলপানত কি খালে? আপুনিতো বহুত কিবা-কিবি বনায়!”

“এহ! কি ক’বি? খাৱৰীয়া এগালমান, সেয়ে বনাবও লাগে কেবাবিধো! আজি পিছে ৰুটীহে বনালোঁ। তেল দিয়া ৰুটী। এনেই মানে ককাৰে ডালডা দিয়া ৰুটীহে ভাল পায়। কিন্তু গেষ্ট্ৰিকৰ যি জ্বালা, সেয়ে ডালডা খাবলৈ কমাইছো। অ’, কালি মানে, যোৱা ৰাতিৰ মাংসও অলপ আছিল… “। আইতাই আৰু কিবা কোৱাৰ আগতেই ডেকাহঁতে ইটোৱে সিটোৰ মুখলৈ চাবলৈ ধৰিলে।

খুৰী আইতাই পুনৰ ক’বলৈ ধৰিলে -“কালি মানে ককাৰে মাংস অলপ আনিলে বুইছনে? মছলা-পিঁয়াজ দি বনোৱাৰ পাছত নমাবৰ আগে আগে আদা অলপ দীঘল দীঘলকৈ কাটি দিছিলো, ইমান যে ভাল হৈছিল! লগতে গুটি আলু অলপ ভাজিলো, মাংসৰ লগত আকৌ খুৰায়েৰে নেমু দিয়া মচুৰ দালি এখন হ’লে ভাল পায়। লগতে বেঙেনা এটাও পুৰিলো। আকৌ টিউচন কৰিবলৈ যাওঁতে ককাৰক বাটতে কানাই মাছুৱৈয়ে মাছ অলপো দিছিল। দুটামান শুকোৱা পাঁচলিও আছিল। তাকে লৈ মছলা দি আতখৰীয়া এখনো বনালোঁ। মাছৰ আঞ্জাখন থকা বাবে মাংসৰ অলপমান আগতেই আঁতৰাই থৈ দিছিলো, আজি পুৱা বোলো চবেই ভাতেই খা মাংসৰ লগত,- পিচে কিবা এটা নতুনকৈ বনোৱা নহ’লেই নহয়। সেয়ে লগত লেৱেৰা ভাজি এখনো বনাই দি আহিছো। মোৰ আকৌ পুৱাই ভাত খাবলৈ মন নাযায়। মিঠৈ অলপ আছিল, সেয়ে আটাপিঠা দুখনমান বনাব লৈছিলোহে,  গোটেইকিটাই ভাত নোখোৱাকৈ বহি ল’লে। বোলে আমাকো আটা পিঠা দে। কিনো কওঁ,  ল’ছালীকিটাই মই বনোৱা আটা পিঠাও যে ইমান ভাল পায়…..।“

ডেকাহঁতৰ মুখৰ মাত বন্ধ হ’ল। মাত্ৰ ইজনে সিজনৰ মুখলৈ চালে। কোনোবাটোৰ মুখত ঈষৎ হাঁহি, কোনোবাটোৰ মুখত আশ্বৰ্য আৰু কোনোবাটোৰ মুখত সামান্যকৈ যেন দুখৰ ভাৱ উথলি উঠিল। কিবা এক কাঁহ পৰি জীণ যোৱা নিস্তব্ধতাই বিৰাজ কৰিলে। খুৰী আইতাৰ সেইবোৰলৈ ভ্ৰুক্ষেপ নাই। ইতিমধ্যে চাহকাপো শেষ হৈছিল। সেয়ে খুৰী আইতাই কিবা এটা ভাবি টপককৈ কৈ উঠিল,- “এহ, তহঁতৰ লগত কথা পাতি থাকোঁতে কিমান সময় হ’ল গমেই নাপালো। তহঁতো আৰু কি, এই ডেকা বয়সত ছোৱালীৰ কথাহে পাতিব লাগে, মোৰ চৌকাৰ খবৰ নো তহঁতক কেলেই লাগে হয় নে? ছেহ! দুপৰীয়াৰ সাঁজ ৰান্ধিবলৈকে আছে। জানই দেখোন, ককাৰে এখন দুখন আঞ্জাৰে ভাতেই নাখায়! বহুত কাম আছে বুজিছ? তহঁতৰ দৰে তিনিআলিত আড্ডা দি থাকিলে মোৰ নচলে নহয়। যাওঁ দে এতিয়া।”- এই বুলি কৈ খুৰী আইতাই নিজৰ ঘৰলৈ যোৱাৰ পৰিৱৰ্তে বেলেগ এটা চুবুৰীলৈহে বাট পোনালে। ডেকাহঁতেও বুজি পালে যে দোকানত সিহঁতে যাছা চাহ কাপেৰে খুৰী আইতাৰ পুৱাৰ জলপানৰ যোগাৰ নহ’ল। সেয়ে হয়তো চাহ-জলপান খোৱাৰ আশাতেই কাৰোবাৰ ঘৰলৈ গৈছে। কাৰণ দুপৰীয়াৰ ভাত সাঁজলৈ তেতিয়াও বহু দেৰি! প্ৰায়েই কাম-বন, পঢ়া-শুনা ভালকৈ নকৰি তিনি আলিতে আড্ডা দিয়া সেই ডেকাহঁতৰ মনতো সেইদিনা বহু কথাই দোলা দি গ’ল।

*****

22 Comments

  • উফফ্ !! এইটো যিমানবাৰ পঢ়িছো দুচকুৰ কোনদুটা বিৰিঙি উঠে সদায় ৷ খুৰীদেউৰ ৰন্ধনৰ বিৱৰনে সদায় লোভ লগাই ৷

    Reply
    • গীতিকা শইকীয়া

      অশেষ ধন্যবাদ।

      Reply
    • গীতিকা শইকীয়া

      ধন্যবাদ দেই!

      Reply
  • ভাল লাগিল পঢ়ি।

    Reply
    • গীতিকা শইকীয়া

      ধন্যবাদ দেই!

      Reply
    • গীতিকা শইকূয়া

      ধন্যবাদ।

      Reply
  • তৃষ্ণা সো.

    বৰ সুন্দৰ লিখিলে, খাদ্যৰ বৰ্ণনা কি যে লোভনীয়। খুৰী আইতাৰ কাহিনীয়ে দুখ দিলে।

    Reply
    • গীতিকা শইকীয়া

      ধন্যবাদ তৃষ্ণা।

      Reply
  • ভাল লাগিল পঢ়ি

    Reply
  • ভাল লাগিল।

    Reply
    • গীতিকা শইকূয়া

      ধন্যবাদ। ধন্যবাদ জিমনি

      Reply
  • হেমন্ত কাকতি

    ভাল লাগিল গীতিকা৷ হাঁহিৰ মাজেৰেই অলপ দুখো পালো৷

    Reply
    • গীতিকা শইকীয়া

      ধন্যবাদ কাকতি দা। সামান্যকে প্ৰয়াস এটা কৰি চালোঁ।

      Reply
  • Papari Barman

    বহুতবাৰ পঢ়িও হেপাঁহ নপলায় বা ৷ আগতে দুবাৰ পঢ়িছো ৷ বৰ ধুনীয়া লিখে ৷ কিন্তু সেইটো গল্প যে সিন্ধি দিয়া চোৰ , ছোৱালীজনী যে পলাই নিয়ে বা কি জমনি লিখিছিল ৷

    Reply
    • গীতিকা শইকীয়া

      ধন্যবাদ পাপৰি। তোমালোকৰ এনে অনুপ্ৰেৰণামূলক কথাত সঁচাকৈয়ে উৎসাহিত হওঁ।

      Reply
  • অভিজিত কলিতা

    হাঁ‌হিৰ চলেৰে এটা গুৰুত্বপূৰ্ণ মনস্তত্ব, বৰ ভাল লাগিল

    Reply
    • গীতিকা শইকীয়া

      ধন্যবাদ অভিজিত দা। শৈশৱতে দেখা সঁচা চৰিত্ৰ এটাক তুলি ধৰাৰ প্ৰয়াস কৰিলো।

      Reply
  • ৰিণ্টু

    সুন্দৰ, ভাল লাগিল পঢ়ি

    Reply
    • গীতিকা শইকীয়া

      অশেষ ধন্যবাদ।

      Reply
  • Rashna Borah

    খুৰী আইতাৰ ৰন্ধন প্ৰণালীৰ বৰ্ণনাই এইমাত্ৰ খাই উঠা লোকৰো ভোক লগাব । বৰ সুন্দৰ লিখনি । লগতে আইতাৰ ঘৰৰ অবস্থাই আজিৰ কিছুমান যুৱকৰ স্খলন উদঙাই দিছে। ভাল লাগিল।

    Reply
    • গীতিকা শইকীয়া

      অশেষ ধন্যবাদ ৰাস্না বা। সৰুতে দেখা কিছুমানকে তুলি ধৰিবলৈ চেষ্টা কৰিলো।

      Reply

Leave a Reply

Your email address will not be published.