ফটাঢোল

বহ্বাৰম্ভে লঘুক্ৰিয়া (সহজতে ধনী হোৱাৰ প্ৰচেষ্টাবোৰ) – ৰিণ্টুমনি দত্ত

১৯৯৬ চনৰ কাহিনী, পঢ়া-শুনা শেষ কৰি ঘৰত বেকাৰ জিন্দেগী তেতিয়া । ঘৰত কূটা এগছো ইফালৰপৰা সিফাল নকৰোঁ বুলি প্ৰত্যেকদিনাই একেখিনি গালি ৰিপিট মুডত খাই থকাৰ দিনৰ কথা। গাৱঁ‌ৰ ক্লাবটোত সদায় কেৰম খেলাৰ নামত আড্ডা হয়, ময়ো তাৰ নিয়মীয়া মেম্বাৰ। লগৰীয়া বিশেষ নাই, প্ৰায়কেইজন সদস্যই বয়সত মোতকৈ ডাঙৰ। গুৱাহাটীত পঢ়ি অহা বুলি ডাঙৰ কেইজনেও মোক আড্ডাত সক্ৰিয় অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়ে।

তেনেকুৱা এটা সন্ধিয়াৰ কথা, হুৰমুৰকৈ ক্লাবলৈ সোমাই আহিল আড্ডাৰ এজন সক্ৰিয় সদস্য গণেশ তামূলী। বয়সত মোতকৈ যথেষ্ট ডাঙৰ যদিও মোৰ লগত খুব ভাল দোস্তি। সন্ধিয়া তেওঁ সদায় এপাক “কৈলাশ” ফুৰিবলৈ যায়। “কৈলাশ”ৰ পৰা ঘুৰি অহাৰ পিছত তেওঁৰ কথাবোৰ আৰু ৰসাল হৈ পৰে। কোৰাণৰপৰা মাৰ্কণ্ডেয় পুৰাণলৈ সকলো সেইসময়ত তেওঁৰ নখদৰ্পণত হৈ পৰে।

পিছে সেইদিনা সন্ধিয়া তেওঁৰ মুড আশ্চৰ্যজনকভাৱে গম্ভীৰ। আহিয়েই ক্লাবৰ পিছফালে আমাৰ চাৰিজনক মাতি লৈ গ’ল, বিশেষ কথা এটা আলোচনা কৰিবলৈ আছে বুলি। ক্লাবৰ আনটো ৰূমত আমি সোমোৱাৰ লগে লগে তেওঁ তাৰ দৰ্জা বন্ধ কৰি দিলে।

আমি তেওঁৰ মতি-গতি দেখিয়েই বুজি পালোঁ যে ঘটনা কিবা গম্ভীৰ। আমাৰ সকলোৰে উৎকণ্ঠিত মুখবোৰক সিমান গুৰুত্ব নিদি তেওঁ প্ৰথমে জেপৰপৰা চাধা পেকেটটো উলিয়াই চাধা এপালি মুখত ভৰাই ল’লে। তাৰপিছত তেওঁ‌ ইফালে-সিফালে চাই ক্লাবৰ আনটো দিশৰ বাঁ‌হৰ দৰ্জাখন খুলি দিলে। আৰু আমাক সকলোকে আচৰিত কৰি সেইখন দৰ্জাৰে সোমাই আহিল গাৱঁ‌ৰ কাৰোবাৰ কেঁ‌চুৱাই ৰাতি ৰাতি কান্দিলে তাবিজ দিয়াৰপৰা আৰম্ভ কৰি মুখলগা পানী ভাঙি দিয়ালৈকে সকলোধৰণৰ সৰু-সুৰা চিকিৎসা কৰা গাৱঁ‌ৰ একমাত্ৰ বেজ তুলসীদা। সৰ্বশৰীৰ এখন এৰী চাদৰেৰে ঢকা, অকল মুখখন ওলাই আছে।

তাৰপিছত তুলসীদাৰ মুখেৰে যিখিনি কথা শুনিলো, সেইয়া আৰু গম্ভীৰ। তুলসীদাই আগৰাতি চতুৰ্থ প্ৰহৰত সপোন দেখিছে, গিবনৰ হাবিৰ এটা বিশেষ স্থানত মাটিৰ তলত আহোম ৰজাৰ দিনৰ চাৰিটা সোণভৰ্তি কলহ আছে। আৰু তুলসীদাৰ মতে তেওঁৰ পিছনিশাৰ সপোন কেতিয়াও মিছা হ’বই নোৱাৰে, সপোন ফলিওয়াটো এশ শতাংশ নিশ্চিত। পিছে কথাটো হ’ল, তুলসীদাই অকলে সেইখিনি উলিয়াব নোৱাৰে। তেওঁক প্ৰয়োজন এটা ডেডিকেটেড টিমৰ। আৰু আমাৰ দৰে পাঁ‌চজন বেকাৰতকৈ ডেডিকেটেড টিম ক’ত পাব ইমান সহজতে। গতিকে তাৰেই কাৰ্য্যপন্থা নিৰ্ধাৰণ কৰিবলৈ এই ৰূদ্ধদ্বাৰ বৈঠকৰ আয়োজন।

প্ৰায় দুঘণ্টা সময় দীঘলীয়া আলোচনা চলিল, শেষত ফাইনেল হ’ল আমি পাঁ‌চজনে এই অপাৰেচনটোত ভাগ ল’ম। ডীল ফাইনেল, যিহেতু সপোনটো তুলসীদাই দেখিছে, গতিকে এটা কলহ অকল তুলসীদাৰ। বাকী তিনিটা কলহ আমাৰ পাঁ‌চজনৰ মাজত ভাগ হ’ব, সকলোকে সমানকৈ তুলসীদায়ে ভগাই দিব।

দহদিন পিছত অমাবস্যা, তাতে শনিবাৰ। তুলসীদাৰ মতে সেইটোৱেই উপযুক্ত দিন। গতিকে সেইটো দিনেই ফাইনেল কৰা হ’ল। মানুহ সৰ্বমুঠ ছজন, তুলসীদাক ধৰি। গিবনৰ ওচৰৰ গাওঁ এখনত তুলসীদাৰ চিনাকি বেজ এজন আছে, আমি আগদিনাই গৈ তাত থাকিম। কিন্তু সেই গৃহস্থক এই বিষয়ে ঘুণাক্ষৰেও জানিব নিদিওঁ‌, নহ’লে আৰু এজন মানুহ বাঢ়িব।

আলোচনা শেষ হ’ল, সকলো ঘৰা-ঘৰি যাবলৈ ওলালো। সেইসময়তে তুলসীদাই শেষ বাণপাট মাৰিলে। যিহেতু সেইখিনি ৰজাদিনীয়া সম্পত্তি, গতিকে মাটিৰ তলৰপৰা উলিওৱাৰ আগে আগে আমি ঠাইডোখৰ পূজা কৰিব লাগিব নহ’লে বহুত অপায়-অমঙ্গল হ’ব পাৰে। আৰু সেইবিধ পূজা তুলসীদাৰ দৰে সৰু-সুৰা বেজে কৰিব নোৱাৰে, তেখেতৰ অকপট স্বীকাৰোক্তি। তেওঁৰ জ্ঞান হেনো কেঁ‌চুৱাৰ ৰাতিৰ কান্দোন বন্ধ কৰা, মুখলগা পানী ভাঙি দিয়া, বিয়াৰ পিছদিনা খোবাখুবনী পঢ়া ইমানতে সীমাবদ্ধ।

আমাৰ চিন্তাক্লিষ্ট মুখ কেইখন দেখি তুলসীদাইয়ে তাৰ উপায় দিলে-মায়ঙত তেওঁৰ গুৰু আছে, এইবোৰ কামত ওস্তাদ। ঘৰুৱা অসুবিধাৰ বাবে তুলসীদাই আধা শিকাতে এৰি আহিল। কিন্তু এতিয়াও গুৰুৰ লগত তেওঁৰ খুব সুহৃদ সম্পৰ্ক, তেওঁ মাতিলে এশ শতাংশ আহিব। কিন্তু তেওঁক অনা-নিয়াৰ পৰা আৰম্ভ কৰি পূজাৰ সামগ্ৰী গোটাই মাননী দিয়ালৈকে যিখিনি খৰচ, সেইখিনি আমি বহন কৰিব লাগিব।

চকুৰ আগত তিনিটা সোণভৰ্তি কলহ, সেইয়ে বিনা দ্বিধাই আমি সেই খৰচ বহন কৰিবলৈ সন্মত হ’লো। তামূলীদাকে ধৰি আমি চাৰিজনৰ আৰ্থিক অৱস্থা তেনেই তথৈৱচ। আমাৰ গ্ৰুপটোত আঢ্যৱন্ত এজনেই, জ্যোতিদা। গতিকে ফাইনেল হ’ল, সদ্যহতে জ্যোতিদাই সকলো খৰচ দিব। কিন্তু বস্তু পোৱাৰ পিছত জ্যোতিদাক তাৰ দুগুণ ঘুৰাই দিব লাগিব। তাতো বিনাবাক্যে সন্মতি প্ৰকাশ কৰিলো। কোনে দহ-বিছটকাৰ বাবে কান্দি থাকে।

এদিন পিছত তুলসীদা মায়ঙলৈ যাব, তেখেতৰ গুৰুক আনিবলৈ। সদ্যহতে অহা-যোৱাৰ খৰচৰ বাবদ জ্যোতিদাই পকেটৰ পৰা তিনিশ টকা উলিয়াই দিলে। লগে লগে পকেটৰ পৰা বহী এখন উলিয়াই তাত লিখি ল’লে জ্যোতিদাই।

সেইদিনাৰ মিটিঙ শেষ হ’ল। তাৰপিছৰ কেইদিনমান আমি ক্লাৱত লগ হোৱা বাদ দিলো। সন্ধিয়া এটা বিশেষ সময়ত গাৱঁ‌ৰ মাজেৰে যোৱা দৰিকা নৈখনৰ দলংখনত বহোগৈ গোটেইকেইটা। তাতে আলোচনা হয়, বস্তুখিনি ক’ত বিক্ৰী কৰিম, কেনেকৈ কৰিম ইত্যাদি ইত্যাদি। সিদ্ধান্ত হ’ল, এমাহত এদিনকৈ আমি এজন এজনে অলপ অলপকৈ বিক্ৰী কৰিম, তাকো একেখন জিলাত নহয়। তিনিচুকীয়াৰপৰা গোলাঘাটলৈ, সৱৰে সোণাৰীৰ দোকানত এমাহত এদিনকৈ অলপ অলপকৈ বিক্ৰী কৰিম।

পাঁ‌চ দিন পিছত তুলসীদা মায়ঙৰপৰা ঘুৰিল, লগত তেওঁৰ গুৰু। খবৰটো তুলসীদাই আমাক নিজেই দিলেহি। কিন্তু তুলসীদাৰ সকীয়নি, এইবোৰ কথা কোনেও গম পাব নালাগে। গতিকে দিনত আমি তেওঁক লগ কৰিব নোৱাৰোঁ । সন্ধিয়া আঠটা বজাৰ পিছতহে পাৰিম। ইফালে গুৰুদেৱক সন্ধিয়া সদায় পূজাৰ বাবে ৰঙা ডাকোৱা মুৰ্গী এটা আৰু পূজাত কৃতাঘ্নি দিবলৈ আচাম এক্সাইজৰ তিনিটা বটল সদায় লাগিব, সেইটো আগতীয়া চৰ্ত। সদ্যহতে সেই সকলোবোৰ খৰচ জ্যোতিদাই কৰি আছে, ইতিমধ্যে তাৰ সৰু নোটবুকখন প্ৰায় শেষ হওঁ‌ হওঁ‌ অৱস্থা। সদায় ঘৰ যোৱাৰ সময়ত আমাক এবাৰ দেখাই, আমিও ওপৰে-ওপৰে চাই থৈ দিওঁ‌। এসপ্তাহ পিছত মালামাল হৈ যাম, কোনে এইবোৰ সৰু-সুৰা হিচাপ চাই সময় নষ্ট কৰে।

শুক্ৰবাৰ আহিল, তেতিয়ালৈ জ্যোতিদাৰ প্ৰথমখন নোটবুক শেষ হৈছে। ৰাতিপুৱা নটা বজাত আমি গোটেই কেইজন বেলেগে বেলেগে গৈ মাউতগাওঁ‌ ষ্টেচনত হাজিৰ। টিকট কৰাৰ দ্বায়িত্ব আকৌ জ্যোতিদাৰ, এইবাৰ তুলসীদাৰ গুৰুক লৈ সাতজন যাত্ৰী।

তুলসীদাৰ নিৰ্দেশ অনুসৰিয়েই ট্ৰেইনত আমি একো কথাই নাপাতিলো, প্ৰায় অচিনাকি ভাৱেই গোটেইকেইজন মৰিয়নি জংচনত নামিলোঁ গৈ।

তাৰ পৰা প্ৰায় দুঘণ্টা খোজ কাঢ়ি অৱশেষত আমি প্ৰায় সন্ধিয়া উপস্থিত হ’লো, তুলসীদাৰ চিনাকি মানুহ ঘৰত। আমি গৈ পোৱালৈ গৃহস্থ খাই-বৈ শুলেই।

গোটেই গাওঁখনত আমি গৈ পোৱালৈ চাকি এটা জ্বলি থকাও দেখিবলৈ নাই। তুলসীদাৰ বাৰম্বাৰ অনুৰোধৰ পিছত গৃহস্থ শুই উঠিল, পিছে তেতিয়া তেওঁ কৰিব পৰা একোৱেই নাছিল। ঘৰৰ বাৰাণ্ডাখনতে আমাক শুই থাকিবলৈ দি তেওঁ আকৌ ভিতৰলৈ সোমাল। উপায় নাই, সেইদৰেই আমি শুবলৈ তৈয়াৰ হ’লো। মহৰ কামোৰ, লগতে খালী পেট। টোপনি ক’ৰ পৰা আহিব। তথাপি এনেই বাগৰি আছো গোটেইকেইটা। জ্যোতিদাৰ ইচ্ছা, পূজালৈ বুলি গুৰুৰ আদেশ মানি অনা ৰঙা মুৰ্গীটো খাই পেলোৱা যাওক। পিছে তুলসীদাৰ মতে সেইটো খাই পেলালে ঘোৰ অনৰ্থ হ’ব, সেইটো প্ৰেতৰ নামত উৎসৰ্গিত প্ৰসাদ। গতিকে কাম আৰম্ভ কৰাৰ আগতে একদম মেইন ভেন্যুতহে সেইটো উৎসৰ্গা কৰা হ’ব। ফলশ্ৰুতিত মুৰ্গী বেগৰ ভিতৰতে সোমাই থাকিল আৰু আমিও খালী পেটেৰেই শুবলৈ চেষ্টা কৰিলো।

এঘণ্টামান পিছত হঠাৎ গুৰু মাটিত শুই থকাৰ পৰা উঠি জঁ‌পিয়াবলৈ লাগিল। গৃহস্থ সাৰ পালে আমাক ঘৰৰ পৰা খেদিব, সেইয়াও নিশ্চিত। তুলসীদা আৰু তামূলীদাই গুৰুক মুখত হেঁ‌চা দি ৰাস্তালৈ লৈ গ’ল, পিছে পিছে আমি।

মানুহ নথকা ঠাই এডোখৰলৈ গৈ গুৰুদেৱৰ মুখ খুলি দিয়া হ’ল, লগে লগে গুৰুৰ তৰ্জন-গৰ্জন। গুৰুদেৱে আজি পূজা কৰিবলৈ পোৱা নাই, গতিকে কাইলৈ তেওঁক তেওঁৰ ভগৱানে সাথ নিদিব। এতিয়াও সময় আছে, ৰঙা ডাকোৱা মুৰ্গী নাপালেও চুলাই বা আচাম এক্সাইজ এবটল দি হ’লেও পূজাৰ কৃতাঘ্নি দিবই লাগিব। নহ’লে আমাৰ প্ৰচেষ্টা কোনোপধ্যেই সফল নহয়, গুৰুৰ শাপ।

উদ্ধাৰকৰ্তা এজনেই, এইবোৰ ঠাই তুলসীদাই চিনি পাই অকল। তেওঁ ক’লে, চুলাইৰ ঘাটি এটা তেওঁৰ চিনাকি আছে, কিন্তু চাৰি কিলোমিটাৰ হ’ব। গুৰুক আগত লৈ আমাৰ যাত্ৰা পুনৰ ঘাটি অভিমুখে। ৰাস্তাত হাতী ওলাই বুলি সমগ্ৰ ৰাস্তাটো গুৰুৱে মন্ত্ৰ পঢ়ি গৈছে।

অৱশেষত হাতী-বাঘ একো নেদেখাকৈ আমি সেই ঘাটি পালোগৈ। আগৰ দৰেই জ্যোতিদাই বহীখন উলিয়ালে, লগতে পকেটৰ পৰা বিছ টকীয়া তিনিখন। “গুৰু”দেৱে প্ৰসাদ পাইয়েই তিনিটোপমান বাহিৰলৈ চটিয়ালে, বাকী চিধাই ডিঙিত ঢালিলে। পাঁ‌চ মিনিটত তিনি বটল, প্ৰভুৰ পেটত।

গুৰুৰ আজ্ঞা, হয়তো ৰাতি তেওঁ সপোন দেখিব পাৰে, আকৌ পূজা কৰিব লগীয়া হ’ব পাৰে। পূজা সময়মতে নহ’লে আমাৰ মিচন আনচাকচেচফুল, গুৰুদেৱৰ মতে।

জ্যোতিদাৰ পকেটৰ পৰা আকৌ তিনিখন বিছটকীয়া, আকৌ সৰু নোটবুকখন। পাঁ‌চটা চুলাইৰ বটল, সেইবোৰ কঢ়িয়াই নিয়াৰ দ্বায়িত্ব এইবাৰ তামূলীদাৰ।

ৰাতি বাৰটা বজাৰ পিছত অমাৱস্যা আৰম্ভ হ’ল। তুলসীদাৰ আদেশ শিৰোধাৰ্য্য কৰি আমাৰ যাত্ৰা আৰম্ভ হ’ল, গিবনৰ হাবিৰ সেই বিশেষ স্থানটোৰ উদ্দেশ্যে। প্ৰায় ৪৫ মিনিট বাটকুৰি বোৱাৰ পিছত আমি গন্তব্যস্থানত উপনীত হ’লো। হয়, ঠাইডোখৰ তুলসীদাই সপোনত দেখাৰ লগত সাইলাখ মিল, ভেন্যু পাইয়েই সেইয়া আমাক তুলসীদাই জানিবলৈ দিলে। তিনিজোপা বৰগছেৰে আৱৰা ত্ৰিভুজ আকৃতিৰ এটি প্লট, তাৰ হয়তো কেইফুটমান তলতে সোমাই আছে আৰ্থিক দৈন্যতা দুৰ হোৱাৰ সপোনটো।

ভেনু পোৱালৈ তুলসীদাৰ গুৰুৰ অৱস্থা প্ৰায় কাহিল, পাঁ‌চ মিনিটত খোৱা তিনি বটল চুলাইয়ে ইতিমধ্যে তেওঁৰ ওপৰত ক্ৰীয়া কৰা আৰম্ভ কৰিছে। পিছে তুলসীদাৰ ভৰসা অটল। মেইন ঠাই পোৱাৰ লগে লগে তুলসীদাই গুৰুক বহিবলৈ ঘৰৰ পৰা লৈ অনা ঢাৰি উলিয়াই দিলে। গুৰুৱেও তাত বহি তেওঁৰ লগত লৈ অনা আৰু আমি ইমানদিনে নেদেখা বেগটো খুলিলে। বিশেষ একো নাই বেগত, এফুটমান দীঘল খৰি চাৰিডাল, জালুক আৰু সৰিয়হ অলপ, সেন্দুৰৰ টেমা এটা আৰু চিনি নোপোৱা কিবা-কিবি অলপ।

গুৰুজীয়ে গছজোপাৰ তলতে খৰি কেইডাল বৰ্গাকাৰে জাপি জুই ধৰিলে।শুকান পাত, খেৰৰ জুই, দপদপাই জ্বলি উঠিল।

ঔম হিং ক্ৰিং চামুণ্ডাই নমঃ
ঔম হিং ক্ৰিং শিৱায়ে নমঃ

গুৰুজীয়ে গা মূৰ জোকাৰি মন্ত্ৰ গাই গল আৰু আমিবোৰে স্বাহাঃ স্বাহাঃ জাতীয় কিবা কিবি আওৰাই দিলোঁ ।
মাজে মাজে জুইত জালুক আৰু সৰিয়হ ছটিয়াই দিয়ে,গোটেইখন ধোঁৱা। উপায় নাই, আমি চকু কান মোহাৰিয়ে থিয় হৈ ৰলোঁ ।
এইবাৰ তুলসী দায়ে মোনাটোৰ পৰা ৰঙা মুৰ্গীটো উলিয়াই গুৰুজীৰ হাতত তুলি দিলে।

আপোনমনে ভোৰভোৰাই উঠিল তেওঁ-
:ৰঙাই, স্বৰ্গদেউক কবিগৈ সোণ কলহ তোৰ লগতে এক্সচেঞ্জ কৰিলে মানুহকেইটাই। এতিয়া স্বৰ্গদেৱে কাটকে বা মাৰকে মুৰ্গীৰ জোল খোৱাৰ হে কথা।

একোবত গুৰুজীৰ আৰাধনা তুংগত উঠিল,সাইলাখ আগলি কলপাত কপাদি কপিবলৈ ধৰিলে।

তামূলী দাই বোলে-
:এইটোৰ গাত ৰজাৰ ভূত লাগিল অ, দেখা নাই কেনেকৈ হিলিছে।

:হেই তামূলী দা, ধ্যান কৰিছে গুৰুজীয়ে। তেহে আমাৰ জেকপট লাগিব।

হাঃ…….. গুৰুজীৰ বিকৎ চিঞৰত আমি গোটেই কেইটাই জাপ মাৰি উঠিলোঁ ।

তুলসী দাৰ নিচা তুংগত, আমাৰ অৱস্থা দেখি তেওঁ ঢেকঢেকাই হাঁহিছে-
: এইডাল কলিজা লৈ খাজানা বিচাৰি আহিছ তহঁতে।

গুৰুজীয়ে মুৰ্গীটো একে কোবে ফালি পেলালে, সাইলাখ যেন দুঃশাসনৰ ৰক্ত পানৰ দৃশ্য। সলসলাই কেচাঁ তেজ সোপা বৈ মাটিত পৰিলহি।
তেজ এচলু কপালত সানি গুৰুজীয়ে কলে-
: ঠিক ধৰিছ তই তুলসী, ঠিক ধৰিছ।এইখিনিতে আছে ৰাজাৰ সোণৰ কলচী চাৰিটা ।

গুৰুজীয়ে আঙুলিয়াই দিয়া ঠাই ডোখৰলৈ সকলোৰে চকু গ’ল। ঠাই ডোখৰ আনখিনিতকৈ অলপ যেন দ।
গুৰুজীয়ে নিচাতে হালি জালি লাঠি এডালেৰে ঠাইডোখৰত চতুৰ্ভুজ এটা আঁকিলে প্ৰথমে।
তাৰ পাছত টেমাটোৰ পৰা সেন্দুৰ উলিয়াই নিৰ্দিষ্ট এক বৰ্গফুট মাটিত ছটিয়াই দিলে।

: লৰাহঁত, ইয়াতে চুৰু কৰ। মালক্ষ্মীৰ কৃপা আছে তোৰ লগত, ইমান ডাঙৰ খাজানা পাবৰ কাৰনে নচিব লাগে তুলসী নচিব।
দোৰোল খোৱা জিভাৰে গুৰুজীয়ে কৈ উঠিল।

:গুৰুজী আপুনি মহান, আশীৰ্বাদ কৰক গুৰুজী। দিশ দেখুৱাওক।
তুলসী দা আনন্দতে কপিঁব ধৰিছে ইতিমধ্যে।

:চা তুলসী, মোৰ কাম অকল দেখুওৱা। এতিয়া ২ বাজিছে। মোৰ মঙলে কৈছে দুই বাজি পোন্ধৰ মিনিটৰ পৰা চাৰি বজালৈকে তহঁতে সোণৰ কলচী খান্দি উলিয়াব লাগিব। যদি এক ছেকেণ্ড হেৰফেৰ হয় গুচি যাব, গুচি যাব চাৰা খাজানা।

ঘড়ীটোলৈ চালো, নিশা ডেৰ বাজিছে।

:হৈ যাব গুৰুজী, সময়মতে হৈ যাব চব। আমাৰ ল’ৰাৰ হাতত যাদু আছে। তহঁতে শুনিছ নাই, সাজু হ আটায়ে।

তুলসী দাৰ কথাত আমি আটাইকেইতা ৰোমাঞ্চিত হৈ পৰিলো, লক্ষ্য নিচেই ওচৰত। গা মন সিৰসিৰাই গল, আসঃ চাৰিকলহকৈ সোণ।

ঠিক দুই বাজি পোন্ধৰ মিনিটত ঠাইখিনিত তামূলী দাই প্ৰথম ঘাপ টো দিলে, লগে লগেই অদম্য শক্তিৰে গোটেই কেইতাই কোৰ চিপৰাং লৈ জঁপিয়াই পৰিলোঁ।

এঢাপ দুঢাপ তিনিঢাপ, যিমানে খান্দি গৈ আছো সিমানে মনৰ কঁপনি বাঢ়ি আছে।
গুৰুজীৰ খবৰ নাই, নিচাটো কেতিয়াবাই তুংগত উঠিল। বটলৰ পৰা গুৰুজীৰ পেটলৈ আনলিমিটেড চুলাই আপলোড হৈয়েই আছে, তুলসীদাৰো আজি কলপটুৱাৰ লগত মুক্তি।

ঔম হিং ক্ৰিং চামুণ্ডাই নমঃ
ঔম হিং ক্ৰিং দুৰ্গায়ে নমঃ
ঔম হিং ক্ৰিং মহালক্ষ্মী নমঃ

দোভাগ নিশা,অৰণ্যৰ জয়াল পৰিৱেশ। অদূৰত হুদু এটাই বিকট শব্দ কৰি চিঞৰি উঠিলে।মই লগৰকেইটালৈ চালোঁ ,চিঞৰ টোলৈ কাৰো কাণসাৰ নাই। একমনে আটাইকেইজনে গাঁত খান্দি গৈ আছে। তুলসীদাও গছৰ গুৰিত বহি ভাং খোৱাত লাগিলগৈ। আমি গোটেই কেইটা খান্দি মৰিছো ই আক এই সময়ত ভাং সোপাত লাগিছে, এই তুলসীদাটো কম বস্তু নহয় কিন্তু।

গুৰুজীৰ মন্ত্ৰধ্বনিৰ শব্দৰ লগতে কোৰ চিপৰাঙৰ শব্দও ক্ৰমাৎ বাঢ়ি আহিল।

কেট্টেং…..
প্ৰায় তিনিফুট মান খন্দাৰ পাছত জ্যোতি দাৰ কোৰত কিবা লাগি প্ৰচণ্ড শব্দ এটা হ ল।

:ঐ কিবা এটা আছে বুজিছ।
তামূলী দাৰ চেপা কণ্ঠ। কিবা এটা দেখিবলৈকো ঘোপ মৰা আন্ধাৰ।

কেটং… কেটং… শব্দটো ক্ৰমে বাঢ়ি আহিল। আনকিনিজৰ বুকুৰে ঢপঢপনি শুনিবলৈ পাইছো।

মই অনুমানতে চুই চালো বস্তুটো, চেচাঁ গোটা কিবা এটা হাতত লাগিল। ঠিকেই টো সোণৰ মোহৰে হব লাগিব এইটো।

:কি পালি অ?

:কিবা পইচা যেন লাগিছে।
মোৰ মাতটো থোকাথুকি হল।

:টানি আন গোটেইটো।

এইবাৰ গাৰ জোৰেৰে বস্তুটো টানি আনিলো। আৰে এইটো শেষেই নহৈছে দেখোন আৰু ইমান দীঘলীয়া কি ওলাল এয়া। গধুৰ বস্তুটো টানিব নোৱাৰি এসময়ত এৰি দিলো মই।

তুলসী দাই একমাত্ৰ পেঞ্চিল বেটেৰীৰ টৰ্চটো মাৰি পঠিয়ালে।
উৱা……..
আচলতে কলহ দেখি ছয়খন মুখ জিলিকি পৰিব লাগিছিল। কিন্তু আটাইকেইখন মুখত চেচাঁ পানী ঢালি গাঁতটোত জিলিকি উঠিল এডাল প্ৰকাণ্ড শিকলি।

হাতীবন্ধা এডাল মস্ত লোৰ শিকলি, পোন্ধৰ ফুটমান দীঘল শিকলি ডাল দেখি আটাইকেইটাৰে কোৰ চিপৰাং হাতৰপৰা সৰকি পৰিল । কিবা এটা কবলৈও কাৰো মন নোহোৱা হ’ল, হুমুনিয়াহবোৰে যেন ৰাতিটো আৰু গধুৰ কৰি পেলালে।

গুৰুজী কেতিয়াবাই শুলে, লাং খাই পৰি থকা মানুহটোলৈ মোৰ ব্ৰহ্মজোৰে খং উঠিল। তুলসীদাৰো নিচা ফাটিছিলগৈ,আশাভঙ্গৰ দুখত মানুহটো হুকহুকাই কান্দি উঠিল। ভাগৰত আটাইকেইটা বহি পৰিলোঁ , কাৰো মুখত মাত নাই।

:উঠাই আন সেইডাল।

জ্যোতিদাৰ গম্ভীৰ মাতত উচপ খাই উঠিলো।

:মোৰ ইনভেষ্টমেণ্ট কেনেকৈ ঘুৰাই পাম? সাত হাজাৰৰ ওপৰত খৰচ হ’ল। এইডাল গোটেইকেইটাই কঢ়িয়াই নি মৰিয়নীত কাৱাৰী দোকানত কেজি হিচাপে বিকিম। পাঁচ হাজাৰমানতো পাক্কা পাম, চাল্লা দুই কুইণ্টলৰ ওপৰত আছে। ধৰ আটাইকেইটাই।

ইফালে সিফালে চাই দেখোঁ, ৰাইজ পলাই পত্ৰং। বুজিলো, দুই কুইণ্টলৰ ওপৰৰ ওজনৰ শিকলিডাল ডঙাৰ ভয়তে আটাইকেইজন দৌৰি পলাল। উপায় নাই, ময়ো ‘পেট বিষাইছে’ বুলি ঠাইতে বাগৰি পৰিলোঁ ।

☆★☆★☆

18 Comments

  • কাবেৰী মহন্ত

    ঔম হিং ক্ৰীং পেটৰ বিষ নমঃ
    ঔম হিং ক্ৰীং মজেদাৰ নমঃ ৷৷

    Reply
  • Jyotirupam Dutta

    বহ্বাৰম্ভে লঘুক্ৰিয়া!!

    বৰ বঢ়িয়া!!

    Reply
    • ৰিণ্টু

      অশেষ ধন্যবাদ দাদা। আপোনাৰ সহায় অবিহনে এইটো সম্ভৱ নহ’ল হয়

      Reply
  • হেমন্ত কাকতি

    তামাম ৰিণ্টু! চুপাৰ্ব৷ এনেই তুমি নিলিখা৷ তোমাৰ হাতত হাস্যৰসৰ যাদু আছে৷ বহুত উচ্ছখাপৰ হাস্যৰস৷ চাচপেন্স, থ্ৰিল, ৰহস্য, আৰু চুপাৰ ডুপাৰ ক্লাইমেক্স কি নাই এই কাহিনীটোত?

    তুমি ৰেগুলাৰ লিখা কৰা৷

    Reply
  • সদানন্দ ভূঞা

    সুন্দৰ, ভাল লাগিল ।

    Reply
  • বঢ়িয়া বঢ়িয়া ।
    লগতে ওপৰৰ আটাইৰে লগত একমত ।

    Reply
  • তামাম

    Reply
  • অ’ বাঃ! সাংঘাতিক কাহিনী৷ বৰ মজা লাগিল পঢ়ি৷

    Reply
  • Raju Kumar Nath

    সাংঘাতিক কাহিনী ঔ।মুঠতে ঔম হ্ৰীং ক্ৰীং ……মজা লিখিলে।

    Reply
  • অভিজিত কলিতা

    কি কোৱা হে? বৈদূৰ্য দাৰ কাহিনী যেন লাগিল

    Reply
  • জয়ন্ত দাস

    হাস্যৰস আৰু চাচপেন্সৰ অপূৰ্ব সমাহাৰ৷

    Reply
  • ৰাজশ্ৰী শৰ্মা

    কিজানি শিকলি ডালেৰে বান্ধি থোৱা আছিল কলহ কেইটা!!!দাদা, ছিকুৱেন্স লিখক।

    Reply
  • গায়ত্ৰী গোস্বামী

    মজা লাগিল পঢ়ি

    Reply
  • দিম্পল

    সৰু সুৰা চিনেমা দেই এইখন

    Reply
  • চেমিন

    তামাম লিখিলে দেই। মজা লাগিল পঢ়ি।

    Reply
  • Mitalisaharia

    ধুনীয়া লাগিল।

    Reply

Leave a Reply

Your email address will not be published.